ফটাঢোল

সৌন্দৰ্য্য সচেতনতা-উজ্জ্বল দিপ্লু গগৈ

সেইকেইদিন আমাৰ ঘৰত উদুলি-মুদুলি পৰিৱেশ৷ পেণ্ডেলৰ মানুহ পালেহি নাইৰপৰা আৰম্ভ কৰি মানুহ মতা লিষ্টখনত কাৰোবাক পাহৰিছোঁ নেকি হিচাপ কৰালৈকে সৰু-বৰ একপ্ৰকাৰৰ হুলস্থূলেই বিয়পি পৰিছিল৷ আমাৰ বংশতে এটা চামৰ সকলোতকৈ ডাঙৰ ল’ৰা/ডাঙৰ নাতি হ’লোঁ মই৷ গতিকে পৰিয়ালৰ সকলোৰে মোৰ বিয়াখনক লৈ হেঁপাহ এটা আছিল৷ সময়টো ২০১৮ চনৰ জানুৱাৰীৰ শেষৰ ফালে, তেতিয়া বিয়ালৈ কেইদিনমান বাকী৷ বিয়া বুলি কাম কৰোঁতে অৱস্থা কাহিলপ্ৰায় হৈছিল৷ মাহীয়ে এদিনাখন হঠাৎ ক’লে,

: দৰা বুলি অকণমান চাফাকে নাথাক কিয়নো! নখবোৰত নেমু এচকল কাটি মাৰগৈচোন যা, চাফা হ’ব৷

কথাটোৱে মনটো চুলে৷ হাতৰ নখবোৰৰ লেতেৰাবোৰ বাদেই, সেইকেইদিন কামৰ হেঁচাত মই চুলিকেইডালো কাটিবলৈ সময় পোৱা নাছিলোঁ৷ আইনাত এপাক নিজৰ মুখখনো চালোঁগৈ; চকুৰ গুৰি ক’লা আৰু মুখখন ঠাণ্ডাত অলপ সোঁতোৰা পৰাৰ দৰে হৈ আছিল৷ চিন্তা অলপ নোহোৱাকৈ নাথাকিল, চিনাকি মানুহবোৰৰ বিয়াৰ ফটোবোৰ মনত পেলালোঁ, সেইবোৰত কইনাটো বাদেই দৰাও কেইদিনমান আগৰেপৰা চিকচিকিয়া হৈ থাকি ফেচবুকত ‘বৰ ধুনীয়া দৰাৰ’ খিতাপটো তুলি লয়৷ নিজৰ বেলিকা যদি এইকেইদিনতে অলপ চাফ-চিকুণ হৈ নলওঁ তেন্তে বিয়াৰ পাছৰ ফটোত দৰাক ফাপৰে খোৱা বুলি যে ৰাইজে মনতে ভাবিব সেইয়া ধুৰূপ বুলি মনতে গণিলোঁ৷ বহু কথা ভবা-মেলাৰ পাছত লগৰ বিয়া পতা কেইবাটাকো ফোন লগালোঁ উপায় বিচাৰি৷ মুখত অমুকটো ক্ৰীম ঘঁহিবিৰপৰা ফাউণ্ডেচন সানি যাবিলৈকে কেইবাটাও উপদেশ পালোঁ৷ হঠাৎ এটাই ক’লে,

: পাৰ্লাৰলৈ গৈ ফেচিয়েল কৰি নলৱ কিয়?

তাক ক’লো যে ফেচিয়েল কৰাতকৈ দেখোন ফেচৱাচকে মাৰিব পাৰি৷ এখোপ ওপৰলৈ গৈ সি ক’লে,

: হেৰৌ তোৰ সেই সেউজীয়া হিমালয়া নীম ফেচৱাচডাল ঘঁহি লাভ নাই, ফেচিয়েল কৰ, মুখখন চিকচিকিয়া  কৰি দিব৷

অৱশেষত কোনোদিনে ফেচিয়েল কৰি নোপোৱা মইটোৱে সাজু হ’লোঁ জীৱনত প্ৰথমবাৰ ফেচিয়েল কৰি জিলিকি উঠিবলৈ৷

