ফটাঢোল

ডলী ক্ৰিয়েচনৰ চতুৰ্দশ নিবেদন-ছবি:শ্বক-ডলী তালুকদাৰ


পৰিচালনা, চিত্ৰনাট্য, কাহিনী, সংলাপ, সংগীত: ডলী তালুকদাৰ

প্ৰযোজনা : ৰিণ্টুমণি দত্ত

কেমেৰা : নয়নমণি হালৈ

লাইট : বিজয় মহন্ত

মুৱা : নিতাশ্ৰী নেওঁগ

পোষ্টাৰ ডিজাইন : চন্দন বৰি, ভাস্কৰজ্যোতি দাস

অভিনয়ত : হেমন্ত কাকতি, নীলাক্ষি কাকতী, মৃদুল নাথ, ভাস্কৰজ্যোতি দাস, যোগেশ ভট্টাচাৰ্য্য, অভিজিত মেধি, কাবেৰী মহন্ত, দিক্ষিতা বৰা, অৰ্চন শৰ্মা।

হেমন্ত কাকতি : বৰুৱা

কাবেৰী মহন্ত : বৰুৱানী(বৰুৱাৰ পত্নী)

যোগেশ ভট্টাচাৰ্য্য : মদন ওৰফে মাইকেল(বৰুৱা বৰুৱানীৰ পুতেক)

অৰ্চন শৰ্মা : ৰাজ

অভিজিত মেধি : চানী

নীলাক্ষি কাকতি : চুমী

দিক্ষিতা বৰা : ৰুবী

ভাস্কৰজ্যোতি দাস : মিঃ ঝুনঝুনৱালা

মৃদুল নাথ : ৰসেশ্বৰ ডেকা

অতিথি শিল্পী : শ্ৰুতিমালা মিশ্ৰ আৰু নিতাশ্ৰী নেওঁগ।

দৃশ্য : ১

কেমেৰাই লাহে লাহে পদূলিৰপৰা ডাঙৰ চোতাল দেখুৱাব আৰু ডাঙৰ ঘৰ এটা দেখুৱাব। পাণ, তামোল, নাৰিকলৰে ভৰা এখন ডাঙৰ বাৰী। এজনী তিৰোতাই  গান গাই গাই চোতালৰ এটা কোণত মৈদা এখনত মাছ বাচি থাকিব। সমুখত ডাঙৰ কাৱৈ মাছ কেইবাটাও জঁ‌পিয়াই থাকিব। এটা চৰিয়াত ডাঙৰ ভকুৱা মাছ এটা খলখলাই থাকিব।

কিছু দুৰত বাৰাণ্ডাত মুঢ়া এটাত বহি এজন মানুহে পুৰণা দাঁত ঘঁহা ব্ৰাচেৰে চুলিত ৰং লগাই থাকিব। হাতত এখন সৰু আইনা। মাজে মাজে কপালত লগা ৰঙবোৰ ফটা- কানি এখনেৰে মচি থাকিব।

ক্ল’জআপত দেখুৱাব লাহে লাহে দুয়োগৰাকীকে। প্ৰথমতে তিৰোতাজনীক দেখাব। পিন্ধনত নীলা ৰঙৰ কপাহী মেখেলা চাদৰ। হাতত সোণৰ খাৰু আৰু ডিঙিত এডাল সোনৰ চেইন। মূৰত গামোছা এখন বন্ধা থাকিব চুলি শুকুৱাবলৈ।

কেমেৰাই সম্পূৰ্ণকৈ দেখুওৱাৰ লগে লগে গোল মুখৰ বগা ধুনীয়া মানুহজনীয়ে মিচিককৈ হাঁহি মাৰি দিব ডাঙৰ মাছটোলৈ চাই আৰু মাছটো হাত লৈ গান গাব(কাবেৰী মহন্ত, চৰিত্ৰ বৰুৱানী)। গান শুনাৰ লগে লগে দূৰত চুলিত ৰং লগাই  থকা মানুহজনে উচপ খাই উঠি চাব  (হেমন্ত কাকতি। চৰিত্ৰ বৰুৱা)

ডায়লগ

বৰুৱানী: ও মাৰুতি চলাই চলাই চলাই চলাই

                 ও ভণ্টি হৰ্ণ বজাই যাওঁ
                   গাঁৱৰ ৰাস্তা এৰি এৰি এৰি
                   ও ভণ্টি হাইৱেতে লগ পাওঁ
                   হাইৱেত ৰখি থাকোঁ‌তে
                     তোমাকে লিফ্ট দিছিলোঁ‌
                     তুমি আহি বহিছিলা
                     মোৰ মাৰুতিত ….

বৰুৱা : কি গান গাইছাহে এইবোৰ? এইটো এনেকৈহে গায় “পেদেল মাৰি মাৰি ও ভণ্টি চাইকেল চলাই যাওঁ।”  বাবু নামৰ গায়কজনে গাই নেকি? আৰু তুমি পেৰেদী গাব কেতিয়াৰপৰা শিকিলাহে? অ..অ…পুতেৰে ফটা এক্টৰ যেতিয়া মাকনো ফটা গায়িকা নহ’বানে? হাঃ হাঃ।

বৰুৱানী : আপোনাৰ সব কথাতে ঠাট্টায়ে কেৱল! এইটো কোনো পেৰেডী গান নহয়, আমাৰ সোণৰ আহিবলগা চিনেমাৰ গান। মিউজিক ডাইৰেক্টৰজনে পৰহি ৰেকৰ্ডিং কৰি আনি শুনাইছিল। কোনোবা হেমন্ত কাকতি নামৰ গায়কে গাইছে। মাতটো বৰ ভাল। সোণে নাচিছিল গানটোত ইমান ধুনীয়াকৈ।

বৰুৱা : কি? পুতেৰৰ আকৌ চিনেমাৰ ভূত লম্ভিল গাত? কৈ দিছোঁ‌ সাৱধান কৰি দিবা তাক। দূৰত থাকে যাতে
চিনেমাৰপৰা। তাৰ চিনেমাৰ উৎপাতত মই আগৰ শ্বকৰ পৰা ওলোৱাই নাই। এইবাৰ কিন্তু চিধা টিকট কাটিম। কৈ থ’লোঁ।

বৰুৱানী : কি যে অমংগলীয়া কথাবোৰ কয় নহয়? পুতেকৰ ভাল হোৱাটো নিবিচাৰে অ? তাৰ কেৰিয়াৰ আৰম্ভ হোৱাৰ আগতে ……

বৰুৱা: মনে মনে থাকা? কেৰিয়াৰ গঢ়িব আহে পুতেকে। এক্টিঙৰ এ নাজানে আকৌ পুতেক হিৰো হয়।

এনেতে মাত এটি আহিব বাহিৰৰ পৰা। দুয়ো ঘূৰি চাব আৰু দুজন হৃষ্ট-পুষ্ট মানুহ ৰখি থাকিব। এজনৰ চুলিখিনি দীঘল কিন্তু ৰাবাৰেৰে বন্ধা আৰু আনজনৰ মূৰত কাউবয় টুপি পিন্ধা। টুপি পিন্ধাজন সোমাই আহে গেট খুলি। প্ৰথমে তেওঁৰ পেটটো সোমাই তাৰ পিছত তেওঁ। তেওঁৰ পিছে পিছে চুলি দীঘল মানুহ এজন হাতত গীটাৰ এখন লৈ। বৰুৱা বৰুৱানীয়ে থিয় হয়। বৰুৱানীয়ে কাষতে থকা বাল্টিৰ পৰা মগেৰে পানী তুলি হাত দুখন ধোৱে। টুপি পিন্ধা  মানুহজনে নমস্কাৰ দি কয়…

: নমস্তে মেই মিঃ ঝুনঝুনৱালা। মুম্বাই চে  আহিছোঁ।মাইকেল চে মিলনা হে।

( এই চৰিত্ৰটো কৰিব ভাস্কৰজ্যোতি দাসে) পিন্ধনত জিনচ আৰু টি চাৰ্ট। ডিঙিত শিকলিৰ দৰে মোটা দুডাল সোণৰ চেইন। এখন হাতত মোটা সোণৰ খাৰু আৰু দুয়োখন হাতৰ আঙুলিত দুটাকৈ বিশটা সোনৰ আঙঠি। চকুত ক’লা চচমা। মুখত এশ বিশ জৰ্দা পাণ থাকিব।)

