ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কথা

জুলাই মাহৰ কথা। ৰিণ্টুমণি দত্ত দাই মেছেজ কৰি সুধিছিল, মই কিহত লিখোঁ। মানে, মই মোবাইলত লিখোঁনে লেপটপত? সেই সময়ত মোৰ লেপটপৰ সমস্যা এটা হৈ আছিল। সেয়ে মই মোবাইলত লিখি আছোঁ বুলি জনাইছিলোঁ।

: দুমাহত ভাল হ’বনে? ভাল হ’ব লাগিব। তুমি ফটাঢোলৰ সম্পাদক হ’ব লাগিব৷ নৱেম্বৰৰ সংখ্যাটিৰ বাবে৷

মোক আচৰিত কৰি কৈ দিছিল তেওঁ। মোৰ ডিঙি শুকাই কৰকৰীয়া দিলে৷ মূৰ ঘূৰি গ’ল। মনৰ ভিতৰতে  পাগুলিলোঁ।

“কথাবোৰ কি হৈছেগে?

সম্পাদক? তাকো মই?”

সেয়া অনুৰোধ নাছিল৷ সেয়া আছিল ৰিণ্টুমণি দাৰ আদেশ। সেয়ে হয়তো “যিবা আজ্ঞা শিৰোধাৰ্য” কৰিবলৈ নিমিষতে বাধ্য হৈ পৰিলোঁঁ৷ ওলোটাই নিজে সহজ হৈ সুধিলোঁহে,

: মানে অক্টোবৰত কাম কৰিব লাগিব নেকি? দাদায়ো  একদম কনফাৰ্ম কৰি দিলে৷

: হয়, অক্টোবৰত৷

এটা সম্পূৰ্ণ নতুন প্ৰস্তাব৷ এটা একেবাৰে নতুন অভিজ্ঞতা মোৰ বাবে৷ কিবাকিবি সৰু-সুৰা টুক-টাককৈ লেখা-মেলা কৰোঁ সঁচা, কিন্তু ‘ফটাঢোল’ৰ নিচিনা ই-মেগাজিন এখনৰ সম্পাদকৰ দায়িত্ব ল’ব লাগিব বুলি  সপোনতো আশা কৰা নাছিলোঁঁ৷ আশা কৰা নাছিলোঁ মানে মনলৈ কোনোদিন অহাও নাছিল৷ কিন্তু এতিয়া সম্পাদনা কৰা সংখ্যাটিৰ আঁৰৰ কথা লিখিবলৈ  জুকিয়াই আছোঁ।

চেপ্তেম্বৰৰ শেষত সাজু হ’বলৈ বুলি ক’বলৈকো হেমন্ত কাকতি দাদাই নাপাহৰিলে৷
“আল ইজ ৱেল”

“আল ইজ ৱেল”

মনটোক মিছা প্ৰলোভন দি যিমান পাৰোঁ বুজাবলৈ চেষ্টা কৰিলোঁ। তাৰ পিছত সম্পাদনা টীমৰ সদস্যৰ সৈতে মোক লৈ হোৱাটচএপ গোট গঠন হ’ল৷ নৱেম্বৰ সংখ্যাটিৰ বাবে।

ৰিণ্টুদাই বুজাই দিলে৷ কোনে কেনেকৈ সহায় কৰিব সম্পাদনাৰ কামত। সকলোৱে অভিনন্দন আৰু শুভকামনা দিলে৷ সহায় কৰিম বুলি মানসিক সকাহ দিলে৷

কম্পিউটাৰত ফাইল চেভিঙৰ কাম দেবজিত শৰ্মা দাদাই সহজভাৱে বুজাই দিলে। হিমাংশু ৰাজখোৱা দাদাই মই বেছি গুৰুত্ব দিব লগা বিষয়কেইটাৰ কথা কৈ সকলো ক্ষেত্ৰতে দিহা-পৰামৰ্শ দি গ’ল। কান্ধত গামোচা সহ গোহাৰি বনাই চন্দন বৰিয়ে নতুন চম্পাক একেবাৰে জিলিকাই তুলিলে৷ গোহাৰিখন দেখি নিজকে নিৰ্বাচন খেলাৰ নিচিনা লাগি গ’ল৷

