ফটাঢোল

শিল্পীৰ পৃথিৱীত নীলিম মহন্ত- দেবজিত শৰ্মা

খুব সৰল চাৱনিৰ, মাৰ্জিত ব্যৱহাৰ আৰু ৰং লগা এযোৰ পোছাক৷ নীলিম মহন্ত নামটো শুনিলে মনলৈ এইখন ছবিয়েই ভাঁহি আহে৷ সদায়েই নিজৰ বাহনত ৰং তুলিকা সহ কংক্ৰিটৰ কঠিন ৰুক্ষ দেৱালত প্ৰাণ দিব পৰাকৈ সৃষ্টিৰ সকলোবোৰ সঁজুলি লৈ সাজু হৈ থকা সত্বাটোৱেই হৈছে নীলিম মহন্ত৷ যাক কোনোদিনে নম্বৰ সৰ্বস্ব শিক্ষা ব্যৱস্থাই শিৰ নত কৰিব নোৱাৰিলে৷ মুক্ত বিহংগৰ দৰেই নিজৰ সপোনৰ আঙুলিত ধৰি খোজ দি দি লক্ষীমপুৰৰপৰা দিল্লীৰ কোনোবা দেৱালৰ ছবি অথবা শিল্পী জুবিন গাৰ্গৰ চিলা গীতৰ মুখ্য চৰিত্ৰলৈ অবিৰত যাত্ৰাৰে প্ৰবাহমান হৈ আছে৷
নীলিম মহন্তৰ জন্ম লক্ষীমপুৰত৷ পিতৃ স্বৰ্গীয় বৰুণ মহন্ত আৰু মাতৃৰ নাম স্বৰ্গজ্যোতি গোস্বামী৷ দশমমান শ্ৰেণীলৈকে লক্ষীমপুৰৰ বুনিয়াদী শংকৰদেৱ শিশু নিকেতনত শিক্ষাগ্ৰহণ কৰিছিল৷ নীলিমৰ প্ৰয়াত পিতৃৰো ছবি অঁকাৰ খুব হেঁপাহ আছিল যদিও সেই হেঁপাহে বিভিন্ন কাৰণত পূৰ্ণতা পোৱা নাছিল৷ সেই আধৰুৱা সপোনটো পূৰণ কৰিবলৈকে বকুল শৰ্মা নামৰ শিক্ষক এজনৰ তত্বাৱধানত এখন ছবি অঁকা(আৰ্ট) স্কুল খুলি দিলে৷ তাত অষ্টম শ্ৰেণীলৈকে নীলিমে শিক্ষাগ্ৰহণ কৰিছিল৷ সেয়াই আৰম্ভণি আছিল এজাক বৰদৈচিলাৰ৷ তেতিয়াৰেপৰা ছবিক লৈ নীলিমে চলাই গৈছিল নিজৰ কল্পনাৰ পৃথিৱীত উৰি ফুৰা মেঘবোৰক লৈ কৰা বহু ‘এক্সপেৰিমেণ্ট’ৰ৷ দশম শ্ৰেণীত সুখ্যাতিৰে উত্তীৰ্ণ হ’ল, এদিন নীলিম আহি ভৰি দিলেহি গুৱাহাটীত৷ বিজ্ঞান শাখাত নাম ভৰ্তি কৰিলে৷ লাহে লাহে আনুষ্ঠানিক শিক্ষা আৰু নীলিমৰ মাজৰ ব্যৱধান আৰম্ভ হ’ল৷ উচ্চতৰ মাধ্যমিকৰ পাছত আৰ্কিটেক্সাৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিলে, ক’ৰবাত ছবিৰ লগত যোগসূত্ৰ থকা বিষয় এটাত নিজকে বিচাৰি পোৱাৰ মানসেৰে৷ তিনি বছৰ কৰি আধৰুৱা অৱস্থাতে এৰি পুনৰবাৰ নামভৰ্তি কৰিলে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ ললিত কলা মহাবিদ্যালয়ত৷ তাতো একেটা কথাৰেই পুনৰাবৃত্তি৷ নীলিমৰ সৃষ্টিশীলতাক পাঠ্যক্ৰমৰ শিক্ষা ব্যৱস্থাই বান্ধি ৰাখিব নোৱাৰিলে৷ নীলিমে নিজে উপলব্ধি কৰিলে ব্যৱহাৰিক দিশেৰে কথাবোৰ শিকিব লাগিব, জানিব লাগিব৷ মানুহক, নৈখনক, সমাজক নিজে গৈ উপলব্ধি কৰিহে প্ৰকৃততে ছবি আঁকিব পাৰি৷ এইটো কাৰণতেই নীলিমে কেতিয়াও নিজৰ সৃষ্টি কৰ্মত কম্পিউটাৰৰ সহায় নলয়৷

শিক্ষাৰ জগতখনৰপৰা মেলানি মাগি নীলিম ব্যস্ত হৈ পৰিল সৃষ্টিক নতুন নতুন ৰূপ দিবলৈ৷ কোনোবা এটা দিনত অসমৰ জনপ্ৰিয় সংগীতজ্ঞ জুবিন গাৰ্গ দেৱৰ ছবি এখন লক্ষীমপুৰৰ বাইপাছত অংকন কৰিলে৷ কথাটো সামাজিক মাধ্যমৰ জৰিয়তে বিয়পি গ’ল৷ জুবিন গাৰ্গ দেৱৰো কাণত পৰিলগৈ, নীলিমলৈ ফোন কৰিলে তেখেতৰ দৃশ্য-শ্ৰাব্য গীত এটিত অভিনয়ৰ বাবে৷ পাছৰখিনি ইতিহাসৰ দৰেই৷ নীলিমৰ সৰল অথচ হাৰ নমনা মনৰ শৈল্পিক যাত্ৰাটোক দৰ্শকে এটা কাহিনীৰ ৰূপত দেখা পালে৷ সমগ্ৰ অসমখনকেই সুন্দৰ ৰূপত চাবলৈ বিচৰা নীলিমৰ সপোন ছবিক পেছা হিচাপে ল’বলৈ। বহুজন আগবাঢ়ি আহিব আৰু সেই সুষম যাত্ৰাটোৰ পথ নিৰ্মাণৰ বাবে তেওঁ অহোপুৰুষাৰ্থ কৰি যাব৷ ছবিৰ ভাষা বিশ্বজনীন আৰু এই ভাষাৰ এজন সফল ভাষাবিদ ৰূপে নীলিম মহন্ত প্ৰতিষ্ঠিত হওক এয়াই তেখেতৰ প্ৰতিজন অনুৰাগীৰ কামনা৷

☆ ★ ☆ ★ ☆

11 Comments

  • দিম্পল

    নীলিম আগুৱাই যাওঁক

    Reply
    • Anonymous

      ভাল লাগিল। তেখেতলৈ শুভকামনা জনালোঁ।

      Reply
  • নীতাশ্ৰী

    তেখেতৰ বিষয়ে জানিব পাৰি ভাল লাগিল। শুভকামনা জনালোঁ।

    Reply
  • দীক্ষিতা

    দূৰণিৰ পৰাই হ’লেও চিনাকি যেন লগা মুখখনৰ আঁৰৰ কাহিনীটো জানি ভাল লাগিল বৰ।

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    বৰ ভাল লাগিল পঢ়ি । নীলিম মহন্তলৈ শুভকামনা জনালোঁ ।

    Reply
  • বৰ্ণালী মূদৈ

    তেখেতলৈ শুভকামনা….
    তেওঁ বিষয়ে জানি ভাল লাগিল…

    Reply
  • Anonymous

    অশেষ মৰম আৰু সুভ কামনা জনালোঁ।আৰু আগুৱাই যোৱা।

    Reply
  • ডলী

    শুভকামনা জনালোঁ

    Reply
  • Arup

    Neelim mahanta jindabad

    Reply
  • শব্দৰে প্ৰকাশ কৰিবলৈ অসুবিধাত পৰিছো। কিমান যে ভাল লাগিল লেখাখিনি। এগৰাকী শিল্পীৰ জীৱন প্ৰত্যাহ্বানেৰে ভৰা। ভাল লাগে যেতিয়া যান্ত্ৰিকতাৰে নহৈ আন্তৰিকতাৰে তেওঁৰ বিষয়ে প্ৰকাশ কৰা হয়।ভাল লাগে এগৰাকী শিল্পীৰ শিল্পীসত্তাক অনুধাৱন কৰি তেওঁৰ বিষয়ে এনেদৰে উপস্থাপন কৰা হয়।নীলিম মহন্ত আগবাঢ়ি গৈ থাকক। “ফটাঢোলে”এইধৰণে সুন্দৰ লেখনিৰে পাঠকৰ মনবোৰত ঢোলৰ দৰে শব্দধ্বনি সদৃশ বুকুত বাজি থাকক।শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

    Reply
  • বন্দিতা জৈন

    শুভ কামনা জনালোঁ তেখেতলৈ। ভাল লাগিল

    Reply

Leave a Reply to Anonymous Cancel reply

Your email address will not be published. Required fields are marked *