ফটাঢোল

সংখ্যাটোৰ আঁ‌ৰৰ কথা

চাৰিবছৰত ভৰি দিয়া এটি শিশু৷ চকুৰ আগতে কলকলাই বৰ মৰমলগাটো হৈ পৰিছে৷ বাপেক-মাক, মাহী-পেহী, ককা-আইতা, পেহা-খুড়া, আতৈ-আমৈ য’ত যিমান সম্বন্ধীয় আৰু বন্ধু-বান্ধৱ আছিল সকলোৰে এটাই আশা, শিশুটিয়ে শিক্ষা-দীক্ষাৰ আলোকেৰে হৈ এজন সচেতন নাগৰিক হওক, ঘৰৰ লগতে দহৰ আৰু জাতিটোৰ নাম উজলাওক৷ কাণসমনীয়া সকলোৰে মাজত মিলাপ্ৰীতি আৰু মৰম চেনেহৰ আদৰ্শ দেখুৱাওক, সুকৰ্মৰ জৰিয়তে সকলোৰে প্ৰিয়পাত্ৰ হওক৷ কোনোবা কাণসমনীয়াই যদি ঠেঁহ পাতিছে, হাঁহিমুখীয়া ব্যক্তিত্বৰে শিশুটিয়ে এদিন বন্ধুৰ অভিমান ভাঙি জাতিৰ সাৰ্বজনিক বৃহৎ উদ্দেশ্যৰ বাবে একেলগে কাম কৰাৰ পৰিকল্পনা কৰে যেন৷

শিশুটিৰ এই যাত্ৰাত সহযোগ কৰিবলৈ পাই আজি আমি নথৈ আনন্দিত৷

হাস্য- ব্যংগ সাহিত্যৰ দৰে এটি কঠিন বিষয়ৰ ওপৰত গুৰুত্ব দিয়া মৰমৰ আলোচনীখনিয়ে চতুৰ্থ বছৰত ভৰি দিয়া দ্বিতীয় সংখ্যাটিৰ সম্পাদনাৰ গুৰুদায়িত্ব ভাৰ আহি পৰোঁতে চিন্তিত হৈছিলোঁ মই পাৰিম জানো? প্ৰথমে ভাবিলোঁ ধেমালিয়ে কৰিছে নেকি? ব্যক্তিগত অনেক অসুবিধা চলি থকাৰ সময়তে মোৰ কলেজৰ অগ্ৰজ শ্ৰদ্ধাৰ ৰিণ্টুমণি দত্তদাদাই প্ৰথমেই আশ্বাস দিলে লগত আছোঁ বুলি৷ মোৰ আত্মবিশ্বাস বঢ়াবলৈকে মা আৰু বাইদেউকো সাঙুৰি আনকি মোক সম্পাদক বনোৱা গ্ৰুপ এটাকে খুলি ল’লে৷ কথা নিদিয়ালৈকে আনকি মা আৰু বাইদেৱেও সেইকেইদিনত ফোনত কথা পাতিলেই বুজায় আৰু কয় ’পাৰিবি তই’৷

কথাবোৰ পাগুলোঁতে মনত পৰিছে এসময়ত মোৰ এখন ই-আলোচনী আছিল ২০১০ চনৰ পৰা ২০১২ লৈকে৷ লেখা বিচাৰি সম্পাদনা কৰি প্ৰুফ চাই আপলোদ কৰি প্ৰচাৰ কৰালৈকে প্ৰায় অকলেই সামৰিছিলোঁ, ভাবিলোঁ হয়তো কামবোৰ একেই হ’ব৷ কিন্তু ফটাঢোলৰ কাৰ্যভাৰ লোৱাৰ পিছতহে গম পালোঁ সেয়া যদি কণ্টকৰাম আছিল এয়া হৈছে গজৰাজ! ফটাঢোলৰ আগৰ সংখ্যাবোৰ সময় পালেই পঢ়িছিলোঁ বাবে মোটামুটি ধাৰণা এটা আছিল যদিও ইংৰাজীত এষাৰ আছে নহয় বোলে হস্তীদৰ্শন কৰিবলৈ ভাল পিছে মাউতেহে জানে কেনেকৈ পৰিচালনা কৰিব লগা হৈছে৷ তথাপিও সাহস বাঢ়িল শ্ৰদ্ধাৰ হেমন্ত কাকতিদা, প্ৰতিভাৱান অনুজ দিগন্ত ভট্টাচাৰ্যৰ উৎসাহমূলক বাৰ্তাবোৰ আৰু সম্পাদনা সমিতিৰ আশ্বাস পাই৷

