ফটাঢোল

ফটাপ্রশ্ন

১) মনালিছা পাঠক : ক’ৰবাৰপৰা আহি ঘৰ সোমোৱাৰ লগেলগে পত্নীয়ে পতিলৈ চাহ কাপ আগবঢ়াই দিয়ে, লাগিলে কামৰপৰাই আহক বা কাষৰ ঘৰত চাহ খাই খাই কথাৰ মহলা মাৰিয়ে আহক৷ কিন্তু পত্নী বাহিৰৰ পৰা ভাগৰি আহিলেও, দেখাৰ লগেলগে পতিয়ে চাহ একাপ আনি দিয়াৰ পৰিবৰ্তে “একাপ চাহ দিয়াচোন” বুলি কিয় কয়?

উত্তৰ : এইটো আচলতে একধৰণৰ পৰীক্ষা, চাহৰ পিয়াহ নহয়। পতিজনে আচলতে এই কথাটোৰ দ্বাৰা পৰীক্ষা কৰে, পত্নীগৰাকীৰ তেওঁলৈ মৰম চেনেহ বাকী আছেগৈ নে নাই।

২) সোমেশ্বৰ বৰা : মানুহে নামৰ আগত “শ্ৰী” লিখে। কিন্তু কিছুমানে নামৰ পিছত ‘শ্ৰী’ লগোৱাৰ কাৰণ কি?

উত্তৰ : যাৰ জোখতকৈ বেছি শ্ৰী থাকে তেওঁলোকেই লগাই আৰু। কোনোবাই নামৰ পাছত শ্ৰীমতী লগোৱা দেখিছে জানো?

৩) পূৰৱী এম কটকী : জয় মানেও জয় সাব্যস্ত কৰা আৰু বিজয় মানেও জয় সাব্যস্ত কৰা৷ কিন্তু বিজয় মহন্তদাই কোনো দিনাই জয় সাব্যস্ত কৰিব নোৱাৰাকৈয়ে নামটো কেনেকৈ বিজয় হ’ল?

উত্তৰ : নামে মানুহে মিলিব লাগিব বুলি কোনো কথা নাই বুজিছে। আপুনি কি পাঞ্জাবাৰীৰ দুগ্ধ উৎপাদন ফেক্টৰীটোৰ মালিক নেকি?

৪) নীলাক্ষি দেৱী ডেকা : দুৰ্গাপূজাত দেৱী দুৰ্গা ঘোঁৰাত আহে, হাতীত আহে, দোলাত আহে, ফেৰাৰী, লেম্বৰগিনি, হামাৰত কিয় নাহে?

উত্তৰ : আমাৰ ফালে সেইবোৰ গাড়ী ভাৰালে পোৱা টান যে, সেয়ে নাহে। তাতে পূজা কমিটিৰ বাজেটনো কেইটকা? গধূলি ফূৰ্তি অকণ কৰিবলেকে কম হয়গৈ।  আমেৰিকা ইউৰোপৰ ফালে দুৰ্গাপূজা হ’লে এইবোৰতে আহিব চাগে।

৫) উৎপলা শইকীয়া : সকলো কণীৰপৰা পোৱালি হয়। যদি বেলকনিৰো পোৱালি হ’ল হয় তেনেহ’লে, গ্ৰাউণ্ড ফ্ল’ৰৰসকলক বাদ দি বাকী ওপৰৰ ফ্ল’ৰবোৰৰ মানুহে সেই পোৱালি ক’ত ৰাখিলে হয় বাৰু?

উত্তৰ : থ’বলে ঠাই নাইকিয়া হ’লে ভাজি খাই পেলালেহেঁতেন আকৌ।

৬) বৰ্ণালী এচ মুদৈ : সেই যে তাহানিৰপৰা শুনি আছোঁ, “প্ৰথম প্ৰেম কেতিয়াও পাহৰিব নোৱাৰি” তেন্তে সেই প্ৰথমপ্ৰেমটো যায় ক’লৈ? বাংলাদেশ, পাকিস্তান নে চীন ঔ?

উত্তৰ : আনৰ কথা নেজানো, ফটহুৰ প্ৰথম প্ৰেম বৰ্তমান আমেৰিকাত। লেভেলৰ কথা আছেতো, লেভেল মতেই য’লৈ যাব পাৰে যায়।

৭) বিশ্বজিৎ পায়েং : বাইক, কাৰ আদিৰ বীমা কৰিবলৈ গ’লে ফাৰ্ষ্ট পাৰ্টি কৰিব নে থাৰ্ড পাৰ্টি কৰিব বুলি সোধে, ছেকেণ্ড পাৰ্টিৰ বীমাৰ বিষয়ে কোনোবাই ক’ব নেকি বাৰু?

উত্তৰ : ইঞ্চুৰেন্স কোম্পানীটোৱেই ছেকেণ্ড পাৰ্টি৷

৮) দীপ বৰা : এশ গৰু মাৰিলে বাঘৰো মৰণ বুলি যে কয়, এশৰ ওপৰত ছাগলী মাৰা কচাইবোৰৰ মৰণ কেতিয়া আহিব বুলি আপুনি ক’ব বিচাৰে?

উত্তৰ : এই প্ৰবচনটোত কবিয়ে গৰুৰ কথাহে স্পষ্টকৈ কৈছে, ছাগলীৰ ওপৰত বিশেষ আলোকপাত কৰা নাই। গতিকে প্ৰবচনটোৰ ভিত্তিত কচাইসকলৰ ভৱিষ্যত নিৰ্ধাৰণ কৰা অলপ কঠিন।

৯) প্ৰিয়াক্ষী শৰ্মা : সাধাৰণতে বজাৰত ক’তো পাব নোৱৰা দামত উপলব্ধ সামগ্ৰী কিনিবপৰা দোকানবোৰক সুলভ মূল্যৰ দোকান বুলি কিয় কয়, দুৰ্লভ মূল্যৰ দোকান কিয় নকয়? যিহেতু একেবাৰে দুৰ্লভ মূল্যতহে পোৱা যায়!

উত্তৰ : বিজিনেচ পলিচি, দাম বেছি বুলি ক’লে গ্ৰাহক পলাব যে।

১০) দীপ্তি শৰ্মা : ফেশ্বন শ্ব’বোৰত যে মডেলবোৰে কিছুমান অদ্ভুত পোচাক পিন্ধে সেইবোৰ পিছত কোনোৱাই কিনি নি পিন্ধে নে অকল ডিজাইনাৰে সেইদিনাৰ কাৰণে বনায়?

উত্তৰ : ভুলতো নিপিন্ধে হে, সেইবোৰ পিন্ধি বাটত ওলালে মানুহে পগলা ফাটেকলৈ নপথাব নে?  সেইদিনাৰ কাৰণেই বনাই আৰু পিছত পেলাই দিয়ে, একদম পাক্কা খবৰ। আপোনাক ঘৰ মোচা ফটাকানি কৰিবলৈ লাগে যদি মোৰ সৈতে যোগাযোগ কৰিব পাৰে।

 ১১) কন্দাৰ আঃঅ অলোম দূলোম : ভাত ৰুটি সকলোৱেই বিচাৰে, কিন্তু কোনোবা ছাত্ৰ-ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰিলে সমাজে ডাক্তৰ, ইঞ্জিনিয়াৰিং, কোনোবা অফিচাৰ হ’বলৈ পৰামৰ্শ দিয়ে। ভাল খেতিয়ক হ’বলৈ কিয় নিদিয়ে?

উত্তৰ : এগ্ৰিকালচাৰ পঢ়াবিলাকক দিয়ে নহয়। কিন্তু আচল কথা হ’ল আমাৰ শিক্ষা ব্যৱস্তাটোৰ মূল কামেই হ’ল খেতিয়ক কম কৰা। এবাৰ কেনেবাকৈ কলেজৰ দুৱাৰদলিত ভৰি দিব পাৰিলেই হাল-কোৰ বোৱা নিষেধ হৈ নেযায় জানো? পিচে কিয় এনে হয় নুসুধিব দেই, সকলো কথা খোলাখুলিকৈ ক’বলৈ ঘৰৰ মানুহজনীয়ে বাৰণ কৰি থৈছে।

১২) মিনতি মহন্ত : আৱৰ্জনা মষিমূৰ কৰিবলৈ ৰি-চাইকেল (Re-CYCLE) আছে, ৰি-স্কুটাৰ ( Re-SCOOTER) নাই কিয়?

উত্তৰ : স্কুটাৰ বোলা বস্তুটোৱে নিজেই আৱৰ্জনা তৈয়াৰ কৰে বাবে।

১৩) বন্দিতা জৈন : স্কুলবোৰত ল’ৰা-ছোৱালী পঢ়োৱাই মাহিলি বেতন পায় টিউচন পঢ়োৱাই মাহিলি বেতন পায়, মাকবোৰে মাহ মাহ ধৰি পঢ়োৱাই, তথাপি বেতন নাপায়, কিয় বা? মাকবোৰে বেয়া পঢ়ায় নেকি বাৰু?

