ফটাঢোল

ফটাপ্ৰশ্ন

১) কমলা দাস : ক) সকলোতকৈ সহজ কাম কি?

উত্তৰ : আনৰ দোষ খুচৰি উলিওৱা

খ) মহাত্মা গান্ধীয়ে প্ৰতিখন নোটতে কিয় হাঁহি থাকে?

উত্তৰ : নোটৰ মালিকে আৰু নাহাঁহি, কান্দিবনে?

গ) নাৰী গৰাকীৰ ক্ষেত্ৰত বিয়াৰ পিছৰ চন্দ্ৰমুখীজনী পিছলৈ জ্বালামুখী হোৱা বুলি কোৱা হয়! কিন্তু পুৰুষজনৰ ক্ষেত্ৰত বিয়াৰ পাছত চন্দ্ৰমুখা আৰু পিছলৈ জ্বালামুখা হোৱা বুলি কিয় কোৱা নহয়? এইটো নাৰীৰ প্ৰতি অন্যায় হোৱা নাইনে?

উত্তৰ : ভুলতো নাই হোৱা, যি প্ৰাণীয়ে বিয়াৰ পিছত মুখেৰে টু শব্দ এটাও কৰিব নোৱাৰে, তেওঁক জ্বালামুখীৰ লগত তুলনা কৰা উচিত হ’ব জানো?

২) জ্যোৎস্না ৰাণী দাস : পতি-দেৱতা হ’লে পত্নী-দেৱী কিয় নহয়?

উত্তৰ : কালী গোসাঁনী দেৱী বুলি ক’লে প্ৰট’কল উলংঘন হয় বা।

৩) জয়ন্ত কুমাৰ ডেকা : ক) ৰাজনীতিৰ বতৰ৷ ৰাজনীতি সকলোতে কম-বেছি পৰিমাণে চলে৷ অনিচ্ছা সত্ত্বেও এইয়া আমি মানিবলৈ বাধ্য৷ ৰাজ্যৰ ৰাজনীতিত আজিৰ সময়তো নাৰীৰ অংশগ্ৰহণ পুৰুষৰ তুলনাত তেনেই ন্যুনতম৷ পিচে সেইবুলি নাৰী ৰাজনীতি ক্ষেত্ৰত দুৰ্বল নহয় সকলোৱে অনুভৱ কৰে৷ এতিয়া ফটাপ্ৰশ্নটো হৈছে ঘৰুৱা ৰাজনীতিত অত্যাধিক সচেতন, সক্ৰিয় আৰু শক্তিশালী কোন? নাৰী নে পুৰুষ?

উত্তৰ : গৃহ ৰাজনীতিত পুৰুষৰ স্থানেই নাই আচলতে। তাত সুবিধা নেপাইহে পুৰুষে বাহিৰৰ ৰাজনীতিত মাথা মাৰি থাকে।

খ) গণতন্ত্ৰৰ পাঁচ বছৰীয়া শাসন ব্যৱস্থাটো যদি এনে হ’লহেঁতেন ……. মানে এই ২০২১-২০২৬ লৈ  ১২৬ গৰাকীয়ে পুৰুষ বিধায়ক। ২০২৬ – ২০৩১ লৈ ১২৬ গৰাকীয়ে মহিলা বিধায়িকা। দল লাগিলে যিয়েই নহওক বা গিৰিয়েক-ঘৈণীয়েক, প্ৰেমিক-প্ৰেমিকাবোৰেই ৫ বছৰৰ অন্তৰালত দিশপুৰ আহক। তেতিয়া সমাজৰ স্বৰূপ কেনেধৰণৰ হ’ব বুলি অনুভৱ হয় আৰু কোনটো শ্ৰেণীৰ শাসনকালত প্ৰগতি বেছি হ’ব বুলি ভাৱে?

উত্তৰ : তামিলনাডুত কৰুণানিধি আৰু জয়াললিতাৰ মাজত ক্ষমতা ইফাল সিফাল হৈ থাকোঁতে কি অৱস্থা হৈছিল পাহৰিলে নেকি? এজন ৰজা হ’লে সিজন জে’লত আৰু ভাইচ-ভাৰ্চা….। ১২৬ জন হ’লে কি হ’ব ভাৱিয়েই ভয় লাগিছে। হয় পুৰুষ জাতি উছন, নহয় মহিলা।

৪) জয়ন্ত দাস : লংকালৈ যিয়েই যায় সিয়েই ৰাৱণ হয়, কিন্তু অযোধ্যালৈ যিয়েই যায় সিয়েই ৰাম কিয় নহয়?