নতুনকৈ সান্নিধ্য পোৱা বুলি অনুভৱেই নহ’ল৷ বন্ধুত্ব সুলভ ব্যৱহাৰেৰে নতুন সম্পাদকক যেন আদৰি ল’লে সকলোৱে। অভিজিত কলিতা দাদা আৰু সঞ্জীৱ ভট্টাচার্য দাদাৰ দিহা-পৰামৰ্শ আৰু চবিনা বাই “জটিল নহয়, সকলো সহজ” বুলি কৈ বিষয়বোৰৰ সৈতে মোক সহজ কৰিবলৈ কৰা সেই চেষ্টাই যি উৎসাহ দিলে, সেয়া নাপাহৰোঁ।

বিদেশৰ মোবাইল নম্বৰটোৰ বাবে মাজতে সম্পাদকৰ কিছু বিলৈও হ’ল৷ কিছুসংখ্যকে নম্বৰটো ঘৰুৱা যেন নেদেখি মেছেজ খুলিকে নাচালে। কিছুমানে বিদেশৰ নম্বৰটো হোৱাটচএপত এড কৰিব নোৱাৰিলে৷ পিছত গোটত তাকে জনাই পুণৰবাৰ পোষ্ট দিব লগা হ’ল।সেইবিলাকৰ পিছতো যেনিবা লেখা আহিল দেই। ৰিণ্টুমণিদা, হিমাংশুদা, দেৱজিতদা, ডলীবা সকলোৱে লেখা সংগ্ৰহ কৰি যথেষ্ট সহায় কৰিলে।

নিৰৱ সাধনাৰে কৰ্মত ব্ৰতী আৰাধনা বৰুৱা বাইদেউ আৰু দিগন্ত কুমাৰ ভট্টাচাৰ্য দাদাৰ নাম ল’বই লাগিব। সময়ত বেনাৰ সাজু কৰি তুলিম বুলি কথা দিছিল  আৰাধনা বাইদেৱে৷ সেইমতে দুয়োজনে মিলি আলোচনীৰ বাবে বেনাৰ সাজু কৰিছিল।

“শিল্পী পৰিচিতি” শিতানত দেবজিৎ শইকীয়া দাদা আৰু দাদাৰ পৰিবাৰ বিস্মিতা শইকীয়া বৌৱে কৰা সহায়ৰ বাবে দুয়োলৈকে মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

মাজে মাজে সম্পাদনা গোটৰ গহীন পৰিৱেশত হাঁহিৰ খোৰাক যোগোৱাৰ ক্ষেত্ৰত যদি বিজয়দাৰ নাম উল্লেখ নকৰোঁ কথাবোৰ আধৰুৱা হ’ব৷

দিম্পলে ইউনিকোডৰ কামত লাগি দিছে। লেখাত  বানানৰ বিসংগতি ভাষা-সাহিত্যৰ বাবে মাৰাত্মক। বৰ্ণাশুদ্ধিত সহায় কৰা চবিনা ইয়াছমিন বা, প্ৰণীতা গোস্বামী বৰঠাকুৰ বা, পৰিস্মীতা গগৈ আৰু ঋতুপৰ্ণা মহন্তই ইয়াৰ সম্পূৰ্ণ দায়িত্ব ল’লে৷ ৰাজশ্রী শর্মাই ফটাপ্রশ্নৰ সংগ্রহ কৰাৰ লগতে সকলো সময়তে সহযোগিতা আগবঢ়াই গ’ল।

তাৰ পিছত আপলোডিঙৰ কামটোত আগভাগ লৈ সহায় কৰাৰ ক্ষেত্ৰত নাম ল’ব লাগিব হেমন্ত কাকতিদা দা, দেবজিত শৰ্মাদা, ৰিণ্টুমণি দত্তদা আৰু ৰিমঝিম বৰঠাকুৰৰ। আলোচনীখনৰ কাম কৰাৰ ক্ষেত্ৰত সকলোৰে উদ্যম আৰু মনোবল দেখি অভিভূত হ’লোঁ।বুজাবলৈ ভাষাহীন মই।

লেখকৰ সাহিত্য-কৃতিৰ অবিহনে আলোচনী অসম্ভৱ৷ বিভিন্ন লেখাৰে সন্নিবিষ্ট কৰি আলোচনীখন সজাই তোলাত লেখক-লেখিকাসকলে যি বৃহৎ অনুদান আগবঢ়াইছে তাৰ বাবে মই চিৰকৃতজ্ঞ৷ সকলোলৈকে অশেষ ধন্যবাদ৷ যিসকলৰ লেখা আলোচনীখনত সন্নিবিষ্ট কৰিবপৰা নগ’ল সেইসকলৰ ওচৰত কৰযোৰে ক্ষমা বিচাৰিছোঁ।

‘ফটাঢোল’ ই-আলোচনীখনৰ বাবে সম্পাদনা টীমৰ সকলোৱে যথেষ্ট কৰিছে আৰু প্ৰতিমাহে কৰি আহিছে৷ প্ৰতিমাহে একোখন সৰ্বাংগসুন্দৰ আলোচনী সজাই পৰাই পাঠকৰ বাবে সাজু কৰি তোলাটো সহজ-সাধ্য নহয়৷

এমাহজুৰি হোৱা মোৰ অভিজ্ঞতাৰে মই স্বীকাৰ কৰিম গোটটোৰ বাবে ইয়াৰ ‘ফটাঢোল’ ই-আলোচনীখন  কেৱল মাত্ৰ এখন আলোচনী নহয়, “ফটাঢোল এক  আবেগ” আৰু এই আবেগ চিৰযুগমীয়া হওক৷ তাৰেই আশা ৰাখিলোঁ।

মানসী বৰা

☆ ★ ☆ ★ ☆

21 Comments

  • ৰঞ্জিত কুমাৰ শৰ্মা

    অভিনন্দন জনালোঁ৷

    Reply
  • Mridul Nath

    সচাঁকৈ ফটাঢোল মানেই এক আৱেগ। সম্পাদনা টিমটোৰ প্ৰতিজনে এজন এজন ৰত্ন।

    Reply
  • Gitarthi Goswami

    অভিনন্দন জনালোঁ, সৰ্বাংগসুন্দৰ আলোচনীখনৰ বাবে।

    Reply
  • ৰিণ্টু

    অতি সুন্দৰ আৰু নিয়াৰিকৈ কামবোৰ কৰিলা। ফটাঢোল টিমৰ হৈ ধন্যবাদ যাচিলো

    Reply
    • মানসী

      এই সুযোগ দিয়াৰ বাবে কৃতজ্ঞতা জনালোঁ দাদা..

      Reply
  • জিতু

    অভিনন্দন

    Reply
  • দীক্ষিতা

    সুন্দৰ আলোচনীখনৰ সৰ্বাংগ সুন্দৰ সংখ‍্যাটোৰ সম্পাদিকাক অভিনন্দন।

    Reply
  • হেমন্ত কাকতি

    তোমাৰ সৈতে কাম কৰি ভাল লাগিল মানসী৷

    Reply
  • J B

    সাংঘাটিক টিম স্পিৰিট দেই। মই পাই থৈছো। আপোনালৈ অভিনন্দন।

    Reply
  • মৌচুমী দুৱৰা।

    অভিনন্দন।

    Reply
  • Pranita Goswami

    এখন সুন্দৰ আলোচনী উপহাৰ দিলা মানসী, অশেষ ধন্যবাদ তোমাক। তোমাৰ লগত কাম কৰি বৰ ভাল লাগিল। সহযোগ ৰাখিবা আগলৈও।

    Reply
    • মানসী বৰা

      ধন্যবাদ..নিশ্চয় ৰাখিম বা…

      Reply
  • চন্দন

    অভিনন্দন৷

    Reply

Leave a Reply to ৰিণ্টু Cancel reply

Your email address will not be published. Required fields are marked *