ফটাঢোল

অসমগৌৰৱ শ্ৰীযুত গৌৰাঙ্গলাল দাসৰ সৈতে অন্তৰঙ্গ আলাপ

 

অসমগৌৰৱ শ্ৰীযুত গৌৰাঙ্গলাল দাসৰ সৈতে অন্তৰঙ্গ আলাপ

অসমৰ সুযোগ্য সন্তান শ্ৰীযুত গৌৰাংগলাল দাসক টাইৱানত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাবে অলপতে নিযুক্তি দিয়া হৈছে৷ এই খবৰটো সমগ্ৰ অসমবাসীৰ বাবেই অতি গৌৰবৰ বিষয়৷ সেয়েহে ফটাঢোল আলোচনীখনৰ হৈ আমি তেখেতৰ ওচৰ চাপিছিলোঁ এখন্তেক কথাবতৰা পতাৰ সুযোগ বিচাৰি৷ এই চেগতে তেখেতৰ জ্যেষ্ঠ ভাতৃ শ্ৰীযুত হেমাংগলাল দাসলৈও ফটাঢোলৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ সুবিধাকণ কৰি দিয়াৰ বাবে৷

১৯৯১ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰা গৌৰাংগলাল দাসে ১৯৯৯ চনত ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া হিচাপে নিযুক্তি লাভ কৰে আৰু বৰ্তমান টাইৱানৰ ৰাজধানী টাইপেইত ইণ্ডিয়া-টাইপেই এছ’চিয়েচনৰ সঞ্চালক প্ৰধান হিচাপে কৰ্মৰত হৈ আছে৷ বৰপেটা চহৰৰ মেটুৱাকুছিৰ প্ৰয়াত ডা° মতিলাল দাসৰ পুত্ৰ গৌৰাংগলাল দাসৰ এই সাফল্যক লৈ সত্ৰ-নগৰী বৰপেটাবাসীৰ লগতে সমগ্র জিলা তথা ৰাজ্যবাসী গৌৰৱান্বিত হৈছে৷

বৈদেশিক সেৱাৰ বিষয়া গৌৰাংগ লাল দাস আমেৰিকাত থকা সময়ছোৱাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ সময়ত ডোনাল্ড ট্ৰাম্পৰ সৈতে আলোচনাকালত মধ্যমণি হৈ উজলি উঠাৰ বাতৰি সবিস্তাৰে সংবাদ মাধ্যমত প্ৰকাশ পাইছিল।
অসমীয়া মাধ্যমত অসমৰ চৰকাৰী বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ দেশ-বিদেশত প্ৰতিষ্ঠা লাভৰ দিশত অগ্ৰসৰ হোৱা গৌৰাংগলাল দাসৰ সাফল্যক সকলোৱে একমুখে প্ৰশংসা কৰিছে। তেওঁ জীৱনৰ অন্যান্য কিছু কথা জনাৰ অভিলাষেৰে আমি তেওঁৰ কাষ চাপিছিলোঁ৷

ফটাঢোল : প্ৰথমেই আপোনাক অভিনন্দন আৰু আন্তৰিক ধন্যবাদ বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে৷ আপোনাৰ শৈশৱৰ পৰাই আৰম্ভ কৰোঁ৷ আপোনাৰ ঘৰত কোন কোন আছে?

গৌৰাঙ্গলাল দাস : শৈশৱৰ কথা কৈছোঁ যেতিয়া মা-দেউতাহঁতৰ বাহিৰেও আমাক অতিকৈ প্ৰভাৱিত কৰা ককা-আইতাৰ কথা আৰু আমি যৌথ পৰিয়ালত কটোৱা সময়ছোৱাত বৰদেউতা-বৰমাহঁতৰ কথা নক’লে নহ’ব। অঙহী-বঙহীৰে পৰিপূৰ্ণ ঘৰ এখনত আমাৰ শৈশৱ অতিবাহিত হৈছিল। মোৰ ওপৰৰ বাইদেউ ডাঙৰ হৈছিল আইতাৰ ঘৰত বৰ আলাসত; আৰু আমাৰ ঘৰত আধিপত্য চলিছিল মোৰ আৰু মোৰ ওপৰৰ ককাইদেউৰ; অৱশ্যে আমাৰ আৰু ওপৰৰ আত্মীয় ভ্ৰাতাসকলৰ দয়াপৰবেশত।

ফটাঢোল : আপোনাৰ সৰুকালছোৱাৰ বিষয়ে অলপ ক’ব নেকি কেনেকুৱা ধৰণৰ পৰিবেশত আপুনি ডাঙৰ দীঘল হৈছিল?

গৌৰাঙ্গলাল দাস : সুবিধাৰ দৃষ্টিভংগীৰ পৰা চাবলৈ হ’লে তেতিয়া আৰু এতিয়াৰ ব্যৱধান আকাশ-পাতাল যদিও, অভিজ্ঞতাৰ ফালৰ পৰা আমাৰ ল’ৰালি কালছোৱা অত্যন্ত সম্ভ্ৰান্ত আছিল বুলিয়েই মই ভাবোঁ। মফচলীয়া সৰু বৰপেটা চহৰখনত, য’ত নেকি আক্ষৰিক অৰ্থতে 'বসুধৈব কুটুম্বকম', আমি হ’ব পাৰিছিলোঁ৷ মুক্ত বিহংগৰ দৰে চঞ্চল, অথচ ঘৰচীয়া জন্তুৰ দৰে নিৰাপদ। হুঁচৰি মাৰিবলৈ পোন্ধ মাৰি ওলাই 'গৃহস্থৰ কুশলাৰ্থে' তেখেতসকলৰ সচ্ছল বাৰীৰ মোক খা মোক খা কৈ থকা আমলখিবোৰৰ বোজ নিৰাময় কৰাৰ পৰা ৰাতিৰ অন্ধকাৰত চুবুৰীয়াৰ জেওৰা চুৰি কৰি মেজিৰ জুইত বিসৰ্জন দিয়ালৈকে সকলো কথাই আছিল নিৰন্তৰ, নিৰ্ভেজাল আৰু নিৰ্জঞ্জাল। অকাল-অনাটন আদিৰ নিচিনা তুচ্ছ কথাক তাচ্ছিল্য কৰি, সামান্য লাভতো উৎফুল্লিত হ’ব পৰা, আৰু এটা চিন্তাভাবনাশূন্য অথচ যোগাত্মক মনোভাবেৰে কামবোৰ কৰাৰ প্ৰকৃতি এটা গঠন কৰি দিছিল শৈশৱৰ সেই নিৰ্মল অভিজ্ঞতাই।

ফটাঢোল : সৰুতে আপোনাৰ ভাল লগা কাম কি কি আছিল পঢ়াৰ বাহিৰে? আৰু স্কুলীয়া জীৱনত কেতিয়াবা দুষ্টামি কৰাৰ কথা মনত পৰেনে?

গৌৰাঙ্গলাল দাস : সৰু থাকোঁতে, দুই বৰ্গকিলোমিটাৰৰ পৰিধিত পঢ়া-শুনাৰ ফালৰপৰা একপ্ৰকাৰে অদ্বিতীয় সম্ৰাট যেন আছিলোঁ যদিও, দক্ষতাৰ আচল ক্ষেত্ৰবোৰত (সেই সময়ত cool বোলা শব্দটোৰ লগত সম্পৰ্ক হোৱাহি নাই) প্ৰতিযোগিতা আছিল বেচ প্ৰচণ্ড৷ যেনে, মেকুৰীৰ নিচিনা (এইটো সন্দৰ্ভত মেকুৰী শব্দটো এটা নামবাচক বিশেষ্য, কোনো চৌঠেঙীয়া জন্তু বা বৰ্তমানৰ বিশিষ্ট ব্যক্তিৰ উহ্য নাম নহয়) লেগ ষ্টাম্প মষিমূৰ কৰাৰ কেঁচা ক্ষমতা, নতুবা মাধুৰ্যৰ দৰে টপককৈ কুইজৰ উত্তৰ দিয়াৰ বৌদ্ধিক ব্যুৎপত্তি! এই মেকুৰীৰ পৰা মাধুৰ্যলৈ - এইবোৰ নানাবৰ্ণে ৰঞ্জিত বিশেষ্য নামৰ পাৰ্শ্বস্থলৰ বৈচিত্ৰ্যময় বিশেষণবোৰ আছিল আমাৰ অঞ্চলটোৰ বহুত্বৰ পৰিচায়ক। এই নাম আৰু কৌশলৰ বৰ্ণচ্ছটাত মোৰ স্থান আছিল মধ্যমাৰ আশে-পাশে৷ মোটামুটি ভালেই ছবি আঁকিছিলোঁ বুলি দুই-এজনাই মন্তব্য কৰিছিল, আবৃত্তি আৰু তৰ্ক প্ৰতিযোগিতাৰ আছিলোঁ নিয়মিত পৃষ্ঠপোষক তথা লাভবান ব্যক্তি, আৰু ক্ৰিকেট খেলৰ ইতিহাসত অমোচনীয় অৱদান দিব নোৱাৰিলেও আমাৰ পথাৰ ক্ৰিকেটত 'মূৰ্খবিন্দু'ৰ সিন্ধুত স্বেচ্ছাই জঁপিয়াই, দুই এটা মাৰাত্মক কেচ গ্ৰহণ কৰি গুণগ্ৰাহীৰ পৰা 'কেশৰাম' উপাধি আয়ত্ত কৰিহে এৰিছিলোঁ।

ফটাঢোল : আপোনাৰ দাদাও এজন অতি মেধাবী ছাত্ৰ আছিল, ইয়াৰ আঁৰত মুখ্যতঃ আপুনি কি বুলি ভাবে আপোনালোকৰ ঘৰুৱা পৰিবেশ নে আপোনালোকৰ একাগ্ৰতা নে বিদ্যালয়খনৰ অৱদান?

গৌৰাঙ্গলাল দাস : পঢ়া-শুনাৰ কাৰণে বৰপেটা এখন উত্তম ঠাই আছিল। সেই সময়ত অসমৰ সকলো চৰকাৰী বিদ্যালয়ত যিখন গণিতৰ কিতাপ সণ্ঢালনি আছিল, সেইখন লিখিছিল মোৰ দুগৰাকী পৰমপূজ্য শিক্ষাগুৰুৱে। অসমীয়া ভাষা-সাহিত্যৰ অনুৰাগী আৰু সাধক কেইবাগৰাকী ব্যক্তি আছিল আমাৰ পৰা ৰিং মৰাৰ বাটত। পৰীক্ষাগাৰ নহ’লেও বিজ্ঞান ব্যবহাৰিক ভাবে আকৰ্ষণীয় কৰি তুলিব পৰা মানুহজন আছিল আমাৰেই বিনয় খুড়া। আমাৰ ঘৰত আছিল অসমীয়া কিতাপৰ এটা সৰু সুৰা ভঁৰাল (দৰাচলতে, এসময়ত আমি ঘৰতেই এটা পুথিভঁৰাল স্থাপন কৰি, দস্তুৰমত পদ্ধতিৰে বাণিজ্যৰ ধান্দা কৰিছিলোঁ যদিও তহবিলৰ দুৰ্দশা দেখি অনতিপলমে সেই বেহা সামৰিছিলোঁ)। অভিভাৱকৰ পৰা কিতাপৰ পোক হোৱাৰ তাগিদা নাছিল যদিও পৰীক্ষাত ভাল কৰিব নোৱাৰিলে, বা নম্বৰৰ গতি দক্ষিণাপথ হ’লে কটুকথা শুনাৰ বা তাৰ ফলশ্ৰুতিত অন্যান্য বিষয়ত যৱনিকা পৰাৰ সম্ভাৱনা প্ৰচুৰ পৰিমাণে দেখা গৈছিল। অলপ চলপ প্ৰতিযোগিতা হৈছিল আমাৰ কাণসমনীয়া দুই ককাই-ভাইৰ মাজতো, কিন্তু কাৰ নাওখন কোনে থেলি দিলে সেই সন্দৰ্ভত বিচাৰকৰ ৰায় অদ্যাপি প্ৰতীক্ষিত।

 

ফটাঢোল : ভাৰতীয় বিদেশ সেৱা বিভাগৰ বাবে কাম কৰাৰ বাবে আপুনি কেনেদৰে আৰু কেতিয়াৰ পৰা চিন্তা কৰিছিল? নাইবা, কি কথাই অনুপ্ৰাণিত কৰিছিল?

গৌৰাঙ্গলাল দাস : ভাৰতীয় বিদেশ সেৱাৰ বিষয়ে সৰুকালতে শুনিছিলোঁ আৰু কৌতূহলী হৈছিলোঁ যদিও সেৱা আৰু সেৱকৰ সম্পৰ্কটো জন্ম জন্মান্তৰৰ নহয় জানিবা। দিল্লীত পঢ়িবলৈ অহাৰ পিছতহে অলপ চলপকৈ এই বিষয়ে ভাবিবলৈ আৰম্ভ কৰিলোঁ। যিহেতু বিদেশ সেৱাৰ পৰীক্ষাটো কেন্দ্ৰীয় চৰকাৰাধীন ডেৰকুৰিমান আন অসামৰিক সেৱাৰ সৈতে জড়িত, গতিকে তাৰ প্ৰস্তুতিও আছিল সাৰ্বজনিক। পৰীক্ষাটিও একেই, গতিকে বিদেশ সেৱাৰ বিষয়ে বিশেষ ভাবে কোনো প্ৰস্তুতি নচলাই ফলাফল ফলদাতাৰ বিভূৰ হাতত এৰি দিছিলোঁ। কিন্তু স্বীকাৰ কৰিবই লাগিব যে পৰীক্ষাৰ প্ৰস্তুতিপৰ্বত বৈদেশিক পৰিক্ৰমাৰ বিষয়বোৰে খুব আকৰ্ষণ কৰিছিল - বৈশ্বিক ৰাজনীতিৰ জটিলতা আৰু আমাৰ জীৱনত তাৰ পৰোক্ষ প্ৰভাৱ বিশ্লেষণ কৰাটো একধৰণৰ আসক্তিত পৰিণত হৈছিল। গতিকে বিদেশ সেৱাৰ বাবে নিযুক্ত হোৱা খবৰটো পাই স্বস্তিৰ নিশ্বাস পেলাইছিলোঁ।

ফটাঢোল : যদি ভাৰতীয় বিদেশ সেৱাত আজি আপুনি কৰ্মৰত নহ’লহেঁতেন, অন্য কি কৰাৰ ইচ্ছা আছিল বা হ’লহেঁতেন বুলি ভাবে? কেতিয়াবা অসমৰ ৰাজনীতিত আহিব বিচাৰিব নেকি?

গৌৰাঙ্গলাল দাস : বিদেশ সেৱাত ভৰ্তি নোহোৱা হ’লে কি হ’লোহেঁতেন কোৱা কঠিন; মই জানোহে হ’বলা!
হয়তো অৰ্থনীতিৰ ছাত্ৰ হিচাপে সেইটো দিশৰ কোনোবা এটা বাট মোকলাই ল’লোঁহেঁতেন। মই অহুকাণে-পহুকাণে শুনা মতে, অৰ্থনীতিৰ মানুহে ৰাজনীতিত মাৰঘাত খায়, গতিকে সেইখন পথাৰত সোমোৱাৰ বাসনা নাছিল আৰু নাই৷

ফটাঢোল : আপুনি অসমীয়া মাধ্যমত পঢ়া শুনা কৰি শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছিল৷ এতিয়াও বহুত অভিভাৱকে ঘৰৰ ওচৰত যদি এখন অসমীয়া আৰু এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় থাকে ল’ৰা ছোৱালীক ইংৰাজী মাধ্যমৰ খনলৈহে পঠিয়াব বিচাৰে৷ এই বিষয়ে আপুনি কি ভাবে? অসমীয়াত পঢ়াৰ বাবে আপোনাৰ পিছৰ উচ্চশিক্ষা বা কৰ্মজীৱনত কেতিয়াবা কোনো অসুবিধা হৈছিল নেকি, যদি হৈছিল কেনেধৰণৰ আৰু যদি হোৱা নাছিল তাৰ কাৰণ কি বুলি ভাবে, আপোনাৰ আত্মবিশ্বাস নে সৰুৰে পৰা আপোনাৰ বিশেষ প্ৰস্তুতিয়ে সহায় কৰিছিল? আপোনাৰ দৃষ্টিত এটা জাতি আৰু এটা ভাষা হিচাপে অসম আৰু অসমীয়াৰ বৰ্তমান পৰিচয় কেনে বুলি ভাবে, আৰু আমি বাৰু সকলোয়ে সঠিক পথেৰে আগুৱাইছোঁনে?

গৌৰাঙ্গলাল দাস : অসমীয়া ভাষাত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাগ্ৰহণ মোৰ কাৰণে কেতিয়াও পৰৱৰ্তী পৰ্যায়ৰ পঢ়াশুনাত বা কৰ্মজীৱনত অন্তৰায় হোৱা নাই। কটন কলেজলৈ আহি প্ৰথমবাৰ সম্পূৰ্ণভাবে ইংৰাজীত বিভিন্ন বিষয় শিকোঁতে যিখিনি সামান্য আৰু ক্ষণস্থায়ী অসুবিধা পাইছিলোঁ, সি এক দশকৰ পিছত সম্পূৰ্ণভাবে অপৰিচিত চীনা ভাষাত বিভিন্ন বিষয় শিকোঁতে হ’বলগীয়া চৰম নগুৰ-নাগতিৰ সন্মুখীন হ’বলৈ শক্তি আৰু সাহস আনি দিছিল। এই দুইটা ভাষা শিকোঁতে, বা আন কিছুমান বেলেগ ভাষা শিকোঁতেও, অসমীয়া ভাষাটোক আধাৰ হিচাবে লৈ যোৱা কাৰণে বহু দিশত উপকৃত হৈছিলোঁ। মই ভবাত, ভাষা হ’ল ভাব বিনিময়ৰ এটা সঁজুলি, আৰু মাতৃভাষাৰ শিক্ষাই সেই সঁজুলি চলোৱা কামটো সহজ কৰি তোলে। মাতৃভাষা মানে মই বুজাব খুজিছোঁ কোনো এজন ব্যক্তিৰ আটাইতকৈ স্বাভাৱিক বা আটাইতকৈ বেছিকৈ প্ৰযোজ্য ভাষাটো, তাক এৰি আন এটা ভাষাত বিদ্যালাভ কৰাৰ মানেটো হ’ল মস্তিষ্কৰ আন এটা operating systemৰ ব্যৱহাৰ আৰু তাৰবাবে অতিৰিক্ত মানসিক পৰিশ্ৰম, যিটো হয়তো দুঃসাধ্য নহয়, কিন্তু অলপধতুৱা মানুহৰ কাৰণে নহ’ব পাৰে। অসমীয়া ভাষাটো বেচ পৰিপূৰ্ণ আৰু নমনীয়; সেয়েহে অসমীয়াত শিকিলে আন ভাষাৰ কিবা আপুৰুগীয়া সোৱাদৰ পৰা বঞ্চিত হোৱাৰ দুৰ্ভাৱনা কম। বৰং অসমৰ কিছুমান অদ্বিতীয় অভিজ্ঞতাক প্ৰকাশ কৰিবলৈ অসমীয়া ভাষাৰ জ্ঞান অপৰিহাৰ্য হ’ব পাৰে; কাৰণ ভাষা কেৱল চিন্তাৰ মাধ্যমেই নহয়, ই চিন্তাৰ উৎসও। তদুপৰি বৰ্তমান ভাৰতত স্থানীয় ভাষাৰ কাৰণে চৰকাৰী বেচৰকাৰী নিযুক্তিৰ ক্ৰীড়াঙ্গণখনত সমতলকৰণৰ বেচ প্ৰয়াস চলিছে, যাৰ ফলত ইংৰাজী ভাষাৰ কিছুমান সুবিধা কালক্ৰমত লোপ পাব। গতিকে, অন্ততঃ অসমত থকা মানুহখিনিয়ে, যাৰ স্বাভাৱিক ভাষা অসমীয়া, তেওঁলোকে বহুল সংখ্যাত আন ভাষাৰ পিনে আকৰ্ষিত হৈ পৰাটো চিন্তনীয় বিষয়। এইটো ধাৰা অব্যাহত থাকিলে অসমীয়া ভাষাৰ নতুন চিন্তাশক্তি ক্ৰমাৎ গ্ৰাস পাই আহিব, যাৰ প্ৰভাৱ পৰিব ভাষাটোৰ সঞ্জীৱনী ক্ষমতা আৰু গতিশীলতাৰ ওপৰত।

ফটাঢোল : আপুনি টাইৱানলৈ অহাৰ আগতে আমেৰিকাকে ধৰি আন বহুদেশত কৰ্মৰত হৈ আহিছে৷ অসমৰ কৰ্মসংস্কৃতিৰ লগত আৰু টাইৱান বা আন উন্নত দেশৰ কৰ্মসংস্কৃতিৰ মাজত কি কি প্ৰভেদ চকুত পৰিছে?

