ফটাঢোল

মূল:তৰুণৰ প্ৰতি উপদেশ,লেখক :মাৰ্ক টোৱেইন,ভাৱানুবাদ-অভিজিত কলিতা

মোক যেতিয়া এই সভাত দু-আষাৰ ক’ব লাগিব বুলি জনোৱা হ’ল, মই কিছু অনুসন্ধান কৰিলোঁ- কেনে ধৰণৰ কথা কোৱা ভাল হ’ব! উদ্যোক্তাসকলে জনালে যে মোৰ কথাখিনি কিশোৰ আৰু যুৱক-যুৱতীৰ বাবে উপযুক্ত হ’ব লাগিব৷ অলপ পথ নিদৰ্শন ধৰণৰ- মানে ভাল উপদেশ কিছুমান থাকিলে ভাল আৰু। বঢ়িয়া। আচলতে মোৰ মনত এনে কিছুমান উপদেশমূলক কথাই বহুদিনৰ পৰাই খেলি আছিল। যিহেতু এই সময়খিনি ব্যক্তিত্ব গঢ় লৈ উঠাৰ সময়, আৰু এই সময়ত শিকা ভাল কথাবিলাকেহে মনৰ গভীৰতালৈ শিপাই আৰু চিৰস্থায়ী হয়। তেনে আহা, মই প্ৰথমতেই মোৰ তৰুণ-তৰুণী বন্ধুসকলক সকলোতকৈ জৰুৰী কথাটো শিকাই লওঁ, সদায় নিজৰ পিতৃ-মাতৃৰ কথা মানি চলিবা, বিশেষকৈ যেতিয়া তেওঁলোক সমুখত থাকে। এইটো অতি উত্তম উপায়, যদি তোমালোকে পিতৃ-মাতৃৰ কথা নুশুনা তেওঁলোকেও ভালদৰে জানে কিদৰে সন্তানক কথা মনাব লাগে। তেওঁলোকে তোমাক কথা মনাইহে এৰিব। তোমালোক সকলোৰে পিতৃ-মাতৃয়েভাৱে যে তেওঁলোকে তোমালোকতকৈ বেছি কথা জানে, তেওঁলোক তোমালোকতকৈ বেছি অভিজ্ঞ;  আৰু দেখা যায়, এই অন্ধবিশ্বাসটো মানি চলা, নিজে ভাৱি চিন্তি কিবা কৰাতকৈ বেছি লাভজনক।

বয়সীয়াল লোকক শ্ৰদ্ধা কৰিবা, যদি তেনে কোনোবা তোমাৰ ঘৰত আছে- যদি নাই, বাহিৰৰ অচিনাকি বয়স্ক মানুহক সন্মান কৰিলেও হ’ব। যদি কোনোবা মানুহে তোমাক অশান্তি দিয়ে আৰু তুমি ঠিক ধৰিব নোৱাৰা যে মানুহজনে ইচ্ছা কৰিয়েই কৰিছে নে ভুলতে কৰিছে তেনে হঠাতে কোনো চৰম সিদ্ধান্ত লৈ নেপেলাবা। কেৱল সময় সুবিধা চাই থাকিবা আৰু প্ৰথম সুবিধাতে তেওঁক ইটা এটুকুৰাৰে বজাই দিবা আৰু বেছি একো কৰিব নেলাগে। পিছত যদি তুমি গম পোৱা যে তেওঁৰ কামটো ইচ্ছাকৃত নাছিল তেনে খোলাখুলিকৈ নিজৰ ভুল স্বীকাৰ কৰিবা- ক’বা যে তেওঁক ইটাচপৰাৰে মাৰি তুমি ভুল কৰিছা। ভাল মানুহৰ দৰে নিজৰ ভুল মানি ল’বা আৰু ক্ষমা খুজিবা। হয়, সদায় হিংসা পৰিহাৰ কৰি চলিবা, আজি এই সভ্য সমাজত হিংসাৰ কোনো স্থান নাই। ডিনামাইটবোৰ অসভ্য আৰু বৰ্বৰ লোকসকললৈ এৰি দিয়া।

