ফটাঢোল

হেপ্পী ভেলেণ্টাইন ডেʼ-শ্ৰুতিমালা মিশ্ৰ

বাপুটি খুড়া আমাৰ অলপ দূৰ সম্পৰ্কীয় যদিও আমাৰ ওচৰতে ঘৰ। দশম শ্ৰেণীমানতে যি ভাঁজে কিতাপ-বহী জপাই সৰস্বতী আইক নিজৰ জীৱনৰপৰা বিদায় দিলে সেইভাঁজেই আৰু সেইমুৱা হোৱাই নাই তেওঁ। বৰ সহজ-সৰল মানুহ আমাৰ বাপুটি খুড়া, গাঁওখনক নিজৰ আপোন বুলি ভবা মানুহ। পঢ়া-শুনাত বৰকৈ মন-কাণ নিদিলে বাবে মাকে তেওঁক ডেকেৰুৱা তেলাল হাঁহে আঘোণত তেল ধৰাৰ দৰে হোৱাৰ নিচিনাকৈ গাত তেল ধৰোঁতেই বগুৰীহাতীৰ ফালে একেবাৰে হোজা সহজ-সৰল কইনা এজনী বিচাৰি আনি বিয়া পাতি দিলে।

স্বভাৱতে বৰ সহজ-সৰল হʼলেও বাপুটি খুড়াৰ আকৌ এটা অকৰা খং আছিল। দুটাকৈ লʼ-ছালিৰ বাপেকী হোৱাৰ পিছতো কেতিয়াবা থাওকতে খুড়ীৰ লগত উখনা-উখনি এখন লাগি যায়৷ মাজে-মধ্যে খুড়াৰ গলাটোৰে ১০০ মান ভলিউমত ৰকেট লঞ্চাৰৰ দৰে তীব্ৰগতিৰে খুড়ীৰ লগত ৰণ এখলা লাগি যায়।

এনেয়ে মানুহজন বেয়া নহয়, মোক বিৰাট মৰম কৰে যদিও মই তেওঁৰ দূৰসম্পৰ্কীয় ভতিজীহে হওঁ। মাজে-সময়ে গৈ লʼৰা-ছোৱালী দুটাক পঢ়া-শুনাৰ বিষয়েও দেখুৱাই দি আহিবলগীয়া হয় তেওঁৰ অনুৰোধত। সেইপাকতে খুড়ীয়ে সাউতকৈ মোক ঘৰৰ কʼলী গাইজনীৰ গাখীৰেৰে ওপৰত একইঞ্চিমান ডাঠকৈ চামনি পৰা থকথকীয়া এগিলাচ চাহ দি যায়, লগত দুখন গুডডেʼ বিস্কুট। চাহকানীয়াক ভালদৰেই খুড়ীয়েও চিনি থৈছে৷

অংকুৰ হ’ল বাপুটি খুড়াৰ মাজু ভায়েকৰ নুমলীয়া সন্তান৷ এইবাৰ নতুনকৈ কলেজলৈ গৈছে, ডিগ্ৰী প্ৰথম ছেমেষ্টাৰত বটানীত মেজৰ লৈ পঢ়ি আছে। পঢ়া-শুনাত বৰ এটা মন-কাণ নথকা লʼৰাটোৱে নতুনকৈ আমাৰ সৰু টাউনখনত দিয়া টাট্টু পাৰ্লাৰখনত গৈ হাতত কিবা টাট্টু এটাও বনাই লৈছে, পিছফালে ধুনীয়াকৈ সৰুকৈ পনিটেইল কৰি চুলিখিনিও বান্ধি লয়। দেইতাকক কুটুৰি কুটুৰি বাইক এখনো লৈছে। নতুন তেজাল যুৱক, অলপ চাল দিবও শিকিছে। কলেজত পঢ়া হায়াৰ চেকেণ্ডেৰী চেকেণ্ড ইয়েৰৰ ছোৱালী এজনীৰ প্ৰেমত বপুৰাই বাৰুকৈয়ে হাবু-ডুবু খাইছে। দুদিনমান তাইৰো মন বুজি লগৰ সাংগো-পাংগো দুজনমানৰ সৈতে গৈ তাইক প্ৰপোজো কৰি আহিল যোৱা ডিচেম্বৰতে। তাই ভাবি চাম বুলি কৈ সময় লʼলে দুদিনমান। সেইখিনি সময় তাৰ নাযায়-নুপুৱায় যেন হ’লগৈ। বাৰে বাৰে হোৱাটছএপত তাইৰে ডি পিখন চাই থাকে, কিবা মেচেজ আহিল নেকি বুলি আগ্ৰহেৰে বাট চাই থাকে।