: নমস্কাৰ। মোৰ নাম ৰসেশ্বৰ। ৰসেৰে ভৰা মোৰ জীৱন।

(এই চৰিত্ৰটো কৰিব মৃদুল নাথে)। তেওঁৰ পিন্ধনত  কুৰ্টা পাইজামা। ভৰিত কোহলাপুৰী চেণ্ডেল। কাণত কাণফুলি আৰু ডিঙিত ৰুদ্ৰাক্ষৰ মালা এডাল। বৰুৱা বৰুৱানীয়ে দুয়োৰে মুখলৈ মুখমেলি চাই থাকে আচৰিত হৈ।)

বৰুৱা : চিনি পোৱা নাই নহয় আপোনালোকক? মানে এনেকুৱা অদ্ভুত বেশৰ মানুহ মোৰ চিনাকিৰ ভিতৰত নাই।

বৰুৱানীয়ে চিকুটি দিয়ে বৰুৱাক।

ৰসেশ্বৰ : এখেত মুম্বাইত থাকে। চিনেমাৰ প্ৰডিউচাৰ আৰু ডাইৰেক্টৰ। অসমলৈ ছবি বনাবলৈ আহিছে আৰু মই ছবিৰ মিউজিক ডিৰেক্টৰ। আপোনাৰ ল’ৰা  মাইকেলক চিনেমাৰ হিৰো হিচাপে ল’ব বিচাৰিছে।

বৰুৱা : আমাৰ ইয়াত কোনো মাইকেল নাথাকে নহয়? অৱশ্যে কাম বন নকৰা ধোদ মানে মক্কেল এটা থাকে। মোৰ সুপুত্ৰ মদন।

ঝুনঝুনৱালা : অৰে হমলোগ মদন চে হি মিলনে আয়ে হে। উচনে হমে কহা হে কি ৱো অপনা নাম মদন যে মাইকেল ৰখ্খা হে।

বৰুৱাই বৰুৱানীক চাই আৰু কয়…

: কি হৈছে এইবোৰ? মই একো বুজা নাই?

বৰুৱানীয়ে বৰুৱাক পাত্তা নিদি আথে-বেথে দুয়োকে বহিবলৈ কয়। আৰু অলপ স্মাৰ্ট দেখুৱাব বিচাৰে নিজকে।

বৰুৱানী : আহক ভিতৰমে।

ঝুনঝুনৱালা : ধন্যবাদ। হম বাহাৰ মে হি বেইঠেংগে। বহুত গৰমি হে। অউৰ আপ লোগো কে ঘৰ কা নজাৰা বহুত আচ্চা হে। নাৰিয়ল, চুপাৰি ৱো ক্যা কেহতে হে তাম্বুল, আম চব ফল কা পেড় হে। আচ্ছা লগা দেখকে।

বৰুৱানী: ঠিক হে তেতিয়া হ’লে। বাৰাণ্ডা মে আইয়ে আৰু বেঞ্চিতে বহিয়ে। হাৱা আতা হে ইহা মে।

কেমেৰাই বৰুৱাৰ আচৰিত হোৱা, খং উঠা মুখখন দেখুৱাব। তেওঁ বাতিটোৰ পৰা চুলিত ঘঁহা ৰং ব্ৰাচডালেৰে উঠাব বিচাৰিব কিন্তু সেইখিনি শুকাই কৰকৰীয়া মাৰে। বাতিটো তেওঁ বিৰক্তিৰে থেকেচি দিব।

২য় দৃশ্য

নলবাৰীৰ হোটেল প্ৰণীতা। ৰেষ্টুৰেণ্টৰ ভিতৰখন দেখুৱাব। মানুহৰ ভীৰ থাকিব। কোণৰ টেবুল এখনত এজনী বহুত ধুনীয়া ছোৱালী বহি থাকিব। পিন্ধনত জিনচ পেণ্ট আৰু ৰঙা টপ। চুলিখিনি মেলা আৰু ফেনৰ বতাহত উৰি থাকে। হাতত থকা ফোনটোৰে মুখখন বিভিন্ন অংগী ভংগী কৰি চেল্ফি তোলাত ব্যস্ত। হোটেলৰ আন মানুহবোৰে চাই থাকিব তাইক মাজে মাজে (এই চৰিত্ৰটো কৰিব দিক্ষিতা বৰাই, চৰিত্ৰ ৰুবী।)

এনেতে বাহিৰত কেৰেচ কৈ শব্দ হ’ব এখন বাইক ৰোৱাৰ বহুত জোৰত। ভিতৰত হোটেলৰ মানুহবোৰে ক’ব..” কি এ, কুন্বাই আফাল খালাক( ঠেকেচা খোৱা) না কি?

লগে লগে কেমেৰা বাহিৰৰ ফালে ঘূৰিব। এখন আজিকালিৰ ল’ৰাবোৰে শুই চলোৱাৰ নিচিনা বাইকৰপৰা এজন চন টাইপৰ ল’ৰা জাঁ‌প মাৰি নামিব। ল’ৰাটোৰ পিন্ধনত আঠুত ফটা জিনচ্, ৰঙা টি চাৰ্ট, ডিঙিত মোটা ৰূপৰ চেইন আৰু তাত ব্লেড দিজাইনৰ লকেট। মূৰত এখন গামোছা পাগুৰী মৰা আৰু চকুত চানগ্লাছ। এখন হাতত চলমান খানে পিন্ধাৰ দৰে ব্ৰেচলেট (এই ৰ’লটো কৰিব যোগেশ ভট্টাচাৰ্য্য। চৰিত্ৰ মদন ওৰফে মাইকেল।)

তেওঁ হোটেলৰ ভিতৰত সোমাব আৰু চচমাযোৰ খুলি ৰজনীকান্তৰ দৰে ওপৰলৈ দলিয়াই দিব কিন্তু ধৰিবলৈ যাওঁতে লক্ষ্যভ্ৰষ্ট হৈ কাষৰ টেবুলত পৰঠা খাই থকা ছোৱালী এজনীৰ দালিৰ বাতিত পৰিব। আৰু দালি তেওঁৰ মুখ আৰু কাপোৰত দুই এটা চিটিকনী  পৰাত খং উঠি উধাই মুধাই মদনক গালি পাৰিব। (এই চৰিত্ৰটো কিছু সময়ৰ বাবে অতিথি শিল্পী শ্ৰুতিমালা মিশ্ৰই কৰিব।)

অতিথি শিল্পী : চকু নাই তোৰ? হিৰ’ দেখাবা আইছা? চচমা কুনবাই এংকে উৰে পিন্ধে? দালি মাখা নষ্ট হ’ল মোৰ। খাবাই নাপালো। চব শেষ।

মদন :  আই এম ভেৰী চৰী আণ্টী! দুৰ্ঘটনাবশতঃ হ’ল।

অতিথি শিল্পী : ইহ। ইংৰাজী ক’বা আইছি। আৰু কাক আণ্টী ক’বা আইছা? আণ্টী ক’বা পাৰা বয়স হৈছি নেকি মোৰ? বেটা  কুমেইলা আপাতু! মোৰ ইমান থৌগা মুখখেনত দালি পৰি নষ্টো হ’ল। ইতা তই মোৰ চাহ, পৰঠাৰ দাম দিবি।

হোটেলৰ বয়টোলৈ চাই মদনক দেখুৱাই কয়,

: ই দিবো মোৰ পইচা। মই যাঙ।

এইবুলি তেওঁ প্ৰস্থান কৰে।

মদনে ছোৱালীজনীয়ে খোৱা বাতিটোলৈ চাই আৰু তাত দালি নাছিলে। মদনে চচমাযোৰ তুলি লই আৰু টিচু পেপাৰেৰে মচি লয়। লাজ লাজকৈ চাৰিওফালে চাই আৰু ৰুবীৰ চকু পৰাত জিভাখন কামুৰি দিয়ে। ৰুবীয়ে হাঁহি হাঁহি চাই থাকে আৰু মাতে ওচৰলৈ। মদন গৈ ৰুবীৰ কাষত বহে।

ৰুবী : কিহে পাইছিল তোমাক হিৰো হ’বলৈ? পালা মজাটো।

মদন : ধেই, এইবোৰ মোৰেই বুধি আছিল। এক্সুৱেলী মই ক্ষমা খোজা এক্টিঙটো কৰিব বিচাৰিলোঁ। চ’, মই ট্ৰাই কৰিলোঁ। কেনে দেখিলা মোৰ এক্টিং?

ৰুবী : ওকে। বাৰু মোক কিয় মাতিছিলা কোৱাচোন মদন? তুমিতো জানাই মই অহা মাহত ঘৰত যাম। দৰা আহিব বোলে মোক চাবলৈ।

মদন : তুমি কিয় মোৰ হাৰ্ট ব্ৰেক কৰি থাকা কোৱাচোন? মোৰ আগত যে দৰাৰ কথা কোৱা সদায়? আৰু  দোন্ত কল মী মদন। কেৱল মাইকেল।

ৰুবী : নহ’লে আৰু কি? তোমাক ইমান আমাৰ ঘৰলৈ মাতিলোঁ‌ কিন্তু তুমি নোযোৱা। মা দেউতাই বোলে আৰু নৰখে। ইফালে ভণ্টি দুজনীও ডাঙৰ হৈ আহিছে। মোক বিয়া দি আজৰি হ’ব বিচাৰিছে।

মদন : মই তোমাক মোৰ লাইফৰ লগতে চিনেমাৰ হিৰোইন বনাব খুজিছোঁ‌ আৰু তুমি কাৰোবাৰ ঘৰত বোৱাৰী হোৱাৰ প্লেন কৰিছা।

ৰুবী : কি?

মদনে কিবা ক’বলৈ বিচাৰে আৰু ফোনটো বাজে। আৰু ফোনত ”সোমাই আহক ভিতৰলৈ। মই শেষৰ টেবুলত আছো” বুলি কয়।

কেমেৰা ঘূৰে। মিঃ ঝুনঝুনৱালা আৰু ৰসেশ্বৰ সোমাই আহে আৰু  মদন, ৰুবীৰ কাষলৈ আহে। ঝুনঝুনৱালাক মদনে ৰুবীক চিনাকি কৰি দিয়ে। ঝুনঝুনৱালাই নিজৰ পৰিচয় দিয়ে ফিল্মৰ প্ৰডিউচাৰ আৰু ডাইৰেক্টৰ বুলি লগতে ৰসেশ্বৰক চিনেমাৰ মিউজিক ডাইৰেক্টৰ আৰু ক’ৰিঅগ্ৰাফাৰ বুলি। আৰু ঝুনঝুনৱালাই ৰুবীক চাই  ‘পাৰ্ফেক্ট’ বুলি কয়।

ঝুনঝুনৱালা : ক্যা নাম হে তুমহাৰী?

ৰুবী : ৰুবী হে মেৰে নাম।

ঝুনঝুনৱালা : বহুত চুন্দৰ নাম। তুমকো থৌৰা চা মেক-অভাৰ কৰনা পৰেগা। তব অউৰ জ্যাদা খুবচুৰত অউৰ গ্লেমাৰাচ লগোগি। অউৰ এক ফটো চেশ্বন ভি। ঠিক হে।

ৰসেশ্বৰে মদনক হাতেৰে দুটামান নাচৰ মুদ্ৰা দেখুৱাই আৰু মদনেও হাতৰ পাককেইটা মাৰে। তিনিও প্ৰণীতা হোটেলৰ বিখ্যাত গজাৰে চাহ খাবলৈ ধৰে। তেনেতে হোটেলৰ ভিতৰলৈ এজন ধুনীয়া ল’ৰা সোমাই আহে (এই ৰ’লটো কৰিব অৰ্চন শৰ্মাই, চৰিত্ৰ ৰাজ।) মদনৰ লগত  চকু পৰাত  ল’ৰাজনে হাত দাঙি হেল্ল’ কৰে ইঙ্গিতেৰে। সিও হাই কৈ তিনিওকে অলপ বহিবলৈ দি ল’ৰাজনৰ কাষত আহে আৰু তাক কিবা কিবি কয়। ল’ৰাজন যোৱাৰ পিছত পুনৰ আহে মদন ৰুবীহঁতৰ কাষলৈ।

কিছু সময় পিছত ঝুনঝুনৱালা আৰু ৰসেশ্বৰ যায়। ৰুবীক মন মাৰি থকা দেখি মদনে সোধে কি হ’ল।

ৰুবী : ফটো চেশ্বন কৰিব কৈছে, মেক অভাৰ কৰিব কৈছে। পইচা ক’ত পাম? কাপোৰে নাই মোৰ। বাদ দিয়া এক্টিং নকৰোঁ।

মদন : যেতিয়া এই মাইকেল আছে তোমাৰ লগত কিহৰ টেনশ্বন। কালি ওলাবা বজাৰলৈ কাপোৰ কিনিম আৰু লেকমে বিউটি ষ্টুডিঅ’ত তোমাৰ মেকঅভাৰ কৰিম।

ৰুবী : কিন্তু বহুত খৰচ হ’ব। মোৰ ইমান পইচা নাই লগত।

মদন : মই থকাত কিয় চিন্তা কৰিছা? পইচা মই দিম। দৰকাৰ হ’লে ঘৰৰ দুবিঘা মাটি বিক্ৰী কৰি দিম। একমাত্ৰ পুতেক মই। কোনে খাব ইমান সম্পত্তি।

ৰুবীয়ে হাঁহি মাৰি থেংকিউ বুলি হাতখনত ধৰে মদনৰ আৰু দুয়ো ওলাই আহে।

৩য় দৃশ্য

চিনেমাৰ শ্বুটিং আৰম্ভ হয়।

ডাইৰেক্টৰ ঝুনঝুনৱালাই  হিৰো মদন আৰু হিৰোইন ৰুবীক স্ক্ৰিপ্টখন বুজাই থাকে।

ঝুনঝুনৱালা : হম জব একচন বোলেগা তো তুম দোনো দৌৰকে আনা দোনো তৰফ চে। অউৰ তুম মাইকেল, ৰুবীকে হাথ পকড় লেনা। পেহলা চিনত তুমি প্ৰপ’জ কৰিবা হিৰোইনক।

মদন : চাৰ, ইংৰাজীত কৰিম নে অসমীয়াত কৰিম প্ৰপ’জ?

ঝুনঝুনৱালা : আৰে প্ৰেমত প্ৰথমতে চবে I love you বুলিয়েতো কয় না? মই একচন কোৱাৰ লগে লগে ডায়লগ দিবা। ডায়লগটো হ’ব “আই লাভ ইউ। ডু ইউ লোকচান মী?” now start।

মদন আৰু ৰুবীয়ে দুয়োফালৰ পৰা দৌৰি আহে আৰু মদনে ৰুবীৰ হাতত ধৰে আৰু ডায়লগ দিয়ে।

ঝুনঝুনৱালা : এইবাৰ নাচটো নাচিব লাগিব। কৰিঅ’গ্ৰাফাৰ কাহা গয়া? নাচটো শ্বুটিং কৰোঁ। আৰে ৰচেশ্বৰ চাহাব কহা গয়ে আপ। অৰে ডাঞ্চ শিখাইয়ে হিৰো হিৰোইনকো? মাইকেল আপ পেহলে শিখ লো ডাঞ্চ ষ্টেপ। পেহলে ৱো ৰচেশ্বৰ কো ধুণ্ডো। ক্যা আদমী হে? কহা কহা জাতা হে?।

মদনে  চকীৰ পৰা উঠি  ৰসেশ্বৰক বিচাৰি যায়।

ঝুনঝুনৱালা হিৰোইন ৰুবীৰ ওচৰলৈ আহিব। আৰু কাষত থকা খালী চকীখনত বহি তাইৰ মুখলৈ চাই হাঁহে। ৰুবীয়ে লাজ লাজকৈ সোধে…

ৰুবী : চাৰ, মোৰ এক্টিং ঠিকে আছেনে? পাৰিছোঁ‌নে মই? কিবা ভুল হ’লে শিকাব চাৰ।

ঝুনঝুনৱালা : হা হা একদম ঝকাছ এক্টিং কৰিছা তুমি। লেকিন এক ভুল তুমি বাৰ বাৰ কৰি আছা।

