ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কাহিনী- কাবেৰী মহন্ত

সংখ্যাটোৰ আঁৰৰ কাহিনী

অলপ ঘূৰি যাওঁ….

জুলাই মাহত অহা এটা ফোন কল… ডিফেন্স লাইনত আগবঢ়াই দিলোঁ ভণ্টী নীলাঞ্জনা মহন্তক! তিনি চাৰি মাহৰ বিৰতি, আকৌ একেটা নম্বৰৰপৰা দ্বিতীয়টো ফোন কল আহিল। এইবাৰ ডিফেন্স লাইনত বাচি ল’লোঁ দীঘলীয়া একত্ৰিশ দিনীয়া মাহ এটা৷ বিভীষিকাৰে ভৰা ২০২০ টো সকলোৱে আনন্দৰে বিদায় দি ২০২১ ক আদৰিবলৈ প্ৰস্তুত হ’ল। মোৰ প্ৰস্তুতি আৰম্ভ হ’ল ফেব্ৰুৱাৰী মাহৰ বাবে অসমৰ একমাত্ৰ অনলাইন ব্যংগাত্মক আলোচনীখনৰ সম্পাদনাৰ দায়িত্ব লোৱাত!

নতুন বছৰ নতুন সম্ভাৱনা…..

এদল সুগঠিত সৈনিক৷ যি কোনো দায়িত্ব হাঁহি মুখেৰে ল’বলৈ সদা প্ৰস্তুত, পিছ হুহুঁকি নোযোৱা সৈন্য দলৰ সৈতে নিজকে সাধাৰণ সৈনিক হিচাপে অন্তৰ্ভুক্ত হ’লোঁ জানুৱাৰীৰ আৰম্ভণিতে৷ নিজৰ ব্যক্তিগত জীৱনৰ কৰ্ম ব্যস্ততা, সাংসাৰিক দায়িত্ব, দুখ কষ্টক এফালে ঠেলি নিজৰ মাতৃভাষাটোক প্ৰাণপণে নিঃস্বাৰ্থভাৱে ভালপোৱা এটা টীম! ধন্যবাদ নহয়, কৃতজ্ঞ মই এই সম্পাদনা টীমটোৰ প্ৰতিজন সদস্যৰ প্ৰতি৷ সকলো সময়তে সহায়ৰ হাত আগবঢ়োৱা এটা টীম, যিটো টীমৰ হাতত আলোচনীখনৰ ভৱিষ্যত যে সুৰক্ষিত তাত তিলমানো সন্দেহ নাই। নিজকে সৌভাগ্যবান বুলিছোঁ এই টীমটোৰ সৈতে এমাহৰ বাবে হ’লেও অংশীদাৰ হিচাপে থাকিবলৈ পোৱাৰ বাবে৷

মিঠা অভিজ্ঞতাবোৰ……

যোৱা মাহৰ সম্পাদক মৃদুল নাথৰ প্ৰতি খোজতে সাৰথিৰ দৰে দিয়া সহযোগিতা, প্ৰাঞ্জল পায়েংৰ পৰা কাৰ্টুনকে ধৰি লেখা যুগুতাই দিয়ালৈকে কৰা উপকাৰ মই কেতিয়াও পাহৰিব নোৱাৰিম৷ ঘৰ এখনত ডাঙৰ অনুষ্ঠান এটাৰ আয়োজনৰ সময়ত, চিনাকি-অচিনাকি অঙহী বঙহীৰে গিজগিজাই থকাৰ সময়ত কাৰ হাতত ঘৰৰ চাবিকোছা দিব? দেবজিত শৰ্মা নামৰ চকুমুদি বিশ্বাস কৰিব পৰা মৰমৰ ভাইটিটোৰ হাতত৷ যেতিয়াই কিবা খোকোজা লাগিছে, সমাধান দেবজিত৷ লাগিলে টেকনিকেলেই হওক বা অন্য আলোচনী সম্পৰ্কীয় সমস্যা – ৰাতি বা দিন হওক,সমাধানৰ চাবিকাঠি দেবজিত৷ এইখিনিতে টেকনিকেল কথাবোৰ পানী পানীকৈ বুজাই দিয়া ভণ্টী নীলাঞ্জনা আৰু এবাৰ কৰি দেখুৱাই দিয়া মোৰ ছোৱালী অইনাৰ ওচৰতো কৃতজ্ঞ মই৷

এন্দ দা এক্‌চন….