সোনকালে শুবা সোনকালে উঠিবা এইটো জ্ঞানী লোকৰ কাম। কোনোবাই কয় সূৰ্যৰ সৈতে উঠিব লাগে, কোনোবাই আন কিবাকিবিৰ কথা কয়- কিন্তু মোৰ মতে শুই উঠিবলৈ সকলোতকৈ ভাল ব্যৱস্থা হ’ল কুকুৰা ডাকতে উঠা। তুমি যদি কুকুৰা ডাকতে শুই উঠা তোমাক সকলোৱে ভাল পাব, প্ৰশংসা কৰিব, তুমি জনাজাত হৈ পৰিবা আৰু যদি তুমি উপযুক্ত কুকুৰা এটা বিচাৰি পোৱা আৰু তাক ভাল প্ৰশিক্ষণ দিব পাৰা- তেনে সহজেই তাক তুমি পুৱা চাৰে ন বজাত ডাক দিবলৈ শিকাই ল’ব পাৰিবা, একেবাৰে সহজ কাম। 

এতিয়া মিছা কথাৰ কথা আলোচনা কৰোঁ৷ মিছা কওঁতে অতি সাৱধান হ’বা- ইয়াত ধৰা পৰাৰ সম্ভাৱনা অতি বেছি আৰু যদি এবাৰ মিছা কথা কৈ ধৰা পৰা- তেনে জীৱনৰ কাৰণে তোমাৰ ৰেপুটেচন শেষ..কোনেও তোমাক বিশ্বাস নকৰিব। তোমালোকৰ দৰে বহু যুৱক-যুৱতীয়ে এটা মাত্ৰ দুৰ্বল আৰু অসম্পূৰ্ণ মিছা কথাৰ বাবেই আজীৱন জীয়াতু ভুগিব লগা হৈছে। এনে হৈছে কেৱল তেওঁলোকৰ মিছা কোৱাৰ অসমাপ্ত প্ৰশিক্ষণ সম্ভূত অসাৱধানতাৰ বাবে। কিছু লোকে ক’ব খোজে- তৰুণসকলে মিছা কথা একেবাৰেই ক’ব নেলাগে। সেইটো বাৰু অলপ চৰমপন্থী ধৰণৰ কথা; মই ইমান কঠোৰ হ’ব নোখোজোঁ; তথাপিও কওঁ, বিশ্বাস কৰোঁ, আৰু মই জানো মই সঁচা কথাই কৈছোঁ, যে মিছা কোৱাৰ মহান কলাটি ব্যৱহাৰৰ ক্ষেত্ৰত তৰুণসকল যিমান পাৰি সংযত হ’ব লাগে, যেতিয়ালৈকে অনুশীলন আৰু অভিজ্ঞতাই তেওঁলোকক আত্মবিশ্বাস, লালিত্য, আৰু নিৰ্ভুলতা প্ৰদান নকৰে; তেতিয়াহে এই কলা সুন্দৰ আৰু লাভজনক হ’ব। ধৈৰ্য, পৰিশ্ৰম, সূক্ষ্মাতিসূক্ষ্ম বস্তুবোৰৰ ওপৰত কষ্টসাধ্য মনোনিবেশ- এইবোৰ অতি প্ৰয়োজন; এইবোৰেহে ছাত্ৰজনক নিখুঁত কৰি তুলিব। কেৱল এই গুণকেইটাৰ ওপৰতহে তেওঁ নিজৰ ভৱিষ্যত প্ৰতিষ্ঠাৰ বুনিয়াদ তৈয়াৰ কৰিব পাৰিব। ভাৱাচোন সেই বৃদ্ধ গুৰুজনে কিমান সাধনা, অধ্যয়ন, অনুশীলন আৰু অভিজ্ঞতা কষ্টসাধ্য পথ অতিক্ৰম কৰি গোটেই পৃথিৱীৰ মানুহৰ ওপৰত “সত্যৰ সদায় জয়” এই প্ৰবচনষাৰ জাঁপি দিবলৈ সক্ষম হৈছিল৷ তথ্যৰ এনে এটা গোলমলীয়া ৰূপ, যাক আজিলৈকে কোনো ইতৰ নৰ মনিচে উপলব্ধি কৰিব পৰা নাই, প্ৰমাণ কৰিব পৰা নাই। মানৱ জাতিৰ ইতিহাস আৰু আমাৰ ব্যক্তিগত অভিজ্ঞতাসমূহ এনে বহুতো প্ৰমাণেৰে গধুৰ হৈ আছে, যে সত্যক হত্যা কৰা একো কঠিন কাম নহয় আৰু খুব ভালকৈ ক’ব পৰা মিছা, অজৰ-অমৰ। বষ্টনত এনাস্থেছিয়া আৱিষ্কাৰ কৰা মানুহজনৰ এটা প্ৰকাণ্ড স্মৃতিচিহ্ন আছে। এতিয়া বহুত মানুহে জানে যে তেওঁ আচলতে এনাস্থেছিয়া উদ্ভাৱন কৰাই নাছিল- সেইটো ফৰ্মুলা তেওঁ আন এজনৰ পৰা চুৰহে কৰিছিল। এয়া কি এক শক্তিশালী সত্য, যি চিৰ কালৰ বাবে থাকি যাব? নহয়হে মোৰ শ্ৰোতাবন্ধুসকল, মুঠেও নহয়। হয় এই মূৰ্তিটো খুব উচ্চমানৰ সামগ্ৰীৰে নিৰ্মিত কিন্তু এই মিছাষাৰ এই মূৰ্তিটোতকৈয়ো বহু বেছি দিন জীয়াই থাকিব। বিশ্ৰী, দূৰ্বল, ধৰা পৰা মিছাৰ পৰা আঁতৰি থাকিবলৈ তুমি অহৰহ কঠোৰ অধ্যয়ন আৰু অনুশীলন কৰি থাকিব লাগিব। এনেবোৰ মিথ্যাৰ জীৱনকাল সাধাৰণতে আমি কৈ থকা সত্যবিলাকৰ সমানেই। এনে অদৰকাৰী মিছা কোৱাতকৈ তুমি যি হ’ল হ’ল বুলি সঁচা কথাকে কৈ দিয়া ভাল। এটা দূৰ্বল, বুৰ্বক মিছা কথা খুব বেছি দুবছৰমান বাচি থাকিব পাৰে যদিহে ইয়াৰ অপবাদ আন কাৰোবাৰ ওপৰত জাঁপি দিয়া নহয়। অপবাদ দিব পাৰিলে অৱশ্যে মিছাটো অজৰ অমৰ হয় কিন্তু তাত তোমাৰ একো শ্ৰেয় নেথাকে। শেষত কওঁ- এই সুন্দৰ, সুকুমাৰ কলাবিধৰ চৰ্চা যিমান পাৰি সোনকালেই আৰম্ভ কৰিব লাগে- মইতো কওঁ, আজিৰ পৰাই কৰা। মই যদি সঠিক সময়ত চৰ্চা কৰিলোঁহেঁতেন, তেনে ময়ো ইতিমধ্যে মিছা মাতিবলৈ শিকি গ’লোঁহেঁতেন।

