ফটাঢোল

ফটাপ্ৰশ্ন আৰু ফটহুকাইৰ উত্তৰ

১) দিপ্তী শৰ্মা : মাংস বেপাৰীবোৰে কি কাৰণে ক’লা ৰঙৰ পলিথিন বেছি ব্যৱহাৰ কৰে?

উত্তৰ : আন মানুহ আৰু বাটৰ কুকুৰৰ মুখ নেলাগিবলৈ। 

২) অভিজিত গোস্বামী : আমি সকলোৱে জানো যে ইংলিছত ঠাকুৰ উপাধিটোক টেগৰ বুলি কয় কিন্তু আমাৰ অসমৰ বৰঠাকুৰ কেইজনক কিয় বিগ টেগৰ বুলি নকয়?

উত্তৰ : তেওঁলোকে বৃটিছৰ দাসত্ব স্বীকাৰ নকৰে, স্বাধীন মনা মানুহ। আমাৰ গোলাঘাটৰ ফালৰ এজন বৰঠাকুৰে লণ্ডনলৈ গৈয়ো শুদ্ধ অসমীয়াতহে কথা বতৰা পাতিছিল। 

৩) ভাস্কৰ জ্যোতি দাস : এখন খেলত কোহলীয়ে এশ ৰাণ কৰিলে আৰু বুমৰাহে চাৰিটা উইকেট পালে৷ খেলখনত ভাৰত জিকিলে বাস্তৱত হিৰ’ কোন?

উত্তৰ : সঞ্জয় দত্ত৷

৪) ৰাণু হাজৰিকা : মানুহৰ জীৱনত প্ৰায়বোৰ ক্ষেত্ৰত  পজেটিভ হোৱা শুভ কিন্তু বেমাৰৰ ক্ষেত্ৰত পজেটিভ হ’লে কিয় অশুভ?

উত্তৰ : বেমাৰৰ ক্ষেত্ৰতো পজিটিভ হোৱা ভাল, অৰ্থাৎ মনটো পজিটিভ কৰি ৰাখিলে ভাল। বাকী ভাইৰাছ পজিটিভ হোৱা বা নোহোৱাত আমাৰ দৰে নৰ মনিচৰ হাতেই নাই যেন লাগিছেচোন।

৫) আকাশ ডেকা : এটি কথাই মনটো আমনি দি আছে গীত আৰু সংগীতৰ মাজত কি প্ৰভেদ আছে? ফটহুকায়ে সহায় কৰে নে বা নকৰে? 

উত্তৰ : গীত মানে কেৱল গানটো, মানে মুখেৰে গোৱাখিনি। সংগীত মানে হ’ল তাৰ লগত বাদ্য, নৃত্য সহযোগ কৰি তালফাল লগোৱা ব্যৱস্থাটো। সংগীত মানে আকৌ উত্তৰ প্ৰদেশৰ ফালে বিয়াৰ দুদিন মান আগতে ঘৰে ঘৰোৱাহে, বুঢ়া-বুঢ়ী, ডেকা-ডেকেৰী মিলি বলীউডী নাচ নচা কামবিধকো কোৱা হয়। পিচে এই ক্ষেত্ৰত ফটহুৱে উত্তৰহে দিব পাৰিব, আন একো সহায় কৰিব নোৱাৰে। এবাৰ গীত-সংগীত কৰিবলৈ গৈ হোৱা কঁকালৰ বিষ ফটহুৱে পাহৰিব পৰা নাই। 

৬) তৃপ্তি ডেকা দুৱৰা : প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ আগতে প্ৰেয়সীৰ বান্ধৱীক কিয় ভণ্টিৰ প্ৰস্তাৱ দিয়ে?

