ফটাঢোল

সংখ্যাৰ আঁৰৰ কথা-ৰাজশ্ৰী শৰ্মা

চকুৰ পচাৰতে নৱেম্বৰ মাহটো শেষেই হ’ল আৰু আজি আপোনালোকৰ সন্মুখত ‘ফটাঢোল’ ই-আলোচনীৰ চতুৰ্থ বছৰ পঞ্চম সংখ্যাটো আগবঢ়াবলৈ লৈছোঁ। আলোচনীখন যুগুতাই তোলাত আটাইৰে যিমানখিনি অৰিহণা, তাৰ বাবে সকলোকে যিমান ধন্যবাদ জনালেও কমেই হ’ব। তথাপিও দুটামান কথা আপোনালোকক জনাবলৈ বিচাৰিছোঁ‌।

এবছৰমান আগতেই আমাৰ শ্ৰদ্ধাৰ আৰু মৰমৰ ৰিণ্টুমণি দত্ত দাদাই মোক সম্পাদকৰ দায়িত্ব বহন কৰিবলৈ অনুৰোধ (দাবী) জনাইছিল। এশ এটা সমস্যাৰ অজুহাত দেখুৱাই কথাটো কিবাকৈ তল পেলালোঁ‌। কিন্তু দুমাহমানৰ আগতে এদিন ফটাঢোল এডমিন গোটত কিবা এটা কথাত আটায়ে জোৰ কৰাত না ক’ব নোৱাৰিলোঁ। আমাৰ দৰে মূঢ়মতি এগৰাকীৰ বাবে এনেকুৱা এখন স্বনামধন্য আলোচনীৰ সম্পাদনাৰ দায়িত্ব পালন কৰিবলগীয়া হোৱাটো বৰ গৌৰৱৰ কথা। এই সুযোগ দিয়াৰ বাবে শ্ৰদ্ধেয় ৰিণ্টুমণি দাদাৰ ওচৰত ঋণী হৈ ৰ’ম। কিন্তু প্ৰতিটো কথাতেই সম্পাদনা সমিতিৰ মানুহখিনিৰ ওপৰত এশ শতাংশ নিৰ্ভৰ কৰিহে দায়িত্ব বহন কৰিবলৈ আগবাঢ়িছিলোঁ‌।

আলোচনীৰ কথা ক’লেই প্ৰথমতেই নাম ল’ম সম্পাদনা সমিতিৰ। প্ৰত্যেকজন মানুহেই নিজৰ নিজৰ কামখিনি ইমান সুন্দৰকৈ পালন কৰে যে দ্বিতীয় এজনে সেইটো বিষয়ত কোনো ধৰণৰ প্ৰশ্ন উত্থাপন কৰিবলগীয়া নহয়। বৰ্ণাশুদ্ধি টিমৰ সৰ্বশ্ৰী প্ৰণিতা গোস্বামী বৰঠাকুৰ বাইদেউ, চাবিনা য়াছমিনবা, পৰীস্মিতা গগৈ, ৰিতুপৰ্ণা মহন্তক এই চেগতে আন্তৰিক ধন্যবাদ জনালোঁ‌। দিনে ৰাতিয়ে লেখা দি আমনি কৰা বাবে ক্ষমা কৰে যেন!

বেনাৰখন আৰু অলংকৰণৰ বাবে শ্ৰদ্ধাৰ আৰাধনা বৰুৱা আৰু দিগন্ত কুমাৰ ভট্টাচাৰ্য্য দাদাক যিমান ধন্যবাদ জনালেও কম হ’ব। মোৰ ইচ্ছাক সন্মান জনাই ইমান সুন্দৰকৈ বেনাৰখন আঁকি দিলে তাকো নিজৰ ইমান ব্যস্ততাৰ মাজতো, সঁচাকৈয়ে কৃতজ্ঞ।

সাক্ষাৎকাৰৰ বাবে বহুত দিনৰ আগতেই ভাবি থৈছিলো‌ঁ‌ ডঃ মৃণাল কলিতা ছাৰৰ কথা, তেখেতৰ গণিত বিষয়ৰ জ্ঞানৰ লগতে শিশু কিশোৰৰ মনোজ্ঞ পুথিসমূহ পঢ়াৰ পাছতেই তেখেতৰ সাক্ষাৎকাৰ গ্ৰহণৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিলোঁ। তেখেতক ফোন কৰি দিন লোৱাৰপৰা, জাগীৰোডৰপৰা শুৱালকুছি গৈ সাক্ষাৎকাৰ গ্ৰহণ কৰি, সেয়া শুনি শুনি লিখি মেলি সম্পূৰ্ণ তৈয়াৰ কৰি বৰ্ণাশুদ্ধি কৰাই দিয়ালৈ আটাইখিনি কাম নিপুণভাৱে সমাপন কৰাৰ বাবে হিমাংশু ৰাজখোৱা দাদালৈ অশেষ ধন্যবাদ জনালোঁ। লগতে সাক্ষাৎকাৰ গ্ৰহণৰ সময়ত বিভিন্ন সহায় আগবঢ়োৱা অভিজিত গোস্বামী দাদা, জিণ্টু কলিতা আৰু ধ্ৰুৱজ্যোতি দত্তকো এই চেগতে আন্তৰিক ধন্যবাদ!

মোৰ নিজাকৈ অতি কম কম্পিউটাৰৰ জ্ঞানৰ বাবে এই মাহত তিনি চাৰিজন মানুহৰ বহুত কষ্ট হ’ল। তাৰ মাজত দেবজিত শৰ্মা দাদা অন্যতম। মেইল থ্ৰেডলৈ কেনেকৈ লিখা পঠিয়াই বুজোৱাৰপৰা লেখা সংক্ৰান্তীয়ৰ বিভিন্ন ধৰণৰ কথা সোধাৰপৰা, এফালৰপৰা সকলো কথা বুজাই আকৌ নিজে কৰি দিয়ালৈ দাদাই বহুত সহায় কৰিলে, চিৰকৃতজ্ঞ দাদাৰ ওচৰত।

দ্বিতীয়তে নাম ল’ম যোগেশ ভট্টাচাৰ্য্য দাদাৰ, আলোচনীখন সম্পাদনা কৰাৰ বাবে যিখিনি কাম, তাৰে আশী শতাংশ কামেই কোনো আপত্তি নোহোৱাকৈ নিজে দায়িত্ব বহন কৰি লৈ মোক যে কিমান সহায় কৰিলে ক’ব নোৱাৰোঁ। ফটাপ্ৰশ্ন যোগাৰ কৰি দিয়াৰপৰা, লেখাবোৰৰ ৰেকৰ্ড ৰাখি সূচীপত্ৰ তৈয়াৰ কৰি দিয়ালৈ, মোৰ দৰে অজ্ঞানী এটাক বাৰে বাৰে একেটা কথা বুজাই হাৰ মানি নিজে কৰি দিয়ালৈ আটাইখিনি কাম তেওঁ নহ’লে নহ’লহেঁতেন। ধন্যবাদ জনাই আন্তৰিকতাখিনি লঘু নকৰোঁ কিন্তু চিৰকৃতজ্ঞ হৈ ৰ’ম।

প্ৰথম যিদিনা সম্পাদক পাতিব বুলি গম পাইছিলোঁ‌, লগে লগেই খবৰ দিলোঁ মোৰ সহোদৰ দাদা বিপুল শৰ্মাক যিয়ে মোক ফটাঢোল পৰিয়ালৰ সৈতে জড়িত কৰাই দিছিল। মোৰ স্বামী ৰণেন শৰ্মাকো এইচেগতে ধন্যবাদ জনালোঁ  তেখেতেও আলোচনীখনলৈ এটি অৰিহণা আগবঢ়োৱা বাবে।