লেখা বিচাৰি দিয়া গোহাৰিখন বনাই দিয়াৰে পৰা প্ৰচাৰৰ বাবে কৰা আন ফলকবোৰৰ ক’ত কি লাগে, কেতিয়া কি কৰিব লাগিব বুজাই দিয়া সকলোখিনি চম্ভালিলে হিমাংশু ৰাজখোৱা, চন্দন বৰি আৰু দেবজিত শৰ্মাই৷ দিম্পল এনে এটা ল’ৰা সদায় কিবা কাম থাকিলেই ক’বলৈ কয় আৰু কাম এটা পালে লগে লগেই কৰি পেলায়৷ বহুতখিনি কাম নিয়াৰিকৈ কৰিব পাৰিছোঁ এওঁলোক চাৰিজনৰ বাবেই৷

বৰ্ণাশুদ্ধি দলৰ শ্ৰদ্ধাৰ প্ৰণীতা গোস্বামী বাইদেউ মোৰ বাবে অনন্য সাহস হৈ পৰিছিল৷ বাইদেউৰ প্ৰতিটো কথাতে উৎসাহ পাওঁ৷ বৰ্ণাশুদ্ধিৰ কামত সহায় কৰা চবিনা ইয়াচমিন, যি লেখা এটা দিলেই লগে লগে চাই দিয়াৰ স্বভাৱটোৰ বাবে তাইক মই বানান চোৱা মেচিনৰ লগত ৰিজাই জোকাইছিলোঁও৷ আন দুগৰাকী ঋতুপৰ্ণা আৰু পৰীস্মিতা ইমান ব্যস্ততাৰ মাজতো দুয়োৱে বহুতকেইটা লেখা সুন্দৰকৈ চাই দিলে তাৰ বাবে সঁচাই কৃতজ্ঞ৷ অভিজ্ঞ বৰ্ণাশুদ্ধিৰ দলটোৱে অকল বানানেই নাচায়, লেখা এটা কোনটো শিতানত পৰিব, যদি ভাবে যে বেলেগ এটা শিতানৰ বাবে বেছি উপযুক্ত সেয়াও পৰামৰ্শ দি সহায় কৰিছে মাজে মাজে৷

অভিজিত কলিতাদা এসময়ত আমাৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আলোচনীৰ সম্পাদক আছিল তেতিয়াৰ পৰাই তেখেতৰ ব্যক্তিত্ব আৰু লেখাৰ সৈতে পৰিচিত আছিলোঁ৷ এই আলোচনীখনিৰ অন্যতম লাইখুঁটা স্বৰূপ অভিজিতদাৰ লগত একেলগে সাহিত্য সম্পৰ্কীয় কাম এটা কৰাৰ সৌভাগ্য হ’ল এই চেগতে৷ বহুত কথা শিকিলোঁ৷ ফটাঢোলৰ পিতৃস্বৰূপ হেমন্ত কাকতিদাদাই দিহা পৰামৰ্শবোৰ নিয়মীয়াকৈ দি সাহস দি থাকিল৷

আপলোদখিনি নিয়াৰিকৈ কৰি নিয়াত সহায় কৰিলে ৰিমঝিম আৰু দেবজিতে৷ টেকনিকেল খুটিনাটিবোৰ আলোচনা কৰিবলৈ দেবজিতক বিচাৰিলেই পাইছিলোঁ৷

আৰাধনা বৰুৱা – সৃষ্টিশীল মনৰ প্ৰতিভাৱান শিল্পীগৰাকী! বেনাৰখনৰ পৰা আদি কৰি আলোচনীখনৰ অলংকৰণৰ কামখিনি বৰ ধুনীয়াকে কৰি দিলে তাই, ইমান ধুনীয়াকে কেনেকৈ আঁকে বাৰু!

