বাসন্তী- কমলা দাস
বাসন্তীৰাণীজনী! পুনৰ আহিলি তই! চঞ্চলমতী তই! আহিয়েই আকাশখনত জুই লগালিহি! তোৰ ৰূপৰ জুইয়ে চগাবোৰক পুনৰ আকৰ্ষণ কৰিলে। বিৰহী কবিয়ে কাপ মৈলান লৈ ব্যস্ত হৈ পৰিল তোৰ গান গাবলৈ, তোৰে সৈতে সপোন ৰচিবলৈ! তোৰ উন্মনা উত্তাপ সহিব নোৱাৰি মদাৰ, পলাশেও দগ্ধ হৈ, শেষৰ খিলালৈকে ত্যাগ কৰি লঠঙা হৈ পৰিব! অপেক্ষা কৰিব, বহাগৰ ন সাজ পিন্ধিবলৈ!
তোৰ লগতেইচোন বতাহত ৰিণিকি ৰিণিকি বাঁহীৰ সুৰ এটাও যেন ভাঁহি আহিল! দূৰৈৰ কোনোবা গুৱালে হয়তো বেৰত ওলোমাই থোৱা পেঁপাটিও মচি কাচি ফুঁ দি চাইছে! এনেকুৱা ৰিঙা ৰিঙা লগা সময়তে হাত দুখন পীড়পীড়াই উঠে চেনেহৰ বিহু ঢোলটিত চাপৰ এটি মাৰিবলৈ। মৰম লগাকৈ নাচনীজনীক ক’বলৈ মন যায়
“তোৰো মন গ’লে, মোৰো মন গ’লে, আমি দুয়ো এইবেলি বহাগতেই একেলগ হ’ম দেই মইনা!”
বাসন্তী ঐ, তোৰ উৰুঙা বতৰতে চাৰিওফালে ধূলিময় হৈছে জগতখন। চঞ্চল বতাহে নাকে মুখে ধূলিসোপা সুমুৱাই দি, মনবোৰো চঞ্চল কৰি তুলিছে৷ ৰিঙা ৰিঙা মনেৰে কাণ উণাই আছোঁ৷ ঢেঁকীৰ ঢেংকুৰুচ, তাঁতৰ খিটখিটনি, কিজানিবা ক’ৰবাৰপৰা ভাঁহি আহেই! কিজানিবা শুনিবলৈ পাওঁ ক’ৰবাত হোৱা বিহু আখৰাৰ ঢোলৰ শব্দ নাইবা লাহী সুৰত গোৱা নাচনীৰ যোজনা ফাঁকি! পিচে নাই৷ বৃথা আশা৷ সেইবোৰৰ সলনি “ছাগালে পাৰে দিমা, দিনদয়াল কৰুণাময়, ৰাম নাৰায়ণ” হে ভাঁহি আহেচোন!
ঘৰতো নবহে মন সমনীয়া, পথাৰতো নবহা মনটো মোৰ৷ কি কৰোঁ, ক’লৈ যাওঁ যেন লাগিছে অ’ বাসন্তী৷ মাজে মাজে অবুজন কুলিজনীয়ে কুঁউ কুঁউ কৈ মিঠা মাত মাতি মনটো একেবাৰে চঞ্চল কৰি তুলিছে। মনটোৱে একেবাৰে নমনাত সেয়ে প্ৰিয়তমালৈ বুলি কাউৰীঠেঙীয়া আখৰেৰে চিঠি এখনকে লিখিবলৈ বহিলোঁ।
‘কৃষ্ণ’
মৰমৰ প্ৰাণেশ্বৰী,
সিদিনা লগৰীয়াৰ সৈতে তোমাক ৰবাব টেঙা খাই থাকোঁতে দেখাৰে পৰাই মনটো মোৰ থিতাপি নলগা হ’ল। জ্বলা-টেঙা খাই তুমি যে তক্ কৈ টকালি পাৰিছিলা, তেতিয়া মোৰো জিভাৰ পানীৰে মুখখন ভৰ্তি হৈ গৈছিল জানা৷ মুখৰ পানীখিনি ঢক্ কৈ গিলি থৈ অনুভৱ কৰিছিলোঁ, তুমি বহুত ধুনীয়া। মাগুৰ বৰণীয়া তুমি, মুখৰ আকৃতি হাঁহ কণীটোৰ নিচিনা। পিচে অকল টেঙা খাই, ঘূৰি ফুৰিলেই নহ’ব নহয় সোনজনী! বিহু আহিবৰেই হ’ল চোন! এইবেলিও তাঁতত গামোচা জুতি লগালানে তুমি? এতিয়া মানে তুমি চাগৈ চিগা সূতা জোৰাবলৈ ভালদৰে শিকিছা! শালিকী জঁট ভাঙিবলৈও পৰা হৈছা কিজানি! এইবেলি তোমাৰপৰা বিহুৱান এখন পাবলৈ আশা কৰিলোঁ দেই৷ যোৱাবাৰচোন তোমাৰে মোৰে ভুল বুজাবুজিৰ বাবে মোলৈ বোৱা গামোচাখন মোক নিদি সাতোলাৰ পুতেক মদনক হে দিলাগৈ৷ তাৰ আগলৈকে কমখন সপোন ৰচিছিলোঁনে মই! মাকো দেই গৈ মাছ মৰা জালৰ লেখিয়া হোৱা সেইখন গামোচাৰে আমি দুয়ো বহাগৰ ন পানীত জঁপিয়াই ফুৰা দৰিকনা মাছবোৰ একেলগে ধৰিম! আমাৰ সপোনবোৰে ন কুঁহিপাত মেলিব!
