গাণিতিক শৰীৰ – বিনীতা বৰশইকীয়া
পতি: হেৰা, তুমি সদায় সদায় এলাৰ্ম বন্ধ কৰি অলপ সময় কিয় শুই লোৱা বাৰু কোৱাচোন। পিছত দৌৰা দৌৰি হয় নহয়!
পত্নী: এহ্, তুমি সাহিত্যৰ মানুহে গাণিতিক শৰীৰৰ কথা কি বুজিবাহে!
পতি: গাণিতিক শৰীৰ? তেনেকুৱাও কিবা শৰীৰ আছে বুলি ইমানদিনে জনাই নাছিলোঁ দেই ।
পত্নী: হুহ্! গণিত নাই ক’ত কোৱাচোন। ৰাতিপুৱা শুই উঠাৰপৰা ৰাতি শোৱালৈকে দেখোন গণিতেই গণিত।
পতি: সেইটো বাৰু বুজিলোঁ। কিন্তু গাণিতিক শৰীৰ বোলাটোহে নুবুজিলোঁ।
পত্নী: হেৰা, সৰুতে অংকৰ ছাৰে সদায় কোৱা মনত আছে যে গণিতক আমাৰ ব্যৱহাৰিক জীৱনতো খটুৱাব লাগে। তেহে গণিত শিকাৰ সাৰ্থকতা থাকে।
পতি: ছেহ্! এতিয়াও বুজা নাই দেই।
পত্নী: শুনা, দশমিকৰ পাছতো দুটা সংখ্যা বহে নে নবহে কোৱাচোন!
পতি: বহে আকৌ।
পত্নী: সেইটোৱেই কথা। এই যে এলাৰ্মটো বাজে আৰু মই বন্ধ কৰি দিওঁ, এই বন্ধ কৰা কামটো হৈছে ‘দশমিক’ আৰু বন্ধ কৰি যে মই আকৌ অলপ সময় শুই পৰোঁ, সেইটো হৈছে ‘দশমিক’ৰ পাছৰ সংখ্যা দুটা। এতিয়া বুজিলানে ‘গাণিতিক শৰীৰ’ৰ কথা?
পতি চকড্ পত্নী ৰকচ্
☆ ★ ☆ ★ ☆
8:26 pm
mja