ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কাহিনী

‘ফটাঢোল ই-আলোচনী’ৰ চতুৰ্থ বৰ্ষৰ নৱম সংখ্যাটিৰ সম্পাদক হিচাপে ‘সংখ্যাটোৰ আঁৰৰ কাহিনী’ মই লিখিবলৈ হ’লে কিছুদিন পিছলৈ ঘূৰি যাব লাগিব৷ জানুৱাৰী মাহৰ ৮তাৰিখ, ২০২১ চন৷ মই কৰ্মস্থলীৰপৰা উভতি আহি অলপ বিশ্ৰাম কৰিছিলোঁ৷ হঠাতে মোৰ ম’বাইলৰ হুৱাটছএপ নম্বৰত এটা মেছেজ আহিল৷ নামটো চালোঁ৷ ৰিণ্টুমণি দত্ত দা৷ লিখা আছিল-“তুমি আলোচনীৰ সম্পাদকৰ দায়িত্ব ল’ব লাগিব নহয়৷ এইয়া মোৰ অনুৰোধ নহয় আদেশ৷” কিছু সময় মেছেজটোৰ ফালে চাই থাকিলোঁ৷ তাৰ অলপ পিছতেই তেওঁৰ ফোন আহিল৷  মই তেওঁক ক’লোঁ যে ইমান গধুৰ দায়িত্ব ল’বলৈ মই এতিয়াই প্ৰস্তুত নহয়৷ তেওঁ মোক আশ্বাস দিলে যে তেওঁলোক সকলো মোৰ লগত থাকিব৷ লগতে সকলোধৰণৰ সহায়-সহযোগিতা কৰি যাব৷  কিছু সময় পিছতেই তেওঁ কথাটো এডমিন পেনেলত অৱগত কৰিলে৷ সকলোৱে মোক একেমুখেই অভিনন্দন জনালে আৰু অভয় দিলে আৰু দিলে অপৰিসীম উৎসাহ৷ কথাবোৰ ইমান সোনকালে ঘটি গৈছিল যে মই একো তলকিবই নোৱাৰিলোঁ৷ মোৰ ‘না’ কৰাৰ যেন কোনো অৱকাশেই নাছিল৷ সেই সময়ত মই নিজেই ধৰিব পৰা নাছিলোঁ যে মই ইমান সন্মানীয় পদটোৰ নাৰ্যতা অনুযায়ী কামবোৰ কৰিব পাৰিমনে নাই! লগতে সম্পাদকৰ দৰে আসনখনৰ দায়িত্ব দিয়া বা মোক উপযুক্ত বিবেচনা কৰাৰ বাবে তেওঁলোকৰ ওচৰত মই চিৰঋণী হৈ থাকিম৷ তেওঁলোকৰ অভয়বাণীক মই শিৰোগত কৰি সম্পাদকৰ দায়িত্ব ল’লোঁ আৰু কামটোক এক যোগাত্মক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিলোঁ৷ তাৰ কিছু সময় পিছতেই মই মোৰ শ্ৰদ্ধাৰ শ্ৰী ৰামানুজ গোস্বামী দালৈ ফোন কৰিলোঁ যিগৰাকী ব্যক্তি এগৰাকী সু-লেখক লগতে ফটাঢোলৰ এগৰাকী সক্ৰিয় সদস্য৷ তেওঁক কথাটো জনালোঁ কিয়নো লেখা-মেলা সংক্ৰান্তীয় কথাত তেওঁক গুৰু হিচাপে মানো আৰু সদায় দিহা-পৰামৰ্শ লওঁ৷ তেওঁ মোক ক’লে-“ নীলাক্ষি পাৰিবা৷ কিন্তু পৰা নোৱৰাৰ কনফিউজনতকৈ মই অইন এটা কথা কওঁ৷ এটা অভিজ্ঞতাক মিচ নকৰিবা৷” মনটো ডাঠ কৰিলোঁ আৰু কিছুমান কৰিবলগীয়া কাম মনতে জুঁকিয়াই ল’লোঁ৷

“ When we are united then we can surmount any challenges and accomplish any goals.”