উত্তৰ : ভণ্টিৰ বাবে আকৌ প্ৰস্তাৱ কিয় দিব লাগে? সেইটো প্ৰস্তাৱচোন তেওঁৰ পিতৃ-মাতৃয়ে নিজগুণে আগতেই দি থৈছে। প্ৰশ্নটোৰ উত্তৰ তাতে লুকাই আছে। ভণ্টি, ভাইটি, বাইদেউ, পেহী, মাহী, যিয়েই এনেকুৱা অদৰকাৰী প্ৰস্তাৱ দিয়ে, বুজিব লাগে তেখেতৰ মূল উদ্দেশ্য বেলেগ। 

৭) সোণটো ৰঞ্জন বৰুৱা : মতানৈক্য শব্দটোত আচলতে মতা শব্দটো এনেয়ে লগাই দিয়া যেন নালাগে নে ফটহুকাই? মাইকী-নৈক্য হোৱা হ’লেহে শব্দটোৱে আচল অৰ্থ প্ৰকাশ কৰিলেহেঁতেন নেকি?

উত্তৰ : নহ’ব। মতাবোৰৰ মাজত ঐক্য থকা হ’লে আজিলৈকে মাইকী পাৰ্টীয়ে আমাক এনেকৈ বিনা পইচাৰ হালোৱা খটুৱাব পাৰিলেহেঁতেন জানো। মতানৈক্যই হ’ব৷ মতাৰ মাজত কোনো ঐক্য নাই, সেই কথাটো সোঁৱৰাই থকা প্ৰয়োজন। 

৮) জয়শ্ৰী শৰ্মা : মানুহে যে যেতিয়াই তেতিয়াই মা-কচম বুলি শপত খাই, পত্নী বা পতি-কচম বুলি শপত নাখাই কিয়?

উত্তৰ : মাক সকলোতকৈ মৰমৰ, কিন্তু পতি বা পত্নী সকলোতকৈ কামৰ! গতিকে বুজিছেই আৰু। 

৯) জিতু শৰ্মা : মদ খোৱা মানুহক মদাহী বুলি কয়। ঠিক তেনেদৰে কানি খোৱাবোৰক কানিয়া কয়, ভাং খোৱাবোৰক ভঙুৱা কয়। আৰু তামোল খোৱাবোৰক তামোলতী কয়। এতিয়া প্ৰশ্ন হ’ল ড্ৰাগচ, গুটখা আৰু চাধা খোৱাবোৰক কি বুলি কয়?

উত্তৰ : ড্ৰাগচ-ড্ৰাগ এডিক্ট, গুটখা-গুটখাখোৰ, চাধা-প্ৰাণসম বান্ধৱ। 

১০) মানস প্ৰতীম : ছোৱালীবোৰে চেলফি লওঁতে জিভাখন কিয় উলিয়াই লয়? উশাহ-নিশাহ লোৱাত কষ্ট নে দীঘল নে অন্য কিবা?

উত্তৰ : তেওঁলোকৰ আচলতে নিজৰ নৰ্মেল মুখখনৰ ওপৰত বিশ্বাস নাই। ফটোখন ভাল নহ’ব বুলি তেওঁলোক নিশ্চিত। সেয়ে পিছত জিভা শিঁয়ৰাই বা দাঁত নিকটোৱাৰ বাবে ফটোখন বেয়া বুলি ক’বলৈ সুবিধা এটা ৰাখি থয়। 

১১) পৰীস্মিতা বৰদলৈ গোস্বামী : ৰাম, লক্ষণ বনবাসত থাকোঁতেও যে ক্লীন চেভ হৈ আছিল, বনত বাৰু কেনেকৈ চেলুন বিচাৰি পাইছিলে তেওঁলোকে নে ডাঢ়ি কটা সজুলি নিজেই মজুত কৰি নিছিলে?

উত্তৰ : অত সোপা “কৌটি কৌটি কঁপি” এনেই ফলমূল খুৱাই পুহি ৰাখিছিল নেকি? এটাই এডাল কৈ উঘালিলেইচোন বাৰ বছৰৰ যোগাৰ হৈ যাব। 

 ১২) তৃপ্তি ডেকা দুৱৰা : ভুকুতে কল নপকে। ভুকুতে কি পকে তেনে?

উত্তৰ : মৰম পকা দেখিছোঁ কেতিয়াবা। পিচে মিহি মিহি, লাজ লাজ ভুকুবিধতহে আকৌ; মাইক টাইচনৰ বিধত নহয়। 

১৩) নিবেদিতা নামচঙীয়া : কঁঠাল এবিধ ফল নে পাচলি?

উত্তৰ : ফপাচলি 

১৪) প্ৰান্তৰ ভাগৱতী : “আ আ আ আ আ”… “ধম”

আৰু “ধম” …আ আ আ আ আ… পাৰ্থক্য কি? জানে নেকি কোনোবাই ??

উত্তৰ : প্ৰথম বিধ ওপৰৰ পৰা সৰি পৰা, আৰু দ্বিতীয় বিধ গেমেহা গোৰ খোৱা বুলি অনুমান কৰিব পাৰি। 

১৫) শেৱালি হাজৰিকা শইকীয়া : আমি প্রায়ে ‘মাহী আইৰ চকুৰে চোৱা’ বুলি প্ৰবচন এটা শুনা পাওঁ। এতিয়া প্ৰশ্ন হ’ল মাহী আইৰ চকুকেইটা বাৰু কেনেকুৱা? সাধাৰণ মানুহৰ নিচিনা নহয় নেকি?

উত্তৰ : মাহী আইৰ চকুকেইটা শিৱৰ তৃতীয় নয়নৰ দৰে বোধহয়, য’তে চকু পৰে জ্বলি যায়। মাহী আই হ’বলৈ তেনে দৈৱশক্তি থকা মানুহহে যাব পাৰে। গতিকে তেওঁ সাধাৰণ মানুহৰ দৰে কেনেকৈ হ’ব। (বি: দ্ৰ: মাহী আই আৰু দ্বিতীয়া মাতৃৰ মাজত বহুত পাৰ্থক্য আছে। বহু মহিলাই আজিও সতীয়া সন্তানৰ দ্বিতীয়া মাক হৈ, প্ৰকৃত মাকতকৈ বেছি মৰম চেনেহ দিয়া আমি দেখি আছোঁ। সেইসকল মহিলা প্ৰকৃততে নাৰী শক্তিৰ প্ৰতিভূ, তেওঁলোকলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম) 

১৬) বিপুল শৰ্মা : চকুত যে চলিহাই ধৰে কাকতি, বৰুৱা, মহন্ত আদিয়ে নধৰে কিয়?

উত্তৰ : হেৰি, উপাধিয়ে উপাধিয়ে বেলেগ গুণ আছে। আপুনি কেতিয়াবা চলিহা ফৰিঙে ধান খোৱা দেখিছে নেকি? বা টিকনি মহন্ত শাক খাইছে নেকি? নে মহন্তৰ বাদে আন মানুহৰ চৰিত্ৰ মাহনিত নি পৰীক্ষা কৰিছে? উপাধিৰ জোৰ বহুত, মানুহক যি টি কৰি দিব পাৰে।  

১৭) পৰীস্মিতা গগৈ : সাগৰীয়া ধুমুহাই হওক, বতাহেই হওক; কিয় কেৱল ছোৱালীৰ নামেৰে ৰখা হয় বাৰু! যেনে : ৰীতা, কেটৰিনা, চুনামী, মলয়া, ৰিবৰিব, পছোৱা। এয়া বাৰু পুৰুষৰ প্ৰতি অন্যায় নহয় নে?

উত্তৰ : আছে আছে, পুৰুষৰ নামৰ ধুমুহাও আছে, আচলতে যিমান মহিলা ধুমুহা আছে, পুৰু‍ষ ধুমুহাই সিমানেই আছে৷ এলবাৰ্টো, ক্ৰীছ, ডৰিয়ান, এডৱাৰ্ড, আয়ান, জেৰী আদি অনেক আছে। কিন্তু অজ্ঞাত কাৰণত পুৰুষ ধুমুহাবিলাকে আজিলৈকে একো ‘হিলাই’ দিব পৰা কাম কৰা নাই। তাৰ পৰা অনুমান কৰিব পাৰি, পুৰুষ ধুমুহাবিলাক হয়তো সকলো বিবাহিত। 

১৮) ভূপালী দেৱী : লুভীয়া আৰু খকুৱাৰ মাজত পাৰ্থক্য কি?