ৰুবী : (অলপ ভয়েৰে সোধে) কি ভুল চাৰ? মোৰ ডায়লগ ভাল হোৱা নাই নেকি? মোৰ মেক-আপ ঠিক আছেতো? ৰ’ব মই মুৱাক (MUA)ক মাতোঁ‌। মেক-আপটো ঠিক কৰি লওঁ।

এইবুলি মেক-আপমেনক মাতে (এইটো ৰ’ল দুই মিনিটৰ বাবে নিতাশ্ৰী নেওঁগে কৰিব)। মুৱা আহি অলপ ব্লাচাৰ আৰু লিপষ্টিক দিয়ে।

ঝুনঝুনৱালাই হাঁহে।

ঝুনঝুনৱালা : অৰে পগ্লী, মেক-আপ কা বাত কব কিয়া হমনে? তুমিতো এনেয়ে বহুত চুন্দৰ। মই বেলেগ কথাহে ক’ব খুজিছোঁ।

ৰুবী : কি ..ই..ই

ঝুনঝুনৱালা : হমকো মানে মোক চাৰ নক’বা। একদম খাৰাব লাগে। মোক দাদা ক’বা। ৱো জো মাইকেইল কো তুমি মাইকে দা বুলি কোৱা। উচ টাইপ।

ৰুবী : ওকে। আজিৰ পৰা ঝুনঝুনদা মাতিম। হ’ব। কিন্তু মোক নেক্সট ফিল্মতো চাঞ্চ দিবনা? প্লীজ।

ঝুনঝুনৱালা : অৰে, তোমাকটো মই চুপাৰষ্টাৰ বনাই আছোঁ‌। চাই থাকানা বেবী।

ৰুবীয়ে হাঁহি হাঁহি ঝুনঝুনৱালাৰ গাত পৰি যায়। এনেতে মিউজিক ডিৰেক্টৰ ৰসেশ্বৰ, মদন ওৰফে মাইকেল আৰু লগত এজন বগা চচমা পিন্ধা ল’ৰা আহে। মদনে ৰুবীক ঝুনঝুনৱালাৰ লগত ইমান ঘনিষ্ঠকৈ কথা পতা দেখি অলপ গহীন হৈ যায়।

ঝুনঝুনৱালা : আৰে ৰচেশ্বৰ! কাহা গয়ে থে য়াৰ আপ? পতা হে না আপকো ডাঞ্চ ভি কৰিঅ’গ্ৰাফ কৰনা হে?

ৰসেশ্বৰ : জানো জানো। ৰসেশ্বৰ ইমান দায়িত্বহীন নহয়। ৰসে ভৰা ৰসেশ্বৰৰ জীৱন। ডাইৰেক্টৰ চাহাব, মই আৰু দুখন চিনেমাত মিউজিকৰ কাম পাইছোঁ‌ গতিকে মোৰ অলপ কাম বেছি, সময় কম হৈছে। সেইকাৰণে মই এজন নতুন কৰিঅ’গ্ৰাফাৰ আনিছোঁ। হেৰা এইফালে আহা। কিছু দূৰত  থিয় দি থকা ল’ৰাজনক মাতে।

ৰসেশ্বৰ :  এওঁৰ নাম চানী। এৱেঁ‌ কৰিঅ’গ্ৰাফী কৰিব আজিৰপৰা। বৰ ভাল নাচে।

ল’ৰাজনে নমস্কাৰ দিয়ে (এই ৰ’লটো কৰিব অভিজিত মেধিয়ে।)

ঝুনঝুনৱালা : আচ্ছা! ক্যা নাম বতায়া? হা চানী। ভাল  কেহনে চে তো নহি হোগা। তুমকো ডাঞ্চ ৱাঞ্চ আতে হে কি নহি? কোই ট্ৰেইনিং লিয়া হে নাচ কা?

চানী : হা চাৰ। মেইনে ভাৰত নাট্যম অউৰ সত্ৰীয়া নৃত্য কা ডিপ্লমা কিয়া হে। মডাৰ্ণ ডাঞ্চ ভি শিখা হে। হিপ হপ, ব্ৰেকডাঞ্চ চব আতা হে মুঝে।
ঝুনঝুনৱালা : অৰে ভাই! অচমীয়া কোৱা মোৰ লগত। মই বুজি পাওঁতো। শিকিছোঁ‌তো থোৰা থোৰা। ভালকে ক’ব নোৱাৰো লেকিন বুজি পাওঁ।

সকলোৱে হাঁহে।

চানী : চাৰ, মই শাস্ত্ৰীয়, আধুনিক দুয়োটা পাৰোঁ‌ নাচিব। সৰুতে আমাৰ গাঁ‌ৱত কৃষ্ণৰ লগত  মইয়ে ৰাধা হৈছিলোঁ‌। মোৰ বাহিৰে কোনেও প্ৰাইজ নাপাইছিল আমাৰ গাঁ‌ৱত।

(এইবুলি চানীয়ে কঁ‌কাল ভাঙি ভাঙি ৰাধাৰ দৰে  নাচি দিয়ে।)

ঝুনঝুনৱালা : ওকে। তুমি পাৰিবা। ৰুবী, মাইকেল এইফালে আহা। আমি নাচটোৰ শ্বুটিং কৰিম।

মাইকেলে দূৰত আইনাৰ আগত চুলিত ঢৌ এটা তুলিবৰ চেষ্টা কৰি থাকে। ৰুবীয়ে চেল্ফি তুলি থাকে। দু্য়ো দৌৰি আহে। চানীয়ে দুয়োকে নাচটো বুজাই দিয়ে। ৰুবীৰ হাতত ধৰি নাচটো শিকাই আৰু মাইকেলে হাতখন এৰুৱাই দিয়ে। চানীয়ে আকৌ হাতত ধৰি নাচটো দেখুৱাই আৰু মদনে পুনৰ হাতখন গুচাই দিয়ে।

ঝুনঝুনৱালা আৰু ৰসেশ্বৰে তাকে দেখি দুয়োৰে মুখলৈ চায়।

ঝুনঝুনৱালা : লগতা হে দাল মে কুছ কালা হে।

ৰসেশ্বৰ : হেঃ হেঃ হেঃ….

কেমেৰা, লাইট অফ।

৪ৰ্থ দৃশ্য

বৰুৱাৰ ঘৰ। বৰুৱা বাৰাণ্ডাত বহি পেপাৰ পঢ়ি থাকে। বৰুৱানীয়ে কাষতে বহি ৰুমালত ফুল তুলি থাকে। এনেতে মদন ক’ৰবাৰপৰা  আহে। আৰু বাইকৰপৰা হিৰো ষ্টাইলত নামে। সি চিধা আহি  মাকক  কয়…

মদন : মা, মোৰ জিনচবোৰ তুমি ধুইছিলা ন?

বৰুৱানী : অঁ ধুইছোঁ‌।

মদন : ধুইছা ঠিক আছে। কিন্তু চিলাই কোনে কৰিছে?

বৰুৱানী : কি চিলাই কোনে কৰিছে? মই কৰিছোঁ‌। গোটেইকেইটা জিনচ তোৰ আঠুত ফটা। হেৰৌ ইমান দাম দি সেই ফটা জিনচকেইটা কিনিছ যে? চিনেমাৰ হিৰোই ফটা কাপোৰ পিন্ধিলে ভাল দেখাই নেকি?

মদন : হাৰে! সেইটো ষ্টাইল হয় আজিকালিৰ। সব বৰ্বাদ কৰি দিলা। মোৰ একো স্বাগেই নাথাকিল। বাৰু ভাত দিয়া মোক।

এইবুলি ভিতৰলৈ যাব খোজোতে বাপেকে কেঁৰাকৈ চাই আৰু মাত দিয়ে…

বৰুৱা : বোলো, হিৰো চাহাব অহ নহয় মক্কেল চাহাব ক’ৰপৰা আগমন ঘটিল বা? কিবা বোলে চিনেমাত এক্টিং কৰিছে? চিনেমা কমপ্লিট হ’বনে এইটো জনমত? আমি দেখিমনে?