আমাৰ ঘৰৰপৰা তিনিচুকীয়া টাউনলৈ প্ৰায় পঁচিশ কিলোমিটাৰমান দূৰ হয়৷ তিনিচুকীয়াৰ মাজমজিয়াত থকা ইউনিচেক্স পাৰ্লাৰ এখনত গৈ সোমালোঁ৷ চুলি-দাঢ়ি কটোৱাৰ বাহিৰে তেনেধৰণৰ পাৰ্লাৰত মোৰ বৰ এটা অভিজ্ঞতা নাছিল৷ ভিতৰলৈ সোমোৱাৰ পাছতে হাতত চাৰ্ট এখন ধৰাই দিলে৷ এফালৰপৰা চাই গ’লোঁ৷ মেনেজাৰগৰাকীক মই আপকামিং দৰা বুলি কৈ চুলিখিনি কটোৱাই ফেচিয়েল কৰাই দিবলৈ ক’লোঁ৷ তেখেতে মোক আথে-বেথে নি ক’লে,

: ছাৰ লগতে পেডিকিউৰ আৰু মেনিকিউৰ কৰাই লওঁক, আপোনাৰ আঙুলি আৰু নখ চিকচিকাই যাব৷

কিবাকিবি চিলভাৰ, গল্ড, ডাইমণ্ড, প্লেটিনাম টাইপৰ ফেচিয়েলবিলাকৰ লগতে পেডি-মেনিৰ ৰেটবিলাকো চাই মেনেজাৰগৰাকীক হ’ব বুলি কোৱাৰ লগে লগে পকেটত থকা পাঁচহাজাৰ টকা এটাই আৰু এইটো পকেটত থাকিবলৈ নাই বুলি আন্দোলন এটা আৰম্ভ কৰি দিছিল৷

মনলৈ অনভিজ্ঞতাৰ লাজ লাজ ভাৱ এটাৰ লগতে নাৰ্ভাচনেচ এটা আহিছিল৷ কিন্তু লোকচক্ষুত তাকে নেদেখুৱাই মাতত কনফিডেঞ্চ ৰাখি ক’লোঁ,

: ফাৰ্ষ্ট হেয়াৰকাট আৰু শ্বেভটো কৰি লওঁ, তাৰপাছত পেডিকিউৰ, মেনিকিউৰ কৰি লাষ্টত গল্ড ফেচিয়েলটো কৰি দিব৷

প্ৰায় দুঘণ্টামানৰ পাছত পেডিকিউৰ আৰু মেনিকিউৰ শেষ হোৱাত মোক ফেচিয়েল কৰিবলৈ সাজু হ’বলৈ ক’লে৷ সাজু মানেনো কি আৰু, মই গৈ চকী এখনৰ ওচৰত থিয় হ’লোঁগৈ৷ মনতে ভাবিলোঁ, মুখত চাগে কিবাকিবি দুটামান ঘঁহি অলপ চাফা কৰি দিব৷ কিন্তু পাৰ্লাৰৰ ছোৱালীজনীয়ে মোক সৰু কোঠালি এটালৈ নি হাতত টাৱেল এখন ধৰাই দি ড্ৰেচটো চেঞ্জ কৰিবলৈ কৈ তাই ওলাই গ’ল৷ মই মনতে ভাবিলোঁ, “ফেচিয়েল চকীত বহি নকৰে নেকি!” খৰধৰকৈ লগৰটোলৈ ফোন লগাই কথাটো সুধিলোঁ। সি ক’লে,

: হেৰৌ অঁকৰা, ফেচিয়েল চকীত বহাই নকৰে নহয়, বিচনাত শুৱাই লৈ হে কৰে৷

মই অ’কে বুলি কৈ ফোনটো ৰাখিলোঁ৷ তেনেতে পাৰ্লাৰৰ ছোৱালীজনীয়ে দুৱাৰত টুকুৰিয়াই সোমাই আহি মোক সুধিলে,