কাকতি দাদা, অভিজিত কলিতা দাদা অথবা প্ৰণীতা বৰঠাকুৰ বাইদেউ, আচলতে মোৰ শব্দৰ অভাৱ, সকলোৱে ইমান সুন্দৰকৈ বাট দেখুৱাই গ’ল সময়ে সময়ে৷ দিম্পল, যোগেশক নিজৰ বয়সৰ বাহাদুৰিৰে দিয়া কামবোৰ, চন্দনক দি যোৱা মেচেজবোৰ – এইখন পষ্টাৰ লাগে, সেইখন লাগে.. পষ্টাৰ, শিল্পীৰ পৰিচিতি অথবা ড’ক্‌ ফাইল ৰেদি! আলোচনীৰ ধুনীয়া ধুনীয়া প্ৰম’বোৰ চন্দনৰ অবিহনে সম্ভৱেই নহ’লহেঁতেন! সাক্ষাৎকাৰৰ A টু Z নিয়াৰিকৈ দায়িত্ব লৈ আপলোড কৰিব পৰাকৈ বিশিষ্ট শিল্পী, শ্ৰদ্ধাৰ কৃষ্ণ ৰয়ৰ অমূল্য কথোপকথন হিমাংশুৱে কৰি দিছে৷ হিমাংশুৰ লগতে এই ছেগতে ধূৰ্জ্জটি আৰু সুকুমাৰ গোস্বামীকো আন্তৰিক ধন্যবাদ জনালোঁ৷ মোৰ ইয়াত অলপো বৰঙণি নাই! বৰ্ণাশুদ্ধি টীমৰ প্ৰণীতাবা, চবিনা, ঋতুপৰ্ণা, পৰিস্মীতা – ৰাতি দূপৰলৈকে লেখা সমূহৰ বানান শুদ্ধ কৰি দিলে, ফটাপ্ৰশ্নৰ বাবে ৰাজশ্ৰী আৰু ফটহু কাই, সঞ্জীৱৰ সাহস, দিহা পৰামৰ্শ, ৰিমঝিমৰ সহযোগিতা,বিজয় মহন্তৰ অভয়বাণী… আচলতে সকলোৱেই একো একোটা মাণিক৷ এই যাত্ৰা মোৰ জীৱনৰ এক চানেকি হিচাপে ৰৈ যাব!

সম্পাদক হোৱাৰ মুখ্য শংকা আছিল সম্পাদকীয়ৰ বাবে কি লিখিম? নিজৰ কৰ্ম ব্যস্ততাৰ মাজতো দিগন্তই সকলো দিশ সামৰি সম্পাদকীয় লেখাটোত চকু ফুৰাই দিলে৷ এই সকলো ক্ষেত্ৰতে ভণ্টী নীলাঞ্জনাইও কৰিব পৰা সহযোগিতা আগবঢ়াই গ’ল৷

আলোচনীখনৰ বেটুপাত সজাই আগবঢ়াইছে কণমানি কবিতাই, তাইলৈ শুভাশীষ৷ বান্ধৱী স্নেহাকো মৰম আৰ্টৰ বাবে৷ চকু থৰ হৈ ৰোৱা ফটোগ্ৰাফবোৰৰ বাবে ৰাজুৰ ওচৰত কৃতজ্ঞ মই৷ শিল্পীৰ পৰিচিতিৰ তথ্য সমূহ যুগুতাই তৈয়াৰ কৰি দিলে যোগেশে৷

উপহাৰৰ শৰাইখন….

মোৰ অনুৰোধ ৰক্ষা কৰি এই সংখ্যাৰ বাবে যিসকল লেখক-লেখিকাই লেখা দি আলোচনীখনৰ সৌষ্ঠৱ বঢ়ালে সকলোলৈকে মোৰ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ! কৃতজ্ঞ মই আপোনালোকৰ সকলোৰে ওচৰত মোৰ ওপৰত কৰা বিশ্বাসৰ বাবে! আপোনালোকৰ অবিহনে মোৰ এই সপোন যেন মধুৰ যাত্ৰা অসম্পূৰ্ণ হৈ ৰ’লহেঁতেন!

দা বেকব’ন…..

ফোন কলটোৰেই সামৰিব খুজিছোঁ! ফটাঢোল আলোচনীৰ বাবে প্ৰতিমাহে কৰা আৱদাৰৰপৰা আৰম্ভ কৰি এইমাহৰ সম্পাদনাৰ বাবে মোক যোগ্য বুলি ভবালৈকে, ৰিণ্টুমনি দত্তৰ ওচৰত মই চিৰ কৃতজ্ঞ। বহু বছৰৰ পাছত কলম তুলি কিবাকিবি লেখাৰে কোনোবা পাঠকৰ মনত যদি অলপ সময়ৰ বাবেও স্থান পাইছোঁ, সেইয়া তেওঁৰ বাবেই সম্ভৱ হৈছে৷ আলোচনীখনে অসমীয়া ব্যংগ সাহিত্যৰ সুউচ্চ শিখৰ আৰোহণ কৰক, শুভকামনা আৰু সহযোগিতা সদায়েই থাকিব৷ এটা সুনিপুণ দলৰ নেতৃত্ব কৰাই নহয়, অসমীয়া ব্যংগ সাহিত্যত মোৰ দৃঢ় বিশ্বাস ৰিন্টুমনি দত্তৰ এই প্ৰচেষ্টাই নিজৰ এক সুকীয়া স্থান লব সোনালী ভৱিষ্যতে৷

