ফটাঢোল

ফটাপ্ৰশ্ন

)জয়ন্ত প্ৰীতম: প্ৰেম নোহোৱাকৈ জীয়াই থাকিব পাৰি নে মোবাইল নোহোৱাকৈ?

উত্তৰঃ- প্ৰেম নোহোৱাকৈ জীয়াই থাকিব পাৰি, মানে সকলো থাকেই। মোবাইল নোহোৱাকে জীয়াই থকা মানুহ অৱশ্যে দেখা নাই। মংগল গ্ৰহৰ ফালে থাকিবও পাৰে।

 

২)বন্দিতা জৈনঃ- সুধো-নুসুধোকৈ প্ৰশ্ন এটা মনতে আমনি কৰি আছে—-

প্ৰায়ে দেখা যায় বিয়াৰ কিছু বছৰৰ পিছত গিৰিয়েক বোৰে পত্নী গৰাকীক সন্মুখত ভয়তে ভালপোৱা দেখুৱাই—কাষেদি বেলেগ মহিলা/ছোৱালী পাৰ হৈ গ’লে ১৮০ ডিগ্ৰী কোণত ডিঙি ঘূৰাই চায়। তেখেতৰ পত্নী গৰাকীক সন্মুখতে থাকিলেও নেচায় কিয়? ইফালে ফেচবুক ৰ একাউণ্টত ইণ্টাৰেষ্ট -মহিলা লিখে। পত্নী গৰাকী মহিলাত নপৰে নেকি??

উত্তৰঃ- হে হে। কিয়নো বাঘৰ নেগুৰেৰে কাণ খজুৱাই লয়হে। এতিয়া মই পত্নীসকলৰ গুণ গাণ আৰম্ভ কৰিলে ভাল লাগিব জানো আপোনাৰ। আৰু পোৱা বস্তুতকৈ নোপোৱাটোলৈ আশা সকলোৰে বেছি হয়। চাওক দিয়ক, চাইছেহে। বাকী এনেও তেখেত নিকিনা গোলামেই আৰু।

 

৩)ৰাজু কুমাৰ নাথ:- ফটহুকাই,বিয়াৰ চিঠিবোৰত যে লিখে ‘বিনয়াবনত’! এই ‘বিনয়াবন’ ডালনো কোন ঠাইত গজে? ইয়াৰ পুলি ক’ৰবাত পোৱা যায়নে?

উত্তৰঃ- এইখন বিনয়াবনতে বিয়াৰ দুমাহ মানৰ পাছৰ পৰা বনজুই লাগে, দহি নিয়ে এফালৰ পৰা বুজিছে। ইয়াৰ পুলি নিবিছৰাই মংগল।

 

৪)দীক্ষিতা বৰা:- এই যে মানুহে বিপুল দাবী জনাই, বিপুল সঁহাৰি পৰিলক্ষিত হয়- সকলোতে যে বিপুলেই হয়; অতুল, পুতুলহঁতক নো একাষৰীয়া কিয় কৰি থয়?

উত্তৰঃ- যেনেকে কে’ছটো সদায় নগেন হয়, হৰেন বা বিৰেন নহয়, তেনেদৰেই দাবী সদায় বিপুলেই হয়, অতুল, পুতুল নহয়। নিপাতনে সিদ্ধ বস্তু।

 

৫)দেৱজিত শইকীয়াঃ– চুলিতকৈ দাড়িৰ বয়স কম কিন্তু দাড়ি চুলিতকৈ আগতে বুঢ়া হয় মানে পকে কিয়?

উত্তৰঃ- চুলি দাড়ি পকাৰ লগত আচলতে বয়সৰ সম্পৰ্ক নায়েই বুলিব পাৰি আজিকালি। তথাপি এটা কথা কও, দাড়ি পকি যে চুলি পকা নাই বুলি আপুনি ধাৰণা কৰিছে, সেইটো গডৰেজ, ইণ্ডিকা, লৰিয়েল আদিৰ কামালো হব পাৰে।

 

৬)নমশ্ৰী বৰা:- মহিলাতকৈ পুৰুষে বাছত গৈ থাকিলে যি স্থানত থাকে, ফোনত সেই স্থানৰ নাম নকৈ অলপ আগৰ ঠাইখিনিৰ নাম কিয় কয় বাৰু?

উত্তৰঃ- জানো পাই আপুনি ক’ত দেখিলে। আমি সাধাৰণতে দেৰিকৈ গৈ পাম বুলিহে ধাৰণা এটা দিও, ধৰক ঘৰ পাবলৈ এঘণ্টা লাগিলে আমি দুঘণ্টা বুলি কও। তাৰ কেইবাটাও সুবিধা আছে,

ক) কেনেবাকে গৈ পোৱা অলপ পলম হ’লে বক্ৰদৃষ্টি, থেকেছা মাৰি দিয়া চাহ আদিৰ পৰা ৰক্ষা পৰিব পাৰি।

খ) আৰু সময়ত গৈ পালে, হাতত এঘণ্টা থাকি যায়, বন্ধু বান্ধৱক মাত এষাৰ দিব পৰা যায়।

ইত্যাদি,

 

৭)জয়ন্ত কুমাৰ ডেকা:- ফিখনিখ , ৰেষ্টুৰা , বিয়াৰ অভ্যৰ্থনা আদি স্থানত কোন বেছি খকুৱাঁ ? নাৰী নে পুৰুষ ?

উত্তৰঃ- খকুৱাৰ আকৌ কি নাৰী পুৰুষ আছে, যাৰ কপালত ভোগ লিখা আছে, সি খাবই।

 

৮)অণিমা দাস:- আগতে লাহে লাহে যোৱা গাড়ীক গৰু গাড়ী যোৱা দি যোৱা বুলি কৈছিল।এতিয়া বাটে পথে গৰু গাড়ী দেখিবলৈ নাই। বহুতে গৰু গাড়ী দেখাও নাই।

প্ৰশ্ন হল এতিয়াৰ লৰা-ছোৱালীবোৰে লাহে লাহে যোৱা গাড়ীক কি গাড়ী যোৱা দি যোৱা বুলি কব?

উত্তৰঃ- বুলেট ট্ৰেইনত উঠা ল’ৰা ছোৱালীয়ে, ট্ৰেইনখন লাগে লাহে চলালে, – কি গাড়ী চলোৱাদি চলাইছ? বুলি কব।

 

৯)অঞ্জন সাধনিদাৰ:- আধুনিক নৃত্য বিলাকত দৰ্শকৰ ফালে পিঠি দি নৃত্য কিয় আৰম্ভ কৰে?

উত্তৰঃ- তাক কই চাচপেন্স। অকণমান সময় দৰ্শকক আভুৱা ভাৰি ৰাখে, দৰ্শকেও আশা কৰে, কিজানি চানী লিয়নী নিজেই আহিল।

 

১০) জয়ন্ত দাস: -“মুখা পিন্ধা ভদ্ৰলোক’’ – আমি সচৰাচৰ এই শব্দটো শুনি আহিছোঁ৷ কথা হল মহিলা সকলে মুখা নিপিন্ধে নেকি? বা পিন্ধে যদি তেওঁলোকক কি বুলি কোৱা হয়?

উত্তৰঃ- পিন্ধে পিন্ধে। কিন্তু গাৰ্হস্থ্য হিংসা আইন মতে সেইটো কথা খোলাকৈ কোৱা অপৰাধ।

 

১১)গায়ত্ৰী গোস্বামী অধ্যাপক:- মানুহক ‘জন্তু’ বুলি ক’লে ইমান বেয়া পায়,অথচ ‘সিংহ’ বুলিলেই গৰ্বত গদগদহৈ পৰে কিয়?

উত্তৰঃ- আচলতে জন্তু বুলি ক’লে কথাটো অলপ বেছি জেনেৰেলাইজড হৈ যায় নহয়, তাত আপোনাৰ শিয়াল, মেকুৰী, গাহই আদি সকলো পৰে। এতিয়া কোনেনো নিজকে গাহই বুলি ক’বলে ভাল পাব কওকচোন? সিংহ বুলি ক’লে একদম স্পেচিফিক হৈ যায়, য়েচ, বনৰ ৰজা সিংহ। গতিকে ভাল পাই আৰু।

 

১২)নীলাক্ষী ভট্টাচাৰ্য্য: -সপোনত কোনোবাই খেদিলে দৌৰিব ধৰোঁতে বাৰে বাৰে কিয় পৰি যাওঁ‌ অথবা সকলোতকৈ শেষত মই কিয় থাকোঁ‌?

উত্তৰঃ- সপোনত পিছে আপোনাক কোনোবাই কিয় খেদি ফুৰে সেইটো জানিলেহে কব পৰা যায়। কিছুমান খেদনত আকৌ ধৰা দিয়াৰ মন থকা বাবেই একেবাৰে শেষত থকা যায়।

 

১৩)ইন্দুকল্প শইকীয়াঃ-

“গৰুৰ আগত টোকাৰী বাই

কাণ মূৰ জোকাৰী ঘাঁহ খাই”

ইয়াত টোকাৰী কোনে বজাইছিল আৰু কি সুৰ তুলিছিল ? আমাৰ গৰুকেইটাই ঘাঁহ নোখোৱা হৈছে বাবে জানিব বিছাৰিছো সুৰটো

উত্তৰঃ- যিজনে এই প্ৰচেষ্টা কৰিছিল, তেৱেই নিশ্চয় এইটো প্ৰবচন আৱিষ্কাৰ কৰিছিল। আপোনাৰ গৰু কেইটাই ঘাঁহ নোখোৱা হৈছে যদি টোকাৰী বজাই লাভ নাই, আজিকালি টোকাৰীক কোনেও পাত্তা নিদিয়ে। ইলেক্ট্ৰিক গীটাৰ এখন আনি অলপ মেটেলিকা টাইপ কিব বজাই চাওক।

 

১৪)বৰ্ণালী চৌধুৰী:- আজিকালিৰ কইনাই বিয়াৰ দিনা নাকান্দি হাঁহিহে থাকে কিয়?

উত্তৰঃ- বিয়াৰ দিনা কইনাই কান্দিব লাগে বুলিনো ক’ত লিখা আছেহে? এইবোৰ পৰম্পৰা আৰু পৰম্পৰা সলনি হয়েই।

 

১৫)দ্বিজেন তামূলী:- এই যে মানুহে কয় –“বগা ভাত দিলি কাউৰীৰ অভাব নাই৷”

কিয় কয় বাৰু?

উত্তৰঃ- কাৰণ বগা ভাত দেখিলে কাউৰীৰ অভাৱ নহয়, সেয়ে কয়।

 

১৬)কন্দাৰ আঃঅ আলোম দূলোম:

যেতিয়া কিবা খেতিয়কৰ ফচল পূঁজিপতিৰ গুদামত থাকে দাম বহুত বেছি, খেতিয়কৰ হাতত থাকে দাম বহুত কম কিয় ?

যেনে-

* আলু খেতিয়কৰ হাতত ৭ টকা, পুঁজিপতি ৰ হাতত ৬০/৬৫ টকা ।

* মাটিমাহ খেতিয়ক ৰ হাতত ৫৫ টকা পুঁজিপতি ৰ হাতত ১৭০/২০০ টকা ।

উত্তৰঃ- আপুনিও তেনে পূঁজিপতি হৈ নেযায় কিয় হে? ভাল ইনকাম দেখোন। ময়ো আজিৰ পৰা চেষ্টা কৰিম।

 

১৭)উত্তম নেওগ:- যদি কালিলৈ পৰা চৰকাৰে মোবাইল ফোনৰে ফটো তোলা বন্ধ কৰি কঠোৰ আইন প্ৰণয়ন কৰে । তেতিয়া ৰাইজৰ অৱস্থা কেনেকুৱা হ’ব ?

উত্তৰঃ- ক) পানীত হাঁহ নচৰা,

খ) কুকুৰে কাঁইট নোখোৱা

গ) চালত লাও কোমোৰা নুঠা,

ঘ) উঠিলেও বৰলে বিন্ধা,

ঙ) ফ্ৰম ফ্ৰায়িং পেন টু দ ফায়াৰ

চ) আগে কুৱা পিছে খাঈ

ছ) মৰণ নহা

জ) শগুণে খোৱা

জ) চবকাত পৰা

ঝ) বিহ পৰুৱাই কামোৰা,

ঞ) কটা ঘাঁত চেঙাতেল দিয়া

আদি ধৰণৰ অৱস্থা হব, গেৰাণ্টি দিছো।

 

 

১৮)দিলীপ কুমাৰ শৰ্মা:- ঘটনাৰ পম খেদি বুলি কয়। এই পম কি বাৰু ?

উত্তৰঃ- কিয় সৰুতে চেঁচুৰ পম খেদি পোৱা নাছিল নেকি, চেঁচু গছজোপাৰ গুৰিৰ পৰা যে দীঘল শিপাৰ দৰে পম এডাল ওলাই, সেইডাল খান্দি খান্দি গৈ থাকিলেহে এসময়ত চেঁচুটো পোৱা যায়- সেইডালেই পম।

 

১৯)পূৰৱী এম কটকী:

বগাকৈ ধুনীয়াকৈ মিঠাইটোৰ নাম “কালাকান্দ” কিয় হ’ল ?

চফেদকান্দ বা বগাকান্দ কিয় নহ’ল ?

উত্তৰঃ- আচলতে কালাকান্দ বোলা মিঠাইটো তৈয়াৰ কৰাৰ আঁৰত যিবিলাক কালা কাণ্ড জড়িত থাকে (ভেজাল গাখীৰ, লেতেৰা কাৰিকৰ, দোকানৰ পৰা পেলাই দিয়া চেনী, সেইটো খাই হব লগা ডায়েবেটিছ), সেইবোৰৰ কথা সোঁৱৰাই দিবলৈয়ে তাৰ নাম কালাকান্দ ৰখা হ’ল।

 

২০)ঋতুপৰ্ণ শৰ্মা: – মানুহে যে কয়,কোটি কোটি টকা থাকিলেয়ো একো লাভ নাই,কাৰণ মৰিলে লগত একো লৈ যাব নোৱাৰে। যদি এনেকুৱা এটা ব্যৱস্থা থাকিলহেঁতেন যে মৰিলে মানুহে লগত কিবাকিবি লৈ যাব পাৰে। তেনেক্ষেত্ৰত কেনেকুৱা এটা অৱস্থা হ’ব?

উত্তৰঃ- আনৰ কথা নেজানো, মই কিন্তু মোবাইলটো লাইফ টাইম, আই মীন ডেথ টাইম ৰিচাৰ্জ ভৰাই লৈ যাম।

 

২১)দিপ্তী শৰ্মা:- মেন মানে যদি মতা মানুহক বুজায় তেতিয়া হলে “মেন ইজ মৰটেল” মানে মতা মানুহ মৰনশীল। তাৰমানে তিৰোতা বোৰ নমৰে নেকি?

উত্তৰঃ- মে’ন শব্দটোৱে মে’নকাইণ্ড ও বুজাই যে, ধৰক আমাৰ মানৱ শব্দটো। বাকী তিৰোতা মৰে নে নমৰে তিৰোতা সকলেহে জানিব। আমি আনৰ ব্যক্তিগত কথাত মুৰ নঘমাই দেই।

 

২২)জয়ন্ত কুমাৰ ডেকা:- বৃহস্পতিবাৰ বুলি ঘৰত মাছ-মাংসৰ আয়োজন নকৰা পৰিয়ালবোৰে উৰুকা , নৱবৰ্ষ , বিবাহ বা জন্মদিনত বৃহস্পতিবাৰ পৰিলে পৰম্পৰাৰ সালসলনি কৰে নে ? ঘৰৰ বাহিৰত এই নিয়ম প্ৰযোজ্য হৈ থাকে নে ?

উত্তৰঃ- পৰদেশে নিয়ম নাস্তি বুলি শাস্ত্ৰতে সুৰুঙা এটা আছেই দেখোন। বাকী ৰাইজে দেখিয়ে আছে, নে কি কয়।

 

২৩)ভূপালী দেৱী:- ৰং চিনি নোপোৱা বা ৰঙৰ পাৰ্থক্য ধৰিব নোৱাৰা মানুহক বৰ্ণান্ধ বুলি কোৱা হয় ৷ মানুহৰ প্ৰকৃতি চিনি নোপোৱাবোৰক কি বুলি কোৱা হ’ব ??

উত্তৰঃ- হয়হে বৰ ভাল কথা এটা সুধিলে- প্ৰকৃত্যান্ধ বুলি শব্দ এটা সাজিব পাৰি দেখোন।

 

২৪)উৎপলা শইকীয়া:- মোৰ ফটহুকাইক তিনিটা #ফটা_প্ৰশ্ন সুধিবলে আছে..

ক/ নিউজতযে কয় হত্যাকাণ্ডৰ ফলত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়,সেই তীব্ৰতাটো কোনডাল মাপনীৰে জোখে?

খ/ ঘটনাৰ ফলত অঞ্চলটোৰ কোনটো বয়সৰ মানুহবোৰ চঞ্চল হয় ?