আগ্নেয়াস্ত্ৰ সদায় সাৱধানে ব্যৱহাৰ কৰিবা, যুৱ প্ৰজন্মই যধেমধে নেজানি নুশুনি আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰাৰ বাবে বহুলোকৰ অশান্তি অসুবিধা হৈছে! মাত্ৰ চাৰিদিনৰ আগতে- মোৰ গ্ৰীষ্মকালীন আবাসটোৰ কাষৰ পামঘৰ এটাত এটা ঘটনা হ’ল- যত এগৰাকী অতি মৰমীয়াল, পবিত্ৰ অন্তৰৰ, পকা-চুলীয়া, মিঠামুখৰ বৃদ্ধাই বাস কৰিছিল৷ তেওঁৰ নাতিল’ৰাটোৱে ক’ৰবাৰ পৰা আওপুৰণি মামৰে ধৰা, কেতিয়াও ব্যৱহাৰ নকৰা বন্দুক এটা পাই আনি ধেমালিতে বৃদ্ধাৰফালে টোঁৱাই গুলীয়াই দিম বুলি কৈ আছিল হাঁহি হাঁহি। বৃদ্ধাই ভয়তে টেঁটুফলা চিঞৰ লগাই ঘৰৰ দুৱাৰখনৰ ফালে দৌৰি পলাই যাওঁতেই- মানে ল’ৰাটোৰ কাষেদি পাৰ হৈ যাওঁতেই সি বুঢ়ীৰ বুকুতে বন্দুকটো লগাই ট্ৰিগাৰ ডবাই দিলে৷ সি ভাৱিছিলে বন্দুকটোত গুলী নাই…… ভুল ভৱা নাছিল বাৰু সি, আচলতে গুলী নাছিলেই তাত। সেয়ে একো দুৰ্ঘটনা নঘটিল। মই শুনা এনেধৰণৰ ঘটনাবোৰৰ মাজত এইটোৱেই ব্যতিক্ৰম, আনবোৰত ….। সেইকাৰণে কৈছোঁ পুৰণা গুলী নথকা বন্দুকবোৰ লৈ খেলা ধূলা নকৰিবা৷ এইবোৰ আচলতে মানুহে সাজি উলিওৱা ভয়ংকৰ বস্তুবোৰৰ এটা। তোমালোকে এইবোৰ ঝামেলাত সোমাবৰ দৰকাৰ নাই, এইবোৰৰ ফালে চাবৰো দৰকাৰ নাই আৰু টোঁৱাবৰো দৰকাৰ নাই। বচ কোনো এজন আত্মীয়ক বাচি লৈ ট্ৰিগাৰ দবাই দিলেই হ’ল, তেওঁৰ কাম তামাম হৈ যাব। ত্ৰিশগজ দূৰৰ পৰা গীৰ্জাৰ চূড়াটোত গুলী লগাব নোৱাৰা তৰুণ এজনে এশৰ ভিতৰত এশবাৰ খালী বন্দুক এটাৰে নিজৰ আইতাকৰ চিকাৰ কৰিব পাৰিব। ভাৱাচোন, যদি ৱাটাৰলুৰ যুদ্ধত এফালে এই পুৰণা গুলী নোহোৱা বন্দুক লৈ এই কিশোৰসকল থাকিলেহেঁতেন আৰু আন ফালে তেওঁলোকৰ বুঢ়ীমাক বিলাক!! ভাৱিলেই গা শিয়ঁৰি উঠে।