হাজাৰ হ’লেও সেইখন তুমি নিজহাতে বোৱা গামোচা আছিল৷
আজিকালিচোন বিহুত উপহাৰ পোৱা গামোচাখনো, চেন্নাইয়ে দয়া কৰি পঠিওৱাবোৰ হে পাওঁ৷ দোকানৰপৰা অনা সেইখন গামোচাৰে মুখ-হাতহে মচিব পাৰি, চেনেহীৰ মৰম নাথাকে তাত৷ আই-বাইৰ ঘামৰ গন্ধো নেপাওঁ সেইখনত৷
তুমি নিজহাতে বোৱা সেইখন গামোচা নেপাই মাজনিশা ৰৈ ৰৈ বিনোৱা কেতেকীজনীৰ দৰে, ময়ো হিকটি হিকটি, উচুপি উচুপি কেইবাদিনো তপত দুধাৰি বোৱাই শেতেলীৰ গাৰু তিয়াইছিলোঁ। পিছদিনা আইয়ে মোৰ বিচনাখন ঠিক কৰোঁতে দেখা পাই মোক কুকুৰে কাঁইট নোখোৱা মৰমৰ গালিবোৰ উপহাৰ দি বহুদিন ৰ’দাই ৰ’দাই গাৰুটো শুকুৱাইছিল৷ চকু পানীৰে খলমা বন্ধা গাৰুৰ ওৱাৰটোও ধুই দিছিল। উটি গৈছিল মোৰ হেঁপাহখিনিও৷
সেয়েহে ভমকাফুলীয়া নহ’লেও, ঘাম মচিব পৰাকৈ হ’লেও তোমাৰ হাতৰ সৰু গামোচা এখনিকে আশা কৰিলোঁ দেই মইনা৷
আৰু নো কি লিখিম? অ’, মনত পৰিছে৷ আমাৰ নাৰিকল গছত লগোৱা কপৌ ফুলজোপা এইবাৰ ফুলিছে। তাৰ পৰাই দীঘলীয়াডাল তোমাক দিম দেই খোপাত মেৰিয়াবলৈ। অ’, খোপা বুলি কওঁতে মনত পৰিল, চহৰলৈ গৈ কাৰ্ল কৰি অহা তোমাৰ চুলিখিনিৰে খোপা বান্ধিব পাৰিবানে? নোৱাৰিলেও নাই বাৰু। আজিকালি দোকানবোৰত ৰেডিমেদ খোপা বহুত পায়৷ তাৰেই এটা আনি বান্ধি লৈ, মই দিয়া কপৌপাহ লগাই ল’বা দেই সোনজনী৷ মূগাৰ সাজেৰে সৈতে বহুত ধুনীয়া লাগিব তোমাক৷
বিহুতলীত লগ পোৱাৰ আশাৰে, বহুতো মৰমেৰে আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। উত্তৰ দিবা৷
ইতি,
তোমাৰ চেনাইধন।
চিঠিখন প্ৰেয়সীক দিবলৈ দিহা কৰোঁ দেই বাসন্তী। নাজানো, চিঠিৰ উত্তৰ আহে নে নাহে! তই পিচে প্ৰেমিকযুগলৰ খবৰ ল’বলৈ, মনবোৰ উন্মনা কৰিবলৈ আহি থাকিবি দেই৷
☆ ★ ☆ ★ ☆
5:33 pm
সুন্দৰ
6:20 pm
ধন্যবাদ জনালোঁ
5:52 pm
বঢ়িয়া লাগিল বাইদেউ।
6:21 pm
ধন্যবাদ বন্দিতা
6:59 pm
ভাল লাগিল মাহী
11:07 am
ধন্যবাদ ৰাজশ্ৰী
7:49 pm
ভাল লাগিল বাইদেউ।
11:08 am
ধন্যবাদ জনালোঁ
5:39 am
বঢ়িয়া
11:08 am
ধন্যবাদ জনালোঁ
5:45 pm
বঢ়িয়া লাগিল বাইদেউ
8:04 pm
ধন্যবাদ জনালোঁ