উত্তৰ : গঢ়াতকৈ ভঙা হাজাৰগুণ সহজ কাম। কঠিন কাম কৰিবলৈ মানুহ কমকৈ ওলাবই আৰু।

৫) যদুমণি হাজৰিকা : ক) কেৱল জনপ্ৰিয়তাই মান নিৰ্ধাৰণ কৰেনে? উদাহৰণস্বৰূপে, মদিৰাও জনপ্ৰিয়; গাখীৰো জনপ্ৰিয়।

উত্তৰ : মানে কি ক’ব খুজিছে, মদিৰাৰ গুণ নাই আৰু গাখীৰৰ দোষ নাই? কথাটো ভুল, দুইবিধৰে আপোন আপোন গুণাগুণ আছে, গতিকে দুইবিধ জনপ্ৰিয়। পিচে নিৰ্বাচনৰ বতৰত গাখীৰৰ জনপ্ৰিয়তা অলপ কমিছে বাৰু।

খ) সচৰাচৰ পুৰুষে পিৰীতি নিৱেদনত কিয় আগভাগ ল’ব লগা হয়?

উত্তৰ : সেইটোৱেইতো নাৰীসকলৰ বুদ্ধি, পুৰুষক উচটাই পিৰীতি নিবেদন কৰোৱাই লৈ, আজীৱন থেকেচি থাকে- হুহ! “তুমিহে মোক প্ৰ’পজ কৰিছিলা, মোৰ আৰু হেজাৰটা ভাল অপচন আছিল।” পুৰষ জাতি সজাগ নোহোৱালৈকে এনে নিষ্পেষণ চলিয়েই থাকিব।

৬) উত্তম নেওগ : ক) নিৰ্বাচনবোৰ যদি এশ বছৰৰ অন্তৰে অন্তৰে হয়?

উত্তৰ : আন যি হওক নহওক, এই নিৰ্বাচন ডিউটি নপৰাৰ বাবে চাকৰিয়ালসকলে বৰ সন্তোষ পালেহেঁতেন।

খ)গছবোৰে যদি মানুহৰ দৰে কথা ক’ব পাৰিলেহেঁতেন?

উত্তৰ : গছে ৰাতিহে খাদ্য তৈয়াৰ কৰে, মানে ৰাতি সাৰে থাকে। গতিকে মোৰ মতে গছে কথা ক’ব পৰা হ’লে ওৰে ৰাতি কলকলাই মানুহ আৰু আন জীৱজন্তুৰ টোপনি ক্ষতি কৰিলেহেঁতেন।

৭) গিৰিজানন্দ গোস্বামী : ধৰা হওক আদিম যুগত আপুনিয়েই শিলেৰে শিলত খুন্দিয়াই প্রথম জুইৰ আৱিষ্কাৰ কৰিলে, সেইসময়ত আপোনাৰ মুখলৈ অহা স্বতঃস্ফূৰ্ত শব্দটি কি হ’ব?

উত্তৰ : “ক্ষ্হেৰ্কিম”- হয় মোৰ মনত আছে, এইটো শব্দই মোৰ মুখলৈ আহিছিল। মই বাৰু কথাটো সঁচা বুলি প্ৰমাণ দিব নোৱাৰোঁ, আপুনিয়ে মোক মিছা বুলি প্ৰমাণ দিয়কচোন।

৮) শ্ৰুতিমালা মিশ্ৰ : পৃথিৱীত কোনোবাই মিছা কথা কʼলে যদি যমপুৰীত ঢং-ঢংকৈ বেল বজাৰ চিষ্টেম এটা থাকিলহেঁতেন তেন্তে এই ধৰাপৃষ্ঠৰ কাৰ মিছা কথাত সৰ্বাধিক বেলটো বাজিলহেঁতেন?

উত্তৰ : আন সময়ত নেজানো- ফটাপ্ৰশ্নৰ উত্তৰ দি থকা সময়ত ফটহুৰ নামৰ ঘণ্টাটোৱেই সকলোতকৈ বেছি বাজিলেহেঁতেন সেইটো নিশ্চিত।

৯) বিউতী হালৈ : বয়জ হোষ্টেলত ছোৱালী যাব পাৰে, গাৰ্লচ্‌ হোষ্টেলত লʼৰা যাব‌ নোৱাৰে কিয়?

উত্তৰ : পাৰে, কিয় নোৱাৰে? ফ্ৰক এটা পিন্ধি মূৰত কাপোৰ এখন মেৰিয়াই ল’লে সকলো ল’ৰাই গাৰ্লচ্‌ হোষ্টেললৈ যাব পাৰে। কেৱল যিগৰাকীক লগ পাবলৈ গৈছে, তেওঁ হুলস্থূল নকৰিলেই হ’ল।

১০) দ্বিজেন তামূলী : দেশপ্ৰেমিক কাক বোলে?

উত্তৰ : আজিৰ দিনত ক’বলৈ গ’লে ৰাইজৰ দুখ দুৰ্দশাক মূলধন হিচাপে লৈ আপোন পেট ভৰোৱাসকলেই তথাকথিত দেশপ্ৰেমিক, সেইবিলাক হ’ল সমাজত জিলিকি থকা মানুহ কিন্তু প্ৰকৃত দেশপ্ৰেমিকো নোহোৱা নহয়, আচলতে দেশক ভাল পোৱা আপুনি, মই সকলোৱেই দেশপ্ৰেমিক।

১১) সুশান্ত কুমাৰ শৰ্মা : সাধাৰণতে মাষ্টৰৰ ঘৈণীয়েকক মাষ্টৰনী বোলে, লাগিলে তেখেতে স্কুললৈ গৈয়ে নাপাওক কিয়; কিন্তু মাষ্টৰনীৰ গিৰিয়েকবোৰক কিয় মাষ্টৰ নোবোলে?

উত্তৰ : এই পুৰুষপ্ৰধান সমাজ ব্যৱস্থাৰ এক কুফল, নাৰীক সম-অধিকাৰৰপৰা বঞ্চিত কৰাৰ এক ষড়যন্ত্ৰ। আহক আমি এনে ব্যৱস্থাক উফৰাই পেলাওঁ, আজিৰপৰা আমি মাষ্টৰনীৰ গিৰিয়েকসকলক মাষ্টৰ বুলি মতা আৰম্ভ কৰোঁ! এই জুই জ্বলিছে … জ্বলিবই, ইনকিলাব….জিন্দাবাদ।

১২) অৰ্চন শৰ্মা : বিয়াৰ আগতে নিচা যেন লগা নাৰীগৰাকী বিয়াৰ পিছত কিয় বিছা যেন লগা হয়?

উত্তৰ : কাৰণ বিয়াৰ পাছতহে গম পোৱা যায়, আচল নিচা কাৰোবাৰ দুচকুত নহয়, সিবিধৰ বটলতহে পোৱা যায়। তাতে আকৌ সিবিধ দেখিলেই উপৰোক্ত নাৰীগৰাকীৰ বিছাই ডকা যেন লাগে। বাকীখিনি বুজাই বুজিব।

১৩) কুঁৱলী পাঠক : এই যে আমাৰ নামনিৰফালে জেঠীখৰা বুলি কয়; জেঠীয়েচোন বেৰত বগাইহে ফুৰে.. ই খৰা কেনেকৈ হ’ব?

উত্তৰ : বগাই ফুৰে যে, সেইকাৰণে কয় আকৌ। মানে ঠিয় হৈ খোজ কাঢ়িব নোৱৰা, জেঠীৰ দৰে বগাই ফুৰিব লগা লোককে জেঠীখৰা বুলি কয়।

১৪) নীতাশ্ৰী নেওগ : বিহ মানে যি বস্তুৱে বিষক্ৰিয়া কৰি স্বাস্থ্য হানি বা প্ৰাণনাশ কৰে কিন্তু বিহ জলকীয়া খালে ইয়াৰ এটাও নহয়। তেন্তে ইয়াৰ নাম বিহ জলকীয়া কিয় হ’ল?

উত্তৰ : শুদা মুখত পাঁচটামান চোবাই খাই দিবচোন; গম পাই যাব, ই কিয় বিহ।

১৫) ৰিকুমণি বৰুৱা ফুকন : ফটহু কাই কোৱা শুনিছোঁ যিসকলৰ পত্নী সহজ সৰল, হোজা, আজলী (আকৰী) টাইপ সেইখন ঘৰত শান্তি সদায় বিৰাজ কৰে, কিমান দূৰ সত্য বাৰু? পুৰুষসকলেও তেনেকুৱা পত্নী বিচাৰে হয়নে?

উত্তৰ : বিচাৰে হয়, কিন্তু “সহজ সৰল আজলী টাইপৰ পত্নী” বোলা প্ৰাণীবিধ কেৱল সাধুকথাতহে পোৱা যায়, বাস্তৱত সেইবিধ এক্সিষ্ট নকৰে। প্ৰমাণ স্বৰূপে ১০০% শান্তি বিৰাজ কৰা ঘৰ এখনো আছেনে ক’ৰবাত?

১৬) নীলাক্ষী ভট্টাচাৰ্য্য : সঁ‌চা প্ৰেমে হেনো বহুত কন্দুৱায়। তাৰ পিছতো ইতিহাসত ইয়াৰ চৰ্চাৰ কাৰণ কি?

উত্তৰ : কিয়, কান্দোনৰ কাৰণৰ ওপৰত চৰ্চা হ’ব নেলাগে নেকি? এনেয়ো ইতিহাসত ভয়ংকৰ, অমানৱীয় ঘটনাবিলাকৰ চৰ্চাহে বেছিকৈ হয়৷

☆ ★ ☆ ★ ☆

One comment

Leave a Reply to Mamoni Kalita Cancel reply

Your email address will not be published. Required fields are marked *