মাইকেল : দেউতা মই মক্কেল নহয় মাইকেলহে। আৰু চিনেমা হ’বই এইবাৰ। আজিয়ে মই তোমালোকক মোৰ এতিয়ালৈ হোৱা শ্বুটিঙখিনি দেখাম। ৰেকৰ্ডিং কৰিছোঁ‌।

বৰুৱানী : হ’ব দিয়ক। ল’ৰাটো আহি পাইছে ইমান কষ্ট কৰি। আপুনি তাক ভাত খাব দিয়ক। মোৰ ল’ৰা হিৰো হ’বই এইবাৰ চাই থাকক। কিমান মানুহে অট’গ্ৰাফ ল’বলৈ বাটত ৰখি থাকিব তাৰ জানেনে?

বৰুৱা : নাজানো নহয় কি হ’ব? কোৱাচোন মেডাম।

বৰুৱানী : আপুনি ঠাট্টা মাৰোঁ‌তে যাব দিন। শুনক, মই ৰাস্তাত ওলালে ক’ব সৌজনী মাইকেল হিৰোৰ মাক। আৰু আপোনাক…

কাষতে থিয় হৈ থকা মাইকেল ওৰফে মদনে মাকক আৱেগতে সাৱতি ধৰে। তাকে দেখি বৰুৱাই বিৰক্তিৰে কয়…

বৰুৱা : চুপ থাকাহে! যোৱা ভাত দিয়াগে হিৰোক তোমাৰ। মাথা গৈছে দুয়ো মাক পুতেকৰ। এইবোৰ কথা কৈ শ্বক নিদিবা মোক। তোমাৰ পুতেৰাৰ এইবাৰো চিনেমা হোৱা আশা দেখা নাই।

বৰুৱানী : কি কুলক্ষণীয়া কথা কয়হে? ল’ৰাটোৰ ভাল চিন্তা নকৰে ও বাপেকটোৱে।

বৰুৱা : হৌৰা, আগতে তিনিখন চিনেমাত অভিনয় কৰিছিল। পিছে চিনেমা দেখিলানে? এইবাৰো আশা নাই। লিখি থ’বা। মোৰ মূৰৰ চুলি ৰ’দত বগা হোৱা নাই?

মাইকেল : ( হাঁহি) দেউতা তোমাৰ চুলি ক’লা দেখোন?

বৰুৱা : ঠাট্টা মাৰিব আহ নালায়ক!

পুতেকৰ ফালে চোঁচা লয়। মাইকেল ভিতৰলৈ দৌৰে।বৰুৱানীয়ে মুখখন বেঁকা কৰি হুহ..বুলি ভিতৰলৈ যায়।

বৰুৱাই  উদাস ভাৱেৰে ওপৰলৈ চাই আৰু কয়

: হে ভগৱান এইবাৰ বচাবা আৰু মোক!

বৰুৱাই তেনেকৈ প্ৰাৰ্থনা কৰি থাকোঁ‌তে ল’ৰা-ছোৱালী এহাল আহে। ল’ৰাজন আগতে প্ৰণীতা হোটেলত লগ পোৱা ৰাজ (অৰ্চন শৰ্মা) আৰু ছোৱালীজনী নীলাক্ষি কাকতি (চৰিত্ৰ চুমী।)

দুয়ো চিৰিত থিয় হৈ চাই থাকে বৰুৱাক। হঠাত বৰুৱাই দুয়োকে দেখি লাজ পায়। ল’ৰাজনে বৰুৱাক কয়….

ৰাজ : খুড়া মোক চিনি পাইছেনে? মই মদনৰ বন্ধু। আমি একেলগে স্কুলত পঢ়িছিলোঁ।

বৰুৱাই ছোৱালীজনীৰ আগত খুড়া মতাত অলপ বেয়া পায়।

বৰুৱা : চিনি পাওঁ যেন লাগিছে অলপ। কাৰ ঘৰৰ আছিলাবা তুমি?

ৰাজ : মই জীৱন হাজৰিকাৰ ডাঙৰ ল’ৰাটো।

বৰুৱা : অঁ অঁ। মনত পৰিছে। ভাল নহয় ঘৰত? পিছে এওঁ কোন?

মোৰ নাম চুমী। হঠাত টেঙটেঙীয়া, ভঙা টিঙৰ যেন মাত এটা শুনি বৰুৱাই উচপ খাই উঠে আৰু চাৰিওফালে চায়।

: মই কৈছোঁ‌ খুড়া।

এইবুলি ছোৱালী জনীয়ে কয়।

ৰাজ : খুড়া, এইজনী মোৰ মাহী। সাংবাদিক। মাহীয়ে মদনে চিনেমা কৰা গম পাই তাৰে এটা প্ৰমো নিউজ বনাব আহিছে। মদনৰ লগতে চিনেমাৰ সকলো কলা কুশলীৰে সাক্ষাতকাৰ ল’ব। সেইবাবে মদনে মাতিছে আমাক ঘৰত।

চুমী : হয় খু্ৃ্ড়া। মদনৰ ব্যক্তিগত সাক্ষাতকাৰ এটা লওঁ বুলি ভাবিছোঁ‌ আগতে। তাৰপিছত কালি শ্বুটিঙত এটা এক্সট্ৰা সাক্ষাতকাৰ ল’ম। তেতিয়া মদনৰ পপুলাৰিটি বাঢ়িব খুড়া।

বৰুৱা : এহ ৰ’বাছোন! তুমি মোক খুড়া নক’বা। দুয়ো মাহী, ভাগিনে খু্ড়া মাতিলে কেনেকৈ হ’বহে। ভিনদেউ মাতিবা মোক। তোমাৰ ভিনদেউৰ লগৰহে মই।

চুমী : (সেমেনা-সেমেনি কৰি) হ’ব দিয়ক। ভিনদেউ ক’ম।

বৰুৱা : তোমাক মোৰ মনত পৰিছে ৰ’বা। ৰাজ সৰু থাকোঁ‌তে তুমি বায়েৰাহঁতৰ ঘৰত আহিলে তাক স্কুললৈ থ’ব আহিছিলা নহয়। পিচে তেতিয়া চেহেৰাটো বেলেগ আছিল আৰু এতিয়া বেলেগ হ’ল।

চুমী : অঁ বেলেগ হৈছে অলপ। আগতকৈ মই স্মাৰ্ট আৰু ষ্টাইলিচ হৈছোঁ। হয়নে ভিনদেউ?

বৰুৱা : অঁ। লগতে আগতে খীণ মীণ পাতল আছিলা আৰু ভাল ডাঙৰ জাতৰ ৰঙালাও যেন হ’লা। মানে এতিয়া বেছ হৃষ্ট-পুষ্ট হ’লা।

(কেমেৰাই বৰুৱা মুখখন দেখুৱাব আৰু মনৰ ভাবত কথাখিনি কোৱা শুনা যাব। “মোক খুড়া মাতিছিলি নহয়। পা মজাতো।”)

চুমীয়ে মুখখন ক’লা কৰি দিব আৰু ৰাজে খুকখুককৈ হাঁহিব। হৰ্ঠাৎ ভিতৰৰ পৰা বৰুৱানী আহিব।

বৰুৱানী : কাৰ লগত ইমান লেকচাৰ মাৰি আছেহে?

চুমী আৰু ৰাজক দেখি ৰৈ যাব।

ৰাজ : খুড়ী চিনি পাইছেনে? মই ৰাজ, মদনৰ বন্ধু। মদনে মাতিছিল। ক’ত গ’ল?

বৰুৱানী : তুমি হাজৰিকানীৰ ল’ৰা নহয়নে? আৰু এইজনী চুমী নেকি বাৰু? হাজৰিকানীৰ ভনী। কি খবৰ তোমাৰ চুমী?

চুমী : মোৰ ভাল বাইদেউ। চিনি পাইছে মোক?