গৌৰাঙ্গলাল দাসৰ : টাইৱানকে ধৰি মই যিবোৰ আগবঢ়া ঠাইত কৰ্মসূত্ৰে বাস কৰিছোঁ আৰু দীৰ্ঘদিনৰ সম্পৰ্ক ৰাখিছোঁ, তাৰ কৰ্মসংস্কৃতিৰ আটাইতকৈ মনোযোগী দিশটো হ’ল মানুহবোৰৰ সময়ানুবৰ্তিতা। নিৰ্দিষ্ট সময়ত কৰ্মস্থলীত বা গন্তব্য স্থানত উপস্থিত হোৱা, কামৰ সময়ত কাম আৰু ধেমালিৰ সময়ত ধেমালি ইত্যাদি নীতিবোৰ এই ঠাইবোৰে আৰু ইয়াৰ মানুহবোৰে সহজাত স্বভাৱত পৰিণত কৰি লৈছে। এই ফালৰপৰা, স্ব-শৃংখলাৰ ফালৰপৰা, অসমৰ সাধাৰণ কৰ্মসংস্কৃতিত ভালেখিনি পৰিবৰ্তনৰ আৱশ্যক বুলি মই ভাবোঁ।

ফটাঢোল : টাইৱানৰ কি কথা আটাইতকৈ আপোনাৰ বৰ্তমানলৈকে ভাল লাগিছে?

গৌৰাঙ্গলাল দাস : টাইৱানৰ ৰাজধানীৰ বাহিৰলৈ এতিয়ালৈকে খোজ দিয়া নাই যদিও মোৰ প্ৰথম অনুভূতিটো হ’ল যে এইখন ঠাইৰ মানুহবোৰ অত্যন্ত শিষ্ট, সংস্কাৰী, শিক্ষিত আৰু নিয়মানুবৰ্তি। টাইপেই চহৰখন আন্তৰ্জাতিকতাৰ দিশৰ পৰা মই বাস কৰা সকলো মহানগৰৰ ভিতৰতেই অগ্ৰণী৷ পূৰ্ব এছিয়াৰ কোনো ঠাইতেই মই ইয়াৰ নিচিনা দ্বৈভাষিক ক্ষমতা সৰ্বসাধাৰণ নাগৰিকৰ মাজত দেখা নাই। ইয়াৰ মানুহবোৰ খুব স্বাস্থ্যসতৰ্ক আৰু trendy l আৰু এটা মজাৰ কথা, ইয়াৰ মানুহবিলাকৰ হাতত দুটা বস্তু অনবৰতে থাকে৷ টিপ ছাতি আৰু মুখা৷ শুনিবলৈ পোৱা মতে মুখা বস্তুটো ইয়াত কভিড ১৯ হোৱাৰ বহুত আগৰেপৰাই এবিধ অপৰিহাৰ্য পোচাক আছিল, আৰু সেইবাবে মহামাৰীৰ আগেয়ে টাইৱানৰ মানুহবোৰ বৰ্মকবচ লৈ সাজু হৈ আছিল। আৰু ছাতি বস্তুটো দৰকাৰী ইয়াত আগবাৰ্তা নিদিয়াকৈ হুৰহুৰাই অহা বৰষুণজাক বা বতৰ অনুযায়ী ভুমুকি মাৰি যোৱা টাইফুনডালৰ পৰা ৰক্ষা পাবলৈ। আৰ্দ্ৰতাৰ ফালৰ পৰা চালে টাইপেই গুৱাহাটীৰ ভনীটি চহৰ, আৰু অসমৰ মানুহে ইয়াত থাকি ঘৰত থকা যেন পাব বুলি মোৰ ধাৰণা।

ফটাঢোল : টাইৱানত আপুনি আহিয়ে পৰিস্থিতিৰ হেতু mandatory quarnatine হয়তো কৰিবলগীয়া হ’ল৷ এই সময়খিনি মুখ্যতঃ আপুনি কেনেদৰে কটালে?

গৌৰাঙ্গলাল দাস : টাইপেইলৈ বিদেশৰ পৰা অহা সকলো ব্যক্তিকে কঠোৰ কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা। টাইৱানত পৰ্যটকৰ স্থায়ী বাসগৃহ আছে নে নাই তাৰ ভিত্তিত নিজৰ ঘৰত বা চৰকাৰৰ দ্বাৰা নিৰ্মিত কোৱাৰেণ্টাইন কেন্দ্ৰত দুসপ্তাহ সম্পূৰ্ণভাবে আছুতীয়াকৈ থকাটো বাধ্যতামূলক। মোৰ বাসস্থান মই অহাৰ আগেয়ে চৰকাৰে ৰাখি থোৱা বাবে নিজঘৰতে কটাবলৈ সক্ষম হ’লোঁ। যিহেতু কভিডৰ দয়াত, আৰু বিমানজাহাজ নাইকিয়া হোৱাৰ ভয়ত, হুৰমূৰ যাত্ৰা কৰি ইয়ালৈ আহিবলগীয়া হৈছিল, সেইবাবে কোৱাৰেণ্টাইনৰ এই সময়ছোৱা বাকী থকা কামবোৰ কৰিবলৈ, যেনে ৱেবিনাৰ বা ভিডিঅ’-সন্মিলনৰ জৰিয়তে এৰি অহা কাৰ্যালয়ৰ সতীৰ্থসকলক দুই-এটা দিহা-পৰামৰ্শ দিয়া, নতুন ঠাই আৰু নতুন কামৰ বিষয়ে অলপ জানি-বুজি লোৱা ইত্যাদিৰ বাবে, বৰ অনুকূল আছিল। ভাগৰ মাৰিবলৈও এই পৰিবেশটো প্ৰসন্ন আছিল, আৰু তাৰ সুবিধা পুৰাদমে লৈছিলোঁ। তাৰ বাহিৰে পত্নী-অপত্যাভিলাষ একো বিশেষ নকৰাকৈ অথবা পৰস্পৰ নৰহত্যা নকৰাকৈ একেটা ঘৰৰ ভিতৰতে সুদীৰ্ঘ দুসপ্তাহ কটোৱাৰ অগ্নিপৰীক্ষাও দক্ষতাৰে পাৰ কৰিলোঁ।

ফটাঢোল : আপোনাৰ প্ৰিয় খাদ্য কি? ঘৰত আপোনালোকে প্ৰধানতঃ অসমীয়া থলুৱা খাদ্য খায়নে য’ত যি চলে সেয়াই গ্ৰহণ কৰে? আপোনাৰ ৰন্ধাবঢ়াত আগ্ৰহ আছেনে?