গ/ ঘটনাৰ ফলত সৃষ্টি হোৱা চেপা উত্তেজনাটো কোনে চেপি দিয়েনো?

উত্তৰঃ হেৰি, একেবাৰে কলেজ হোষ্টেলত ৰেগিং কৰা দি হৰহৰাই প্ৰশ্ন সুধি দিলে যে… ৰব উশাহটো ঘুৰাই লবলে দিয়ক, দিম মই সকলো প্ৰশ্নৰে উত্তৰ দিম। দিম বুলিয়েই আহিছো। কেৱল আপোনালোকে অলপ ধৈৰ্য ধৰিব লাগিব। মাত্ৰ কিছুসময়- এইবাৰ নিৰ্বাচনত মোক জয়যুক্ত কৰি দিয়ক, মই সকলো লোকৰে সকলো প্ৰশ্নৰ উত্তৰ দিম।

 

২৫)নিশামণি শৰ্মা বৰুৱা:

মানুহে কোৱা কথা ,বেৰৰ (wall) কাণ থাকে।গতিকে যি কোনো কথা কওঁতে সাৱধান হব লাগে।এতিয়া কথা হল বেৰৰ টো মুখ নাথাকে ,কথাবোৰ শুনিলে কব কেনেকৈ??

উত্তৰঃ- কথা কব পৰা কেইবাখনো মুখ সেই বেৰৰ সিফালে আছে অ, বেৰত কাণ পাতি আছে। বেৰৰ কাণৰ পৰা গৈ কথা তেওলোকৰ কাণত পৰিবই, আৰু তেতিয়া কি হব জানেই নহয়।

 

২৬)কমলা দাস:-

আইৰ ঘৰলৈ যাম

হাঁহে মাহে খাম।

বিধাতাই বোলে

মইও পাচে পাচে যাম!

 

আগৰ দিনত জীয়ৰীয়ে মাকৰ ঘৰলৈ গ’লে,বিধাতাই পাচে পাচে কিয় গৈছিল বাৰু! আজিকালিও যায় নে?

উত্তৰঃ- যায়। বিধাতাৰ চাকৰিটোৱেই হৈছে, সকলোৰে পিছে পিছে যোৱা আৰু কপালৰ লিখন নিশ্চিত কৰা।

 

২৭)সুশান্ত কুমাৰ শৰ্মা:- “কিনা হাঁহৰ ঠোটলৈকে মঙহ” বুলি যে কয়, ভৰিপটালৈকে মঙহ বুলি কিয় নকয় ?

উত্তৰঃ- এহ, ভৰি পতা যে নোৱাৰি আৰু, ঠৌঁটটো বাৰু যেন তেন। প্ৰবচনটো আৱিষ্কাৰ কৰা মানুহজনৰ কি ঘিণ-ঘান থাকিব নোৱাৰে নেকি?

 

২৮)অণিমা দাস:

মানুহে কোৱা শুনো কিছুমান মানুহ হাত দীঘল।হা ত দীঘল বাবে তেনে মানুহে বহুতো কাম সহজে কৰিব পাৰে।

ফটহু কাই হাত দীঘল মানুহ বোৰৰ কোন খন হাত দীঘল? সোঁহাত নে বাওঁ হাত?

উত্তৰঃ- দুইখনেই দীঘল, সোহাঁতেৰে দেখুৱাই কৰিব পৰা দীঘল কামবোৰ কৰে আৰু বাঁওহাতেৰে জনচক্ষুৰ পৰা আঁতৰাই কৰিব লগা বোৰ।

 

 

6 Comments

  • Anima Das

    উত্তৰবোৰ ভাল হৈছে।

    Reply
  • ৰাজু কুমাৰ নাথ

    এগালমান ঠেংকু,ফটহুকাই।

    Reply
  • মুকুট শৰ্মা

    মজা। একদম চুঙা চাই সোপা।

    Reply
  • কাবেৰী মহন্ত

    ফটহু কাই ৰকছ্‌

    Reply
  • বন্দিতা জৈন

    দিল খুচ

    Reply
  • জয়ন্ত

    প্ৰশ্ন আৰু ফটহু কাইৰ উত্তৰ, দুয়োটাই মজ্জা৷

    Reply

Leave a Reply to কাবেৰী মহন্ত Cancel reply

Your email address will not be published. Required fields are marked *