বৰুৱা : এহ, তুমি মোক হ’লে খুড়া মাতিছিলা আৰু এওঁক পতকৈ বাইদেউ ক’লা? ইমানো বুঢ়া হোৱা নাই দিয়া মই।

এইবুলি চকু টিপ এটা মাৰি দিয়ে।

বৰুৱানীয়ে ঘোপাকৈ চাই  আৰু চুমীয়ে সেমেনা-সেমেনি কৰে।

বৰুৱানী : পাইছোতো। পিছে তোমাৰ বিয়া ক’ত হৈছে? হাৰে বাহিৰতে ৰৈ আছা যে? বহা আকৌ। ভিতৰত আহা।

(বৰুৱালৈ চাই)

: কি মানুহহে! বহিবলৈ ক’ব পৰা নাই। মদন ভাত খাই আছে ৰ’বা। তোমালোক আহাচোন বহা।

চুমী : বাইদেউ মোৰ বিয়া হোৱা নাই। মানে মোৰ ড্ৰিম বয় বিচাৰিয়ে পোৱা নাই এতিয়াও। যিদিনা বিচাৰি পাম সিদিনাহে বিয়া হ’ম।

তিনিও ভিতৰলৈ সোমায়। বৰুৱাই চাই থাকে সিহঁতক  আৰু কয়…

: এতিয়াও ড্ৰিম বয় বিচাৰাতে আছে এইজনী? হেৰৌ হাতত জেতুকা লগাওঁতে এতিয়া মূৰত জেতুকা লগাবৰ দিন আহিছে।

বৰুৱাও সোমাই যাই ভিতৰত।

৬ষ্ঠ দৃশ্য

 চিনেমাৰ শ্বুটিঙৰ লোকেচন।

কৰিঅ’গ্ৰাফাৰ চানী, মিউজিক ডিৰেক্টৰ ৰসেশ্বৰ আৰু ঝুনঝুনৱালা বহি থাকে। কিছু দূৰত মদন আৰু ৰুবীয়ে মেকআপ কৰি থাকে মুৱাজনীৰ ওচৰত। ৰসেশ্বৰে গান এটা গীটাৰত বজাই শুনাই থাকে। কৰিঅ’গ্ৰাফাৰ চানীয়ে গানৰ তালে তালে নাচৰ মুদ্ৰাসমুহ প্ৰেকটিচ কৰি থাকে।ঝুনঝুনৱালাই সকলোকে ৰেডি বুলি কয়। ঝুনঝুনৱালাই মদনক কয়,

: মাইকেল, তুমি আকৌ কালিৰ ডায়লগটো কোৱা। আই লাভ ইউ। দু ইউ লোকচান মী। তাৰ পিছতে হিৰোইনে ইয়েছ কোৱাৰ লগে লগে গানটো শ্বুটিং হ’ব।

মদন : ওকে বচ।

শ্বুটিং হয় ডায়লগৰ। লগে লগে কৰিঅ’গ্ৰাফাৰ চানী কাষলৈ যায় আৰু নাচটো বুজাই দিয়ে।

চানী : মাইকেল তুমি ইফালৰপৰা দৌৰি যাবা আৰু সেইফালৰপৰা ৰুবী আহিব। তাৰ পিছত মিউজিক বাজিব। তুমি  মাটিত ধুমুচ মাৰাৰ দৰে ভৰি দুখন জোৰে জোৰে থেকেচি দিবা। হাত দুখন চিপৰাং মাৰাৰ দৰে কৰিবা।

মদন : মানে চানী ডেউলৰ ষ্টাইলত ন? তাকে নকয় কিয়? কি ধুমুচ মাৰা, চিপৰাং মাৰা কথা কৈছে?

চানী : (অলপ টানকৈ) কৰিঅ’গ্ৰাফাৰ তুমি নে মই? মিউজিকৰ তালে তালে কৰিলে সেইটোৱে নাচ হৈ যাব।আৰু  তুমি ৰুবী তালে তালে মূৰটোত ধৰিবা এবাৰ।

ৰুবী : এনেকৈ দাদা।

চানী : না না। যেনেকে মাথা বিষালে ধৰে তেনেকৈ আৰু কঁ‌কালত এখন হাত থ’বা যেনেকৈ কঁ‌কাল বিষালে ধৰি ধৰি খোজ কাঢ়া তেনেকৈ। মাজে মাজে টিউৱেল মাৰাৰ দৰে কৰিবা হাত দুখন। ওকে।

ৰুবী+মদন : ওকে।

গান বাজে টেপত। ট্ৰলীৰে কেমেৰামেনে কেমেৰা নিয়ে। ৰুবী আৰু মদন ওৰফে মাইকেলে নাচিবলৈ আৰম্ভ কৰে। ( মিউজিক বাজে)

চকু মাৰে ও ছোৱালী চকু মাৰে

সু-হু-ৰী মাৰে ..মাৰে….

মাজ ৰাস্তাতে

বাহাদুৰী দেখুৱাই

ও ছোৱালী চকু টিপ মাৰে

চানী : কাট কাট। মাইকেল তুমি ভৰিখন লাহেকৈ দিছা। অলপ জোৰে মাটিত মাৰিব লাগিব। আৰু ৰুবী গানটোত যেতিয়া ছোৱালী চকু মাৰে বুলি কয় তোমাক ক্ল’জআপত দেখাব মুখখন। আৰু তুমি চকু টিপ মাৰি দিবা। এনেকৈ ..

(এইবুলি চানীয়ে ৰুবীক চকু টিপ মাৰি দিয়ে)

মদনে চাই থাকে আৰু নাচ প্ৰেকটিচ কৰি থাকোঁ‌তে নেদেখা ভাও জুৰি চানীৰ ভৰিত গচকি দিয়ে। চানীয়ে  “আই ও মা” বুলি চিঞৰে।

হঠাৎ বাইক এখন আহে লোকেচনত। ৰাজ আৰু চানী নামে আৰু ঝুনঝুনৱালাৰ কাষলৈ আহে। দূৰৰপৰা কেমেৰাই দেখুৱাব আটাইকেইজনক।

দুয়ো নমস্কাৰ জনায়।

ৰাজ : নমস্কাৰ চাৰ। আমি আপোনাৰ নিৰ্মাণ হৈ থকা ছবিখনৰ কথা পেপাৰত লিখিব বিচাৰিছোঁ। এইয়া সাংবাদিক চুমী।

চুমী : নমস্কাৰ। মই চুমী। ফটা লাইভ চেনেলত চিনিয়ৰ জাৰ্নেলিষ্ট হিচাপে কাম কৰোঁ‌। আৰু মোৰ ভাগিন ৰাজে মোক এচিষ্ট কৰে।

ঝুনঝুনৱালা : হা নমস্কাৰ। পিচে মইতো আপ্নালোকক ইয়াতে মাতা নাই ইন্টাৰভিউ ল’বলৈ।

চুমী : আমি নিজে আহিছোঁ আৰু আমাক মদন মানে মাইকেলেও খবৰ দিছে।

ঝুনঝুনৱালা : ও আচ্ছা। ঠিক হে। এতিয়া আমাৰ লাঞ্চ ব্ৰেক হ’ব। গতিকে সুধিব পাৰে যি সুধিব খোজে।

ৰুবী, মদন আৰু চানী আহে ঝুনঝুনৱালাৰ ওচৰলৈ। ৰসেশ্বৰ কাষতে থাকেই বহি।

চুমী : ৰাজ তুমি ভিডিঅ’ কৰা আৰু মই প্ৰশ্ন সোধোঁ‌।

ৰাজ : বাৰু মাহী।

চুমী : মিঃ ঝুনঝুনৱালা, চিনেমা কৰা আইদিয়াটো আপোনাৰ ক’ৰপৰা আৰু কেনেকৈ আহিল?

ঝুনঝুনৱালা : পেহলী বাত এইটো যে, মই সৰুতে ধোবী পত্তিৰ কাষৰ কলনীটোত আছিলোঁ। তাত ধোবীবোৰে ৰামলীলা কৰিছিল। সেই ৰামলীলা দেখি দেখি মোৰ মূৰত আইদিয়া আহিল। আৰু তেতিয়াৰপৰা স্বপ্না আছিল মনত চিনেমা বনোৱাৰ।

চুমী : আপোনাৰ চিনেমাত এটা হিট ডায়লগ দিছে এইবাৰ? এই যে “আই লাভ ইউ। ডু ইউ লোকচান মী” তেনকুৱা লাভ লোকচান হৈছেনে আপোনাৰ জীৱনত?