গৌৰাঙ্গলাল দাস : মোৰ সৰ্বকালৰ প্ৰিয় খাদ্য হ’ল জহা চাউলৰ লগত কলডিল ভাজি। অবশ্যে সময়ে সময়ে তালিকাখন বদলি হৈ থাকে। খোৱাৰ ক্ষেত্ৰত মোৰ নীতি হ’ল য’তে ৰাতি ত’তে কাটি, সেইবাবে সকলো ঠাইৰ স্থানীয় সু-খাদ্যৰ জুটি লৈ ভাল পাওঁ। কিন্তু সাধাৰণভাবে ক’বলৈ হ’লে চীনা খাদ্য স্বাদ আৰু স্বাস্থ্যৰ পিনৰপৰা মই পচন্দ কৰোঁ। ৰন্ধনশিল্পত মই বৰ পৰিপক্ক নহয়; অকল এটা বস্তুৱেই বনোৱাত পটু বুলি দম্ভ মাৰিব পাৰোঁঁ৷ দক্ষিণ ভাৰতীয় চেট্টিনাদ শৈলীৰ কুকুৰামাংস! এইটো কামত মই হ’লে অভ্যাসৰ নৰ!

ফটাঢোল : আৰু এটা ঘৰুৱা কথা সোধোঁ দেই৷ ঘৰত পৰিবাৰৰ লগত কেতিয়াবা মনোমালিন্য হয়নে আৰু যদি নমতা নমতি হয় কোনে আগতে মাতবোল কৰে?

গৌৰাঙ্গলাল দাস : আপোনাৰ প্ৰশ্নটো এনেকুৱা, “আপুনি কেতিয়া পত্নীক বেতাবলৈ বন্ধ কৰিলে?” যি উত্তৰ নিদিয়ক লাগে, সদুত্তৰ একো নাপায়!

ফটাঢোল : আপোনাৰ ভবিষ্যৎ পৰিকল্পনা কেনেধৰণৰ৷ কেতিয়াবা অসমলৈ ঘূৰি আহিম বুলি ভাবেনে?

গৌৰাঙ্গলাল দাস : আমাৰ এই বয়সত ভৱিষ্যত পৰিকল্পনাৰ কথা আৰুনো কি ক’ম? চৰকাৰী চাকৰিৰ এটা গতানুগতিকতা আছেই, কেৱল উনৈশ-বিশৰ পাৰ্থক্য। অৱশ্যে চৰকাৰী কামৰ বাহিৰে কিবাকিবি ৰুচিৰ কাম কৰাৰ চিন্তা অলপ আছে। অসমৰ ভাল কথাবিলাক পৃথিৱীৰ আগত ডাঙি ধৰাৰো এটা পৰিকল্পনা আছে। দেখা যাওকচোন কিমান বলে পাৰোঁ!

ফটাঢোল : কভিড -১৯ ৰ এই কঠিন সামাজিক পৰিবেশত আমাৰ পাঠকসকললৈ আপোনাৰ কিবা বিশেষ পৰামৰ্শ বা বাৰ্তা দিব খুজিব নেকি?

গৌৰাঙ্গলাল দাস : কভিড-১৯ এটা সময়ত শেষ হ’ব, কিন্তু আজিৰ এই দিনবোৰ আৰু ঘূৰি নাহে। উভতি চাই এই হেৰুৱা দিনবোৰ অথলে গ’ল বুলি যাতে আক্ষেপ কৰিবলগীয়া নহয়, তাৰ বাবে আঁচনি কৰক, working from home ৰ সময়ত কাম আৰু জীৱনৰ নতুন ভাৰসাম্য বিচাৰি উলিয়াওক, নতুন এবিধ কলা শিকাৰ ব্যৱস্থা কৰক। এষাৰ কথা আছে, সংকট অথলে যাবলৈ দিব নোৱাৰি। হয়তো আপোনাৰ নিজৰ প্ৰকৃত প্ৰতিভা আৱিষ্কাৰ কৰাৰ বাবে এইটোৱেই প্ৰকৃতিয়ে দান কৰা শেষ সুযোগ - ইয়াৰ সুপ্ৰয়োগ কৰক।

ফটাঢোল : আপোনাৰ দুখনমান আলোকচিত্ৰ পাম নেকি আমাৰ আলোচনীখনৰ বাবে?

গৌৰাঙ্গলাল দাস : নিশ্চয়৷ দুখন দিছোঁ৷ এখন দিল্লীত তোলা আৰু আনখন Houston, USA তহৈ যোৱা Howdy Modi অনুষ্ঠানত তোলা৷

