ফটাঢোল

শিল্পী পৰিচিতি

“সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে

সেয়েহে ইমান ফুল আজি প্ৰভাতে প্ৰভাতে৷”

হয়, সুন্দৰ শিল্পী মনৰপৰা সৃষ্ট শিল্পসমূহৰ বাবেই চিৰ সুন্দৰ এই পৃথিৱীখনক আৰু আটকধুনীয়া কৰি তুলিছে৷ শিল্পীয়ে মৃত শিলত কাটিব পাৰে অথবা ৰং তুলিকাৰে আঁকিব পাৰে জীৱন্ত বাস্তৱ৷ লুইতৰ পাৰৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ তেজপুৰৰ এনে এজন প্ৰতিভাৱান সুন্দৰৰ সাধনা কৰা শিল্পীৰ লগত আজি আমি পৰিচিত হ’বলৈ গৈ আছোঁঁ, যিজন শিল্পীয়ে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হোৱাই নহয় একক প্ৰচেষ্টাৰে যোৱা তিনিদশক জুৰি কলা সাধনাত নিজকে নিমগ্ন কৰি ৰাষ্ট্ৰপতি পুৰস্কাৰ পৰ্যন্ত বুটলিবলৈ সক্ষম হৈছে আৰু তেজপুৰ তথা অসমলৈ সন্মান কঢ়িয়াই আনিছে৷

আমি পৰিচয় কৰাই দিবলৈ ওলাইছোঁ তেজপুৰ চহৰৰ মাজমজিয়াৰ ‘ৰাণু সিং ৰ’ড’ৰ নিবাসী এজন অসাধাৰণ প্ৰতিভাৰ অধিকাৰী ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত তথা সাৰদা চাৰু কলা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক স্বতাধিকাৰী অসম গৌৰৱ চিত্ৰশিল্পী শ্ৰীযুত ৰাতু মণি দাস দেৱক৷

১৩ জানুৱাৰী ১৯৭৭ চন, মাঘ বিহুৰ উৰুকাৰ দিনা জন্মলাভ কৰা শিল্পী ৰাতু মণি দাসৰ পিতৃ প্ৰয়াত পদ্মকান্ত দাস আৰু মাতৃ অনিমা দাস৷ সৰুৰেপৰা অজানিতে ৰঙৰ প্ৰতি আকৰ্ষিত হোৱা তথা ৰঙৰ লগত খেলি ভাল পোৱা ৰাতু মণি দাসে অতি কম বয়সতে বিয়াৰ চিঠিৰ কাৰ্ডৰ খালি বগা কাগজবোৰতে প্ৰথম ছবি আঁকিবলৈ লয়৷ তেজপুৰ শিশুভাৰতী বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰা ৰাতু মণি দাসে তেজপুৰ চৰকাৰী বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল যদিও সৰুৰেপৰা তেখেতৰ খোজ কঢ়াত অসুবিধা থকাৰ বাবে স্কুলীয়া শিক্ষা আধৰুৱাকৈ ৰাখিব লগা হয়৷ প্ৰবল ইচ্ছা শক্তিৰ অধিকাৰী ৰাতু মণি দাসদেৱে চিত্ৰকলাত নিজকে নিমগ্ন কৰাৰ মন বান্ধি ১৯৯৬ চনৰ পৰা চিত্ৰকলাৰ শিক্ষা গ্ৰহণ কৰিবলৈ লয় আৰু দেৱ কুমাৰ দাসদেৱৰ তত্বাবধানত চিত্ৰকলাৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰি পিছলৈ “জে এচ কে মহাবিদ্যালয়ৰপৰা ফাইন আৰ্টচৰ শিক্ষা গ্ৰহণ কৰে৷

ৰাতু মণি দাসক চিত্ৰকলাৰ প্ৰতি আগবাঢ়ি যোৱাৰ এই প্ৰেৰণা যোগাইছিল সকলোৰে মৰমাৰ হিয়াৰ আমঠু সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱে৷ সৰুতেই ৰাতু মণি দাসে ক’তো চিত্ৰকলাৰ অ, আ, ক, খ নিশিকাকৈয়ে তথা ব্ৰাছ আৰু ৰঙৰ ন্যুনতম পৰ্য্যন্ত জ্ঞান নথকাকৈয়ে দিয়াশলাই কাঠিত তুলা লগাই ভূপেনদাৰ এখন প’ট্ৰেইট অংকন কৰিছিল আৰু সেই চিত্ৰখন অংকন কৰি ভূপেনদাক উপহাৰ স্বৰূপে দিছিল৷ পিচে ৰাতু মণি দাসৰ এটা স্বৰ্ত আছিল যে যিহেতু ৰাতু মণি দাসে খোজ কঢ়াৰ অসুবিধাৰ বাবে নিজে ইচ্ছা কৰি যাব নোৱাৰে গতিকে পট্ৰেইটখন ভূপেনদাই নিজে আহি তেওঁৰ ঘৰৰপৰা ল’ব লাগিব৷ এই ইচ্ছাৰ কথা প্ৰকাশ কৰি ভূপেনদালৈ এখন পত্ৰ লিখিছিল আৰু হয়তো ভাৰত ৰত্ন ভূপেন হাজৰিকাদেৱেও ৰাতু মণিৰ শিল্পী সুলভ মনোভাৱটো বুজি উঠিছিল আৰু তেওঁ নিজে আহি সেই পট্ৰেইটখন গ্ৰহণ কৰিছিল৷ ইয়াৰ পিছতো ৰাতু মণি দাসে ভূপেন হাজৰিকাদেৱৰ চাৰিখন প’ট্ৰেইট আঁকিছে আৰু দুহেজাৰ বিশ বৰ্ষৰ কৰণা মহামাৰিৰ লকডাউনৰ সময়ত অংকন কৰি উলিওৱা ভূপেন হাজৰিকাদেৱৰ প’ট্ৰেইটখনে যথেষ্ঠ সমাদৰ লাভ কৰিছে৷ এই প’ট্ৰেইটখনৰ এটা বিশেষত্ব হ’ল যে ইয়াত চিত্ৰশিল্পী ৰাতু মণি দাসে কলা ৰং ৰঙ ব্যৱহাৰ কৰা নাই৷

যথেষ্ট কঠিন যদিও যোৱা দশক জুৰি এক্ৰাইলিক মাধ্যমত কাম কৰি ভাল পোৱা ৰাতু মণি দাসে প্ৰথমে অইল পেইণ্টিঙৰ কামো কৰিছিল যদিও যিহেতু অসমৰ প্ৰাকৃতিক পৰিবেশৰ লগত অইল পেইণ্টিং সংৰক্ষণ কৰি ৰখাত কিছু অসুবিধা হয় সেয়ে পিছলৈ এক্ৰাইলিক পেইণ্টিঙত মনোনিবেশ কৰে৷ এবষ্ট্ৰেক্ট পেইণ্টিঙৰ প্ৰতি চিৰ আগ্ৰহী ৰাতু মণি দাসে অসমৰ কলা সংস্কৃতি তথা প্ৰাকৃতিক পৰিবেশক লৈ এবষ্ট্ৰেক্ট ফৰ্মত চিত্ৰ অঁকাৰ আগ্ৰহী হৈ বৰ্তমানলৈ কেইবাখনো তেনে পেইণ্টিং প্ৰস্তুত কৰি উলিয়াইছে৷ সমাজত বৰ্তমানে ঘটি থকা কথাবোৰকো এবষ্ট্ৰেক্ট ফৰ্মত প্ৰকাশ কৰিছে তথা চলিত বৰ্ষত ক’ৰণা মহামাৰিৰ ভয়াবহতা তথা ইয়াৰপৰা মানৱজাতিয়ে পৰিত্ৰাণ পোৱাৰ এক এবষ্ট্ৰেকট চিত্ৰ অংকন কৰি যথেষ্ট সমাদৰ লাভ কৰিছে৷

পাঁচ শতাধিক কেনভাছ তথা অন্যান্য পেইণ্টিং অংকন কৰা তথা অসম আৰু মুম্বাইকে আদি কৰি দেশৰ বিভিন্ন স্থানত একক প্ৰদৰ্শনীৰে নিজকে প্ৰতিষ্ঠা কৰা শিল্পী ৰাতু মণি দাসক ২০১১-১২ চনত ভাৰতীয় সাংস্কৃতিক মন্ত্ৰালয়ৰ তৰফৰপৰা চিত্ৰকলাৰ (পেইণ্টিঙৰ) বাবে ‘জুনিয়ৰ ফেলশ্বিপ’ বঁটাৰে পুৰস্কৃত কৰা হয়।

ইয়াৰ উপৰিও তেখেতে ২০১১ চনৰ ৩ ডিচেম্বৰত নতুন দিল্লীৰ ‘বিজ্ঞান ভৱন’ত ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতৰপৰা ‘The outstanding creative Adult person with Disebilities’ শীৰ্ষক ৰাষ্ট্ৰীয় বঁটাও লাভ কৰে।

২০১২ চনত ৰাতু মণি দাসে “বাবু জগজীৱন ৰাম ৰাষ্ট্ৰীয় সন্মান পদক” বুটলিবলৈ সক্ষম হয়।