: আপুনি কাপোৰ চেঞ্জ কৰাই নাই দেখোন, জলদি কৰক কাষ্টমাৰ আৰু আছে নহয়৷

তাই ওলাই যোৱাৰ পাছত মই হাতত টাৱেলখন লৈ বিছনাখনৰ ওপৰত বহি চিন্তা কৰাত লাগিলোঁ, “ফেচিয়েল কৰিবলৈ কাপোৰ কিয় সলাব লাগে৷” লগৰটোলৈ আকৌ ফোন কৰাত সি ৰিচিভ নকৰিলে৷ মই বিবূধিত পৰিলোঁ, হ’ল বুলিনো ফেচিয়েল কৰিবলৈ কাপোৰ কিয় সলাম? অলপ পাছত ছোৱালীজনী আকৌ সোমাই আহি মোক ক’লেহি ছাৰ কাপোৰ সোনকালে সলাই লৈ টাৱেলখন লৈ লওঁক৷ লাজত মোৰ কাণ-মূৰ গৰম হৈ আহিল, হ’ল বুলিনো এনেকৈ চহৰৰ মাজৰ পাৰ্লাৰ এখনৰ ৰূম এটাত কাপোৰ সলাই টাৱেলখন পিন্ধি থাকিব পাৰি নেকি! চিন্তা কৰি থাকোঁতে হঠাৎ বেৰত থকা কাপোৰ ওলোমাই ৰখা হেঙ্গাৰ এডাল দেখা পাই ভাবিলোঁ, “এইডাল আছে যেতিয়া কাপোৰ চাগে সলাই ল’বই লাগে৷” তাৰপাছত মই ধুনীয়াকৈ কাপোৰ-কানি সলাই টাৱেলখন পিন্ধি পেণ্ট আৰু স্পৰ্টিঙটো বেৰৰ থকা হেঙ্গাৰডালত থৈ বিচনাখনত বহিলোঁ৷ দুৱাৰৰ বাহিৰৰ ছোৱালীজনীৰ খোজৰ শব্দ, তাৰপাছত দুৱাৰত টুকুৰিওৱা শব্দ আৰু মোৰ লাজত আৰম্ভ হোৱা বুকুৰ ধপধপনিবোৰ একাকাৰ কৰি মই “য়েচ কাম ইন” বুলি ক’লোঁ৷ ছোৱালীজনীয়ে দুৱাৰখন খুলিলে, যন্ত্ৰৱৎ মইও বিচনাখনৰ পৰা নামি থিয় হ’লোঁ; তাৰপাছত ছোৱালীৰ মুখৰপৰা এটা বিকট চিঞৰ ওলাল, হুইচ ৱাজ ইমিডিয়েটলী ফল’ড বাই হাৰ প্ৰচণ্ড দৌৰ৷ মোৰ কাণ-মূৰ গৰম উঠি গ’ল, মূৰৰ তালুখন আৰু কপালখন চুই চালোঁ, ভমককৈ জ্বলি উঠা জুই একুৰাৰ দৰে গৰম হৈ আহিছিল৷ নাৰ্ভাচনেচ আৰু কিংকৰ্তব্যবিমূঢ় হৈ একেটা ঠাইতে থিয় হৈ দুইখন হাতেৰে উৰাই-ঘুৰাই মূৰটো খজুৱাবলৈ লাগিলোঁ৷ প্ৰায় দুইমিনিটমান সময় যোৱাৰ পাছত ল’ৰা এজন সোমাই আহি মোক সুধিলেহি,

: আপুনি ফেচিয়েল কৰিবলৈ আহি টাৱেলখন কিয় পিন্ধি আছে ৰূমত৷

সম্বিৎ ঘূৰাই অহা মইটোৱে ততাতৈয়াকৈ তেতিয়া জীনচটো পিন্ধি পিন্ধি তাক ক’লোঁ,

: মোৰ ভুলটোৰ বাবে প্লিজ মাফ কৰক, ফেচিয়েল কেনেকৈ কৰে মোৰ অলপো আইডিয়া নাই, ছোৱালীজনীয়ে বাৰে বাৰে আহি কাপোৰ সলাই লওঁক জলদি বুলি কৈ থকা কাৰণেহে মই ভাবিলোঁ হাতত টাৱেলখন দিছে, তাতে বেৰত হেঙ্গাৰ আছে গতিকে পেণ্ট-স্পৰ্টিং সব সলাব লাগে চাগে৷

দুৱাৰৰ বাহিৰত হোৱা হাঁহিৰ কোববিলাকক একাষৰীয়া কৰি ল’ৰাটোক আকৌ ক’লোঁ,

: মইতো ঘৰত কাপোৰ চেঞ্জ কৰা মানেটো এনেকেই বুজোঁ৷

তাৰো হাঁহি উঠিছিল। মোক ক’লে,

 : আপোনাক তাই কাপোৰ মানে স্পৰ্টিঙটো সলাই লৈ গাত টাৱেলখন লৈ ল’বলৈ দিছিল যাতে ক্ৰীম-চ্ৰীমবিলাক গাত নালাগে, নেক্সট টাইম এনেকুৱা ভুল নকৰিব৷

ময়ো সেমেনা-সেমেনিকৈ হ’ব বাৰু বুলি কৈ তলমূৰ কৰি ৰ’লোঁ৷ অলপ পাছত ফেচিয়েল চলিল কিন্তু তেতিয়ালৈ সন্মানৰ শ্ৰাদ্ধখন সুকলমে সমাপ্তি হৈছিল৷

☆ ★ ☆ ★ ☆

2 Comments

  • Pranita Goswami

    হাঃ হাঃ ভাল অভিজ্ঞতা এটা হ’ল।

    Reply
  • জয়ন্ত

    বঢ়িয়া লাগিল৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *