ফটাঢোল

 সৃষ্টিশীল সাহিত্য আৰু ভাল লেখনৰ কৌশল(সংগ্ৰহ)-মৃদুল দহোটীয়া

অৱতৰণিকা :- সুকুমাৰ কলাসমূহৰ ভিতৰত সাহিত্য অন্যতম। সাহিত্য মূলতঃ সৃজনীমূলক কলা। সাহিত্যই একোখন সমাজ, একোটা জাতি, একোখন দেশৰ দাপোন স্বৰূপ। সাহিত্যৰ যোগেদিয়েই সমাজ একোখনৰ, জাতি একোটাৰ তথা দেশ একোখনৰ প্ৰতিবিম্ব প্ৰতিবিম্বিত হৈ উঠে। সমাজৰ ভাল-বেয়া, শুভ-অশুভ সকলো দিশ সাহিত্যৰ যোগেদিয়েই প্ৰতিফলিত হয়। একেদৰে জাতি বা জনগোষ্ঠী একোটাৰ সামাজিক, সাংস্কৃতিক আদি দিশৰ প্ৰতিফলনো সাহিত্যৰ যোগেদিয়েই প্ৰতিফলিত হৈ উঠে। এক কথাত সাহিত্য আৰু সমাজ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি স্বৰূপ। সাহিত্য মূলতঃ এক সৃজনীমূলক কলা। গভীৰ অধ্যয়ন, কঠোৰ অনুশীলন আৰু সংবেদনশীলতাৰ অবিহনে সাহিত্য সৃষ্টি সম্ভৱ নহয়। সেয়া লাগিলে প্ৰৱন্ধ সাহিত্যই হওক বা গল্প সাহিত্যই হওক অথবা উপন্যাস, কবিতা আদি। যিকোনো সাহিত্যৰ সৃষ্টিৰ বাবেই অধ্যয়ন, অনুশীলন আৰু সংবেদনশীলতাকেই প্ৰধান অৱলম্বন হিচাবে গ্ৰহণ কৰিবই লাগিব।

সৃষ্টিশীল সাহিত্য :- সাহিত্য এক সুকুমাৰ কলা। সাধাৰণতে যি সৃষ্টিকৰ্মত সুন্দৰ আৰু আনন্দ ৰূপ প্ৰকাশ পায়, সেয়াই কলা। শব্দ, ধ্বনি, ৰং, ৰেখা আৰু গতিৰ মাজেৰে কলাই আত্মপ্ৰকাশ কৰে। শব্দত সৃষ্টি হয় সাহিত্য, সেইদৰে ধ্বনিত সংগীত, ৰঙত চিত্ৰ, গতিত ভাস্কৰ্য নতুবা স্থাপত্যৰ প্ৰকাশ ঘটে। বৰ্হিজগতৰ মনোৰম দৃশ্যৰাজিয়ে যেতিয়া আমাৰ মনত দোলা দি যায় তেতিয়াই সৃষ্টিৰ বীজ অংকুৰিত হয় আৰু আমি শব্দ, ৰং, ৰূপ, ৰেখা আৰু গতিৰ মাধ্যমেৰে এইবোৰ প্ৰকাশ কৰি তৃপ্তি লাভ কৰোঁ।  এইবিলাকে আমাক মানসিক পৰিতৃপ্তি প্ৰদান কৰে। সাহিত্যক সুকুমাৰ কলাসমূহৰ ভিতৰত শ্ৰেষ্ঠতম বুলি কোৱা হয়। বাস্তৱৰ অসুন্দৰ বিকৃত ৰূপটোও সাহিত্যত উপভোগ্য ৰূপত প্ৰকাশ কৰিব পাৰি। সাহিত্যিকসকলে ভয়ংকৰ অভিজ্ঞতা এটাকো শব্দৰ মাধ্যমেৰে সকলোৰে মনঃপুত হোৱাকৈ প্ৰকাশ কৰিব পাৰে। পাঠকক বিমোহিত কৰি আনন্দ উপভোগ কৰাবলৈ সাহিত্যৰ বিনে উৎকৃষ্ট কলা নাই।

সাহিত্য এক সৃষ্টিশীল কলা। সাহিত্য সৃষ্টি এটা অতি সহজ বিষয় নহয়। সাহিত্য সৃষ্টিৰ বাবে লাগিব এটা সৃষ্টিশীল মন। নিঃসন্দেহে সেই মন হ’ব লাগিব অত্যন্ত সংবেদনশীল। সংবেদনশীল মনৰ গৰাকীয়েহে সৃষ্টিশীল কৰ্মত আত্মনিয়োগ কৰিব পাৰে। মনৰ নিভৃত কোণত সংপৃক্ত হৈ থকা কল্পনাৰ বিলাসে সংবেদনশীল ৰূপত ওলাই আহিব পাৰিলেহে সৃষ্টিশীল সাহিত্যৰ সৃষ্টি হ’ব পাৰে। অৱশ্যে কেৱল এগৰাকী সংবেদনশীল মনৰ গৰাকীয়েই যে সাহিত্য সৃষ্টি কৰিব পাৰিব তেনে নহয়। সংবেদনশীলতাৰ লগতে কল্পনা বিলাসিতা, মননশীলতাও সৃষ্টিশীল সাহিত্যৰ অন্যতম আকৰ। অধ্যয়নশীলতাৰ অবিহনে সৃষ্টিশীল সাহিত্য সম্ভৱপৰ হৈ উঠিব নোৱাৰে। বিষয়বস্তুৰ গভীৰ অধ্যয়নে বিষয় একোটাক আয়ত্তৰ ভিতৰলৈ আনিব পাৰে আৰু বিষয়বস্তু আয়ত্তৰ ভিতৰলৈ আহিলেহে সেই বিষয়বস্তুৰ ওপৰত চিন্তা আৰু মননৰ বাট মুকলি হৈ উঠে আৰু ইয়ে এক উৎকৃষ্ট সাহিত্য সৃষ্টিৰ পথ প্ৰশস্ত কৰি তুলিব পাৰে। অধ্যয়নৰ সমান্তৰালকৈ অনুশীলনো উৎকৃষ্ট সাহিত্য সৃষ্টিৰ অন্যতম আধাৰ স্বৰূপ। গভীৰ অনুশীলনে একোটা কঠিন বিষয়কো সহজ কৰি তোলে। অংকশাস্ত্ৰৰ ক্ষেত্ৰত অনুশীলন যেনেকৈ অপৰিহাৰ্য সেইদৰে উৎকৃষ্ট সাহিত্য সৃষ্টিৰ ক্ষেত্ৰতো অনুশীলনক অপৰিহাৰ্য হিচাপে বিবেচনা কৰিব পাৰি।

উৎকৃষ্ট সাহিত্য লেখন কলা আৰু ভাল লেখনৰ গুণাৱলী :- সাধাৰণতে উৎকৃষ্ট সাহিত্য বুলিলে সেইবোৰ সাহিত্যকে বুজা যায় যিবোৰ সাহিত্যই পাঠকক ৰস প্ৰদান কৰাৰ লগতে সকলো শ্ৰেণীৰ পাঠকৰ বাবে বোধগম্য, সাহিত্যিক গুণসম্পন্ন আৰু তথ্যধৰ্মী হয়। ভাল লেখন বা ভাল লেখাৰ ক্ষেত্ৰতে সেই কথাই খাটে। উৎকৃষ্ট সাহিত্য বা ভাল লেখন বিশ্বজনীন। এটা ভাল লেখাই বিশ্বৰ সকলো মানুহৰ মাজতে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। পাঠকৰ বৌদ্ধিক স্তৰ, বিষয়বস্তুৰ প্ৰকাৰ, প্ৰকাশভংগী আদিৰ ওপৰত নিৰ্ভৰ কৰি ভাল লেখনৰ কিছুমান বিশেষ গুণ নিৰূপন কৰিব পাৰি।

১) ভাল লেখনত প্ৰয়োগ হোৱা ভাষা সদায় শুদ্ধ হোৱা উচিত। বানান, বাক্য-গাঁথনি, আখৰ জোঁটনি শুদ্ধ হ’ব লাগে।

২) য’তি চিহ্নৰ উপযুক্ত প্ৰয়োগ ভাল লেখনৰ প্ৰাথমিক চৰ্ত।

৩) ভাষা সহজ-সৰল হোৱা উচিত, যাতে সকলো শ্ৰেণীৰ পাঠকে লেখাটো পঢ়ি তাৰ অৰ্থ গ্ৰহণ কৰিব পাৰে।

৪) লেখাটো নিটোল আৰু সুগঠিত হোৱা উচিত। অপ্ৰয়োজনীয় বাক্য বা শব্দৰ প্ৰতি লেখক সচেতন হোৱা উচিত।

৫) লেখন প্ৰৱাহ সাৱলীলভাৱে আগবাঢ়িব লাগে যাতে পাঠকে অকনো খোকোজা নলগাকৈ পাঠটো শেষলৈকে পঢ়িব পাৰে।

৬) বিষয়বস্তুৱে যাতে পাঠকৰ মনৰ চিন্তাৰ খোৰাক যোগাব পাৰে আৰু পাঠকক অনুপ্ৰাণিত কৰিব পাৰে সেই কথালৈ দৃষ্টি ৰখা উচিত।

৭) ভাল সৃষ্টিমূলক সাহিত্য সকলো ফালৰ পৰাই নিখুঁট, নিটোল আৰু মনোগ্ৰাহী হোৱা উচিত।

উৎকৃষ্ট সৃজনশীল সাহিত্য অথবা উৎকৃষ্ট মানৰ প্ৰৱন্ধ নিৱন্ধ সৃষ্টি কৰিবলৈ বিভিন্ন দিশৰ প্ৰতি লক্ষ্য ৰাখি সাৱধানে আগুৱাব লগীয়া হয়। ভাল সৃষ্টিশীল সাহিত্য লিখা বহুতো লেখকক কোনো কোনোৱে জন্মগত প্ৰতিভাৰ অধিকাৰী বুলিও ক’ব খোজে। কিন্তু এটা কথা মন কৰা দৰকাৰ এই যে বিভিন্ন পৰিৱেশ পৰিস্থিতিৰ ফলত হোৱা অভিজ্ঞতা, অধ্যয়ন, বৌদ্ধিক কছৰৎ তথা সাধনাৰ জৰিয়তেহে এজন লোকে নিজকে লেখক হিচাপে আৱিস্কাৰ কৰে। ভাল লেখা সৃষ্টি কৰিবলৈ আগবঢ়া লেখকসকলে কেইটিমান কথালৈ মন কৰা উচিত। সেইবোৰ হ’ল- অধ্যয়ন, সাধনা, অনুশীলন, দায়বদ্ধতা আদি। তদুপৰি এগৰাকী লেখকে এটা লেখা প্ৰস্তুত কৰাৰ সময়ত সদায়ে চকুৰ আগত ৰাখিবলগীয়া কথাটো হ’ল তেওঁ কাৰ বাবে লিখিছে বা লিখিব। অৰ্থাৎ তেওঁৰ লক্ষ্য পাঠক কোন? পাঠকৰ সীমাবদ্ধতাৰ ওপৰত ভিত্তি কৰিহে লেখাটো প্ৰস্তুত কৰা উচিত। সেয়েহে ভাল লেখনৰ কাৰণে লেখকে তলৰ কথাবোৰলৈ মন কৰা উচিত,