ঝুনঝুনৱালা : হাৰে, হমাৰা লাইফ মে তো বহুত বাৰ লাভ হৈছে। লেকিন যিতনা লাভ হৈছে উচচে জ্যাদা লোকচান ভি হৈছে। চব ছোৱালীবোৰে দামী দামী গিফ্ট লৈ ভাগি যায়। ইচলিয়ে অব সেইটো গলটি নকৰোঁ। লাভ কৰাতকে চিনেমা বনোৱাই জ্যাদা ভাল আছে।

 চুমী : প্ৰথম প্ৰেমৰ বিষয়ে কওকচোন আপোনাৰ জীৱনৰ?

ঝুনঝুনৱালা : প্ৰথম মানে পেহলা প্যাৰৰ কথা কৈছে না? পেহলা, দুচৰা, তিচৰা, চৌথা যিমানবাৰ প্ৰেম কৰিছোঁ‌, মই চব প্যাৰে honestly  কৰিছোঁ। মোৰ কাৰণে প্ৰেমটো পূজা আছে, ভগৱান আছে।

(হাত দুখন সেৱা কৰি ওপৰলৈ উঠায়।)

মোকো সোধক আকৌ প্ৰেমৰ বিষয়ে। ৰসেশ্বৰে মাত লগায়।

চুমীয়ে মাইকটো ঘূৰাই লয়। কেমেৰাত ৰসেশ্বৰক দেখুৱাব। ৰসেশ্বৰে হাঁহি দিব। তামোল খোৱা দাঁতকেইটা ক্ল’জআপত দেখুৱাব।

চুমী : আপোনাৰ নামটো? ছবিত আপুনি কি দায়িত্বত আছে?

ৰসেশ্বৰ : মোৰ নাম ৰসেশ্বৰ ডেকা। মই মিউজিক কৰিছোঁ‌ চিনেমাখনত। এনেয়ে মই পাৰ্ট টাইম কৰিঅ’গ্ৰাফীও কৰোঁ। কিন্তু এইবাৰ মোৰ ভাইটি এজনক দিছোঁ‌ কৰিঅ’গ্ৰাফী কৰিবলৈ।

(দূৰত থকা চানীলৈ দেখুৱায়। চুমীয়ে হাঁহে যদিও চানীয়ে গপচত বহি থাকে। মাজে মাজে হাত দুখন ব্ৰেক ডাঞ্চৰ প’জ দিয়ে)

চুমী : ছবিখনৰ বিষয়ে কি ক’ব?

ৰসেশ্বৰ : ছবিখনৰ কাহিনী, অভিনেতাসকলে কি অভিনয় কৰিছে নাজানো। ছবি হিট হ’বনে ফ্লপ সেইটো নাজানো কিন্তু মোৰ গান চুপাৰহিট হ’ব। এহ …চিনেমা হিট ফ্লপত মোৰ কি আহে যায়? মোৰ গান চলিলে হ’ল ন?

ৰসেশ্বৰৰ কথা শুনি কেমেৰা লৈ থকা ৰাজে খুক খুককৈ হাঁহে। ক্ল’জআপত তাৰ মুখখন দেখুৱাব। আৰু চুমীয়ে চৰ্চৰণী খাব। চুমীয়ে মদনলৈ চাই আৰু ৰাজক কেমেৰা ঘূৰাবলৈ দিয়ে।

চুমী : বাৰু মদন আপুনি এই চিনেমাখনত নিজৰ নামটো কিয় সলালে?

মদন : কাৰণ মদনতকৈ মাইকেল নামটোৰ স্বাগ আছে এটা। আৰু আজিকালি প্ৰায় হিৰোই নিজৰ নাম সলাই লয়। যেনে অক্ষয় কুমাৰ। আৰু ময়োতো চুপাৰষ্টাৰ হ’মেই যেতিয়া নামটো সলাই লৈছোঁ‌ একেবাৰে।

চুমী : বাৰু আপোনাকো একে প্ৰশ্ন সোধোঁ‌? লাভ কৰি লোকচান হৈছেনে?

মদন : মোৰ বৰ্তমান লাভ লোকচানৰ মাজত। চিনেমাখনতো পইছা লগাইছোঁ‌। ময়ো প্ৰডিউচাৰ। অৱশ্যে এতিয়াও মই কাকো কোৱা নাই কথাটো।

এইবাৰ ৰুবীক সোধে চুমীয়ে একে প্ৰশ্ন।

ৰুবী : মই বৰ্তমান লাভতে আছোঁ‌। নাজানো চিনেমা ৰিলিজ হোৱাৰ পিছত কি হয়? ঝুনঝুনদাই মোক নেক্সট ফিল্মখনৰো হিৰোইন বনাম কৈছে। এইবুলি তাই ঝুনঝুনৱালাক চায়।

মদনে কথাটো মন কৰে।

চুমীয়ে চানীৰ কাষত যায় কিন্তু চানীয়ে মোবাইলত কথা পাতি এটিটিউদ দেখুওৱাত চুমী গুচি আহে।

: তেনেহ’লে দৰ্শক আপোনালোকে গম পালে অতি সোনকালে এখন মেগা হিট ফিল্ম আপোনালোকৰ মাজত আহি আছে। আজিলৈ আহোঁ‌। কেমেৰা পাৰ্চন ৰাজৰ সৈতে মই চুমীয়ে বিদায় লৈছোঁ‌। চাই থাকক ফটা লাইভ।

৭ম দৃশ্য

বৰুৱাৰ ঘৰৰ ভিতৰ দেখুৱাব। কেমেৰাই প্ৰথমতে দ্ৰয়িং ৰুমৰপৰা বেডৰুম দেখুৱাব।  বৰুৱানী  দ্ৰেচিং টেবুলৰ সমুখত বহি সাজি ওলাই থাকিব। বৰুৱা বাহিৰতে নতুন লংপেণ্ট চাৰ্ট পিন্ধি সাজু হৈ বাৰাণ্ডাত বহি আছে। মাজে মাজে ঘড়ীটোলৈ চাব আৰু বিৰক্তিৰে ভিতৰৰ ফালে চাব।

বৰুৱা :হেৰা হোৱা নাই নেকি তোমাৰ? সেইফালে চিনেমা আৰম্ভ হ’ব?

ভিতৰৰপৰা বৰুৱানী ওলাই আহে। বৰুৱাই দেখি চক খাই উঠে। টিকটিকিয়া ৰঙা পাটৰ কাপোৰ আৰু উগ্ৰ মেকআপেৰে বৰুৱানী জিলিকি আহে। বৰুৱাই মুখ মেলি চাই থাকে।

বৰুৱানী : ব’লক। হেৰি কেনেকুৱা লাগিছে মোক?

বৰুৱা : একদম ৰাস পূজাৰ মুৰ্তি যেন।

বৰুৱানী : কি ?

বৰুৱাই একো নকৈ স্কুটাৰখন ষ্টাৰ্ট কৰে। বৰুৱানীয়ে বহিবলৈ আহোঁ‌তে মদন, ঝুনঝুনৱালা, ৰসেশ্বৰ সোমাই আহে।

বৰুৱানী : তহঁতে আহিলি যে মদন? চিনেমা কি শেষ হ’লেইনে? আমি গৈ নাপাওঁতে চিনেমা ৰিলিজ দিলিনে হলত?

মদনে একো নকয় আৰু ভিতৰলৈ গুচি যায়। আৰু তাৰ কোঠাৰ দৰ্জা বন্ধ কৰি দিয়ে ধাম কৈ।

ঝুনঝুনৱালা : বৰুৱাজী হম আপচে বিদায় লেনে আয়া হে। য়ে লিজিয়ে আপকে বেটে কে ফিলিম কা ডি.ভি.ডি.। আপ ঘৰ বেইথ কে হি দেখিয়ে চিনেমা।

বৰুৱা : হাৰে চিনেমা হলত চাইহে ভাল লাগিব। আজি প্ৰথম দৰ্শনী আমি হলত চাম। পিছত চি.ডি.ত চাম।

ৰসেশ্বৰ: এইখন আমি ভি.চি.ডি.হে বনাইছোঁ‌। পূৰ্ণ দৈৰ্ঘ্যৰ চিনেমা নহয়।

বৰুৱা : কি? কি?

(কেমেৰাত তিনিবাৰ বৰুৱাৰ মুখখন ক্ল’জআপত দেখুৱাব। বেকগ্ৰাউণ্ডত টিলিঙা বাজে কেইবাটাও।)

: যদি ভি.চি.ডি বনাইছিল তেনেহ’লে অতসোপা পইচা কিয় খৰছ কৰিলে। পঁচিশ লাখ টকা খৰছ হ’ল। মোৰ পাঁচ বিঘা মাটি বিক্ৰী গ’ল। হে হৰি। ই ক’ত মক্কেলটো আমাৰ।

ঝুনঝুনৱালা : ৱো মাইকেল মতলব মদন কো কুছ মত কহিয়েগা। বেছাৰে কো বহুত জোৰ কা ‘শ্বক’ লাগা হেই।

তাকে শুনি বৰুৱানীয়ে চিঞৰি কান্দিবলৈ ধৰিলে।

বৰুৱানী : কি হ’ল ও মোৰ সোণটোৰ? কাৰ চকুৰ পোৰণি উঠিছিল ও তাৰ সুখত? কাৰ নজৰ লাগিল ও?

বৰুৱা : মনে মনে থাকাহে। কান্দিছা কিয়? মোৰ কথা শুনিছিলা তুমি? পুতেৰক সব কথাতে মুৰত উঠাইছিলা নহয়? এতিয়া মজাটো পালা?

ঝুনঝুনৱালা : আচ্চা হমলোগ চলতে হে। ৱো বেছাৰে কো বহুত বড়া ঝতকা লগা হে। এক তো ফিলিম ফ্লপ, দুচৰা চাৰে পেইচে খটম অউৰ উপৰ চে হিৰোইন নে ভি উচে শ্বক দিয়া। বেছাৰে কো  ডাবল শ্বক মিলা।

বৰুৱা : কি সাঁ‌থৰ মাতি আছা? কোৱা মোক?

ৰসেশ্বৰ : মানে চাৰ, চিনেমাখন ফ্লপ হোৱাৰ পিছত হিৰোইন ছবিৰ কৰিঅ’গ্ৰাফাৰৰ লগত মুম্বাইলৈ পলাই গৈছে। সেইকাৰণে বেছি শ্বক আই মীন দুখ পাইছে।

বৰুৱা : কি?

ৰসেশ্বৰ : মানে তাইৰ লগতো বহুত খৰচ হৈছেতো? তাইৰ বিউতি পাৰ্লাৰৰ খৰচ, কাপোৰৰ খৰচ মিলাই তিনি লাখমান হৈছে। আপোনাৰ ক্ৰেডিট কাৰ্ডেৰে কৰিছিল সব বজাৰ। বিলটো দিব দুই এদিনৰ ভিতৰত। নহ’লে দিগদাৰ হ’ব আপোনালোকৰ।

বৰুৱানী : উৱ কপাল! তাই কলিজা খাবলৈ মোৰ ল’ৰাটোকহে পালে ও!

এইবুলি বৰুৱানীয়ে হিয়ালি জিয়ালিকৈ কান্দিবলৈ ধৰে।

: আচ্ছা হমলোগ চলতে হে। আচাম মে আকৰ কাম কৰকে বহুত মজা আয়া।

ঝুনঝুনৱালাই কয়।

বৰুৱা : সোনকালে ওলা মোৰ ঘৰৰপৰা। নহ’লে ফলা বাঁহৰ কোব খালে আৰু মজা লাগিব। গম পাবি আচামৰ বাঁহৰ জোৰ কেনেকুৱা।

ঝুনঝুনৱালা আৰু ৰসেশ্বৰ দুয়ো তৎক্ষণাত তাৰপৰা পলায়। বৰুৱা বৰুৱানীয়ে মূৰে কপালে হাত দি মাটিতে বহে। বৰুৱানীয়ে হঠাত মনত পৰাত “ও মোৰ কলিজাটো” বুলি ভিতৰলৈ যায়।

৮ ম দৃশ্য

 ফটা লাইভত নিউজ চলি  থাকে। হঠাত টিভিত ফটা চেনেল ওলায়।

 : নমস্কাৰ। ফটাঢোল লাইভত মই আজি চুমীয়ে সকলোকে স্বাগতম জনালোঁ। পঢ়িবলৈ ওলাইছোঁ‌ আজিৰ গৰম খবৰ। যোৱা ছমাহ ধৰি শ্বুটিং চলি থকা ছবি ‘শ্বক’ ছবি ঘৰত মুক্তি নাপালে। কেৱল মানুহৰ ঘৰে ঘৰে ভি.চি.ডি. ৰূপেহে মুক্তি পায়। ছবিখনত মূখ্য চৰিত্ৰত অভিনয় কৰা মদন ওৰফে মাইকেল আছিল প্ৰযোজক। তেওঁ চিনেমাখন প্ৰযোজনা কৰিবলৈ ঘৰৰ কেইবা বিঘা মাটি বিক্ৰী কৰিছিল। কিন্তু ছবিখন ভালদৰে সম্পূৰ্ণ কৰিব নোৱাৰাৰ বাবে ভি.চি.ডি হিচাপে ৰাখিব লগা হ’ল।  আৰু ছবিখনৰ শ্বুটিং শেষৰ দিনাই ছবিৰ নায়িকা ৰুবীয়ে কৰিঅ’গ্ৰাফাৰৰ লগত মুম্বাইলৈ গুচি যায়। যাৰ ফলত মাইকেলে বহুত বেয়াকৈ ‘শ্বক’ পায়।

আনহাতে পুত্ৰৰ চিন্তাত আৰু ইমানবোৰ মাটি আৰু নিজৰ কৌটিকলীয়া গাড়ীখনো পুতেকে বিক্ৰী কৰাৰ লগতে ঘৰৰ ভেটি মাটিও বন্ধকত থকাত মদনৰ দেউতাক বৰুৱা বৰ্তমানে ‘শ্বক’ লাগি ক’মাত আছে।

সকলোতকৈ ডাঙৰ খবৰ অভিনেতা মদন ওৰফে মাইকেলৰ ঘৰলৈ আজিকালি গাঁ‌ৱৰ মানুহে আহিব লগা হ’লে বা কোনোবা যোৱা বুলি শুনিলেও ‘শ্বক’ খায়। কাৰণ পুত্ৰৰ অভিনয় প্ৰতিভা দেখুৱাবলৈ মাক বৰুৱানীয়ে যিয়ে ঘৰত আহে তাকে জোৰ কৰি তিনি ঘণ্টাৰ ভি.চি.ডি.খন দেখুৱায়। আজিলৈ বিদায় ল’লোঁ‌ মই চুমীয়ে।

লগে লগে ৰাজে উঠি গৈ টিভিটো অফ কৰে। আৰু টিভিৰ টেবুলতে পৰি থকা পোষ্টাৰখনলৈ তাৰ চকু যায়। য’ত লিখা আছিল ডাঙৰ আখৰেৰে ‘শ্বক’।

☆ ★ ☆ ★ ☆

12 Comments

  • দীক্ষিতা

    কি শ্বকিং চিনেমা বনাইছে অ’ ডলী বা। নিজৰ অভিনয় প্ৰতিভাত মই নিজেই অভিভূত।

    Reply
  • Anonymous

    একেবাৰে হিট ?

    Reply
  • জয়ন্ত দাস

    ভাল লাগিল৷ হিট ফিল্ম৷ কৰিঅগ্ৰাফাৰৰ স্টেপ আৰু প’জ ফাটাফাটি৷ বেচেৰা মাইকেল!

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বঢ়িয়া বঢ়িয়া৷

    Reply
  • Pranita Goswami

    বঢ়িয়া চিনেমা। সকলোৰে অভিনয় ফাটাফাটি হৈছে। ক’ৰিঅগ্ৰাফাৰৰ প্ৰতিভা দেখি চকীৰপৰা লুটিখাই নপৰিলোঁ কথমপি।

    Reply
  • হেমন্ত কাকতি

    আজিহে চালো ডলী৷ ফাটাফাটী হৈছে৷ হাঁহি আছোঁ৷ তোমাৰ চিনেমাৰ স্বাগেই বেলেগ৷

    Reply

Leave a Reply to Anonymous Cancel reply

Your email address will not be published. Required fields are marked *