ফটাঢোল

টোপ – অসীমা শইকীয়া দত্ত

ইলেকচনৰ বতৰ৷ ৰাষ্টাৰে গাড়ীবোৰ ভোঁ-ভোঁৱাই গৈছে। আবতৰীয়া ঢোলৰ মাতত কুলিকেইজনীয়েও ফাগুনতে বহাগ বুলি অসম পালেহি হ’বলা, ফাগুনতে কুলিয়ে কণী পাৰি দিব লগা গতি কৰি পেলালে ইলেকচনে৷ চোতালৰ পৰা ডিঙি মেলি কণপোনাৰ মাকে ভোৰভোৰাই চাই আছিল। হাততে বজাৰৰ মোনাটো লৈ ওচৰৰ দোকানখনলৈ বুলি ওলাল। আলু, 

পিয়াঁজ একো নাই ঘৰত। যিহে ৰাষ্টাত জিন্দাবাদৰ গাড়ী, ওলাবলৈকে ভয়। কণপোনাৰ মাকে জপনা খুলি ৰাষ্টালৈ ওলাইছে মাত্ৰ, সিমূৰৰপৰা আহি থকা জয়ন্তৰ চিঞৰ,

: অ’ খুইদৌ ভোটটো এইবাৰ আমাৰ দলকে দিব। জানেই চেণ্ট্ৰেলত কোন। বেলেগক দি একো লাভ নহয়। ফ্ৰিকে বহুত বস্তু দিছে আৰু পাব।

 মানুহজনীৰ মুখখন চোকা অলপ,

: হেয়ি নহয় সোমেশ্বৰৰ পুতেক, ফিৰি মালৰ আশাত ভোটটো যে দিবলৈ কৈছ, ৰঙা বুট, চাউলকিটাহে ফিৰি আছিল। সৈ পোকে খোৱা ৰঙা বুটগাল ফিৰিত যে দিছে, ঘৰে ঘৰে কি ঘোঁৰা পুহিছোঁ নি? আউ সেই চাউল ফিৰি পিচে আলু, পিয়াঁজ, দাইলতচোন দুগুণ দাম দি কিনিব লগা গতি। কিবা বুলেনে, সৈ কোম্পানীৰ অফাৰৰ ৯৯ ৰ দৰে কেচটো। অমুকৰ দাম ৯৯৯, এহেজাৰ বুলি নকয়৷ শুনিবলৈ ভাললগা ৯৯৯ টো। সৈ তেনেকুৱা কণ্ডিচনৰ ফিৰি মাল নাখাওঁ অ’ বোপাই।

মানুহজনীয়ে বকি জকি ওচৰৰ দোকানখনত সোমালগৈ৷ তাতে জয়ন্তও সোমাল, দোকানিক অৰ্ডাৰ দিছে পিয়াঁজ এক কে: জি: জুখিবলে। তেনেতে বাজিল তাৰ ফোনটো। তাক সকলোৱে গাঁৱত মিনি এম এল এ বুলি কয়। যিটো দলৰে এম এল এ জিকে, তাৰে ধেমাধৰা সি। বাজি উঠা ফোনটো ৰিচিভ কৰি সি  উনৈশত বা বলাবলে লাগিল,

: হেলেউ, এএ বৈশ্য দা, মই ঘৰত নাই। চি এমৰ লগত দিল্লীলৈ আহিলোঁ। অ’ অ’ পৰহি মানলে ঘূৰিম। এ নক’ব বুইছে সৰ্বাদাই জোৰ কৰিলে, গুচি আহিব লগা হ’ল।

পিয়াঁজ জোখা বেপাৰীৰ মেলা মুখত ইতিমধ্যে তিনিটামান ভেনামাখীয়ে সোমাবলে আহি তামোলৰ ভেকেটা গোন্ধত আঁতৰি গৈছে। দোকানিৰ মনত ভাব এইটো, ইচোন মোতকেও মিলাৱত ওলাল। মই দাইলত শিল মিলাওঁ ইচোন জিভাত চি এমক মিলাই দুনীয়া হিলাই দিছে। কণপোনাৰ মাকে পিছফালৰ পৰা জয়ন্তলে হেপা মালি চালে,

: অ’ বোপাই ইমান মিছা কথাৰ ট্ৰেইনিং মাৰৰ পেটত ল’লিনে, চৰকাৰৰফালৰ পৰা শিকাবলে কিবা কৰ্মশালা দিয়ে হয়নে? বৰ জহনীযোৱা দেই, আঁতৰ। মোক বস্তু ল’বলে দে।

দোকানখনতে থকা, অচিনাকি এজনে সুধিলে জয়ন্তক,

: বোপাই ঘৰ ক’তনো তোমাৰ হয়নে?

সি হিঃ হিঃকৈ হাঁহি ক’লে,

: অ’ হেৰি, এম এল এ-জনক চিনে নহয়, ভোটটো দিব দেই বৰ্তা৷ মোৰ ঘৰ, তেখেতৰ ঘৰৰ ওচৰতে৷

কণপোনাৰ মাকে ভেকেহিয়াই উঠিল,

: ঐ শগুন তোৰ ঘৰ ক’তহে সুধিছে। সৱতে ৰাজনীতি সান কিহ’লে? তোৰ কি সৱ পৰিচয় পুৰি খালি নি? তোৰ পাৰ্টিৰ এম এল এটো জিকিবলে হ’লেচোন, তই তোৰ বডীটোৰো গাৰ্ড লৈ ফুৰিবি। ধেমাধৰা গোছ মোক যাবলে দে।

সি পিছফালৰ পৰা চিঞৰি উঠিল,

: অ’ খুইদৌ কাইলৈ বাছ ধৰি দিছোঁ, ওলাব ৰাইজৰ লগত। আমাৰ চি এম আহিব মিটিঙলে।

মানুহজনী ফোঁ-ফোঁৱাই আগবাঢ়িল।

: আহিব, মিটিঙ কৰিব, গাডী ল’ব, পিঠি দিব। পোকে ধৰা ৰঙা বুট গাল ফিৰি দিব, চিলিণ্ডাৰৰ দাম, বজাৰৰ বস্তুৰ দাম কচি ল’ব। তাত নিয়ন্ত্ৰণ নোহোৱা হয়। সৈখন কিবা বুলেনে বিমুদ্ৰাকৰণত আধা ব্যৱসায়ী দেউলীয়া হ’ল। চাকৰি কৰাবোৰ বাছিল, দলৰ চামচাবোৰে ঠিকা-ঠুকলি কাম পাই বাছিল। মৰিল ক্ষুদ্ৰ ব্যৱসায়ী। লগতে আহিল কৰণা। তাৰ পিছততো আধা ধাৰত পোত গৈ চুইচাইদ কৰি মৰিল। আগৰ চলি থকা বন্ধ কল-কাৰখানাবোৰৰ, কাম কৰা মানুহবোৰ সংস্থাপনহীন হৈ বাটলে ওলাব লগা গতি।

ভোৰভোৰাই মানুহজনী ঘৰলৈ পোনালে৷

পিছদিনা ঘৰৰ আগত মানুহৰ হো-হোৱনি। চি এম আহিব, সিহঁতৰ জিলালৈ। জয়ন্তই পুৱাই সৱকে সঁকিয়াই গ’লহি, বাছ ৰেডী। কণপোনাৰ মাকো ওলাল, ডাঙৰ মানুহ আহিব চাওঁগৈচোন বুলি। সুবিধা পোৱা নোপোৱাটো পিছ কথা। জয়ন্ত আছেই মিনি এম এল এ৷ ওচৰৰে দুজনীমানৰ লগত কণপোনাৰ মাক আগবাঢ়ে। ফিল্ডত হেঁচা-ঠেলাত সিহঁতৰ গতি নোহোৱা হয়। তাতে চেনেল গাড়ীৰ হেতা-ওপৰা; সাক্ষাৎকাৰ লৈছে তালৈ যোৱাবোৰৰ।