গোটেই মাহটো বিভিন্ন দিহা পৰামৰ্শৰে জীপাল কৰি ৰখা ডলী তালুকদাৰবা, নীলাক্ষি কাকতিবা, ৰিমঝিম বৰঠাকুৰ, নীলাক্ষি দেৱী ডেকাবা, পূৰ্ণময়ী মেধি বা,বিজয় মহন্ত দাদা, দেৱজিত শইকীয়া দাদা, অভিজিত কলিতা দাদা, ভাস্কৰজ্যোতি দাস দাদা, জয়ন্ত শৰ্মা দাদা, জয়ন্ত দাস দাদা, দিম্পল কলিতা, নয়নমণি হালৈ, ৰামানুজ গোস্বামী দা, বাগ্মিতা বৰকটকী, ভূপালী দেৱী – আটাইকে এই চেগতে আন্তৰিক কৃতজ্ঞতা জনালোঁ‌। চন্দন বৰিৰ হঠাতে হাত ভঙাৰ বাবে তেওঁ ইচ্ছা কৰা ধৰণে সহায় কৰিবলৈ অপাৰগ হ’লেও খবৰ লৈ আছিল, ধন্যবাদ। শ্ৰদ্ধাৰ হেমন্ত কাকতিদাই অসীম ব্যস্ততাৰ মাজতো সময় উলিয়াই আগবঢ়োৱা পৰামৰ্শখিনিৰ বাবেও সেৱা জনালোঁ।

যিকোনো এখন আলোচনীৰ চালিকা শক্তি হৈছে তাৰ লিখকসকল। এই সংখ্যাত নিজৰ বহুমূলীয়া লেখাৰে আমাৰ আলোচনী সমৃদ্ধ কৰা আটাইকে এইচেগতে আন্তৰিক ধন্যবাদ জনালোঁ‌। কিবা কাৰণবশতঃ হয়তো কাৰোবাৰ লেখা প্ৰকাশ নহ’বও পাৰে, তাৰ বাবে ক্ষমাপ্ৰাৰ্থী। আকৌ আমাৰ পাঠকসকলকো অশেষ ধন্যবাদ তেওঁলোকে ই-আলোচনীখন পঢ়িবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ বাবে। তেওঁলোকৰ বহুমূলীয়া মন্তব্যবোৰে আমাক আগুৱাই যোৱাত সহায় কৰিব।

শেষত আটাইকে আকৌ এবাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আলোচনীখন উলিয়াওঁতে বহুত ধৰণৰ ভুল ত্ৰুটি ৰৈ যাব পাৰে, ভুলখিনি আঙুলিয়াই দিলে আমি নথৈ আনন্দিত হ’ম। আশা কৰোঁ আপোনালোকৰ বহুমূলীয়া সময়ৰপৰা অলপ খৰচ কৰি আলোচনীখনৰ ওপৰত চকু ফুৰাব।

কৃতজ্ঞতাৰে,

ৰাজশ্ৰী শৰ্মা
সম্পাদক, চতুৰ্থ বছৰ পঞ্চম সংখ্যা
ফটাঢোল ই-আলোচনী

ডিচেম্বৰ, ২০২০

☆ ★ ☆ ★ ☆

28 Comments

  • ববিতা শৰ্মা

    ধুনীয়াকৈ লিখিছা কথাখিনি

    Reply
  • ডলী তালুকদাৰ

    ভাল লাগিল। তোমাকো অশেষ শুভকামনা লগতে ধন্যবাদ জনালোঁ। সুন্দৰ আলোচনী এখন উপহাৰ দিয়াৰ বাবে।

    Reply
    • ৰাজশ্ৰী

      বহুত বহুত ধন্যবাদ বা।

      Reply
  • Pranita Goswami.

    এখন সুন্দৰ আলোচনী আমাক উপহাৰ দিয়া বাবে তোমাকো ধন্যবাদ জনালোঁ। লগতে আন্তৰিক অভিনন্দন জনালোঁ।

    Reply
    • ৰাজশ্ৰী

      আপোনাকো ধন্যবাদ আৰু সেৱা জনালোঁ বা।

      Reply
  • পঙ্কজ বৰুৱা

    সুন্দৰ হৈছে আলোচনীখন এইটো লগাই এটিয়ালৈ তিনিটা লেখা পঢ়িলোঁ, বৰ সুন্দৰকৈ লিখিলে কথাখিনি ৷