ফটাঢোল : আমাৰ আলোচনীখনৰ মুখ্য উদ্দেশ্য মূলতঃ অসমীয়া ভাষাত হাস্য ব্যংগৰ সাহিত্যৰ প্ৰসাৰ কৰোৱা কাৰণ আমি বিশ্বাস কৰোঁ যে হাঁহি হৈছে সঞ্জীৱনী শক্তি৷ হাঁহিলে হেনো মানুহৰ ভাগৰ পলায়, স্বাস্থ্যৰ উন্নতি হয়, আয়ুস বাঢ়ে৷ আপোনাৰ লগত এই অন্তৰঙ্গ আলাপ কৰি আমাৰ বৰ ভাল লাগিল৷
আপুনি অসমী আইৰ গৌৰৱ, আশাকৰোঁ আপোনাৰ পৰা আগলৈয়ো আমি বহুত কথা শিকিব পাৰিম৷ লগতে আপোনাৰ নতুন কৰ্মক্ষেত্ৰখনিত সফল হওক, অসমৰ নাম উজলাই সকলোকে অনুপ্ৰাণিত কৰক তথা আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি, আন্তৰিক কৃতজ্ঞতা জনাই আজিলৈ সামৰিছোঁ৷ ধন্যবাদ৷

জয় আই অসম৷

সাক্ষাৎকাৰটি যুগুতালে : ফটাঢোল আলোচনীৰ সম্পাদনা সমিতিৰ হৈ নীলাঞ্জনা মহন্তই৷

 

☆ ★ ☆ ★ ☆

72 Comments

  • Rimjhim Borthakur

    বহুত ভাল লাগিল সাক্ষাৎকাৰটো পঢ়ি। ধন্যবাদ নীলাঞ্জনা বা সাক্ষাৎকাৰ যুগুটোৱাৰ বাবে।

    Reply
  • abhijit goswami

    বিৰাট ভাল লাগিল দেই পঢ়ি।ধন্যবাদ তেখেতলৈ আৰু ধন্যবাদ নীলাঞ্জনা বা ? আমাক জানিবলৈ সুজোগ দিয়াৰ বাবে

    Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য।

    বহুত ভাল লাগিল।উত্তৰবোৰ বৰ ৰসালভাবে দিছে তেখেতে।

    Reply
  • ইন্দ্ৰ মোহন বৰা

    তেখেতৰ উত্তৰ দিয়াৰ ধৰণটো বৰ ভাল লাগিল। ধন্যবাদ।

    Reply
  • বৰ্ণালী মূদৈ

    খুবেই ভাল লাগিল…

    Reply
  • Mukut bhattacharjya

    বঢ়িয়া লাগিল

    Reply
    • দীপ বৰা

      খুব ভাল লাগিল পঢ়ি ।অসমীয়াৰ গৌৰৱ গৌৰাংগ

      Reply
    • নীলাঞ্জনা

      ধন্যবাদ

      Reply
  • Minati Mahanta

    বহুত ভাল লাগিল , এই সুযোগতে তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰিলো আৰু আমাক তেখেতৰ বিষয়ে জানিবলৈ সুবিধা কৰি দিয়াৰ বাবে সম্পাদকলৈ ধন্যবাদ জনালো ।

    Reply
  • কাবেৰী মহন্ত

    এইটোৰ বাবেই ৰৈ আছিলোঁ৷ মানুহজন যিদৰে বুদ্ধিদীপ্ত সেইদৰে উত্তৰবোৰো আকৰ্ষণীয়৷
    কুশলে থাকক তেখেত

    Reply
  • HEMANTA KAKATI

    সাক্ষাৎকাৰটি পঢ়ি বহুত ভাল লাগিল৷ তেও ব্যৱহাৰ কৰা শব্দবোৰ পঢ়ি লাগিল যে তেও এজন সাহিত্যানুৰাগীও৷

    মাতৃভাষাৰ ক্ষেত্ৰত তেওৰ ধাৰণাটো জানিও ভাল লাগিল৷

    Reply
  • বৰি চন্দন

    পঢ়ি ভাল পালো৷

    Reply
  • বাগ্মিতা

    বৰ ভাল লাগিল পঢ়ি।

    Reply
  • Manashi Hazarika

    বহুত ভাল লাগিল।তেখেতৰ শব্দৰ ব্যৱহাৰ চমৎকাৰ।

    Reply
  • মৃদুস্মিতা বৰুৱা

    ভাল লাগিল পঢ়ি।

    Reply
  • Jaydeep Lahon

    ভাল লাগিল সাক্ষাৎকাৰটি, এজন উচ্চ শিক্ষিত ব্যক্তিৰ সহজ সৰল কথা ।বাক্যৰ গাথনি বৰ মনোৰম ।

    Reply
  • Anonymous

    খুব ভাল লাগিল. ?

    Reply
  • পৰীস্মিতা গগৈ

    তেখেতৰ শব্দচয়ন আৰু বাক্যগাঁঁ‌থনি ইমান উচ্চখাপৰ যে ঈৰ্ষা নকৰি নোৱাৰিলো। সম্পাদকলৈ অশেষ ধন্যবাদ অসমৰ সুযোগ্য সন্তানজনৰ সাক্ষাৎকাৰটো আমাক পঢ়িবলৈ এনেদৰে সুবিধা কৰি দিয়াৰ বাবে। লগতে তেওঁৰো সুস্বাস্থ্য কামনা কৰিলোঁ।

    Reply
  • কমলা দাস

    বহুত ভাল লাগিল সাক্ষাৎকাৰ টো।

    Reply
  • সাক্ষাৎকাৰটি খুব ভাল লাগিল ৷ তেওঁৰ ৰসিকতা আৰু বাকপটুতা মানিবলগীয়া ৷ নীলাঞ্জনা বা ধন্যবাদ আপোনাক ৷

    Reply
  • সুস্মিতা দাস

    কালি বেটুপাত দেখি পাগল হৈ গ’লো । ৰৈ আছিলোঁ পঢ়িবলৈ সাক্ষাৎকাৰটো । ধন্যবাদ ।

    Reply
  • আদিত্য

    ভাল লাগিল ।

    Reply
  • ৰিণ্টুমনি দত্ত

    তেখেতৰ অসমীয়া শব্দজ্ঞান দেখি শ্ৰদ্ধা আৰু বাঢ়ি গ’ল।

    বহুত ধন্যবাদ তেখেতলৈ, আমাক এই সুবিধা দিয়াৰ বাবে। ফটাঢোল ই-আলোচনীৰ সকলো পাঠকৰ লগতে সম্পাদনা সমিতিৰ তৰফৰ পৰা তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।

    নীলাঞ্জনা, তোমালৈও ধন্যবাদ। আমাক এইকণ সুবিধাৰ আয়োজন কৰি দিয়াৰ বাবে

    Reply
    • নীলাঞ্জনা

      ধন্যবাদ দাদা৷ মোৰ দৰে এজনীক সম্পাদনাৰ দৰে গুৰুদায়িত্ব দি এই সুবিধা দিয়াৰ বাবে লগতে এই সাক্ষাৎকাৰটো গ্ৰহণ কৰাৰ সময়ত সকলোপ্ৰকাৰৰ সহযোগ তথা সমৰ্থনৰ বাবে৷

      Reply
  • যাযাবৰ

    ফটাঢোলৰ বাবে এক গৌৰৱৰ সময়।

    Reply
  • Bhaskarjyoti Rabha

    সুন্দৰ। ভাল লাগিল।

    Reply
  • Prasanta Dutta

    Tekhetor kisu kotha Jani bohut val lagil

    Reply
  • মানসী বৰা

    বৰ ভাল লাগিল

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    ভাল লাগিল সাক্ষাৎকাৰটো৷ উত্তৰবোৰৰ শব্দপ্ৰয়োগ বেলেগ ধৰণৰ৷ সম্পাদক নীলাঞ্জনা মহন্তলৈও ধন্যবাদ৷

    Reply
    • নীলাঞ্জনা

      আন্তৰিক ধন্যবাদ৷

      Reply
  • Pranita Goswami Barthakur

    এটি সুন্দৰ মনোগ্ৰাহী সাক্ষাৎকাৰ। বৰ ভাল পালোঁ। তেখেতৰ অসমীয়া ভাষাৰ শব্দজ্ঞান দেখি শ্ৰদ্ধা বাঢ়িল। উত্তৰসমূহ বৰ ৰসালকৈ বিস্তৃতভাৱে দিছে।
    ধন্যবাদ নীলাঞ্জনা।

    Reply
    • নীলাঞ্জনা

      ধন্যবাদ বাইদেউ৷ বহুত সহায় কৰিলে আপোনালোকে

      Reply
  • Lakhya Borthakur

    খুব ভাল। কি শব্দচয়ন।

    Reply
  • মন্দিৰা

    সাক্ষাৎকাৰটি পঢ়ি বৰ ভাল লাগিল।

    Reply
  • Deepmoni Das

    Very nicely taken interview. Great reading. Keep up, thank you

    Reply
  • মৃদুল দত্ত।

    পোন প্ৰথমে ফটা- ধোলৰ সমূহ কৰ্মকৰ্তালৈ মোৰ আন্তৰিক অভিনন্দন যাচিলো।একোজন আদৰ্শবান ব্যক্তিৰ সৈতে অন্তৰংগ আলাপৰ মাজেদি নিগৰি ওলোৱা সঁচা নিৰ্ভেজাল ,কৰ্মোৎসাহী আচাৰ আচৰণৰ মাজেদি আমাৰ উঠি অহা চামে নিজকে বিচাৰি চোৱাৰ প্ৰেৰণা পাব।এই ধাৰাবাহিকতা অখূন্ন ৰাখি আমাক কৃতাৰ্থ কৰিব পৰাকৈ অনুষ্ঠানটিৰ সুস্থ জীৱন আৰু দীৰ্ঘায়ু কামনা কৰিলো।

    Reply
  • সাক্ষাৎকাৰটি পঢ়ি খুব ভাল লাগিল৷ তেখেতৰ বিষয়ে কিছু নজনা কথা জানিলোঁ৷

    Reply
  • গীতালি বৰা

    সাক্ষাৎকাৰটো ভাল লাগিল। ‘মৌচাক’ৰ ‘ আমি কেনেদৰে পঢ়িছিলোঁ ‘ শিতানত তেখেতৰ বিষয়ে পঢ়া মনত পৰে। সম্পাদকক বিশেষভাবে ধন্যবাদ জনাইছোঁ এই সাক্ষাৎকাৰটিৰ বাবে।

    Reply
    • নীলাঞ্জনা

      আন্তৰিক ধন্যবাদ গীতালি৷

      Reply
  • চেমিন

    বৰ ভাল লাগিল সাক্ষাৎকাৰটি পঢ়ি।
    এনেকুৱা বহু মূল‍্যৱান সাক্ষাৎকাৰটি সম্পাদনা কৰি আমাৰ বাবে আগবঢ়াই দিয়াৰ বাবে ফটাঢোল ই-আলোচনীৰ সম্পাদক তথা সমূহ কৰ্ম-কৰ্তালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।??

    Reply
    • নীলাঞ্জনা

      আন্তৰিক ধন্যবাদ

      Reply
  • বেনী তাঁতি চুন্দী

    সাক্ষাৎকাৰটো পঢ়ি বৰ ভাল লাগিল ৷অসমীয়া ভাষা সাহিত্যৰ দখল অতুলনীয়

    Reply

Leave a Reply to নীলাঞ্জনা Cancel reply

Your email address will not be published. Required fields are marked *