কনপোনাৰ মাকে জয়ন্তক দেখি, বহিবলে চকী-বেঞ্চ পাবনি ক’ৰবাত সুধিবলৈ আগবাঢ়ে। কাৰ মূৰটোত বহি মিটিঙ শুনিবলে টানি ফুৰিছিলি বুলি তাক গালি দিবলে লওঁতেই ওচৰ গৈ পায় দেখে জয়ন্তৰ গতি নিজৰে নাই৷ জিৰাফৰ দৰে ডিঙি মেলি ৰাইজৰ হেঁচাত মঞ্চলৈ চাই আছে চি এমৰ ভাষণ শুনি। ঘামত গোটেইটো জুৰুলি-জুপুৰি। কণপোনাৰ মাকে মাতিবলে লওঁতে শুনে, সি ফোনত বিজি কাৰোবাৰ লগত,

: অ অ মেধী দা, এ মই মিটিঙত। আপুনিও মিটিঙতে আছে? অ অ মোক নেদেখিব; মই সৰ্বাদাৰ লগত মঞ্চত। সৰ্বাদাৰ পিছফালে বহি আছোঁ। দূৰৰ পৰা নেদেখিব। অকে থৈছোঁ। ডিষ্টাৰ্ব হয় ফোনত কথা পাতিলে৷ মঞ্চত বহি আছোঁ যে৷

 কণপোনাৰ মাক তাতে মৰণা মৰা তিলৰ দৰে বেত মেলিল। কোনোবা এটাই টানি আছিল, তেওঁ গমেই নাপায়। ঘূৰি চাই দেখিলে, চেনেলৰ মানুহ। কথা কোৱাটো আগবঢ়াই দি কেমেৰালৈ চাই কিবা এসোপা ফেনাইছে সাংবাদিকজনে৷

: হয় আমি এয়া উপস্থিত আছোঁ জেৰেঙা পথাৰত৷ আমি সুধিব বিচাৰিছোঁ ইয়াৰে এগৰাকী সচেতন নাগৰিকক, ইলেকচনৰ বতৰ যিহেতুকে, ভোট কাক দিব। হয় বাইদেউ আপুনি, চলিত চৰকাৰক লৈ সন্তুষ্ট চাগে৷ সেয়ে হয়তো আহিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক চাবলৈ। এইবাৰ কোন জিকিব বুলি ভাবে আপুনি? ভোট কাক দিব আপুনি?

 মাইক্ৰফোনৰ আগত কণপোনাৰ মাক,

: ভোট কাক দিম নকওঁ, কিহ’লে ক’ম? কিন্তু চৰকাৰক ভালপাই ইয়ালে ঢপলিয়াই আহিছোঁ বুলিও নকওঁ, আমাৰ গাঁৱৰ জয়ন্তই বাছ ধৰি দিছে৷ মিটিঙলে গ’লে পইচা পাম বুলি ক’লতহে আহিছোঁ। বাকী মুখ্যমন্ত্ৰীক চাবলে আহি মোৰ কি লাভটো হ’ব। কৰি খোৱা মানুহ কৰি খাইছোঁ৷ বজাৰত বস্তুৰ দাম কমিলেই হ’ল। 

সাংবাদিক আগবাঢ়ে কণপোনাৰ মাকৰ লগৰজনীৰ ওচৰলে,

: বাইদেউ এইবাৰ ভোট কাক দিব?