    Reply
    • ৰাজশ্ৰী

      অশেষ ধন্যবাদ জনালোঁ।

      Reply
  • মিনতি মহন্ত ,

    সংখ্যাৰ আঁৰৰ কথাখিনি বৰ সুন্দৰকৈ লিখিলা ৰাজশ্ৰী ! সমুহ লিখনি সময় উলিয়াই পঢ়ি যাম ।
    ভালে থাকা ।

    Reply
    • ৰাজশ্ৰী

      অশেষ ধন্যবাদ আৰু সেৱা আগবঢ়ালো বৰমা?…

      Reply
  • ঋতুপৰ্ণা

    অভিনন্দন ৰাজশ্ৰীবা

    Reply
    • ৰাজশ্ৰী

      বহুত বহুত ধন্যবাদ ঋতু

      Reply
  • পদ্মজা

    সংখ্যাৰ আঁৰৰ কথাখিনি পঢ়ি ,জানি ভাল লাগিল ৰাজশ্ৰী।ফটাঢোলৰ লগত জড়িত আটাইলৈকে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ‌।

    Reply
    • ৰাজশ্ৰী

      আপোনাকো বহুত বহুত ধন্যবাদ বা।

      Reply
  • হেমন্ত কাকতি

    বৰ smoothly হৈ গ’ল কামবোৰ৷ তোমালৈ ধন্যবাদ৷

    Reply
    • ৰাজশ্ৰী শৰ্মা

      অশেষ ধন্যবাদ দাদা আপোনালৈও

      Reply
  • জয়ন্ত

    বৰ সুন্দৰকৈ লিখিলা কথাবোৰ৷ এখন সুন্দৰ আলোচনী উপহাৰ দিয়াৰ বাবে তোমাৰ লগতে গোটেই টিমটোকেই আন্তৰিক অভিনন্দন জনালো৷

    Reply
    • ৰাজশ্ৰী

      আন্তৰিক ধন্যবাদ দাদা

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    অভিনন্দন জনালোঁ৷ পঢ়াৰ ইমান ভাল সুবিধা দিয়া বাবে সকলোকে ধন্যবাদ জনাইছোঁ৷

    Reply
    • ৰাজশ্ৰী

      ধন্যবাদ জনালোঁ দাদা

      Reply
  • কমলা দাস

    বৰ ধুনীয়া কৈ লিখিলা কথাখিনি। ভাল লাগিল।

    Reply
    • ৰাজশ্ৰী

      ধন্যবাদ জনালোঁ মাহী।

      Reply
  • বাগ্মিতা বৰকাকতি

    সোণজনী অ’ ধুনীয়া সংখ্যা এটা দিলা আমাক। মই একোৱেই সহায় কৰিব নোৱাৰিলোঁ উৎসাহ যোগোৱাৰ বাদে,তথাপিও মোট নাম লৈ মোক ধন্য কৰিলা??? লাভ ইউ!

    Reply
    • ৰাজশ্ৰী

      তোমালৈও বহুত বহুত মৰম মাজনী। উৎসাহ আৰু আন্তৰিকতাখিনিয়েই তো লাগে ন আমাক।

      Reply
  • কাবেৰী মহন্ত

    পঢ়ি আছোঁ আলোচনী খন৷ বৰ সুন্দৰকৈ আগবঢ়াই দিলা

    Reply
  • মন্দিৰা

    সকলোৰে বিষয়ে বৰ ধুনীয়া কৈ লিখিলা। ভাল লাগিল পঢ়ি

    Reply
  • ৰামানুজ জি

    সৰল ভাৱেৰে কথাখিনি লিখাত পঢ়ি বৰ ভাল পালো…(অলপ লাজ পাইছো নাম টো দেখি)…

    তোমাৰ মাজত এটি গঠনমূলক চিন্তাধাৰাৰ ৰেঙণি প্ৰথমৰ পৰাই দেখিছো…. সেয়ে সম্পাদক বাব পোৱাত সন্তোষিত আছিলো…

    ধন্যবাদ এটা সৰুকেই দিলো

    Reply
  • নীলাঞ্জনা

    বঢ়িয়া হৈছে ৰাজশ্ৰী৷ অভিনন্দন তোমাকে ধৰি সকলোকে ??

    Reply

Leave a Reply to ডলী তালুকদাৰ Cancel reply

Your email address will not be published. Required fields are marked *