অসমৰ এক অগ্ৰণী অনলাইন হাস্য-ব্যংগ ‘ফটাঢোল ই-আলোচনী’খনৰ মই দায়িত্ব গ্ৰহণ কৰিলোঁ ২০২১ চনৰ মাৰ্চ মাহৰ ৪তাৰিখে৷ আৰম্ভ হ’ল প্ৰস্তুতিৰ৷ পৰিচয় ঘটিল এখন সু-পৰিকল্পিত আৰু সু-সংগঠিত সম্পাদনা সমিতিৰ লগত৷ মনে-প্ৰাণে মাতৃভাষাক ভালপোৱা আৰু অন্তৰ খুলি হাঁহিব জনা এদল চৰম দায়িত্বশীল মানুহ৷ তেওঁলোকৰ লগত কাম কৰিব পৰাতো মোৰ জীৱনৰ এক যোগাত্মক দিশ আৰু পৰম সৌভাগ্য৷ আলোচনীখনক জাকতজিলিকা কৰি তুলিবলৈ যেন তেওঁলোক সদা প্ৰস্তুত জাগ্ৰত প্ৰহৰী৷ এনে এটি দলৰ হাতত আলোচনীখনৰ ভৱিষ্যত আৰু ব্যংগ সাহিত্যত স্থান সদায়ে যে সুৰক্ষিত সেয়া ধূৰূপ৷

আলোচনীখনৰ কাম আৰম্ভ কৰাৰ আগতেই মই শ্ৰদ্ধাৰ হেমন্ত কাকতি দা আৰু ৰিণ্টুমণি দত্ত দাৰপৰা দিহা-পৰামৰ্শ ল’লোঁ৷ তেওঁলোকে ইমান সুন্দৰকৈ কথাবোৰ বুজাই দিলে যে মোৰ বাবে কথাবোৰ সহজ হৈ পৰিল৷ মোৰ কম্পিউটাৰৰ সীমিত জ্ঞানৰ বাবে মই প্ৰথমে কিছু সমস্যাৰ সন্মুখীন হৈছিলোঁ৷ কিন্তু এই ক্ষেত্ৰত মোক প্ৰতিটো দিশতে সহায় কৰিলে মোৰ ভাতৃপ্ৰতীম শ্ৰীমান দেৱজিত শৰ্মাই৷ সময়ে অসময়ে ফোন কৰি আমনি কৰাৰ বাবে বেয়া নোপোৱা যেন মোৰ ভাই! নিজৰ দৈনন্দিন ব্যস্ততাৰ মাজতো ‘শিল্পী পৰিচিতি’ শিতানৰ বাবে শিল্পী নীলিম মহন্তক সাক্ষাৎ কৰি আহি তেওঁ সুন্দৰকৈ লেখাটো যুগুতাই দিলে৷ অশেষ ধন্যবাদ দেৱজিত৷

বৰ্ণাশুদ্ধি দলৰ সৰ্বশ্ৰী প্ৰণীতা গোস্বামী বৰঠাকুৰ বাইদেউ, চবিনা ইয়াচমিন বাইদেউ, পৰিস্মিতা গগৈ, নাং বিজু বুঢ়াগোহাঁ‌ই, ৰিমঝিম বৰঠাকুৰ আৰু শ্ৰুতিমালা মিশ্ৰক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ৷ দিনে-ৰাতিয়ে নিজৰ ব্যক্তিগত জীৱনৰ ব্যস্ততাৰ মাজতো আলোচনীখনৰ বাবে  অহা লেখাসমূহ পঢ়ি তাৰ বৰ্ণাশুদ্ধি কৰি আলোচনীখন নিৰ্ভুলকৈ প্ৰস্তুত কৰিবৰ বাবে দিয়া তেওঁলোকৰ শ্ৰমদান আৰু কষ্ট স্বীকাৰক মই প্ৰণাম জনাইছোঁ৷ তেওঁলোকৰপৰা মই লগতে যথেষ্ট কথা শিকিব পাৰিলোঁ৷

তাৰপিছতেই মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ সৰ্বশ্ৰী হিমাংশু ৰাজখোৱা, অভিজিত গোস্বামী, সুকুমাৰ গোস্বামী, কৃষ্ণ দাস, ধূৰ্জ্জতি কাকতি, নয়নমনি হালৈ,সঞ্জীৱ ভট্ট আৰু দুলাল চন্দ্ৰ বৰাক৷ এইখিনিতে মই আৰু এটা কথা ক’ব বিচাৰিছোঁ৷ মোৰ বাবে পৰম সৌভাগ্যৰ কথা এয়ে যে এইমাহৰ আলোচনীখনৰ বাবে সাক্ষাৎকাৰ লোৱা হ’ল সাহিত্যচাৰ্য ড°বসন্ত কুমাৰ ভট্টাচাৰ্যদেৱৰ৷ পোন প্ৰথমবাৰৰ বাবে সাক্ষাৎকাৰ অডিঅ’-ভিজুৱেল কৰা হ’ল যিটো আমাৰ মৰমৰ ই-আলোচনীখনৰ বাবে মাইলষ্ট’ন হিচাপে পৰিগণিত হ’ব৷ আজিৰ ব্যক্তিকেন্দ্ৰীক সমাজখনত, য’ত মানুহে নিজৰ বাহিৰে সততে কাৰো কথাই চিন্তা কৰিবলৈ আহৰি নাপায় সেই সময়ত শাৰীৰিক, আৰ্থিক দিশবোৰক আওকাণ কৰি নলবাৰীলৈ গৈ চাৰৰ সাক্ষাৎকাৰ গ্ৰহণ কৰি অনাৰ বাবে এই কেইজন ব্যক্তিৰ ওচৰত মই ঋণী হৈ ৰ’লোঁ৷ ‘ধন্যবাদ’ -শব্দটি যেন আপোনালোকৰ বাবে এটা সামান্য শব্দ৷ এই চেগতে মই চাৰৰ সু-পুত্ৰ, সু-লেখক শ্ৰীমান দিগন্ত কুমাৰ ভট্টাচাৰ্যক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ৷ তেওঁ সাক্ষাৎকাৰটিৰ বাবে সকলোধৰণে সু-ব্যৱস্থা কৰি দিছিল৷ দিগন্তই আলোচনী সম্বন্ধে মোক দিয়া দিহা -পৰামৰ্শৰ বাবেও তেওঁক ধন্যবাদ জনালোঁ৷

আলোচনীখনৰ বেনাৰ, প’ষ্টাৰ তথা আলোচনীখনক আটকধুনীয়াকৈ অলংকৰণ কৰি সজাই তোলাৰ বাবে চন্দন বৰি, আৰাধনা বৰুৱা, দিগন্ত কুমাৰ ভট্টাচাৰ্য, যোগেশ ভট্টাচাৰ্য আৰু হিমাংশু ৰাজখোৱালৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ৷ ইউনিকোডৰ কামত সহায় কৰি দিয়া বাবে দিম্পল কলিতালৈ ধন্যবাদ জনালোঁ৷ লগতে ফটাপ্ৰশ্ন যোগাৰ কৰি মোক সহায় কৰি দিয়া বাবে ৰাজশ্ৰী শৰ্মা আৰু যোগেশ ভট্টাচাৰ্যক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ৷

আলোচনীখনৰ লেখাবোৰ সুন্দৰকৈ আপলোডিং কৰি গ’ল দেৱজিত শৰ্মা, ৰিমঝিম বৰঠাকুৰ, ৰিণ্টুমণি দত্ত আৰু হেমন্ত কাকতি দাই৷ কামবোৰ ইমান নিয়াৰিকৈ আৰু প্ৰণালীবদ্ধভাবে চলিল যে প্ৰথমে মোৰ বাবে অসাধ্য যেন লগা কামবোৰ মই বুজিবলৈ অতি সহজ হৈ পৰিল৷ এই চেগতে মই কৃতজ্ঞতা স্বীকাৰ কৰি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ৷ 

আলোচনীখনত চিনেমা শিতানটোক এক নতুনত্ব প্ৰদান কৰা তথা মোক পদে পদে উৎসাহ যোগোৱা ডলী তালুকদাৰক এই লেখাটোৰ জৰিয়তে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ৷

ফটাঢোলৰ এডমিন সৰ্বশ্ৰী অভিজিত কলিতা দা, বিজয় মহন্ত, দেৱজিত শইকীয়া দা আৰু বৰ্ণাশুদ্ধি টিমৰ ঋতুপৰ্ণা মহন্তই মোক উৎসাহ, প্ৰেৰণা আৰু দিহা-পৰামৰ্শ দি সাহস যোগোৱা বাবে কৃতজ্ঞতা জনালোঁ৷

আলোচনী এখন মনোগ্ৰাহী কৰি তুলিবলৈ সদায়ে প্ৰয়োজন হয় সুন্দৰ লেখাৰ৷ আমাৰ আলোচনীখন যিহেতু এখন হাস্য-ব্যংগ আলোচনী, গতিকে তাৰ বাবে ৰসাল আৰু ব্যংগাত্মক কথা থকা লেখাৰ প্ৰয়োজন হয়৷ আনবাৰৰ দৰে এইবাৰো আলোচনীখনত তীক্ষ্ণ ব্যংগ আৰু হাস্যৰসৰ অভাৱ নহ’ল৷ সুন্দৰ সুন্দৰ লেখাৰে আলোচনীখন আটকধুনীয়া কৰি তোলাৰ বাবে প্ৰত্যেকগৰাকী লেখকক কৃতজ্ঞতা জনালোঁ৷ লক্ষণীয়ভাৱে এইবাৰ এচাম ন-লেখকৰ লেখা প্ৰত্যক্ষ কৰিলোঁ যিটো আমাৰ আলোচনীখনৰ বাবে এক আশাৰ বতৰা৷ লগতে ফটাঢোলৰ সদস্যসকলৰ বহুমূলীয়া দিহা-পৰামৰ্শ, উৎসাহ আৰু আন্তৰিকতাই মোক চিৰজীৱন তেওঁলোকৰ ওচৰত ঋণী কৰি ৰাখিব৷ দুই এটা লেখা হয়তো কাৰণবশতঃ প্ৰকাশ কৰিব নোৱাৰিলোঁ৷ তাৰবাবে তেওঁলোকৰ ওচৰত মই ক্ষমাপ্ৰাৰ্থী৷

যদিও সংঘবদ্ধভাৱে আৰু নিয়াৰিকৈ আমি আলোচনীখন যিমান পাৰি সিমান পঢ়ুৱৈৰ বাবে মনোগ্ৰাহী কৰিবলৈ যত্ন কৰিছোঁ তথাপিও বহুতো ভুল-ত্ৰুটি ৰৈ যাব পাৰে৷ তাৰবাবে ক্ষমাপ্ৰাৰ্থী৷ লগতে আপোনালোকক অনুৰোধ যাতে আপোনালোকে ৰৈ যোৱা ভুল-ত্ৰুটিবোৰ আমাক আঙুলিয়াই দিয়ে৷ সদৌ শেষত এটাই অনুৰোধ আপোনালোকে যেন আলোচনীখনত চকু ফুৰাই আৰু মন্তব্য দি আলোচনীখন কেনে পালে আমাক জনায়৷

কৃতজ্ঞতাৰে

নীলাক্ষি কাকতি

সম্পাদক, চতুৰ্থ বৰ্ষ নৱম সংখ্যা

ফটাঢোল ই-আলোচনী

এপ্ৰিল, ২০২১চন৷

☆ ★ ☆ ★ ☆

18 Comments

  • যাযাবৰ

    জিন্দাবাদ

    Reply
  • গৌৰীশংকৰ শৰ্মা

    এই মাহৰ আলোচনীখনৰ আঁৰৰ কাহিনী পঢ়ি ভাল লাগিল। প্ৰকৃততে সম্পাদকৰ লগতেই গোটেই আলোচনীখনৰ লগত জড়িত এচামৰ নিস্বাৰ্থ সেৱা মনোবৃত্তিৰ বাবেহে একোখন সৰ্বাংগসুন্দৰ আলোচনী প্ৰতিমাহে আমি উপহাৰ হিচাপে পাওঁ। এই চেগতে সংখ্যাটোৰ সৈতে বিভিন্নভাৱে জড়িত প্ৰতিজন ব্যক্তিলৈ মোৰ আন্তৰিক শুভকামনা জনালোঁ।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    আপোনালৈও অশেষ ধন্যবাদ জনালো বা

    Reply
  • Anonymous

    সংখ্যাটোৰ আঁৰৰ কাহিনী পঢ়ি ভাল লাগিলে। আলোচনীখন নিৰ্ভুল ৰূপত যুগুতাই উলিওৱাটো কিমান কষ্টকৰ বুজিব পাৰিছোঁ। এখন সৰ্বাংগসুন্দৰ আলোচনী উপহাৰ দিয়াৰ বাবে সকলোকে ধন্যবাদ আৰু অভিনন্দন জনালোঁ।যিহেতু ভুল ত্ৰুটি আঙুলিয়াই দিয়াৰ কথা কৈছে, মই বৰ্ণাশুদ্ধিত আগলৈ বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে বুলি ভাবোঁ। বহুকেইটা লেখাত বানান ভুল চকুত পৰিছে।

    Reply
  • ডলী

    অভিনন্দন জনালোঁ। এখন সৰ্বাংগ সুন্দৰ আলোচনী উপহাৰ দিয়া বাবে ধন্যবাদ।

    Reply
  • পল্লৱী কৌশিক শৰ্মা ।

    বহুত মৰম আৰু অভিনন্দন তোমালৈ। ফটাঢোলৰ এই জয় যাত্ৰা অব্যাহত থাকক ।

    Reply
  • Krishna

    এখনি সৰ্বাংগসুন্দৰ আলোচনী উপহাৰ দিয়া বাবে তোমালৈ আন্তৰিক ধন্যবাদ লগতে অভিনন্দন জনালোঁ

    Reply
  • নীতাশ্ৰী নেওগ

    বৰ সুন্দৰ সংখ্যা এটা উপহাৰ দিলে।অভিনন্দন জনালোঁ।

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    বৰ সুন্দৰ সংখ্যা উপহাৰ দিলে বাইদেউ আপুনি ?❤️ । জয়তু ফটাঢোল ।

    Reply
  • সকলোকে আন্তৰিক ধন্যবাদ৷

    Reply
  • মিলন চন্দ্ৰ দাস

    আৰৰ কথাখিনি গম পাই ভাল লাগিল।সঠিক সময়ত বিহু সংখ্যা আলোচনীখন সৰ্বাঙ্গ সুন্দৰ ৰূপত উলিয়াই দিয়া বাবে আপোনাৰ লগতে সম্পাদনা সমিতিৰো শলাগ লৈছো।

    Reply
  • মানসী

    সংখ্যাটোৰ আঁৰৰ কথা পঢ়ি ভাল লাগিল।টীম ফটাঢোলৰ সৈতে অভিজ্ঞতা আমাৰো আছে। সকলোৰে প্ৰচেষ্টাৰ শলাগ ল’লো।

    Reply
  • ৰামনুজ জি

    তোমাক যান্ত্ৰিকতাহীন অভিনন্দন জনাইছো, কাৰণ — “You have done it! + You have proved Rintuda’s faith correctly.”

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    অভিনন্দন জনালোঁ৷

    Reply
  • জয়ন্ত দাস

    আঁৰৰ কথাবোৰ জানিব পাৰি ভাল লাগিল৷ এখন সৰ্বাংগসুন্দৰ আলোচনী উপহাৰ দিয়াৰ বাবে তোমাৰ লগতে গোটেই টিম টোকেই আন্তৰিক অভিনন্দন জনালোঁ৷

    Reply
  • বন্দিতা জৈন

    গোটেই লেখা বোৰ পঢ়িবলৈ পৰা নাই যদিও পঢ়িম সময়লৈ। এতিয়ালৈ যিখিনি পঢ়িলোঁ,,,অনুভৱ কৰিব পাৰিছো বহুত সুন্দৰ আলোচনী এখন আমাক দিছে। অভিনন্দন জনালোঁ

    Reply
  • Anonymous

    ‘ফটাঢোল ই-আলোচনী’খন পাঠকৰ মাজলৈ উলিয়াই দিয়াৰ ক্ষেত্ৰত এদল লোকৰ অক্লান্ত শ্ৰম শলাগিবলগীয়া। আশা কৰোঁ ভৱিষ্যতে আলোচনীখনে অধিক প্ৰসাৰ লাভ কৰিব।
    কিন্তু এইখিনিতে মন কৰিবলগীয়া এটা বিষয় হ’ল ব‍্যাকৰণ আৰু বানান। সাহিত্যলৈ অৱদান মানেই যিহেতু ভাষাৰ সেৱা, গতিকে ভাষাৰ স্বকীয়তা অটুট ৰখা ব‍্যাকৰণ সন্মত শব্দৰ প্ৰয়োগ অতি স্পৰ্শকাতৰ এটা বিষয়। কিয়নো বহুতেই আলোচনীত দেখি ভুল শব্দ এটাও শুদ্ধ বুলি ভাবি ল’ব, আনকো শিকাব। আশা কৰোঁ ভৱিষ্যতে অধিক সাৱধানতাৰে সকলোৱে বিষয়টো বিবেচনা কৰিব।
    (উদাহৰণ স্বৰূপে, এই লেখাটিতে থকা – ধুৰূপ)
    সদৌ শেষত, সম্পাদকক অভিনন্দন এই ৰঙালী বিশেষ সংখ‍্যাটোৰ বাবে।

    Reply
  • সকলোকে ধন্যবাদ৷ ভুলবোৰ দেখোয়াই দিয়া বাবেও ধন্যবাদ৷ ভৱিষ্যতলৈ বানান আৰু ব্যাকৰণ সম্পৰ্কীয় ভুলবোৰৰ প্ৰতি আমি অধিক সচেতন হ’বলৈ নিশ্চয় যত্ন কৰিম৷

    Reply

Leave a Reply to ডলী Cancel reply

Your email address will not be published. Required fields are marked *