: কোন উঠিছে ভালকে গম নেপাওঁ। সৈ আমাৰ ছোৱালীজনীয়ে ৰঙা স্কুতি পোৱাৰ বাবে জয়ন্তই জোৰ কৰাত আহিলোঁ। কিবা বোলে বুলেট দিব ল’ৰা থকাবোৰক৷ জয়ন্তই সেইদে কৈ বাছ ধৰি দিলে আহিলোঁ। মোক পিচে স্কুতিখন নালাগে৷ পেট্ৰলৰ দাম বঢ়াই দিলে৷ খীৰতি গাইহে হ’ল সৈখন। ছোৱালীৰ খৰচহে বাঢ়িল। তাইৰ কৰ্মসংস্থাপনৰ বাবে বেলেগ কিবা দিবনে সুধি দিবাচোন বোপাই৷

সাংবাদিক আগবাঢ়ে অন্যজনীৰ ওচৰলৈ৷ তেওঁ লাহেকৈ, “অ’ মোৰ লগৰবোৰে এৰি থৈ যাব, বাছ গুচি গ’লে কিহত যাম” বুলি দৌৰে।

তেনেতে হেপাই ফোপাই জয়ন্ত ওলালহি।

: অ খুইদৌ কিবা খালেনে। মই মানে চি এমৰ লগত বিজি আছিলোঁ।

জকজকাই আহে কণপোনাৰ মাকৰ লগৰজনী,

: হঞে জয়ন্ত তই কৈছিলি চৰকাৰে কিবা দিব মিটিঙত কিডাল দিলে?

 : এ খুইদৌ দিব নহয়। কাইলৈ ব্লকত দিব। ওলাব তালে।

: কি দিব অ জয়ন্ত?

: ফণী দিব এইবাৰ। তাঁত বওঁতে লাগে মহিলাবোৰক।তাঁত এযুটি লগাওঁতে বৰ দৰকাৰী ফণীখন। আকৌ সদায় ব্যৱহৃত সেই পদেইচোন৷

ফণীয়ে কি কৰিম বুলি জকজকাই উঠিল দুজনীমান৷

: ৰঙা পোকে খোৱা বুট গালতে আটিছে। আজিলৈ চৰকাৰী আঁচনিবোৰত নাম ভৰাই টকা এটাও নাপালোঁ। ধেমাধৰা সোপাই খালি গোট খাই।

নামঘৰলে টকা দিছে ভগৱান লাখটকীয়া ঘৰত থাকিব৷ সিফালে হাস্পটালখনত অক্সিজেন নেপাই, তেজ নেপাই মানুহ মৰিছে৷ সুবিধা নাই একো, বিল্ডিংবোৰহে বনালে। 

মহিলাৰ জকজকনিত জয়ন্ত আঁতৰি দিলে৷ পিছদিনা ফণী আনিবলে যোৱা ভীৰটোত সি মন কৰালে কালি জকজকাই অহাকেইজনী আগেভাগে গৈছে। সি মিচিককৈ হাঁহি উঠিল৷ জানে ভালকৈ জানে মানুহৰ দুৰ্বলতা ক’ত। সেই ভীৰত, বহুত তপা মানুহো সোমাইছে৷ কামত নাহিলও গা খজুৱাব পাৰিম বুলিয়েই ফণী নিবলে অহা মানুহৰ ভীৰ। 

অমুক দিব তমুক দিবৰ পিছত দৌৰি মানুহবোৰৰ অভ্যাস ইমানলে গ’লগৈ যে, কামত নাহিলেও যি দিয়ে আনিবলে দৌৰে। ইয়াত বিবেকৰ কথা নাহে।

 

কণপোনাৰ মাকে ঘৰৰ পৰাই ডিঙি মেলি চালে মানুহৰ লানিটো। সেই ভীৰত তেওঁ নাই। সোঁত যেনি ৰাইজ তেনি৷ মানুহক মোহিত কৰিবলৈ এই নাটকবোৰেই যথেষ্ট৷ “অসম বচাওক” শ্লগান, “শৰাইঘাটৰ শেষ ৰণ”ৰ শ্ল’গান। বুদ্ধিদীপ্ত আৱেগ উথলি উঠা টাইপ শ্ল’গানত এতিয়া মুখৰিত বতাহ। আমাক লাগে এনে এখন সমাজ, য’ত জাত, পাত, ধৰ্ম, লিঙ্গৰ উৰ্ধত এখন মানুহৰ সমাজ। নাৰীৰ নিৰাপত্তা থকা আইনেৰে, আধুনিক শিক্ষাৰে সমৃদ্ধ সমাজ ব্যৱস্থা। এই যে নামঘৰলে টকা দিছে, টাইলছ লগাইছে, সংগ্ৰহালয় কৰিছে ভাল কথা কিন্তু গুৰুজনাৰ চৰ্চা বিয়পাই তুলিবপৰা পৰিবেশ এটাহে লাগে আমাক। ধৰ্মৰ নামত দুফাল তিনিফাল কৰিবলৈ শিকিছোঁ, গোড়ামীৰে লোকৰ ধৰ্মক অপমান কৰিবলৈ শিকিছোঁ কিন্তু গুৰুজনাই শিকাই যোৱাবোৰ চৰ্চা, নৱপ্ৰজন্মই শিকিবলৈ আগ্ৰহী কৰি তোলা পৰিবেশটো গাঁওবোৰত গঢ়ি উঠিছেনে! আমি নিজৰটো এৰি লোকৰটো পতকৈ ল’ব পাৰোঁ আৰু বেলেগকো আমাৰটো ল’বলৈ টানি আনিবপৰা  পৰিবেশ এটা গঢ়িবলৈ যত্ন নকৰোঁ। নামঘৰলৈ টকা দিছে, এখন গাঁৱৰ হৃদস্পন্দন নামঘৰ কিন্তু গুৰুজনাৰ চৰ্চালৈ কিমানক আগ্ৰহী কৰিবলৈ সক্ষম হৈছে। খোলটো বজাবলে আগ্ৰহী নহয় কিয় নৱপ্ৰজন্ম। সেই পৰিবেশ দিব পৰাকৈ চিন্তাৰ হয়তো অভাৱ ঘটিছে৷ সমাজৰ কামত গুৰিয়ে দিলেও, মাজৰ ধেমাধৰাৰ হস্তক্ষেপত মেইন ঠাইত নপৰেহি একো। কামত নহা বস্তু ফিৰিত পালে আনিবলে দৌৰা মানুহ লৈ সমাজৰ কি উন্নতি হ’ব।

জপনাখন মাৰি কণপোনাৰ মাক সোমাই আহিল।মেলে-মিটিঙে দৌৰি সময়বোৰহে যায়। বিহুলৈ লগোৱা তাঁত যুটি শেষ কৰোঁগৈ বুলি বহিলহি তেওঁ। অনলাইনত কাপোৰৰ অৰ্ডাৰ আছে তেওঁৰ। সময় নাই। কৰি খাবই লাগিব যিহেতু।

☆ ★ ☆ ★ ☆

4 Comments

  • কমলা দাস

    বৰ ভাল লাগিল

    Reply
  • বন্দিতা জৈন

    বৰ ভাল লাগিল পঢ়ি

    Reply
  • মৃন্ময় বৰুৱা

    বাস্তব পৰিস্থিতিৰ সুন্দৰ উপস্থাপন।

    সকলো ভোটাৰেই অৰ্থনৈতিক দিশেৰে টনকিয়াল আৰু স্বাবলম্বী নোহোৱালৈকে গণত্তান্ত্ৰিক ভোটাধিকাৰ নিজ বিবেকেৰে সাব্যস্ত কৰিব বুলি ভবাটো কঠীন।

    Reply
  • জয়ন্ত দাস

    বৰ ভাল লাগিল৷

    Reply

Leave a Reply to জয়ন্ত দাস Cancel reply

Your email address will not be published. Required fields are marked *