ফটাঢোল

মেক‌আপ আৰু ম‌ই-জিমী শ‌ইকীয়া

ম‌ই সৰুৰেপৰাই মেক‌আপৰ প্ৰতি সচেতন। লিপষ্টিকক লিবিইচটিক বুলি কোৱা বয়সৰে কথা। লিপষ্টিক চিপষ্টিক ঘঁহি ওঁঠে ওঁঠে নলগাকৈ আঁ কৰি ঘূৰি ফুৰোঁ। আনকি লিপষ্টিক ঘঁহাৰ পিছত যিমান লোভনীয় মিঠাই থাকিলেও নাখাইছিলোঁ। আলহীৰ ঘৰলৈ গৈ তেতিয়াহে থাকিছিলোঁ যদি লিপষ্টিক কিনি দিম বুলি কয়।

যদিও ম‌ই সৰুতে কাজলটোৰ ৰঙৰে আছিলোঁ, তথাপি চকুত কাজল এলেপা ঘঁহিহে সুখ পাইছিলোঁ। 

ইমানেই মেক‌আপ কৰাত ম‌ই সিদ্ধহস্ত হৈ পৰিছিলোঁ যে আইনা নহ’লেও আণ্ডাজতে চকু আৰু ওঁঠৰ ৰং সলাই পেলাব জানিছিলোঁ। 

পিচে এবাৰ ঘটিল নহয় অঘটন।

এফালে যাবলৈ উথপথপকৈ ওলাইছিলোঁ। ওচৰতে জন্মদিন এটা আছিল। হুৰমূৰতে মেক‌আপটো কৰি বাহিৰ হ’বলৈহে পালোঁ। সৱেই মোক যেনেকৈহে চালে মোৰ জীৱটো কোনোমতেহে বাহিৰ নোহোৱাকৈ ৰ’ল। মনে মনে ভাবিলোঁ মেক‌আপত অলপ বেছিয়েই ধুনীয়া হৈ গ’লোঁ নেকি ! 

পিচে নহয় বুজিছে। মায়ে এক্কে গতাই আইনাখনৰ ওচৰত হাজিৰ কৰোৱাতহে  মোৰ ভুল ভাঙিল। কৃষ্ণ কৃষ্ণ মৰিশালিৰ বুঢ়ী ভূতুনীয়েও মোৰ লগত ফেৰ মাৰিব নোৱাৰিলেহেঁতেন। উথপথপতে আণ্ডাজতে মেক‌আপ কৰোঁতে লিপষ্টিকডালৰে চেলাউৰি আৰু কাজলেৰে ওঁঠ দুখন কোন টলকত ৰং কৰি পেলালোঁ নিজেই পাত্তা নাপালোঁ। সত্য কৈছোঁ টেৰটেৰকৈ ৰঙা চেলাউৰি আৰু কেটকেটকৈ কলা ওঁঠৰে কি ভয়ংকৰ হৈছিলোঁ, পোৱালি ভূতবোৰে চু চু কৰি দিলেহেঁতেন ভয়তে আৰু বৰলা ভূতবোৰে লাইন মাৰিলেহেঁতেন মডাৰ্ণ ভূতুনী বুলি।

সেইদিন ধৰি যথেষ্ট সাৱধান হ’লোঁ। মানুহেতো অভিজ্ঞতাৰ পৰাই শিকে ন!

খোপা বন্ধাত মোৰ এনেকুৱা নাম এটা আছে যে চকুৰ পলক জপালেও খোপা খোল খাই খহি পৰে। মোৰ খোপাটোৰ স্পেচিয়েল নাম হৈছে জেং খোপা ওৰফে কেলেংকাৰী খোপা।

আনৰ হাতত দেখোন বেয়াও ভাল হয়, মোৰ হাততহে ভালো ভয়ংকৰ হৈ পৰে। সৰস্বতী মায়ে সঁচাকৈ মোক এফালেও নিদিলে। মেক‌আপ বিদ্যাটোকে যদি ভালকৈ দিলেহেঁতেন ঔ!

