ফটাঢোল

শিল্পীৰ পৃথিবীত নিৰঞ্জন নায়ক

আন দহজনৰ দৰেই এজন কলেজৰ ছাত্র। কিন্তু আনতকৈ কিছু ব্যতিক্ৰমী চিন্তাৰে অসাধাৰণ প্ৰতিভাৰ আকৰ এই যুৱ শিল্পী গৰাকী হৈছে ডিগবৈ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ ছাত্ৰ নিৰঞ্জন নায়ক। চিত্ৰকলাৰ সাধক নিৰঞ্জন নায়ক তিনিচুকীয়া জিলাৰ মানখোৱা চাহ বাগিচা, ৰূপাইৰ বাসিন্দা।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈ গৈছিল “প্ৰত্যেক মানুহেই একো একোজন শিল্পী।” মানৱ মনৰ গভীৰ কোণত লুকাই থকা সেই শিল্পী গৰাকীৰ শিল্প প্ৰতিভাৰ পুলিটোৱে যেতিয়াই বৃক্ষৰ ৰূপ ধাৰণ কৰে তেতিয়াই সৃষ্টি হয় কিছু কালজয়ী শিল্পৰ।

” বহু দিন শুনা নাই , জীয়া শিলে কথা কোৱা” – মনজ্যোৎস্না মহন্ত বাইদেউৰ কণ্ঠত সেই গীতটি নিশ্চয় সকলোৱে শুনিছে। যুৱ শিল্পী নিৰঞ্জনৰ শিল্পকৰ্মই যেন সেই কথাকে বাৰে বাৰে দোহাৰে। নিৰঞ্জনৰ হাতৰ পৰশত এটি নিৰ্জীৱ শিলাখণ্ডইয়ো প্ৰাণ পাই উঠে। বিগত বৰ্ষৰ কৰʼনা মহামাৰীৰ সংহাৰৰ সেই বিষময় সময়ৰ মাজতে নিজস্ব প্ৰতিভাৰে উজলি উঠিছিল নিৰঞ্জন নায়ক।

নিৰ্জীৱ শিলত আঁকি গৈছিল এটাৰ পাছত আন এটা ছবি। অসমৰ বিভিন্ন পক্ষী যেনে – ধনেশ, হেতুলুকা , সখিয়তি ইত্যাদিক শিলৰ কেনভাচত জীৱন্ত ৰূপ দিছিল নিৰঞ্জনে। তেওঁৰ এই শিল্প কৰ্মক ইউনিচেফ ইণ্ডিয়াই স্বীকৃতি প্ৰদান কৰি সামাজিক মাধ্যমৰ মাজেৰে জনসাধাৰণৰ মাজলৈ উলিয়াই আনে।

ষ্ট’ন আৰ্ট অৰ্থাৎ শিলত অংকন কৰা চিত্ৰ সমূহৰ উপৰিও নিৰঞ্জনে ৱাল পেইণ্টিঙতো সুনাম অর্জন কৰিবলৈ সক্ষম হৈছে । তেওঁ কেইজনমান বন্ধুৰ সৈতে মিলি ডিগবৈ মহাবিদ্যালয়ৰ প্ৰাচীৰসমূহ সুন্দৰকৈ বিভিন্ন চিত্ৰৰে ভৰাই তুলিছে । যিহেতু নিৰঞ্জনৰ শিল্প কর্মৰ মূল উদ্দেশ্য হৈছে প্ৰকৃতিৰ সংৰক্ষণ; গতিকে তেওঁৰ এই কামত সঁহাৰি জনায় এই ক্ষেত্ৰত প্ৰয়োজনীয় সকলো সামগ্ৰী ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াই যোগান ধৰে।

ইতিমধ্যে নিৰঞ্জনে নৰ্থ ইষ্ট ইউনাইটেডৰ বাবেও বহু কেইটা প্ৰজেক্টত কাম কৰাৰ লগতে “হাইলেণ্ডাৰ নৰ্থ ইষ্ট”ৰ মুখ্য চিত্ৰকৰ হিচাপে নিয়োজিত হৈ বিভিন্ন ঠাইত ৱাল পেইণ্টিংসমূহৰ জৰিয়তে বন্যপ্ৰাণী সংৰক্ষণৰ সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে।

নিৰঞ্জন নায়ক এজন শিল্পী হোৱাৰ লগতে এজন প্ৰকৃতিপ্ৰেমীও। “আৰণ্যক” নামৰ উত্তৰ পূৰ্বাঞ্চলৰ এটি পৰিৱেশ সংৰক্ষণ গোটৰ এজন সক্ৰিয় সদস্য হোৱাৰ লগতে তেওঁ ডিগবৈ মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ সদস্য হিচাপে এই ধৰণৰ বিভিন্ন জনকল্যাণমূলক কামত সততে অংশগ্ৰহণ কৰি আহিছে। তেওঁ স্নাতক প্ৰথম ষান্মাসিকৰ পৰাই এন এছ এছৰ সৈতে জড়িত । তেওঁ এই গোটৰ অধীনত অনুষ্ঠিত কৰা দুখন কৰ্মশালাত যোগদান কৰাৰ লগতে তেওঁৰ নিজা এলেকা মানখোৱা, ৰূপাইতো এনে ধৰণৰ সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে।

নিৰঞ্জনে ভৱিষ্যতে অসমৰ অৰণ্যসমূহত উপলব্ধ হোৱা সমস্ত জীৱ-জন্তুক তুলিকাৰ মাধ্যমেৰে ৰাইজৰ মাজলৈ আগবঢ়াই নিয়াৰ এটি সপোন পুহি ৰাখিছে । তেওঁ আৰু তেওঁৰ বন্ধু সকলে কৰি অহা এনে ধৰণৰ বিভিন্ন গঠনমূলক কামত যদি কোনো ছাত্ৰ ছাত্ৰী জড়িত হব বিচাৰে তেন্তে তেওঁৰ সৈতে যোগাযোগ কৰিব পাৰে বুলিও তেওঁ জানিবলৈ দিয়ে।

 

যুগুতালে অৰ্চন শৰ্মায়ে

☆ ★ ☆ ★ ☆

5 Comments

  • ৰাজশ্ৰী শৰ্মা

    ভাল লাগিল।

    Reply
  • মিলন চন্দ্ৰ দাস

    শিল্পীজনক আমাৰ মাজত চিনাকি কৰাই দিয়াৰ বাবে ধন্যবাদ জনালো।

    Reply
  • প্ৰদীপ বৰা

    এটা নতুন খবৰ পালো ৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    সুন্দৰ প্ৰতিভা৷

    Reply
  • দীক্ষিতা

    শিল্পী জনৰ বিষয়ে জানি ভাল লাগিল।

    Reply

Leave a Reply to ৰঞ্জিত কুমাৰ শৰ্মা Cancel reply

Your email address will not be published. Required fields are marked *