প্ৰপোজ কৰাৰ আঠদিনমান পিছত অংকুৰক ছোৱালীজনীয়ে ‘য়েছ’ কʼলে। শুনি তাৰ হিয়া সাতখন-আঠখন। লাহে-লাহে ধীৰে-ধীৰে‌ ছোৱালীজনীৰ লগত সি‌ বাইকত ডেটিঙত যাবলৈ ধৰিলে। যি হʼলেও অংকুৰে বাপুটি খুড়াক, মানে তাৰ বৰদেউতাকক বাঘ হেন দেখে, বাপুটি খুড়াৰ খঙটোৰ বাবেই। সেয়ে ডেটিঙলৈ যাওঁতেও সি বৰ সাৱধানে যোৱা কৰিলে৷ কিয়নো, শ্ৰেণী খতি কৰি ছোৱালীৰ লগত ডেটিঙলৈ যোৱা কেনেবাকৈ বাপুটি খুড়াৰ চকুত পৰিব লাগিলে সেইভাঁজেই তাক ধৰি সাপ কোবোৱাদি কোবাব। তথাপি “তোৰো মনে গʼলে মোৰো মনে গʼলে কি কৰিব জাতি-কুলে”- বুলি লʼৰাই বাপুটি খুড়াৰ শেনহেন চকুত ধূলি দি কোমোৱা তুলা হৈ ছোৱালী লৈ উৰি ফুৰিব ধৰিলে। দুমাহ গʼল। আহিল ফেব্ৰুৱাৰী মাহ, প্ৰেমৰ মাহ। লʼৰাৰ মন উগুল-থুগুল, থৌকি-বাথৌ। ইউ টিউবত দেখা বিভিন্ন ধৰণৰ ভেলেণ্টাইন ডেʼ ব্যতিক্ৰমভাৱে চেলিব্ৰেট কৰিবলৈ সিও বিভিন্ন আইডিয়া লʼলে৷ ‘তাইক ফুৰাবলৈ নিব, মাকক এহেজাৰ টকা খুজিব, ছোৱালীজনীক নন্দুৰ ষ্টেচনেৰী দোকানখনৰ পৰা ধুনীয়া সৰু সৰু ষ্টʼন থকা আঙুঠি এটা কিনি তাইক পিন্ধাই দিব…’ মুঠতে হাজাৰটা সপোন, হাজাৰটা হেঁপাহ তাৰ বুকুৰ মাজত।

এনেহেন প্ৰস্তুতিৰ সময়ত কেনেবাকৈ সি ভালপোৱা ছোৱালীজনীয়ে তাক কিমান ভালপায় তাৰে প্ৰমাণ চাবলৈ অংকুৰৰ অদ্ভুত ইচ্ছা এটা‌ জাগ্ৰত হ’ল। কিন্তু কেনেকৈ এই কথাটোৰ উমান‌ ল’ব সেইবিষয়ে সি ভাবি থাকিল৷ হঠাৎ তাৰ মূৰত এটা বুদ্ধি খেলালে৷ বাপুটি খুড়াৰ মানে বৰদেউতাকৰ ছেমচাঙৰ সৰু মোবাইলটো কামলৈ গʼলেও ঘৰত এৰি থৈ যায়৷ অংকুৰৰ ডিমাগ কী বত্তি জ্বলি গʼল। ভবামতেই কাম। পিছদিনাই ‘মিশ্যন‌’ ষ্টাৰ্ট কৰিম বুলি আগদিনা নিশা সুন্দৰকৈ গায়ে-মূৰে কম্বল উৰি সি শুই থাকিল।

পিছদিনা পুৱা ভাত-পানী খাই সি বৰদেউতাকৰ ঘৰ পালেগৈ। সেইখিনি সময়ত বাপুটি খুড়া ঘৰত নাছিল, সাপ্তাহিক বজাৰলৈ গৈছে। বৰমাকক সুন্দৰকৈ চাহ একাপ কৰিবলৈ দি অংকুৰ লাগি গ’ল ‘মিশ্যন বাপুটি খুড়াৰ মোবাইল’ সফল কৰাত। সৰু ছোৱালীজনীৰ পঢ়া মেজতে যেনেতেনে সি বৰদেউতাকৰ মোবাইলটো বিচাৰি পালে। লগে লগে মেচেজবক্সটো খুলি লৈ টাইপ কৰিলে—

“জান, মই তোমাক বহুত ভাল পাওঁ। কলেজলৈ যাওঁতে সদায় তিনিআলিৰ মূৰত ৰৈ তোমাক চাই থাকোঁ। তুমি অংকুৰক ভালপোৱা দেখি মোৰ কলিজা ভাগি গৈছে। প্লিজ তুমি মোৰ হোৱা, অংকুৰক এৰি দিয়া। সি এটা মহা দগাবাজ লʼৰা। প্লিজ প্লিজ জান, মই তোমাক ‘ইনফিনিটী লেভেল’ত ভাল পাওঁ। আশাকৰোঁ তুমি মোৰ প্ৰস্তাৱটো ভাবি চাবা। কাইলৈ ভেলেণ্টাইন ডেʼ। যদি য়েছ কোৱা এইটো নম্বৰতে মোক ফোন কৰিবা।”

অংকুৰে মেচেজটো খৰধৰকৈ প্ৰেৰণ কৰিলে। ইতিমধ্যে খুড়ীয়েকে চাহ আনিলে৷ আঞ্জাৰ মাছ ধৰি খাব নজনা অজলাটোৰ দৰে চাহ খাই সি ঘৰলৈ উভতিল।

আচল ছবি পিছদিনা পুৱাহে দেখিবলৈ পোৱা গ’ল। ঢেঁকী ঘৰৰ কাষতে দমাই থোৱা খৰিৰ মাজৰ পৰা ভাল চাই মোটোহা খৰি এডাল লৈ বাপুটি খুড়া সপ্তম সুৰত বিৰাজমান হৈ ভায়েকৰ ঘৰৰ চোতালত উপস্থিত হ’ল। ইপিনে অংকুৰ বাপুৱে মিঠা মিঠা সপোনৰ আমেজ লৈ বিচনাতে আছিল৷ ভেলেণ্টাইন ডেʼ বুলি ছোৱালীজনীৰ লগত ক’ত ডেটিঙত যাব, আঙুঠিটো পিন্ধাই দিওঁতে কি বুলি ক’ব… এইবোৰেই সি ভাবি আছিল। হঠাৎ বাহিৰত কাৰোবাৰ মাত শুনি ‘ভালকৈ উমান লওঁ’ বুলি সি চকুদুটা মেলিয়েই দেখিলে ফলাকাঠ এচটা সোঁহাতত আৰু সৰু ফোনটো বাওঁহাতত লৈ তাৰ সন্মুখত বিৰাজমান বৰদেউতাক। পুৱাই পুৱাই বপুৰাৰ কলিজা কঁপি উঠিল৷ বৰদেউতাকৰ পিছফালে একেই টিঙিৰিতুলা ৰূপত তাৰ দেউতাক৷ দুয়োৰে ৰুদ্ৰমূৰ্তি দেখি অংকুৰ একেজাঁপে শৱাসনৰ পৰা চিধাই সাৱধান আসনলৈ আহিল।

হাতত ফলাখৰি লৈয়েই বাপুটি খুড়াই একেটানে তাক চোঁচৰাই আনি চোতাল পোৱালে। লগে লগে ফলাখৰিৰে অথালি-পথালিকৈ দিলে কেইকোবমান। খঙতে বকিলে বাপুটি খুড়াই—

: মৰন্নহ চলি, মোৰ মোবাইলৰপৰা আপীক মেচেজ দিছা? অই জান তুমি মোক ভালপোৱা নে? আজি তোৰ কি ডেʼ আছে? ভেলেণ্টাইন ডেʼ? ৰহ্‌ আজি তোৰ এতেই মই হেপ্পী ভেলেণ্টাইন ডেʼ চেলিব্ৰেচন কৰাম। আপীৰ ধাণ্ডা? তাকো মোৰ মোবাইলৰ পৰা মেচেজ দিছা? এই ৬৫ বইচৰা বুঢ়া মানহুটুক ব্ৰহ্মপুৱাতেই আপীয়ে গালি দিছি লাজ নহ নিধক বুঢ়া বুলি৷ তোৰ ধৰি আজি মই আপীৰ ঘৰৰপৰা গালি খাবা লাগা হৈছি? তোক আজি মই এতেই মুৰিঘণ্ট বানে দিম, ৰহ্‌ বেটা। পঢ়া-পাতি নাই, কলেজত বাইক নি আপীৰ লগত পীৰিটি? তোৰ আজি ভেলেণ্টাইন ডেʼ মই আজি ভেণ্টিলেশ্যন ডেʼ বানে দিম ৰহ্‌! বৰদেউতেৰেৰ লগত তেৰি-মেৰি কৰবা আইচাহ? দি আচু ৰহ তোক৷…

ইপিনে মাৰৰ কোবত অংকুৰৰ বচন বাহিৰ হ’ল মুখেৰে—

: আয়ৌ ডাঙাৰপিতি, নামাইৰবি৷ তাই মোক কেমান ভালপায় সেটু জাইনবাক লেগিহে মেচেজ দিচলু তোৰ ফোনেদি৷ আজিৰপে এনাই নক্ৰু, এৰি দি মোক৷ আজি ক্ষমা কৰি দে৷ আৰ আপীৰ দেখি নাচং, তোৰ শপত।

চকুৰ সন্মুখতে এইহেন দৃশ্য দেখাৰ পিছত মোৰো মুখেৰে ওলাই গ’ল—

“অংকৰঅ’ হেপী ভেলেণ্টাইন ডে’।”

☆ ★ ☆ ★ ☆

18 Comments

  • ৰাজশ্ৰী শৰ্মা

    হাঁহি মৰিছো অ শ্ৰুতি।

    Reply
  • বন্দিতা জৈন

    ?????ভাল লাগিল দেই

    Reply
  • ৰামানুজ

    তোমাৰ উপমামূলক বাক্য কিটাই লেখাটোক বৰ উধালে..
    ভাল লাগিল…

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    নমঃমস্তক ধন্যবাদ জনালোঁ ৰাজশ্ৰী বা, বন্দিতা বা আৰু ৰামানুজ দা ??

    Reply
  • কমলা দাস

    হাঁহি মৰিলো ???

    Reply
  • মিলন চন্দ্ৰ দাস

    বৰ ভাল লাগিল।

    Reply
  • বাগ্মিতা

    বৰ ভাল লিখিছা শ্ৰুতিমালা!???

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    আটাইলৈকে আন্তৰিক ধন্যবাদ জনালোঁ ??

    Reply
  • Anjan

    ভাল লাগিল দেই৷ এনকৈয়ে লিখি থাকিবা আমি পঢ়ি থাকিম

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    ধন্যবাদ জনালোঁ দাদা ??

    Reply
  • ডলী

    জান তুমি ইমান ধুনীয়াকৈ লিখিছা। বহুত হাঁহিলো দেই।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    ভাল লিখিছা৷

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    ধন্যবাদ জনালোঁ আটাইলৈকে ??

    Reply
  • মানসী

    আই ঔ ভেলন্টাইন ডে’ পকিল…

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    আন্তৰিক ধন্যবাদ জনালোঁ মানসী বাইদেউ ??

    Reply
  • প্ৰদীপ বৰা

    ভেলেণ্টাইন ডে একেবাৰে তুলতুলীয়াকৈ পকিল অংকুৰৰ ৷

    Reply
  • জিতু

    কিচ্নঅঅঅ।

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    ধন্যবাদ আটাইলৈকে ??

    Reply

Leave a Reply to জিতু Cancel reply

Your email address will not be published. Required fields are marked *