যিহেতু ম‌ই মেক‌আপ কৰিব‌ই নাজানো ভালকৈ সেয়ে ম‌ই লাহে লাহে এইবোৰৰ প্ৰতি অনাসক্ত হৈ পৰিলোঁ। মানে কথাতে কয় নহয় “সজালে পৰালে বান্দৰীও সুন্দৰী হয়”। কিন্তু মোৰ হাতত পৰিলে “সজালে পৰালে সুন্দৰীও বান্দৰী হয়”হে হ’বগৈ আৰু।

সেয়ে সময়ৰ লগে লগে মেক‌আপ ম‌ই নকৰাই হ’লোঁ। একদম মানে চিম্পলকৈ থাকোঁ। মাত্ৰ কাজল অকণ, লিপষ্টিক অকণ, মুখত ক্ৰিম অকণ, আঙুলিত নেইলপলিচ অকণ হ’লেই হয়। নেইলপলিচৰ কথানো কি ক’ম আৰু! নেইলপলিচ ৰিম’ভাৰ ঘঁহি এৰুৱাই আকৌ ধুনীয়াকৈ নেইলপলিচ  নখত ঘঁহাৰ সৌভাগ্য মোৰ কোনোদিনেই নহ’ল। ক’ৰবালৈ ওলাই খৰধৰকৈ সেই আধা যোৱা আধা থকা নখকেইটাৰ ওপৰতে ডেডেৰিয়াই মেডেৰিয়াই মন্ত্ৰী বিধায়ক অহাৰ আগত বেয়া ৰাস্তাবোৰ ৰিপিয়াৰিং কৰাৰ দৰেই ৰিপিয়াৰিং কৰি ওলাই যাওঁ।

এনেহেন মেক‌আপ অভিজ্ঞতা থকা  মোৰ বিয়াৰ মেক‌আপৰ কথা কি ক’ম! এনেকুৱা হেভী মেক‌আপ আগতে কৰা নাছিলো যে, মেক‌আপ আৰ্টিষ্ট আহি পাওঁতে দুখৰ মাজতে বিজুলী এচমকা পাৰ হৈ গ’ল। আজিকালি ক‌ইনাৰ মেক‌আপেই মূল। আগতে দৰা ঘৰৰপৰা জোৰোণত লৈ অনা মেক‌আপৰ বস্তুৰেই  বংশ পৰিয়ালৰ অথবা গাঁৱৰ কোনোবা এগৰাকীয়ে ক‌ইনাক সজাই পৰাই দিছিল। তেতিয়াও ক‌ইনাজনী চালে চকু ৰোৱা হৈ পৰিছিল। পিচে আজিকালি চালে চকু ৰোৱা ক‌ইনা নহয়, চালে চকু কপালত উঠা ক‌ইনা হ’লেহে ক‌ইনা ক‌ইনা লাগে দেখোন। দুঘণ্টাৰ মেক‌আপে এজনী ছোৱালীৰ মুখৰ চুলিৰ আকাৰ আকৃতি ৰং এনেকৈ সলাই পেলাই যে,  ছোৱালীৰ ৰং ক’লা বুলি ৰিজেক্ট কৰা ল’ৰায়ো অনুশোচনাত ভুগিবলৈ বাধ্য হয়। 

এতিয়া আহোঁ আচল কথালৈ। আজিকালি বিয়া ঠিক হ‌ওঁতেই প্ৰথমে মেক‌আপ আৰ্টিষ্ট আৰু ডিয়েচেলাৰহে ঠিক কৰা হয়।  মোৰ ক্ষেত্ৰতো প্ৰায় একেই। তিনিদিনীয়া কাৰ্যসূচীত তিনিদিন হেভী মেক‌আপ। ইচ্ছা অনিচ্ছা পিছৰ কথা যুগৰ লগত খাপ খুৱাই খোজ দিব লাগিব।  নহ’লে আনৰ কথা বাদেই দিলোঁ মোৰ কণমানি ভতিজী,ভাগিনী হঁতেই কৈ দিব,”ক‌ইনা হ’বলা এনেকৈ মেক‌আপ নকৰাকৈ ওলাই, মেক‌আপ কৰিহে ওলায়।” আজিকালি ব্ৰাইডেল মেক‌আপ সিহঁতে মোতকৈ ভালকৈ বুজি পায়। তাতে চিৰিয়েল চাই চাই আমাৰ মানুহৰ চকুতো মেক‌আপ নকৰিলে মানুহ চকুতে নপৰা হ’ল।চিৰিয়েলত ঘৰত থাকোঁতেই যিমানখিনি মেক‌আপ কৰে!

নিৰ্দিষ্ট দিনকেইটাত মোক মেক‌আপ কৰা হ’ল। এটা এটাকৈ কেইবাটাও প্ৰলেপ পৰিল মোৰ মুখত। মাজে মাজে মেক‌আপৰ ওপৰত পানীও স্প্ৰে কৰি দিয়ে। মোৰ এনেহেন লাগিল যেন পকাঘৰ বনাইছে,ফাউণ্ডেছন দিছে,গাঁথনি ভাল হ’বলৈ পকা ৱালত পানী মাৰিছে। এতিয়া পাইমাৰ ঘঁহিব,পুটিন কাটিব,ৰং  কৰিব। ৰং কৰা ৱালৰ ওপৰত আকৌ বিশেষ বিশেষ ঠাইত  পেইণ্টিং কৰিব। যেনেকৈ আমি ড্ৰয়িং ৰুম, বেডৰুমবোৰ বেছি ভালকৈ ডিজাইন কৰি দেখনীয়াৰ কৰোঁ, তেনেকৈ মোৰো মুখৰ নাক, গাল আদিত হাইলাইট কৰি দেখনীয়াৰ কৰা হ’ল। আতৌ-পুতৌকৈ ড্ৰয়িংৰুম সজোৱাৰ দৰে মোৰ চকু দুটি, চেলাউৰিযোৰ সজাই তোলা হ’ল। ৰূমৰ খীৰিকিত নেটৰ হাফ পৰ্দাৰ ওপৰত একেবাৰে ভেণ্টিলেটৰৰপৰা খিৰিকীৰ চৌকাঠ পাৰহৈ যোৱাকৈ লগোৱা ডাঠ পৰ্দাৰ দৰেই মোৰ চকুৰ পাতল নেট সদৃশ কুৰ ভ্ৰু কেইডালৰ ওপৰত ডাঠ আইলেছ লগোৱা হ’ল।  ঘৰৰ মুধচৰ ডিজাইন দিয়াৰ দৰেই মোৰ মূৰটোত ডিজাইন দিয়া হ’ল। পাফ কৰি চুলিবোৰ ওখ কৰি, কাৰ্লি কৰি, ষ্ট্ৰেইট কৰি খোপা বান্ধি দিলে। এতিয়া ঘৰ এখনত যেনেকৈ ফুলনি এখন হ’লেহে শোভা পায়, তেনেকৈ মোৰ খোপাতো ধুনীয়া ধুনীয়া গোলাপ আৰু ধনীয়া ফুলৰ নিচিনা অকণি অকণি ফুলেৰে ফুলনি এখন সজাই তোলা হ’ল। 

চকু মেলি   আইনাত নিজকে অচিনাকী যেন লাগিল। চিনাকি ম‌ইজনী যেন সঁচাকৈ অচিনাকী ক‌ইনা হৈ গ’লোঁ। আইলেছ লগোৱাৰ অভ্যাস নথকাৰ বাবেই চকু ভালকৈ মেলিব নোৱাৰা হ’লোঁ। কিবা এটা ভৰ পাই চকু দুটি হাফকৈ মেলি আছিলোঁ, কিজানি বেছিকৈ মেলিলে আইলেছ এৰাই যায়। তেনেতে কেমেৰা লৈ থকা ভাইটিয়ে ফটো দুখন তুলিলে সকলো অ’কে আছেনে চাবলৈ। পিচে আধা মেলা চকুৰে বৃহৎ খোপাটোৰে ডিঙিটো ফিট কৰি জঠৰ হৈ  থকা ম‌ইজনীক কিবা থিয় হৈ তপস্যা কৰি থকা যেনহে পালোঁ। তেহে মেক‌আপ আৰ্টিষ্টে মোক নৰ্মেলকৈ থাকিবলৈ ক’লে। চকু আগৰ দৰেই মেলি আগৰদৰেই হাঁহি মাতি খোজ কাঢ়িবলৈ ক’লে। তেতিয়া গম পাইছে ম‌ই যে মেক‌আপ কৰি, হাঁহিবলৈ ভয়ে কৰিছোঁ, কিজানিবা পকাৰ ৱালত ফাঁট মেলাদি মোৰ মেকআপে ফাঁট মেলে। 

পিচে ধন্যবাদ সেই মেক‌আপ আৰ্টিষ্টসকলৰ কলাত্মক হাত দুখনৰ, য’ত একো একোখন মুখক ন-ৰূপ দিয়ে। মোৰ ভয়ে লাগি আছিল কিজানি সৰুতে আধুনিক নৃত্যৰ প্ৰতিযোগিতাত এবাৰ নাচোঁতে মোৰ নকল খোপাটো তুলুপকৈ খহি পৰাদি অতিথিৰ মাজতে খোপা, ফুল খহি পৰিব নেকি বুলি। পিচে তেনে একো নহ’ল। তেওঁলোকৰ অভিজ্ঞ হাতে ৰক্ষা কৰিলে।

পিচে মেক‌আপটো ৰাতি এৰুৱাবৰ সময়তহে দুখ লাগিছিল। কেইটামান ঘণ্টাৰ কাৰণে কিমানযে খৰছ ঔ! দুবছৰৰ মুখত ঘঁহা কিনিও কেইটামান হাতত জমাহে থাকিলহেঁতেন। ল্যেমিলেশ্বন কৰি এনেকৈ দুদিনমান থাকিব পৰাহেঁতেন!

সি যি কি নহ‌ওক, এটা কথা উপলব্ধি কৰোঁ যে মানুহ সুন্দৰহৈ থাকিলে মনো সুন্দৰহৈ থাকে। বাৰ্হ্যিক ৰূপ সৌন্দৰ্য মাথোন চকুৰ সন্তুষ্টিৰ বাবেহে। মানুহ সুন্দৰ হয় আত্মবিশ্বাস,আত্মসন্মানবোধ তথা আভ্যন্তৰীণ গুণেৰেহে। বাইদেউ এগৰাকীয়ে কোৱা কথা এষাৰ প্ৰায়ে মনলৈ আহে,”বিয়াৰ দিনা মানুহে ক’বলৈহে ক‌ইনাজনী ধুনীয়া হ’ব লাগে, ঘৰখন ঘৰ কৰি ৰাখিবলৈ বোৱাৰীজনী ধুনীয়া নহ’লেও চলে।”

☆ ★ ☆ ★ ☆

4 Comments

  • বাগ্মিতা

    বিৰাট ভাল লাগিল জিমি। নিয়মীয়াকৈ লিখিবা হা

    Reply
  • বন্দিতা জৈন

    ধুনীয়া। শেষৰ শাৰীটো ভাল লাগিল

    Reply
  • বৰ ধুনীয়াকৈ লিখিলা, সময় উলিয়াই লিখি থাকিবাচোন।

    Reply
  • মানসী

    বৰ ভাল লাগিল…

    Reply

Leave a Reply to বাগ্মিতা Cancel reply

Your email address will not be published. Required fields are marked *