২০১৩ চনত পুনেত তেখেতে “মহা প্ৰতিভা শিখৰ সন্মান বঁটা” লাভ কৰে।

২০০৪ চনত তেওঁ পশ্চিমবংগৰ ৰাজ্যিক সুকুমাৰ কলা একাডেমী SSSP ৰ তৰফৰপৰা শিল্প ৰত্ন বঁটা লাভ কৰে। ইয়াৰ উপৰিও ৰাতু মণি দাসে ভাৰতৰ বিভিন্ন ঠাইৰ বিভিন্ন অনুস্থানৰপৰা অনেক পুৰস্কাৰ তথা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

২০১১-১২ চনত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰপৰা জুনিয়ৰ ফেল’শ্বিপ লাভ কৰা ৰাতু মণি দাসে সেই প্ৰকল্পত তেজপুৰৰ ভগ্নপ্ৰায় দহটা পুৰণি মন্দিৰৰ ওপৰত কাম কৰিছিল৷ বিষয়টো এই বাবেই বাচনি কৰিছিল কাৰণ দিনে দিনে পুৰণি মন্দিৰসমূহ আটকধুনীয়া কৰিবলৈ গৈ পুৰণি সেই শিল্পকৰ্মৰ আকৃতি সলাই পেলোৱা হৈছে আৰু আধুনিকতাৰ নামত যি প্ৰলেপ সানিলে সি মুঠেও গ্ৰহণযোগ্য নহয়৷ সেয়ে শিল্পী ৰাতু মণি দাসে তেওঁৰ কেনভাচত সেই অতীত ধৰি ৰাখিবলৈ চেষ্টা কৰিছে৷

চিত্ৰকলাৰ উপৰিও কবিতাৰ জগতখনতো নিজৰ পৰিচয় দিবলৈ সক্ষ্যম হোৱা ৰাতু মণি দাসৰ কবিতা সময়ে সময়ে অসমৰ আগশাৰীৰ কাকতসমূহত নিয়মিয়াকৈ প্ৰকাশ হৈ আহিছে৷ সাহিত্য শিল্পকৰ্মক জীৱনৰ উদ্দেশ্য হিচাপে গ্ৰহণ কৰা শিল্পী গৰাকীয়ে বিনামূলীয়াকৈ বিদ্যালয়, মহাবিদ্যালয় তথা আন বিভিন্ন অনুস্থানত চিত্ৰকৰ্মশালা কৰি আহিছে তথা সাৰদা চাৰু কলা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰি যোৱা দুটা দশক ধৰি ছাত্ৰ-ছাত্ৰীক চিত্ৰকলাৰ শিক্ষা প্ৰদান কৰি আহিছে৷

” মই ভাবোঁ জীৱনটো সুন্দৰকৈ অতিবাহিত কৰাটোৱেই কলা৷” এই মূলমন্ত্ৰৰে জীৱনটো আগুৱাই নিয়াৰ ক্ষেত্ৰত শিল্পী গৰাকীৰ মাতৃ শ্ৰীযুতা অনিমা দাসৰ অপৰিসীম ত্যাগ তথা সাহস এইক্ষেত্ৰত প্ৰণিধানযোগ্য৷ এই চেগতে আমি পাঠকক জনাবলৈ পাই সুখী হৈছোঁ যে শিল্পী গৰাকীৰ আত্মজীৱনী “ৰঙৰ আঁৰৰ ৰং” যোৱা বিশ ডিচেম্বৰ তাৰিখে প্ৰকাশ হৈ ওলাইছে তথা এই গ্ৰন্থখন উন্মোচন কৰে মুম্বাইস্থিত অসম ভৱনৰ শ্ৰীযুত দেৱাশিষ শৰ্মাদেৱে৷ আমি সদৌ শেষত শিল্পী গৰাকীক তেখেতৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে ধন্যবাদ জনালোঁ আৰু তেখেত যেন আগুৱাই যায় তাৰ বাবে শুভেচ্ছা জনালোঁ৷

☆ ★ ☆ ★ ☆

5 Comments

  • কমল নেওগ, তেজপুৰ৷

    ভাল লাগিল,
    “সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে,
    সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে “

    Reply
  • Raju Kumar Nath

    ভাল লাগিল।শিল্পীগৰাকীলৈ আন্তৰিক শ্ৰদ্ধা নিবেদিলোঁ।

    Reply
  • Anonymous

    ৰাতুমনি তুমি মহান শিল্পী ।তোমালৈ বহুত মৰম শ্ৰদ্ধা জনালোঁ

    Reply
  • ৰীনা ৰাজখোৱা

    ৰাতুমনি তুমি মহান শিল্পী ।তোমালৈ বহুত মৰম শ্ৰদ্ধা জনালোঁ

    Reply
  • ড্ৰিমলী বৰা, তেজপুৰ

    অভিনন্দন ছাৰ , বহুত ভাল লাগিল ৷

    Reply

Leave a Reply to Anonymous Cancel reply

Your email address will not be published. Required fields are marked *