বিজয়ৰ নাম নল’লে মোৰ শলাগৰ শৰাইখন আধৰুৱা হৈ পৰিব৷ বহুতো আহুকালৰ মাজতো আহি কামবোৰ তদাৰক কৰাৰ লগতে গোটৰ মানুহখিনিক একগোট কৰি ৰাখিব পৰা শক্তিমানজনেই বিজয়৷

ব্যক্তিগত অসুবিধাৰ মাজতো সঞ্জীৱ ভট্টাচাৰ্যই লেখা গোটোৱাৰ পৰা আদি কৰি নেপথ্যৰ পৰা বহুতো কাম পৰিচালনা কৰাত সহযোগ কৰি গ’ল৷

ফটহুকাইৰ পৰা উত্তৰবোৰ আনি দিয়ালৈকে ফটাপ্ৰশ্ন শিতানৰ সমগ্ৰ দায়িত্ব লোৱা মৰমৰ ভনীজনী ৰাজশ্ৰী শৰ্মা৷ এই শিতানটোৰ কথা ওলালেই ৰাজশ্ৰীৰ পৰা অভয় পাওঁ৷ মইতো নাজানো সকলোৱে যে কথা দি কথা ৰখা মানুহ বুলি৷ ই এক শুভলক্ষণ৷ যিটো আজিকালি সঁচাই বিৰল, বিশেষকৈ অসমীয়াৰ মাজত মই যিমানক পাইছোঁ৷ অন্তৰৰপৰা কৈছোঁ এনে উদ্যমী আৰু কৰ্মী দলৰ লগত কাম কৰি বৰ ভাল লাগিল৷

এইমাহৰ অতিথি আছিল অসমগৌৰৱ গৌৰাঙ্গলাল দাস৷ বেলেগে পৰিচয় কৰাবলগীয়া একো নাই৷ অশেষ ব্যস্ততাৰ মাজতো আমাক তেখেতৰ বহুমূলীয়া সময়কণ দি সহযোগ কৰাৰ বাবে ধন্যবাদ দিবলৈ মোৰ অভিধান উকা৷ তেখেতৰ লগত হোৱা সাক্ষাৎকাৰটো সকলোৱে পঢ়ে যেন৷ তেখেতৰ লগত সংযোগ স্থাপন কৰাত সহায় কৰা মোৰ অগ্ৰজ তথা দুইমাইল দূৰতে থকা বন্ধু হেমাঙ্গলাল দাসলৈ এই চেগতে পুনৰ ধন্যবাদ জনাই পৰিস্থিতি ভাল হ’লেই মাছ-ভাত এসাজ খুওৱাৰ প্ৰতিশ্ৰুতি দিলোঁ৷

সম্পাদকীয় কি লিখোঁ? দুজনমানক লাজলাজকে সুধিলোঁগৈ কিবা আইদিয়া? কৰনা, যিটো গোটেই পৃথিবীয়ে জানে, তাৰ বাহিৰে বৰ্তমান কি চলিছে? শেষত মূৰৰ ওপৰেৰে গ’ল পৰামৰ্শবোৰ আৰু কিবা এটা লিখিলোঁ বাৰু৷ দিগন্ত ভট্টাচাৰ্য আৰু কাবেৰী মহন্তক মনে মনে দেখুৱালোঁ প্ৰথম দ্ৰাফট্‌টো যদিও পিছত আপলোডৰ বাবে যুগুতোৱা লেখাটোত এবাৰ নিমখ, এবাৰ জালুক, এবাৰ বোলে ধনীয়াগুড়িহে এইবোৰ মিলাওঁতে যি হ’ল হ’ল বুলি থৈ দিলোঁ যি হয় হ’ব বুলি৷

পিচে আলোচনী এখনত কোনোৱেই যদি নিলিখে আৰু কোনোৱেই যদি নপঢ়ে এই সকলোবোৰ অসাৰ৷ গতিকে আচল চালিকাশক্তি সেইসকল লিখকৰ আশীৰ্বাদস্বৰূপ লেখাবোৰ, যাৰ সৃষ্টিৰ সোৱাদেৰে আলোচনীৰূপী শিশুটিয়ে হাঁহিছে আৰু আনকো হহুঁৱাবলৈ সক্ষম হৈছে৷ আমাৰ পৰম শ্ৰদ্ধাভাজন বিশ্বৰ চুকে-কোণে অনেক ব্যস্ততাৰ মাজতো সময় উলিয়াই আলোচনীখনিত ভুমুকি মাৰিছে আৰু লেখাবোৰ পঢ়ি যদি এখন্তেক হাঁহিছে বা মনোশান্তি লভিছে, সেইসকল পাঠকৰ ওচৰত আমি চিৰকৃতজ্ঞ!

এই সংখ্যাত বৰঙনি যোগোৱা প্ৰতিজন লিখকলৈ মোৰ হিয়াভৰা অভিনন্দন আৰু ধন্যবাদ৷ প্ৰতিজন পাঠকলৈ বিনম্ৰ অনুৰোধ, পঢ়ক আৰু পঢ়ুৱাওক৷ আমাৰ ভুলবোৰ ক্ষমা কৰি আলোচনীখন আঁকোৱালি ল’ব তাৰে কামনা কৰিলোঁ৷ গঠনমূলক পৰামৰ্শ সদায়ে কাম্য, মন্তব্যত লিখিবলৈ নাপাহৰিব কেনেকৈ আমি আৰু আগুৱাই যাব পাৰোঁ, সকলোৱে একেলগে অসমীয়া ভাষা সাহিত্যৰ ভঁৰালটো কেনেকৈ চহকী কৰিব পাৰোঁ৷ ফটাঢোল এটা ফেচবুকৰ গোট বুলিয়েই নহয় অসমীয়া সাহিত্যচৰ্চাৰ আন এটি মাধ্যম ৰূপে গণ্য কৰি সকলোৱে যেন সংখ্যাটি আঁকোৱালি লয়৷

হাঁহিৰে জীৱনটো অলংকৃত কৰক, হাঁহক আৰু হহুঁৱাওক৷

জয়তু ফটাঢোল
ধন্যবাদ আৰু শুভেচ্ছাৰে
নীলাঞ্জনা মহন্ত

সম্পাদক, ফটাঢোল

☆ ★ ☆ ★ ☆

10 Comments

  • নীলাঞ্জনা

    প্ৰতিভাশালী, অভিজ্ঞ তথা উদ্যমী এই দলটিৰ লগত কাম কৰি বৰ ভাল লাগিল আকৌ এবাৰ ধন্যবাদ জনাইছো আৰু শুভেচ্ছা জনালো ভবিষ্যতে আৰু বহুতো সুন্দৰ সংখ্যাবোৰ পঢ়িবলৈ পাম বুলি৷

    Reply
    • Jaydeep Lahon

      সম্পাদকীয় লেখাটি পঢ়ি ভাল পালো বাইদেউ ।,জন্ম লগ্নৰে পৰা এই গোটৰ লেখা বোৰ নিয়মিত পঢ়ো ,ভাল লাগে,
      জয়তু ফটাঢোল ।।

      Reply
  • abhijit goswami

    ভাল লাগিল দেই। এইটো টিম আমাৰ চালিকা শক্তি হৈ থাকক সদায়।

    Reply
    • সুন্দৰ সময় পাৰ কৰিলোঁ৷ ধন্যবাদ নীলাঞ্জনা বা৷

      Reply
  • কাবেৰী মহন্ত

    বৰ ধুনীয়া হৈছে আলোচনী খন৷ সঁচাকৈ ইয়াৰ লগত জড়িত সমিতিৰ সকলো সদস্যলৈকে ধন্যবাদ আমাক এনে এখন সুন্দৰ আলোচনী উপহাৰ দিয়াৰ বাবে

    Reply
  • ৰাজশ্ৰী শৰ্মা

    এইবাৰ আপোনাৰ লগত খুব ভাল লাগিল বা। বহুত কথা শিকিব পাৰিলো। ধন্যবাদ জনালো।

    Reply
  • যাযাবৰ

    এই যাত্ৰাৰ শেষ কত আমি নাজানো।
    তেতিয়ালৈ দিহা পৰামৰ্শ দি থাকিব বা। ভাল লাগিল বা ।

    Reply
  • Minati Mahanta

    বহু কেইখন মহাদেশৰ লগত জড়িত ফটাঢোলৰ ই মেগাজিনখনৰ কৰ্মকৰ্তা সকলৰ আশাসুধীয়া প্ৰচেষ্টাক চকু মুদি অলেখ অভিনন্দন জ্ঞাপন কৰাৰ বাদে মোৰ দৰে নিমাষিত জীৱ এটাৰ দিবলৈ একো নাই । সম্পাদকৰ সৈতে সকলোলৈকে আন্তৰিক ধন্যবাদ জনালো ।

    Reply
  • মন্দিৰা

    আলোচনী খনৰ সৈতে জড়িত সকলোৰে কথা খুব সুন্দৰকৈ লিখিলে।আলোচনীখন বৰ সুন্দৰ হৈছে । আপোনাক ধন্যবাদ

    Reply
  • নমিতা শৰ্মা

    আলোচনী খনৰ সকলো শিতান পঢ়ি ভাল লাগিল l

    Reply

Leave a Reply to Minati Mahanta Cancel reply

Your email address will not be published. Required fields are marked *