ক) ভাল লেখনৰ বাবে লেখোঁতাই নিজৰ জ্ঞানৰ পৰিসৰ যিমান পাৰি বিস্তৃত কৰা উচিত। জ্ঞানৰ বিবিধ ক্ষেত্ৰসমূহত প্ৰৱেশ কৰিব পাৰিলে লেখকৰ বৌদ্ধিক ভাস্কৰ্য সাধন হয় আৰু তেনে লেখকৰ লেখা উন্নত মানৰ হৈ উঠে।

খ) অধ্যয়নৰ লগতে সাধনা ভাল লেখনৰ অন্যতম আৱশ্যকীয় গুণ। সাধনাৰ অবিহনে বিষয়বস্তুৰ জ্ঞান আহৰণ কৰিব নোৱাৰি আৰু জ্ঞানৰ অবিহনে একোটা ভাল লেখা প্ৰস্তুত কৰি উলিয়াব নোৱাৰি।

গ) ভাষা জ্ঞান একোটা ভাল লেখনৰ বাবে প্ৰয়োজনীয় দক্ষতা, ভাষাৰ কছৰৎ অবিহনে উৎকৃষ্ট সাহিত্য সৃষ্টি কৰিব নোৱাৰি। এটা ভাষাৰ বিশাল শব্দভাণ্ডাৰৰ শব্দাৱলীৰ সৈতে পৰিচিত হৈ শব্দবোৰৰ ব্যুৎপত্তি, অৰ্থ স্পষ্টকৈ জনাতো অতি দৰকাৰী। তদুপৰি ভাষাটোৰ ব্যাকৰণ, অলংকাৰ আদিৰ প্ৰায়োগিক দিশৰ সম্পৰ্কতো জ্ঞান অৰ্জন কৰা উচিত। এজন লোকে লেখক হোৱাৰ উদ্দেশ্যে কৰা ভাষাৰ পৰিশীলিত কছৰতে লোকজনক কৌশলী কৰি তোলে। একেদৰে নিজৰ ভাষাটোৰ উপৰিও অন্য ভাষা শিকি সেই ভাষাৰ সাহিত্যও অধ্যয়ন কৰা উচিত। নিজৰ ভাষাৰ উপৰিও আন ভাষাৰ জ্ঞানৰ ক্ষেত্ৰত বিচৰণ কৰিব পাৰিলেহে এজন সৱল লেখক হ’ব পাৰি।

ঘ) লেখকজন নিজে এজন দায়বদ্ধ পাঠক হোৱা আৱশ্যক । এজন লেখকে কেৱল নিজৰ মনৰ কল্পনাপ্ৰসূত বা অভিজ্ঞতালব্ধ কথাক লিপিবদ্ধ কৰিলেই নহ’ব। লেখকজন এজন ভাল পাঠক হোৱাটো প্ৰয়োজনীয়। পাঠক হিচাপে লেখকজনে সমসাময়িক সময়ৰ লেখাসমূহৰ, সাহিত্যৰ ধাৰাসমূহৰ সম্পৰ্কে জ্ঞান অৰ্জন কৰাতো নিত্যান্তই প্ৰয়োজনীয়। অতিসাম্প্ৰতিক কালৰ লেখক হৈ ৰোমাণ্টিক বা প্ৰাক-ৰোমাণ্টিক কালৰ সাহিত্যৰ ধাৰাত সাহিত্য ৰচনা কৰিবলৈ গ’লে সি উৎকৃষ্ট আৰু সময়সাপেক্ষ সাহিত্য হৈ নুঠিব।

ঙ) ভাল লেখনৰ বাবে জীৱনৰ বিচিত্ৰ অভিজ্ঞতা অতি আৱশ্যক। অভিজ্ঞতাই মানুহক জ্ঞানী আৰু শিক্ষিত কৰি তোলে আৰু সেই অভিজ্ঞতাই লেখকৰ লেখনশৈলীক সমৃদ্ধ কৰি তোলে। চৌপাশৰ পৰিৱেশ-পৰিস্থিতি সম্পৰ্কীয় অভিজ্ঞতা উৎকৃষ্ট সাহিত্যলৈ ৰূপান্তৰিত হ’ব পাৰে।

চ) প্ৰচুৰ কল্পনাশক্তিৰ অধিকাৰী হোৱা প্ৰয়োজনীয়। কিছুমান লেখনত কল্পনাৰ পৰশ লাগি উৎকৃষ্ট লেখন হিচাপে স্বীকৃত হয়। আচলতে কল্পনা নোহোৱাকৈ সৃষ্টিশীল সাহিত্য ৰচনা হ’ব নোৱাৰে। কল্পনাক ভালদৰে সাহিত্যৰ ৰূপত প্ৰকাশ কৰিব পাৰিলে সি বিশ্বজনীন সাহিত্য হৈ উঠিব পাৰে। গতিকে ভাল কাহিনীমূলক সাহিত্য সৃষ্টিৰ বাবে কল্পনাপ্ৰৱন হোৱাতো লেখকৰ অন্যতম ধৰ্ম হোৱা উচিত।

ছ) অনুশীলন ভাল লেখনৰ অলংকাৰ স্বৰূপ। অলংকাৰে দেহৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ দৰেই অনুশীলনে সাহিত্যৰ সৌন্দৰ্য বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। একোটা বিষয়ক বহুবাৰ অনুশীলন কৰিলে ই নিঃসন্দেহে উৎকৃষ্টমানৰ হৈ উঠিব পাৰে।

সাহিত্য এক সৃষ্টিশীল প্ৰক্ৰিয়া। গভীৰ মননশীলতা আৰু সংবেদনশীলতাৰ পৰাই সাহিত্য সৃষ্টিৰ বাট মুকলি হয়। সাহিত্য সৃষ্টি কৰিবলৈ যোৱাৰ আগতে এগৰাকী লেখকে উল্লেখিত কথাকেইটালৈ দৃষ্টি ৰখাতো নিত্যান্তই প্ৰয়োজনীয় বুলি বিবেচনা কৰিব পাৰি। তদুপৰি আন কিছুমান দিশৰ প্ৰতি গুৰুত্ব দিয়া উচিত। সাধাৰণতে এজন লেখকে মানুহক জানিবলৈ, মানুহক বুজিবলৈ যত্ন কৰা উচিত। মানুহৰ মনোভংগীক উপলব্ধি কৰিব নোৱাৰিলে যিকোনো একোটা বিষয়ত একোটা সঠিক ধাৰণা গ্ৰহণ কৰিব নোৱাৰিবও পাৰে। গতিকে মানুহক বুজা, মানুহক জনাতো এজন লেখকৰ অতি আৱশ্যকীয় গুণ হোৱাতো বাঞ্চনীয়। সামৰণিত ক’ব পাৰি যে উৎকৃষ্ট সাহিত্য সৃষ্টিৰ বাবে এটা উৎকৃষ্ট মন অতি আৱশ্যক আৰু সেই মনক গতি প্ৰদান কৰিবলৈ অধ্যয়ন, সাধনা, অনুশীলন আৰু দায়বদ্ধতা অতি আৱশ্যকীয় সম্পদ হোৱা উচিত।

শ্ৰদ্ধাৰ পাঠকবৃন্দ, এই অভাজনে নিজাববীয়াকৈ এটা প্ৰৱন্ধ লিখাৰ দুঃসাহস কেতিয়াও কৰিব নোৱাৰোঁ। বহুসংখ্যক গ্ৰন্থৰ সহায় লৈ এই প্ৰৱন্ধটো যুগুত কৰা হ’ল, তেখেতসকলোলৈকে ধন্যবাদ৷

☆ ★ ☆ ★ ☆

One comment

Leave a Reply to Anonymous Cancel reply

Your email address will not be published.

error: Content is protected !!