উত্তৰ : কিয় পাবহে বেতন? ল’ৰা-ছোৱালী পঢ়ি-শুনি ডাঙৰ মানুহ হ’লে মাকক চাব নে শিক্ষকক?

১৪) মিনতি মহন্ত : সকলোতে পৰুৱা বা পোকে ধৰে, নিমখত নধৰে কিয়?

উত্তৰ : এসময়ত ধৰিছিল, কিন্তু পোক পৰুৱাবোৰে বেছিকৈ নিমখ খোৱাৰ বাবে সকলোৰে হাই প্ৰেছাৰ হ’ল, গতিকে সিহঁতে নিমখ খোৱা বাদ দিলে। পোক পৰুৱাযে, মানুহ নহয় নহয়, যে ভুলৰ পৰা শিক্ষা নল’ব।

১৫) সদানন্দ ভূঞা : ধৰি লওক, কোনোবা এদিন ভুলবশতঃ যমদূতে মোক যমনগৰলৈ লৈ গ’ল৷ যমে যদি মোক প্ৰশ্ন কৰে, অসমত ইমানবোৰ নফটা ঢোল থাকোঁতেও তই ফটাঢোল কিয় বজাইছিলি? তেতিয়া মই কি উত্তৰ দিম বাৰু? আগতীয়াকৈ জানি ল’লে ভাল হ’ব বুলিহে সুধিছোঁ দেই৷

উত্তৰ : ক’ব নিজৰ ফটাঢোল কোবোৱাত যি সুখ, নফটাঢোলত সেই সুখ নাই। তেৰাকো এচাপৰ কোবাই চাবলে ক’ব, নিজে বুজি যাব।

১৬) দিলীপ কাকতি : ৰাইজে কয় প্ৰেম হেনো অন্ধ, প্ৰেমে কোনো বাধা নামানে। তেনেহ’লে পৰকীয়া প্ৰেমক ৰাইজে কিয় ঘৃণাৰ চকুৰে চায়?

উত্তৰ : সুবিধা কৰিব নোৱাৰা কেইটাইহে ঘৃণাৰ চকুৰে চাই, সুবিধা পোৱাকেইটাই মনে মনে সুখকণ লৈ থাকে।

১৭) জয়ন্ত কুমাৰ ডেকা : নিজৰ মানুহজনে দুৰ্নীতি কৰে বুলি জানিও বিবাহ বিচ্ছেদ কৰিবলৈ ইচ্ছা নকৰা উচ্চ শিক্ষিতা নাৰীসকলৰ সমাজৰ প্ৰতি অৱদান কি থাকে?

উত্তৰ : হেৰি, সমাজৰ প্ৰতি সকলোৱে অৱদান দিবই লাগিব বুলি কি কথা আছে? আমাৰ নেতা পালিনেতাসকলে অৱদান দিয়েই আছেচোন পাৰেমানে। সদ্যহতে সেই মহিলাসকলে দুই এপদ অলংকাৰ, পাটৰ চেটকেইটামান, চেণ্ডেল কেইজোৰমান লৈ সেই দোকানবোৰ চলি থকাত সহায় কৰি আছে নহয়, কিমান ল’ৰা-ছোৱালীয়ে সেই দোকানবোৰত চাকৰি কৰি জীৱিকা নিৰ্বাহ কৰিছে, গতিকে সেয়াই তেওঁলোকৰ সমাজৰ প্ৰতি অৱদান বুলি ধৰি লওকচোন।

১৮) শ্ৰুতিমালা মিশ্ৰ : “আজা ডুব যাউ তেৰে আখোকে ওচ্যন ( ocean) ম্যে, শ্লো মোচন ম্যে”, ইয়াত প্ৰেমিকাৰ চকুৰ সাগৰত লাহে লাহে ডুবি যোৱাৰ কথা কৈছে৷ এটা প্ৰশ্ন মনলৈ আহিছে, প্ৰেমিকাৰ চকুত ইমান ডাঙৰ সাগৰখন কেনেকৈ দেখা পায় বাৰু?

উত্তৰ : প্ৰেম বস্তুটোৱেই আপদীয়া। চকুৰ সাগৰত ডুব মৰা, আকাশৰ তৰা চিঙি অনা, এনেবোৰ অবাস্তৱ অসম্ভৱ পৰিকল্পনা কেৱল প্ৰেমতহে হয়। বাস্তৱ সংসাৰত না প্ৰেম থাকে, না আখো কা ওচ্যন থাকে। সেইবোৰ চিনেমাৰ বস্তু।

১৯) কমলা দাস : বিলৰ পাৰৰ জোপোহা গছ জোপাত চাৰিটা বনৰীয়া হাঁহ আছিল। তাৰে দুটা চিকাৰীয়ে গুলিয়াই মাৰিলে। গছজোপাত কেইটা হাঁহ বাকী থাকিব?

উত্তৰ : হাঁহকেইটা যদি কলা আৰু অন্ধ তেনে দুটা হাঁহ বাকী থাকিব, কাৰণ সিহঁতে না গুলীৰ শব্দ শুনিব, না লগৰকেইটা গুলী খাই ধুপুচকৈ পৰি যোৱা দেখিব।

২০) হিতেশ বি বৰুৱা : বিয়াৰ পাছত গিৰিয়েকে ঘৈনীয়েকক কি কাৰণত ভয় কৰে? ইয়াৰ কাৰণ কি?

উত্তৰ : কাৰণ ঘৈণী বোলা বস্তুটো বিয়াৰ পাছতহে পোৱা যায়। বিয়াৰ আগতেই ঘৈণী পোৱাৰ সুবিধা থাকিলে, বিয়াৰ আগৰপৰাই ভয় কৰিলেহেঁতেন। ঘৈণী বোলা শব্দটোৱেই ভয়ংকৰ।

২১) ভূপালী দেৱী : “আপোনাৰ বোৱাৰীয়ে ঘৰৰ কাম-বন কৰেনে, ভাত ৰান্ধেনে?” বোৱাৰীবোৰক কেৱল ঘৰৰ কাম-বন আৰু ভাত ৰান্ধিবৰ কাৰণেহে পুতেকলৈ বিয়া কৰাই আনে নেকি?

উত্তৰ : মিছা ক’লে কিডাল হ’ব, আচলতে মনে মনে সেইটো আশাতে আনে, পিচে প্ৰায়বিলাক ক্ষেত্ৰতে সেই আশাত চেঁচা পানী পৰে।

২২) বন্দিতা জৈন : এটা প্ৰশ্ন আহিল মনলৈ, বিয়াৰ আগতে ল’ৰাবোৰে কোনো বান্ধৱীৰ লগত ধুনীয়া কৈ কথা পাতে, ফোন কৰে, লগো কৰে কিন্তু প্ৰেমিকা নহয় দেই কেৱল বান্ধৱী, ল’ৰাজনে বিয়া পতাৰ পিছত তাইক চিনি নোপোৱা হয় বা ফ্ৰেণ্ডলিষ্টত থাকিলেও কোনো দিনেই একো ৰিয়েক্ট নকৰে, কিয়?

উত্তৰ : কেনেবাকৈ বান্ধৱীৰ ফেচবুকত লাইক ৰিয়েক্ট কৰিলে, তেওঁক লগ কৰিলে, বা কথা পাতিলে ঘৰত যিটো পৰিস্থিতিৰ সৃষ্টি হয়, সেইটো ভুক্তভোগীয়েহে জানে। শান্তিৰে এমুঠি ভাত খাবলে কাৰনো ইচ্ছা নেথাকে কওকচোন। গতিকে তাৰ বাবে বান্ধৱীক ত্যাগ কৰাই ভাল।

২৩) ৰাস্না বৰা : পতিদেৱসকলে পত্নীক খালী পেট গেছৰ ভাণ্ডাৰ বুলি অনবৰতে খাবলৈ কিবাকিবি ৰান্ধিবলৈ কয় আকৌ খালী মাথা চয়তানৰ বাস বুলি নিজৰ কিবা লিখা কাম কঁপি কৰি দিয়া নাইবা ধৰ্ম পুথি পঢ়িবলৈ কয় কিন্তু খালী ডিঙিৰে বা হাতেৰে  থাকিলে নতুন ছেইন বা খাৰু আনি কিয় নিদিয়ে বাৰু ফটহু কাই?

উত্তৰ : খালী পেট গেছৰ আৰু খালী মাথা চয়তানৰ বাস, খালী হাত বা ডিঙিত তেনে অসুবিধা নাই।

☆ ★ ☆ ★ ☆

5 Comments

Leave a Reply to কমলা দাস Cancel reply

Your email address will not be published. Required fields are marked *