উত্তৰ : খকুৱাই কেৱল খাদ্য বস্তুলৈ হেঁপাহ কৰে, লুভীয়াই ইহ সংসাৰৰ সকলো চৰাচৰ বস্তুলৈকে। 

১৯) পূৰ্ণময়ী মেধি : মূৰৰ চুলি চিঙি কিয় আশীৰ্বাদ দিয়ে বাৰু ?

উত্তৰ : বিনা খৰচত দিব পাৰি যে। 

২০) জিতু শৰ্মা : এই যে চিনেমা বা টিভিৰ ধাৰাবাহিকবিলাকত নায়িকাসকলে যেতিয়া অন্তৰত আঘাত পাই কৰা কন্দাৰ চিনবিলাকত নায়িকাই প্ৰায়ে দৌৰি গৈ বিছনাত পেট পেলায় ধাপলাং দি কান্দিবলে লাগি যায়। কিয় বিছনাৰ বাহিৰে আন ঠাইত কান্দিব নোৱাৰি নেকি?

উত্তৰ : ধাপলাং দিব পৰা ঠাই পালে পাৰি। ধাপলাঙেই মেইন, বাকী কন্দা-কটা মায়া মোহ মাত্ৰ। 

২১) মুকুট ভট্টাচাৰ্য্য : আঙুলি ফুটাই অভিশাপ কিয় দিয়ে? 

উত্তৰ : আন ইমান সহজে ফুটাব পৰা বস্তু কি আছেনো মানুহৰ দেহাটোত। অৱশ্যে মূৰ ফটাই দিব পাৰিলে শাওপাতৰ এফেক্ট বেছি হ’লহেঁতেন চাগে, কিন্তু শাও দিওঁতাজনো হস্পিটেল পালেগৈহেঁতেন নহয়। 

২২) মিনতি মহন্ত : (ক) কিছুমানে যে কয়, “মূৰে ভৰি কাঢ়িছে” বুলি ভৰিৰে মূৰ কাঢ়িছে বুলি কিয় নকয়? 

উত্তৰ : কঢ়া কামটো মানে (খোজ কঢ়া বুলি ধৰিলে) মূলতঃ ভৰিৰ হে কাম, সেইটো যেতিয়া কোনোবাই মূৰেৰে কৰে, ব্ৰেকিং নিউজ হ’বইচোন দিয়ক। মূৰেৰে খোজকঢ়াৰ নিয়ম থাকিলে, এনে পৰিস্থিতিক ভৰিৰে মূৰ কঢ়াই বুলিলেহেঁতেন। 

(খ) সময় কেতিয়াৰ পৰা আৱিস্কাৰ হ’ল? তাৰ আগতে কি আছিল?

উত্তৰ : বিজ্ঞানে কয়, মহানাদৰ ক্ষণতে সময় আৰু পদাৰ্থ উদ্ভৱ হ’ল, তাৰ আগতে সকলো কেৱল শক্তিৰ ৰূপত আছিল। এতিয়া মাহানাদো বহুত আগৰ ঘটনা দিয়কচোন, ১৩.৭ বিলিয়ন বছৰৰ আগৰ।  সিমান দিনৰ আগতে ‘সময়’ ক’ত আছিল, কি আছিল বা আছিল নে নাছিল, ভাৱিবলৈকো বহুত ‘সময়’ লাগিব নহয়। এতিয়া ‘দুঃসময়’বোৰ যাওকচোন বাৰু, ভাল ‘সময়’ আহিলে আৰু ‘সময়’ পালে ভাৱি চিন্তি উত্তৰ দিম। 

২৩) পূৰৱী বৰুৱা : ‘সচেতন মহল’টো কিমান ডাঙৰ মহল? ক’ত অৱস্থিত আৰু কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ : সেইটো বিশ্ব দৰবাৰৰ পিছফালৰ গলিটোতে আছে। আকাৰৰ কথা ক’বলৈ গ’লে, সেইটোতকৈ ডাঙৰ ‘মহল’ দুনীয়াত নায়েই। সেই ‘মহল’টো অসমৰ নিউজ পেপাৰ আৰু টিভিৰ সাংবাদিক, সম্পাদকসকলে পকেটৰ পইচা খৰচ কৰি সাজি উলিয়াইছিল। 

২৪) নীলাক্ষি কাকতি : চিনেমাৰ বা ভুতৰ কাহিনীৰ ভুতুনীবোৰে সদায় বগা কাপোৰেই কিয় পিন্ধে নাইবা চুলি মেলি কিয় থাকে?

উত্তৰ : ভুত সাধাৰণে ৰাতি ওলায়, গতিকে বগা কাপোৰ পিন্ধিলে ‘ভিজিবিলিটি’ ভাল হয়। ভুতৰ অস্তিত্বই নিৰ্ভৰ কৰে ‘ভিজিবিলিটি’ৰ ওপৰত। এতিয়া ধৰক ভুত বা ভুতুনী এগৰাকী ওলাল, গানো গালে, নাচিলেও, শাৰীখন বৰষুণতো তিতিলে, কিন্তু কোনেও নেদেখিলেই। কি লাভ হ’ব তেনে? ভুতৰ কি ‘ভেলু’ থাকিব? চুলি মেলাৰো একেই কাৰণ সেইটো ভিজিবিটিলিটিতকৈ এখোপ ওপৰৰ বস্তু, ‘ভিজুৱেল এফেক্ট’ বুলিব পাৰে। ভুতে পোৱা জনে কেৱল ভূত দেখিলেই নহ’ব, ভয়ো খাব লাগিব নেলাগিব জানো? 

২৫) কেশৱ চন্দ্ৰ গগৈ : গাড়ীৰ মালিকসকলে(ব্যৱসায়ী) প্রায়েই কয়, “গাড়ী নল’বি দেই! লাভ নাই, মগজ খোৱা কাৰবাৰ৷ দুদিনমানৰ পিছত দেখিবা কোৱাজনে আকৌ এখন গাড়ী কিনিলে৷ দোকানিবিলাকে কয়, দোকান খোলাতকৈ অন্য ব্যৱসায় কৰাহে ভাল৷ লাভ নাই৷ মগজ খোৱা কাৰবাৰ৷ দুদিনমানৰ পিছত দেখিবা তেওঁ দোকানৰ পৰিসৰ বঢ়াইহে গৈছে৷ ঠিক একেদৰেই বিয়া পতা পুৰুষবিলাকে প্রায়েই কয়, “বিয়া পতাতকৈ ডাং বৰলা হৈ থকাটোৱে শ্রেয়৷ এজনী গোটাই লোৱা মানেই মগজ গৰম কৰাৰ কাৰবাৰ৷” পিছত দেখিবা কোৱাজনে সুবিধা পালেই আৰু এজনী গোটাইছেহে৷ কাৰণটো কি বাৰু?

উত্তৰ : কাৰণটো একেবাৰে সহজ৷ তেওঁ নিজৰ ব্যৱসায়ৰ পৰা য‍িমান পাৰে প্ৰতিযোগীতা আঁতৰাই ৰাখিব খোজে৷ আপুনি গাড়ী এখন কিনি একেটা লাইনত দিয়া মানে তেওঁৰ পেজেঞ্জাৰ কমা নহয় জানো। অৱশ্যে বিয়াৰ কথাটো বেলেগ৷ ইংৰাজীত কয় Marriage is the triumph of hope over experience. মাহৰ মাৰ দেখি তিলে বেত মেলা প্ৰবচনটো ইয়াত নেচেল। 

২৬) অনিমা দাস : গাড়ীৰ কণ্ডাক্টৰবোৰে গাড়ীত মানুহ উঠিবলৈ গ’লে গাড়ীত ঠাই নহ’লেও “উঠক উঠক খালী গাড়ী” বুলি চিঞৰি থাকে। গাড়ীত উঠি দেখিব বহিবলৈ এটাও চিট নাই আৰু খালী ঠাইও নাই। গাড়ীৰ কণ্ডাক্টৰবোৰে ঠাই নহ’লেও বাছৰ ভিতৰত খালী ঠাই দেখি থাকে নেকি?

উত্তৰ : তেওঁলোকে মানুহক মানুহযেন নেদেখেই৷ ‘পাণ’ যেন দেখে। বাছৰ কণ্ডাক্টৰ হোৱাৰ এইটো ‘অকুপেচনেল ডিজিজ’ বুলি ক’ব পাৰি। স্বাভাৱিকভাৱেই তেওঁলোকে চকুৰ আগত দেখা ‘পাণ’বিলাকক ‘পাণজপা’ দিয়ে।

২৭) জিতা ফুকন : অসমীয়া মানুহে হোৱাই নোহোৱাই কথাৰ মাজত ইংৰাজী মাৰে কিন্তু গালিকেইটা খাটি অসমীয়াতে কিয় দিয়ে ?

উত্তৰ : প্ৰশ্নটো সঠিক হোৱা নাই, সন্ধিয়া সাত বজাৰ পাছত প্ৰায়বিলাক পুৰুষেই ইংৰাজীতহে গালি দিয়ে। 

২৮) দ্বিজেন তামূলী : আগৰ মহিলাবোৰে গিৰিয়েক, শহুৰ, শাহুৰ নাম যদি কোনো বস্তুৰ নামৰ লগত মিলে বস্তুটোৰ নাম সলাই বেলেগ নামেৰে নামাকৰণ কৰিছিল৷ আজিকালি মহিলাই সকলোৰে নাম কাঢ়ি মাতে কিয়?

উত্তৰ : ভালহে হৈছে মানুহৰ নামটো মাতিবলেকেহে দিছে, নে কি কয়? এতিয়া আপোনাৰ নামটোকে ধৰকচোন, আপোনাৰ পত্নী, বোৱাৰী আদিয়ে আপোনাৰ নামটো নলওঁ বুলিলে আপোানৰ নামৰ লগত মিলা কি বস্তু বিচাৰি পালেহেঁতেন? 

২৯) বন্দিতা জৈন : মাহবোৰ ত্ৰিশ বা একত্ৰিশ দিন কিয় হ’ল। দুই সপ্তাহ বা পচিশ দিন মানৰ কিয় নহ’ল?

উত্তৰ : মাহবোৰ ত্ৰিশদিনীয়া হোৱাৰ বাবে আপোনাৰ কি কি অসুবিধা হৈছে, তাক বিস্তৃত ভাৱে পইণ্টৱাইজ বৰ্ণনা কৰি দুশটকীয়া পো‍ষ্টেল অৰ্ডাৰ সহ লগত ষ্টেণ্ডাৰ্ড ফৰ্ম এখন গাঁঠি দি আবেদন এখন পেলাওকচোন। আমি কতৃপক্ষৰ সৈতে যোগাযোগ কৰি বিহিত ব্যৱস্থা ল’ম। 

৩০) শ্ৰুতিমালা মিশ্ৰ : এই যে একেপাত চৰত চকুৰে সৰিয়হফুল দেখি যাবি বুলি যে কয় গোলাপ, তগৰ, গেন্ধাই, ৰজনীগন্ধা এইবোৰ ইমান ধুনীয়া সুগন্ধিত ফুলবিলাকৰ হয়নে কি এনেটো দায় লাগিল যে চকুৰে অকল সৰিয়হফুলহে দেখি যাবি বুলি কয়?

উত্তৰ : সৰিয়হ ফুলেই দেখে, আন ফুল নেদেখে। সেইটো গেৰাণ্টি আছে৷ অমুকাই দুবাৰমান পাব্লিক ঢুলাই খাই থকাৰ সময়তে ৰিচাৰ্চ চলাই চাইছোঁ। নাকে মুখে জপটিয়াই হেভী এচাট পৰিলে একদম সৰু সৰু গুটি গুটি হালধীয়া সৰিয়হ ফুলেই দেখা পোৱা যায়, আন একো ফুলৰ তাত স্থান নাই। 

৩১) কমলা দাস : বুজিলে টান অঙ্ক বিধৰ নাম, সৰল অঙ্ক কিয় দিছিল বাৰু?

উত্তৰ : সেইবোৰ বিজিনেছ ষ্ট্ৰেটেজী বুজিছে নে, বিজ্ঞাপন। নহ’লে কঠিন অংক বুলি ক’লে কোনেও সেইবোৰৰ ফালে মুখ ঘূৰায়ে নেচাব। 

৩২) সুৰেশ কুমাৰ চাহু : ফটাঢোলৰ আটাইতকৈ ধনী অথচ কৃপণ কোন?

উত্তৰ : ধনী কোন নেজানো, আজিকালি মানুহবোৰে কোটিপতি হ’লেও ফটা চেণ্ডেল পিন্ধি ঘূৰি ফুৰে, ইনকাম টেক্স আৰু চিবিআইৰ ভয়ত। পিচে সৰ্বশ্ৰেষ্ঠ কৃপণ বুলিলে ৰাইজে ফটহুৰ নামটোকে লয়, ময়ো বেয়া নেপাওঁ৷ কিবা এটা বিষয়ততো সৰ্বশ্ৰেষ্ঠ হৈছোঁ। 

৩৩) শান্তনু বৰপূজাৰী : ফলমূলৰ ভিতৰত অকল কমলাটোহে মানুহৰ নাম দিয়া পাইছোঁ পুৰুষ/মহিলা দুইটাতে। বাকী কল, আপেল, আঙুৰ, কঠাল,  আনাৰস, লেটেকু, পনিয়াল, বগৰীবোৰ কি বেয়া নাম  নেকি? কিয় নিদিয়ে এইবোৰ নাম?

উত্তৰ : হেৰি মানুহৰ নাম মানুহক দিয়ক, ফলৰ নাম ফলক। আপুনিনো সৱমিছল কিয় বনাব খুজিছে। সেই কমলা নামটোৰ অৰ্থও সুমথিৰা টেঙা নহয়, ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীহে। লক্ষ্মীৰ আন এটা নাম কমলা। পুৰুষ কমলাজন আচলতে কমলাকান্তহে, বা কমলাপতি। 

৩৪) অচিন্ত্য শৰ্মা : নাৰীৰ হৃদয়ৰ কথা নাৰীহে বুজি পাই তেতিয়াহ’লে পুৰুষৰ লগত কিয় বিয়া হয়?

উত্তৰ : হৃদয়ৰ কথা বুজিবলৈ মানুহে বিয়া পাতে বুলি এনে উৰাবাতৰিটো আপোনাক কোনে দিলে হে। ‘বিয়া’ৰ লগত ‘হিয়া’ৰ কোনো সম্পৰ্ক নাই, কেৱল ‘দিয়া’ আৰু ‘নিয়া’ৰ মানে লেন-দেনৰহে সম্পৰ্ক আছে।

☆ ★ ☆ ★ ☆

 

6 Comments

  • কমলা দাস

    উত্তৰ বোৰ ভাল লাগিল

    Reply
  • ববিতা শৰ্মা

    ভাল লাগিল। চিৰিয়েল নম্বৰবোৰ দুটামানৰ খেলিমেলি হৈছে

    Reply
  • আদিত্য

    ভাল লাগিল ।

    Reply
  • মন্দিৰা

    উত্তৰ বোৰ বৰ ভাল লাগিল

    Reply
  • জিতু

    উত্তৰ বোৰ মনঃপূত হৈছে।

    Reply
  • বন্দিতা জৈন

    ভাল লাগিল উত্তৰ বোৰ, মোৰ নামটো দেখি সুখী হ’লো ??উপায় টো ভালেই বাৰু ?

    Reply

Leave a Reply to কমলা দাস Cancel reply

Your email address will not be published. Required fields are marked *