আজিকালি বহুত ধৰণৰ কিতাপ পোৱা যায়, তাৰ ভিতৰত যুৱপ্ৰজন্মই পঢ়াবিলাকেই উত্তম মনত ৰাখিবা। এইবিলাক উন্নতিৰ একো একোটি দুৰ্দান্ত, অনিবাৰ্য আৰু অবৰ্ণনীয় উপায়। সেয়ে কিতাপ নিৰ্বাচনৰ ক্ষেত্ৰত সাৱধান হ’বা, মোৰ যুৱ বন্ধুসকল, অতি বেছি সাৱধান; নিজকে ৰবাৰ্টচনৰ ‘ধৰ্মোপদেশ’, বেক্সটাৰৰ ‘সন্তৰ বিশ্ৰাম’, ’ইনোচেণ্টচ এব্ৰ’ড’ বা তেনেধৰণৰ গ্ৰন্থৰ মাজতে সীমাৱদ্ধ ৰাখিবা।

আজি বহুত কথা ক’লোঁ। আশা কৰিছোঁ, তোমালোকে মোৰ উপদেশসমূহ হৃদয়ৰ গভীৰতম কোণত সঞ্চিত কৰি ৰাখিবা আৰু সেইবোৰৰ দ্বাৰাই সদায় বোধগম্যতাৰ দিশে আগুৱাই যাবা। এইবিলাকৰ মনোজ্ঞ আৰু পৰিশ্ৰমশীল অনুশীলনেৰে তোমালোকে নিজৰ চৰিত্ৰ নিৰ্মাণ কৰিবা আৰু এদিন যদি তুমি এনেধৰণে নিজৰ চৰিত্ৰ নিৰ্মাণ কৰিব পাৰা তেনে বুজি উঠিবা, যে তোমাৰ চৰিত্ৰ কিমান ধুনীয়া আৰু শুদ্ধকৈ আন সকলোৰে সৈতে মিলি পৰিছে।  

অনুবাদকৰ একাষাৰ : মাৰ্ক টোৱেইনক আমেৰিকাৰ সৰ্বশ্ৰেষ্ঠ ব্যংগ সাহিত্যিক বুলি কোৱা হয়। তেওঁৰ কোনো কোনো ব্যংগত ডাৰ্ক হিউমাৰৰ ছাঁ দেখা পোৱা যায়। আমেৰিকাত তেওঁৰ সময়ত, আনকি আজিৰ দিনতো, কিশোৰসকলৰ দ্বাৰা আগ্নেয়াস্ত্ৰৰ ব্যৱহাৰ এক বৰ জটিল সামাজিক সমস্যা। টোৱেইনে এই লেখাটিত ব্যংগৰ মাধ্যমেৰে সেই সমস্যাটো উপস্থাপন কৰিছে৷ যি হয়তো আমাৰ পৰিবেশৰ পাঠকৰ বাবে সহজে গ্ৰহণযোগ্য নহ’ব। তথাপিও মহান লেখকজনৰ প্ৰতি শ্ৰদ্ধা জনাই সেইখিনি কথা মূলৰ দৰেই ৰখা হ’ল।

☆ ★ ☆ ★ ☆

2 Comments

  • Jogesh

    বহুত ভাল লাগিল পঢ়ি দাদা। বিশেষকৈ কুকুৰা পোহাটো।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    সুন্দৰ ব্যংগ। বৰ ভাল লাগিল অভিজিত দা।

    Reply

Leave a Reply to ৰাজশ্ৰী শৰ্মা Cancel reply

Your email address will not be published. Required fields are marked *