অজানিতে কৰা ভুলৰ বাবে সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনাৰে…

আন্তৰিকতাৰে,

জয়তু ফটাঢোল
জয় আই অসম৷

 

☆ ★ ☆ ★ ☆

28 Comments

  • Abhijit Goswami

    বৰ ধুনিয়াকৈ লিখিছে বা।

    Reply
  • আদিত্য

    ভাল লাগিল ।

    Reply
  • বাগ্মিতা

    ইমান ধুনীয়াকৈ লিখিছা বা????

    Reply
    • কাবেৰী মহন্ত

      ধন্যবাদ বাৰ্বী

      Reply
  • দিম্পল

    বৰ ভাল লাগিল বা । ধুনীয়া মাহ এটা পাৰ কৰিলো

    Reply
    • কাবেৰী মহন্ত

      ধন্যবাদ দিম্পল৷ মোৰো ভাল লাগিল

      Reply
  • Pranita Goswami

    সময়বোৰ বৰ সুন্দৰকৈ পাৰ হ’ল তোমাৰ লগত। ভাল লাগিল। এখন সুন্দৰ আলোচনী উপহাৰ দিলা আমাক, কৃতাৰ্থ আমি। বহুত ধন্যবাদ তোমাক। আগলৈও এইদৰেই বান্ধ খাই থাকোঁযেন….

    Reply
    • কাবেৰী মহন্ত

      বাইদেউ, বিৰাটেই ভাল লাগিল একেলগে কাম কৰি৷ সদায়ে আছোঁ?

      Reply
  • পাৰ্থ প্ৰতিম বুজৰবৰুৱা

    বঢ়িয়া বা। খুব সুন্দৰ হৈছে।

    Reply
  • হিমাংশু

    মোৰ নামো লৈছে
    ধন্যবাদ দেই

    Reply
    • কাবেৰী মহন্ত

      তুমিটো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ?

      Reply
  • বৰ ধুনীয়া হৈছে কাবেৰী বা ।

    Reply
  • দেবজিত শৰ্মা

    কাম কৰি খুব ভাল লাগিল৷

    Reply
    • কাবেৰী মহন্ত

      মোৰো বিৰাটেই ভাল লাগিল

      Reply
  • জয়ন্ত দাস

    আৰৰ কথাবোৰ বৰ সুন্দৰকৈ লিখিলে৷ ভাল লাগিল৷

    Reply
  • জিতু

    এক্কেবাৰে সাংঘাটিক লিখিলে। চেলুট।

    Reply
  • হেমন্ত কাকতি

    আৰৰ কথা পঢ়ি মন ভৰি গ’ল কাবেৰী৷ তোমাৰ বাবে এইবাৰ একো কৰিব নোৱাৰিলো যদিও সুযোগ বুজি দুৰে দুৰে খবৰ ৰাখি থাকিলোঁ যাতে ক’তো বেমেজালি নহয়৷ ফটাঢোল এতিয়া “অটোপাইলট-মোড”ত৷ এই মাহটো ধুনীয়াকৈ চলাই নিলা, তাৰ বাবে বহুত ধন্যবাদ তোমালৈ৷ লগত থাকিবা৷

    Reply
    • কাবেৰী মহন্ত

      ধন্যবাদ দাদা৷
      সদায়ে আছোঁ লগত

      Reply
  • সঞ্জীৱ।

    এখন সৰ্বাঙ্গসুন্দৰ আলোচনী উপহাৰ দিয়া বাবে আপোনাক বহুত বহুত ধন্যবাদ।

    Reply
    • কাবেৰী মহন্ত

      ধন্যবাদ সঞ্জীৱ সাহস আৰু সহযোগিতাৰ বাবে

      Reply
  • Minati Mahanta

    পৰ্দাৰ সিপাৰৰ কথাবোৰ জানি ভাল লাগিল । অভিজ্ঞতাই কৰ্ম পথাৰত সাহস দিয়ে ।

    Reply
    • কাবেৰী মহন্ত

      বহুত ধন্যবাদ?

      Reply

Leave a Reply to কাবেৰী মহন্ত Cancel reply

Your email address will not be published. Required fields are marked *