ফটাঢোল

কৌতুক – ভাস্কৰজ্যোতি আৰান্ধৰা

পতি আৰু পত্নীয়ে টিভিত আই.পি.এল. চাই আছে।

পাঁচ মিনিটৰ পিছত

 

পত্নী: এইটো ব্ৰেটলী নেকি?

 

পতি: নহয়, ক্ৰিছ গেইল।

 

পত্নী: ব্ৰেটলীটো বহুত স্মাৰ্ট হয়, ভায়েকৰ দৰে সিয়ো চিনেমাত অভিনয় কৰিব লাগে।

 

পতি: ব্ৰেটলীৰ কোনো ভায়েকে চিনেমাত অভিনয় নকৰে।

 

পত্নী: তেতিয়া হ’লে ব্ৰুচলী কোন?

 

পতি:- ব্ৰেটলী হৈছে অষ্ট্ৰেলিয়াৰ এজন ক্ৰিকেটাৰ আৰু ব্ৰুচলী এজন কেৰাটেৰ অভিনেতা আছিল।

 

দুই মিনিটৰ পিছত 

 

পত্নী: আৰে ৱাহ, আৰু এটা উইকেট গ’ল।

 

পতি: আৰে নহয়, ৰিপ্লেহে দেখুৱাইছে।

 

পত্নী: এনেকুৱা লাগিছে যেন ভাৰত জিকিবই আজি।

 

পতি: ভাৰতে খেল খেলা নাই ইয়াত। চেন্নাই আৰু জয়পুৰৰ মাজত আই.পি.এল.হে হৈ আছে।

 

পত্নী: আম্পায়াৰ পাগল হৈছে নেকি, হাত হিলাই হেলিকপ্টাৰ মাতিছে যে?

 

পতি: ফ্রী হিটহে দিছে। হেলিকপ্টাৰ মতা নাই হাতেৰে।

 

পত্নী: দৰ্শকে পইচা দিয়া নাই নেকি? ফ্রী হিট দিছে  যে? আকৌ হাত হিলাইছে যে?

 

পতি: বাইহে দিছে।

 

পত্নী: বাই দিছে যে খেল শেষ হ’ল নেকি? আৰু কিমান ৰাণ লাগিব জিকিবলৈ?

 

পতি: ৩৬ বলত ৭২ ৰাণ লাগে।

 

পত্নী: ইমান সহজ কাম, এটা বলত দুই ৰাণকৈ লাগে।

 

পতিয়ে খঙতে টিভিটো অফ্ কৰি দিলে।

 

অলপ সময়ৰ পাছত পত্নীয়ে টিভিটো অন্ কৰি বালিকা – বধু লগালে।

 

পতি: এই আনন্দী কোন?

 

পত্নী: এতিয়া যদি তুমি মোক প্ৰশ্ন কৰি থাকা তেন্তে টিভিটো ভাঙিম। তাৰ পিছতো যদি তোমাৰ মুখ বন্ধ নহয়, গোটেই ঘৰত জুই লগাই দিম। অকল বক্-বক্ কৰি থাকা। এক মিনিতো মুখখন বন্ধ নহয় নেকি তোমাৰ?

☆ ★ ☆ ★ ☆

5 Comments

Leave a Reply to জিতু Cancel reply

Your email address will not be published. Required fields are marked *