ফটাঢোল

মইনো কিহৰ লায়কৰ-প্ৰান্তৰ ভাগৱতী

: হেৰা। তুমি কি মানুহহে। একো এটা কাম ঠিককে কৰিব নোৱৰা। সেই ৰাতিপুৱা ১০টা বজাতে গেছ চিলিণ্ডাৰ আনিবলৈ গৈ এতিয়া ভৰ দুপৰীয়াখন আহি কৈছাহি চিলিণ্ডাৰ নেপালা। মই এতিয়া জুই জ্বলাই ভাত বনাই খুৱাব নোৱাৰোঁ দেই এই গেলা গৰমত। তুমি নিজে বনাই ল’ৰা ছোৱালীক খুওৱা। মই নেখালেও হ’ব।

 

হওতে কথাটো হয় বাৰু। মই ঠিকেই গৈছিলোঁ‌ এজেঞ্চীলৈ বুলি। পিছে বাটত লগৰ দুটামান লগ পাই হোটেলত চাহ চিঙৰাৰ জুতি লৈ  উঠি পাণ দোকানৰ সন্মুখত আড্ডা মাৰি থাকোঁ‌তে কেতিয়া বাৰটা বাজিল গমেই নেপালোঁ‌। তাৰপিছত লৰালৰিকৈ এজেঞ্চীলৈ গৈ দেখোঁ‌ গেছ চিলিণ্ডাৰ শেষ।

: ধেৎ কি যে হয়! ৰ’বা ৰ’বা। মই কিবা এটা মেনেজ কৰি আছোঁ।

এই বুলি লগৰ দুটামানক ফোন কৰি যেনেতেনে চিলিণ্ডাৰ এটা গোটাই আনিলোঁ‌ ১টা বজাত। যেনেতেনে বহুত বুজাই বুজাই  পিছত তেওঁ ভাত পানী ৰান্ধিলে। অৱশ্যে মই বুজোৱাত ভাল। এনেয়ে শ্ৰীমতীয়ে মোক খুবেই ভাল পায়। মোক মৰমতে ‘চেনেহ’টো  বুলি মাতে। ময়ো মৰমতে তাইক ‘চেনেহী’ বুলি মাতোঁ‌। পিছে শ্ৰীমতীৰ খঙটো উঠিলেহে দিগদাৰি। তিনিটা বজাত ভাত খাই আজৰি হোৱাৰ পিছত ঘৰৰ বাহিৰত দুয়োটা অকণমান বহোঁ‌তে শ্ৰীমতীয়ে ক’লে,

: বাৰু কোৱাচোন।  তুমি বাৰু কিহৰ লায়কৰ? সদায় সব কাম উল্টা পুল্টা কৰা। সিদিনা ছোৱালীৰ চেমিজ এটা আনিবলৈ দিলোঁ তুমি যিটোহে আনিছিলা ছোৱালী আৰু মই বাদ দিয়া তোমাৰ মালৈও ঢিলা হ’ব। আকৌ মই গৈ ঘূৰাই আনিবগৈ লাগিল। সদায় বাহিৰত পিন্ধিবলৈ থোৱা চেণ্ডেলযোৰ পিন্ধি বেডৰুম লেতেৰা কৰিবা। বাথৰুম যোৱা চেণ্ডেল পিন্ধি আহি আকৌ গোঁসাই ঘৰ যাবলৈ আহিবা, গা ধুই তিতা টাৱেল বিছনাত পেলাযই থৈ মোৰ কাম বঢ়াবা। সিদিনা গডৰেজৰ পৰা চাৰ্টটো নিজেই উলিয়াই ল’বলৈ কওঁতে তুমি বাকী কাপোৰবোৰৰ যি অৱস্থা কৰিছিলা মোৰ আকৌ কাপোৰবোৰ জাপোঁ‌তে দুঘণ্টা লাগিল। কেতিয়াবা মোৰ কঁকাল বিষ হ’লে তুমি পাকঘৰত ভাত বনাব লগীয়া হ’লে হ’লেই আৰু। ইমানেই লেতেৰা কৰা যে মই পিছত চাফা কৰোঁতে ওলোটাই কঁকাল বিষ আৰু বেছিহে হয়। গতিকে তুমি নো কিহৰ লায়কৰ! আজিতো যি কৰিব লগা কৰিছাই আৰু।

ময়ো ক’লোঁ‌,

: হেৰা। এইবোৰ দেখোন সকলো মতা মানুহৰে হয়।সিদিনা ছোৱালীৰ চেমিজ কিনিব ধৰোঁ‌তেই দোকানখনলৈ দুজনী মাইকী মানুহ সোমাই আহিল। মইনো কেনেকৈ চাইজ কৈ থাকিম তেওঁলোকৰ আগত।  সেয়ে দোকানীয়ে যি দিলে তাকে লৈ আহিছিলোঁ‌। হয় বাৰু। মই একোৰে লায়কৰ নহয়।  পিচে মই এটা কামৰ নিশ্চয় লায়কৰ।

: কিনো সেইটো?

 শ্ৰীমতীয়ে সুধিলে।

: সেই যে তুমি শ্বপিং কৰোঁতে আগে আগে তুমি ষ্টাইল মাৰি খালি ভেনিটি বেগটো নচুৱাই নচুৱাই যোৱা (কাৰণ বজাৰ কৰা টকা মইহে দিব লাগে) আৰু পিছে পিছে মই দুই হাতৰ গোটেইকেইটা আঙুলিত তুমি কিনা বস্তৰ পেকেটবোৰ  কঢ়িয়াই লৈ যাব লাগে মই কিন্তু সেইটোৰ  লায়কৰ। অৱশ্যে মই আৰু এটা বস্তুৰো লায়কৰ দেই।

: কিনো সেইটো?

: “হে ঔৰে গছতে মৌয়ে বাহে ল’লে “
ময়ো নবগালোঁ‌ গছত
গছৰ মৌ নেপাৰি
মৌয়ে বিচাৰিলোঁ‌
চেনেহীৰ মিঠাকৈ ওঁঠত”

এইটোৰ লায়কৰ কিন্তু অকল মইহে দেই। নে কোনোবা আৰু  বেলেগো আছে নেকি?

: যা এই অসভ্যটো। অনবৰতে খালি এটাই ধাণ্ডা।

এই বুলি ৰঙা পৰা গাল দুখনৰে মোক ঠেলা এটা মাৰি শ্ৰীমতী ঘৰৰ ভিতৰলৈ সোমাযই গ’ল। আৰু  মই ভেবা লাগি চাই থাকিলোঁ‌।

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *