মাংস খাই মই কিয় বেয়া পাওঁ – জয়ন্ত দত্ত
: ভাইটি, মাংস কেনেকৈ দিছা?
: ল’কেল চাৰিছ, খাছী চাতছ।
: ল’কেল মানে মূৰ্গীৰ কথা ক’লানে কি!
: হয় দাদা।
: অহ্
: কিমান দিম দাদা? এই ছোটু, ভাল চাইকেনে ল’কেল এটা উঠাই দে দাদাক।
: হেহ্ ৰ’বাহে এটা মূৰ্গী…! আমি মানুহ দুটাহে।
: সৰু চাই ল’ক এটা। ছোটু সৰু চাইকেনে… ।
: নহয় মানে আমাৰ এওঁ ল’কেল মূৰ্গী বৰ এটা ভাল নাপায়। মাংসবিলাকো সৰু সৰু, চোবাবলৈ ঠায়েই নোলায়।
: তা হ’লে আপনি খাছী লৈ ল’ক আধাকিলো। ছোটু…
: হেই নালাগে নালাগে, আধাকিলো মাংস কোনে খাব!
: কিমান দিম ক’ক।
: কেজি সাতশ হ’লে, এশ গ্ৰামত হ’ব… ! নহয় মানে এনেয়ে হিচাপটো কৰিছোঁহে দেই।
: আৰে দাদা দামতো হ’ব, অলপ কমাই কেনে ধৰিম য’ক।
: এহ্ ছাগলীৰ মাংস বৰ টান হে, সিজোঁতে বহুত সময় লাগে।
: মাংছ কমপ্লেন নাপাব দাদা, একদম কালা খাছী আছে।
: সোৱাদতো ছালৰ ৰঙটোত লাগি থাকেনে কি! হিঃ হিঃ…
: আৰে জলদি ক’ক দাদা, এইফালে কাষ্টমাৰ লাগি আছেত’। ছোটু, বাইদ’ৰ লেগ পিছ দুটা ডাঙৰকে কাটি দে।
: পঞ্চাশ টকা মানত এশ গ্ৰাম নাহিব নেকি হে!
: ধামালি কিয় কৰিছে দাদা?
: এহ্ ধেমালি কৰা নাই ৰ’বা, বাকী বজাৰৰ কথা চিন্তা কৰিছোঁ।
: দাদা আপনি বইলাৰ লৈ য’ক। কমতে হ’ব, খায়ো ভাল পাব।
: অ’, ব্ৰইলাৰ হ’লেও বেয়া নহয় অৱশ্যে, কেনেকৈ দিছা?
: গোটা দেৰছ, কাটা দুছ।
: হে হেৰি নহয়, বিশ টকামানৰ দিয়া তেনেহ’লে।
: কি কৈ আছে দাদা, একছৰ দাগা নাইত’।
: হ’ব দিয়া, ৰাণটোকে কাটি দিয়া গোটেইটো। অলপ কম হ’লেও হ’ব আৰু, মই ইমান লাগি থকা মানুহ নহয়।
: ধুৰ, আপনি মোৰপৰাই দছ টাকা লৈ ল’ক, যোগেচৰ দুকানত যাইকেনে কণী দুটা লৈ ঘৰত য’ক, বেকাৰ টাইম নষ্ট কৰি নাথাকক।
: অ’ হয় নেকি, তেতিয়াহ’লে বিশ টকা কৰি দিয়া, পিয়াঁজ পঞ্চাশ গ্ৰামো লৈ যাব পাৰিম একেলগে।
☆ ★ ☆ ★ ☆