ফটাঢোল

এইখনি গাঁ‌ও নিচেই আপোন-শংকৰ জ্যোতি বৰা

চিন ১

‘ৰামানুজ চিনিয়ৰ কলেজ’ৰ অধ্যক্ষৰ ৰুম৷ অধ্যক্ষৰ আসনৰ ফালে মূৰ কৰি থিয় হৈ থকা দুজন যুৱকক দেখা যাব৷ যুৱক দুজনেে অধ্যক্ষক আঁৰ কৰি থাকিব৷ লাহে লাহে কেমেৰাই এংগুল লৈ যুৱক দুজনৰ সোঁকাষেৰে ঘূৰি অধ্যক্ষক জুম কৰিব৷ আসনত বিৰাজমান নীলাক্ষি কাকতি৷ প্ৰতিষ্ঠাৰ কেইবছৰমানতে কলেজখনক অসমৰে অগ্ৰনী শিক্ষানুষ্ঠান ৰূপে গঢ়ি তোলা নীলাক্ষি কাকতি৷ কলেজৰ ছাত্ৰ-ছাত্ৰীসকলৰ মৰম আৰু শ্ৰদ্ধাৰ নীলাক্ষী মেম৷ মৰম আৰু শ্ৰদ্ধাৰ লগতে সকলোৱেই যথেষ্ট ভয়ো কৰে তেখেতক৷

ছাত্ৰ দুজনক উদ্দেশ্যি নীলাক্ষি,

: এতিয়া ৰিজাল্ট দিয়ালৈকে কি কৰিম বুলি ভাবিছা?

কেমেৰাই এংগুল লৈ সন্মুখৰ ছাত্ৰ দুজনক জুম কৰিব৷ সেইবছৰৰ দুজন স্থান দখল কৰাৰ সম্ভাৱনা থকা ছাত্ৰ পাৰ্থ প্ৰতীম শৰ্মা আৰু দিম্পল কুমাৰ৷

দিম্পল : এতিয়াই ভবা নাই মেম৷ দুদিনমান সম্পূৰ্ণ জিৰণি ল’ম৷

পাৰ্থ : মেম, কাইলৈ দুয়োটাই হোষ্টেল এৰি দুদিনমান আমাৰ ঘৰলৈ যাম৷ ই দিম্পলে গাঁৱৰ জীৱন দেখাই নাই৷ দুদিনমান থাকি চাওক৷ গাঁৱৰ জীৱন কেনেকুৱা?দহদিনমানৰ পিছত আহি সি মেডিকেলৰ ক’চিঙত জইন কৰিব৷ মই ৰিজাল্ট দিয়ালৈকে গাঁৱতে থাকিম৷ গাঁৱৰ ল’ৰা-ছোৱালী দুটামানক পঢ়াম বুলি ভাবি আছোঁ‌৷ ৰিজাল্ট দিয়াৰ পিছত জাগীৰোড কলেজতে ইংৰাজীত অনাৰ্চ লৈ পঢ়িম৷

নীলাক্ষি : ধুনীয়া৷ দুয়োটালৈ বহুত বহুত শুভেচ্ছা৷ কিবা দৰকাৰ হ’লে ফোন কৰিবা৷

চিন ২

চিধা মৰিগাঁও ৰাস্তা৷ এখন বুলেটত নগাঁৱৰপৰা গুৱাহাটীৰ দিশত গৈ থকা অৱস্থাত দিম্পল আৰু পাৰ্থ৷ এটা দ্ৰোণ কেমেৰাই সন্মুখৰ পৰা ফ’ল’ কৰিব৷ মাজে মাজে দুয়োটাক, মাজে মাজে কাষৰ দৃশ্যবোৰ৷ যেনে:- সেউজী পথাৰ, পথাৰত ব্যস্ত ৰোৱনী-দাৱনী, উৰি থকা বগলীৰ জাক ইত্যাদি৷ বেক গ্ৰাউণ্ডত বাজি থাকিব, “এইখনি গাওঁ নিচেই আপোন” লগে লগে  স্ক্ৰীণত নেমকাষ্টিং চলি থাকিব…

RMD FILMS, KUWAIT Presents…

“এইখনি গাওঁ নিচেই আপোন”

ষ্টাৰিং

কেমেৰা-মাধৱ

মিউজিক- তপন তেজপুৰীয়া

বেবনি- চেকীয়া এণ্ড ডলী

প্ৰডিউচাৰ- RMD

ষ্টৰি, স্ক্ৰীনপ্লে এণ্ড ডিৰেকছন ‘ভাইজী’

চিন ৩

দেবজিত শৰ্মাৰ জাগী ভকত গাঁৱৰ ঘৰ৷ দ্ৰোণ ভিউত ডেউতাকৰ দিনতে বনোৱা বিশাল অসম টাইপৰ ঘৰটো দেখুৱাব৷ বৃহৎ চৌহদ৷ ঘৰলৈ সোমাই যোৱা দীঘল পদুলিটোৰ দুয়োকাষে লোহাৰ ফেন্সিং দিয়া দুখন বাগিছা৷ এখনত বিধে বিধে বতৰৰ শাক-পাচলি, এচুকত এখন চাঙত জিকা, ভোল, তিয়ঁহ আদিৰ গছ৷ আনখনত বিভিন্নজাতৰ ৰঙচঙীয়া ফুল গছ৷ কেমেৰা মুভ কৰি পিছফালখনো দেখুৱাব৷ এফালে এটা বৃহৎ গোহালি৷ কেইবাজনীও উন্নত জাতৰ গাই গৰুৰে ভৰ্তি৷ মাজত এখন চোতাল, সিপাৰে ধুনীয়াকৈ পাৰ বন্ধাা এটা পুখুৰী৷ কেমেৰা এংগুল চেঞ্জ কৰি পুনৰ ঘৰৰ সন্মুখলৈ আহিব৷ লাহে লাহে জুম কৰি  ঘৰৰ বাৰাণ্ডালৈ আহিব৷ বাৰণ্ডাৰ চকীত বহি বাতৰি কাকত পঢ়ি থাকিব দেবজিত শৰ্মাই৷ ৰাষ্ট্ৰপতিৰপৰা আদৰ্শ কৃষকৰ বঁ‌টা পোৱা দেবজিত শৰ্মা৷ সৰুতেই দেউতাক-মাকক হেৰুৱাই ভায়েক পাৰ্থ আৰু ভনীয়েক দিক্সিতাক আই-পিতাই দুয়োৰে মৰমেৰে আৱৰি ডাঙৰ কৰা দেবজিত শৰ্মা৷ মুখেদি বৈ যোৱা কলঙৰ সিপাৰেই দেবজিত শৰ্মাৰ প্ৰায় দুশবিঘা মাটিৰ কৃষিপাম৷ উন্নত জাতৰ শাক-পাচলি, ধান, ঘেঁহু, কুঁ‌হিয়াৰ কেইবাটাও পুখুৰী, হাঁহ, কুকুৰা, গাহৰি আদিৰে ভৰা এখন পাম৷ বহু কষ্ট কৰি এই পামখন গঢ়ি তুলিছে শৰ্মাই৷ নিজৰ লগতে গাঁৱৰ কেইবাটাও পৰিয়ালকো সংস্থাপন দিছে৷ পেপাৰ পঢ়ি বহি থকা দেবজিত শৰ্মাক মাত লগালেহি পামৰ মেনেজাৰ বিজয় মহন্তই৷

বিজয় : দাদা আজিও কলঙত চৰি থকা হাঁহৰপৰা দুটা নাইকিয়া হৈছে৷

পেপাৰৰপৰা মূৰ দাঙি বিজয়লৈ চাই দেবজিত শৰ্মা,

: তই নিজেনো কত চৰি আছিলি? কলঙৰপৰাই হাঁহ নাইকিয়া হৈছে যে৷ কালিৰপৰা হাঁহৰ জাকটো পখুৰীতে চৰাবি৷

বিজয় : হ’ব দাদা৷

শৰ্মা : আজি ভাল চাই তেলাল হাঁহ এটা সন্ধিয়া কাটি-বাছি দি যাবিহি৷ মইনাহঁত আহিছে৷

বিজয় : এ চাব কিয় লাগিছ৷ গোটেইকিজনী তেল ফটা হাঁহ মোৰ একদম হিচাপতে আছেই নহয়৷ তাৰে এজনী লৈ আহিম৷

শৰ্মা : তয়ো ৰাতি ইয়াতেই ভাত খাই যাবি৷

বিজয় : কোনে জানো উলিয়াইছে কিনা হাঁঁহৰ বোলে ঠোঁ‌টলৈকে মঙহ৷ হুহ আমাৰ নিকিনাকিজনীৰ হ’বলা নাথাকেহে৷ তেনে এজনী আনি বাছি কাটি দিম আৰু ভাত নোখোৱাকৈ যাম সেই কথা এনেইয়ো হ’ব নোৱাৰে৷ 

(এই কথাখিনি কৈ কৈ বিজয় মহন্ত ওভটিব৷ দেবজিত শৰ্মাৰ মুখত হাঁহি।)

চিন ৪

পাম হাউছৰ এটা ডাঙৰ পুখুৰী৷ পুখুৰীৰ দুটাপাৰে কেইবা বিঘা যোৰা মাকৈৰ খেতি৷ এটা পাৰত দুবিঘামান মাটিত তৰমুজ৷ আনটো পাৰত পুখুৰীৰপৰা কিছু ঠাই এৰি এটা ডাঙৰ হাঁহৰ গঁ‌ৰাল৷ একঠামান মাটি আৱৰি থকা হাঁহৰ তিনিখলপীয়া ঘৰটো শনখেৰৰ চালি দিয়া৷ তিনিখন কাঠৰ চাঙৰপৰা বাঁহৰ হেন্দালি দি বনোৱা হেলনীয়া চাঙেদি হাঁহবোৰ মাটিলৈ উঠা-নমা কৰে৷ পানীৰপৰা তিনিফুটমান ওখকৈ পাৰৰপৰা পুখুৰীৰ মাজলৈ বনাই থোৱা পাঁ‌চহাতমান দীঘল চাং এখনত বহি দিম্পল আৰু দিক্সিতাই বৰশী বাই থাকিব৷ নলবাঁহৰ লিকলিকিয়া চিপেদি আটা টোপ দি বোৱা বৰশীত দিক্সিতাই চিপে প্ৰতি এজনীকৈ সেন্দুৰীয়া পুঠি উঠাব৷ দিম্পলৰ হাত শূন্য৷ পুখুৰীৰ আনটো কাষত এগালমান পাতিহাঁহ৷ হাতত বাঁহৰ পাছি এটাত এপাছিমান কণী লৈ বিজয় মহন্ত গঁ‌ৰালৰ ফালৰপৰা চাঙৰ ওচৰলৈ আহিব৷

বিজ :  বাপু কালি হাঁহ খাই কেনে পালা?

দিম্পল : বৰ ধুনীয়া লাগিল খুৰা৷

বিজয় : নেলাগিবনে? হাঁহ চিনাত মোৰ ভুল নহয় বুজিছা৷ ককাইদেৱে আবেলি ক’লে বুলিহে৷ পুৱাই হোৱা হ’লে সেইজনী যে দেখিছা অলপ পাখৰী, অকলশৰীয়াকৈ চৰি আছে সেইজনীৰৰ আৰু তেল হ’লহেঁতেন৷।পিচে মাছ পাইছানে?

দিক্সিতা : এতিয়ালৈকে চিপটোকে ভালকৈ ধৰিবলৈ শিকা নাই৷ মাছ ক’ৰপৰা পাব৷

দিম্পল : আজি জীৱনত প্ৰথম বৰশী মাৰিছোঁ‌৷ তুমিও প্ৰথম দিনাই এক্সপাৰ্ট হোৱা নাছিলা দিয়া৷

বিজয়: এ নক’বাহে৷ এইজনী উদ একদম৷ যেতিয়াই মাছলৈ আহে খালৈ ভৰাইয়ে নিব৷

দিক্সিতা : হ’ব হ’ব৷ তুমি কণীখিনি বেপাৰীক দি আহাঁগৈ৷

বিজয় : যাওঁ ৰহ৷ এই মইনা ক’লৈ গ’ল অ’৷

দিম্পল : জাগীৰোড কলেজলৈ গৈছে৷ টিউশ্যনৰ বাবে বহুত ল’ৰা-ছোৱালীয়ে যোগাযোগ কৰি আছে৷ সিহঁতক লগ ধৰিবলৈ গৈছে৷

বিজয় : ঠিক আছে তেতিয়াহ’লে৷

(এইবুলি কণীৰ পাছিটো লৈ উভটিব)

চিন ৫

মইনাধৰা পাহাৰৰ চৰকাৰী অতিথিশালা৷ মুখ্যমন্ত্ৰী হেমন্ত কাকতিৰ চৰকাৰী বাসভৱনৰ গোপন কোঠা৷ চকীত বিৰাজমান খুদ কাকতি৷ সন্মুখৰ টেবুলখনৰ বিপৰীত আসনত বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী ৰিণ্টুমণি দত্ত৷

কাকতি : চোৱা দত্ত, যিকোনোো উপায়েৰে মোক জাগীৰোড বিধানসভাৰ উপনিৰ্বাচনত বিজয় লাগে৷ যি কৰিব লাগে কৰা৷ মই তোমাক ফ্ৰিহেণ্ড দিছোঁ‌৷

দত্ত :  চিন্তা নকৰিব চাৰ৷ আমি জিকিমেই৷ অগ্নিভ দত্তৰ দৰে আন্তৰ্জাতিক ডন এজনকো কাবু কৰা মানুহ মই৷ পাৰ্টি ফাণ্ডলৈ মাহেকীয়া বৰঙণি দিবলৈ তেওঁ ৰাজী হৈছে চাৰ৷ কালি ৰাতি তেওঁৰ লগত এই বিষয়ত চুক্তি হৈ গৈছে৷ আমাৰ CID বিভাগৰ DIG অভিজিত কলিতাৰ নেটৱৰ্কেে এই ক্ষেত্ৰত আমাক বৰ সহায় কৰিছে৷ তেওঁকো কিবা এটা উপহাৰ দিব লাগে চাৰ৷ ওমৰাংছু হেন শুকান ঠাইৰপৰা আনি তেওঁক নগাঁৱৰ দায়িত্ব দিলে ভাল আছিল৷ এই চিদা বৰাক নগাঁৱৰপৰা নি ওমৰাংচুত দিম বুলি ভাবিছোঁ‌৷ মাটিৰ মানুহ সেইজন৷ তাতে লাগি থাকক৷ নিজেও নাখাই, আমাৰো একো সুবিধা নহয়৷

কাকতি : যি কৰা কৰা৷ সেইবোৰ চাবলৈ মই কেতিয়াবাই তোমাক দায়িত্ব দি দিছোঁ‌৷ মুঠতে মোক জাগীৰোড লাগে বছ৷

দত্ত : হৈ যাব চাৰ৷

 

চিন ৬

জাগীৰোড তিনিআলি৷ আনন্দ ভাণ্ডাৰ৷ মূল ৰাস্তাৰপৰা মৰিগাঁও ৰ’ডৰ ফালে সোমাইয়ে নিউ বুক ষ্টলৰ কাষতে এখন বৃহৎ দোকান৷ নিত্য প্ৰয়োজনীয় সকলো বস্তুয়েই পোৱা যায়৷ জাগীৰোড অঞ্চলৰ এখন ডাঙৰ দোকান৷ আধুনিক চপিং মলবোৰৰ নিচিনা নহ’লেও কোনো গুণে কম নহয়৷ আনন্দ ভাণ্ডাৰৰ স্বত্তাধিকাৰী হিমাংশু ৰাজখোৱা খৰধৰকৈ দোকানৰপৰা ওলাই সন্মুখত ৰাখি থোৱা গাড়ীত উঠি বেগাই গাড়ী চলাই NH 37-ৰ ফালে ওলাব৷

 

চিন ৭

গোপালকৃষ্ণ চাহ বাগিছাৰ আটকধুনীয়া অতিথিশালা৷ অতিথিশালাৰ সুদৃশ্য ড্ৰইংৰুমত ৰুদ্ধদ্বাৰ গোপন বৈঠক৷ হিমাংশু ৰাজখোৱা, ৰিণ্টুমণি দত্ত আৰু মধ্য অসমৰ ডেপুটী ইন্সপেক্টৰ জেনেৰেল চিদানন্দ বৰা৷

হিমাংশু ৰাজখোৱা : দত্ত চাহাব, কথাবোৰ ইমান সহজ হৈ থকা নাই৷ অসমীয়া হিন্দু ভোটাৰৰ সৰহ সংখ্যকেেই নাৰাজ৷ উপায় এটাই আছে জাগীৰ দেবজিত শৰ্মাক হাত কৰিব লাগিব৷ তেখেতৰ যথেষ্ট প্ৰভাৱ আছে৷ কিন্তু কিমানখিনি তেওঁ মানিব সন্দেহ আছে৷ আদৰ্শবাদী মানুহ৷

চিদানন্দ বৰা :  আদৰ্শ বাদ দিয়কহে৷ কিমান আদৰ্শ বাদ দিলোঁ‌ জীৱনত সীমা সংখ্যা নাই৷ পইছাৰ আগত সবৰে আদৰ্শ হেৰাই যায়৷

হিমাংশু : তেওঁ আদৰ্শৰ বাবে জান দিয়া মানুহ৷ পইছা দি কাম হোৱা হ’লে মই কি ইমান দিন এনেই থাকিলোহেেঁতেেন৷

ৰিণ্টুমণি দত্ত : মই ইয়াত প্ৰব্লেম শুনিবলৈ অহা নাই৷ চলিউশ্যন দিয়ক৷

হিমাংশু : চলিউশ্যন আছে৷ চলিউশ্যন দেবজিত শৰ্মাৰ ভনীয়েক দিক্সিতা৷ কেনেবাকৈ যদি দিক্সিতাক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভতিজাকৰ লগত বিয়া পাতি দিব পৰা যায়, তেওঁ বাধ্য হৈ পৰিব আমাক সমৰ্থন কৰিবলৈ৷

দত্ত : এইবোৰ বিয়া-চিয়ালৈ সময় নাই৷ দৰকাৰ পৰিলে উঠাই দিয়াৰ ব্যৱস্থা কৰক বৰা৷ মুঠতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কথা দিছোঁ‌৷ চলে-বলে কৌশলে মোক সমষ্টিত বিজয় লাগিবই৷

বৰা : এইবোৰ ইলেকশ্যনৰ আগত কৰিলে হিতে বেয়াহে হয় নেকি?

ৰাজখোৱা : মই বিয়া ইলেকশ্যনৰ আগতে পতাৰ কথা কোৱা নাই৷ ঠিক কৰাৰ কথাহে কৈছোঁ‌৷

চিন ৮

 

ঔজাৰি শিৱ মন্দিৰৰ সন্মুখৰ চাৰণ বিল উদ্যান৷ চাৰণ বিল আৰু নগাঁও-মৰিগাঁও ৰাস্তাৰ মাজতে থকা এখন সুন্দৰ উদ্যান৷ উদ্যানৰ বেঞ্চ এখনত দিম্পল আৰু দিক্সিতা৷ দুয়ো টিকট কাটি অপেক্ষা কৰি আছে চাৰণ বিলত হোৱা নৌকা চাফাৰীত সিহঁতৰ পাল অহালৈ৷ দুয়োটাৰ ভাব ভংগীত গম পোৱা যায়, বন্ধুৰ ভগ্নী বা ককায়েকৰ বন্ধু জাতীয় কথাতকৈও সিহঁতৰ মাজত এটা বেলেগ আত্মীয়তা গঢ়ি উঠিছে৷

দিক্সিতা : কেতিয়া যে আমাৰ পাল আহিব?

দিম্পল : যিমান দেৰিকৈ আহে সিমানেই ভাল৷

দিক্সিতা : মহানগৰীৰ মানুহৰ এনেয়ো সময়ৰ অভাৱ নাথাকে বুলি জানোৱেই৷ আমাৰহে গাঁৱৰ ছোৱালীৰ ঘৰত এশ এবুৰি কাম থাকে৷

দিম্পল : এনে একেবাৰে কাম কৰি ফালি থকাজনী৷ যোৱা দুসপ্তাহত দেখিছোঁঁ ‌নহয়৷

কেএএএএছ…মৰিগাঁও দিশৰপৰা অতি বেগত অহা দুখন ছুম’ গাড়ী একদম খাৰা ব্ৰেক মাৰি উদ্যানৰ গে’টৰ মুখত ৰ’ব৷ মুখত ক’লা কাপোৰ বান্ধি অহা কেইবাজনো পালোৱান চেহেৰাৰ যুৱক হাতত আগ্নেয়াস্ত্ৰ লৈ তৰিৎ গতিত উদ্যানৰ ভিতৰত প্ৰৱেশ কৰি দিম্পল আৰু দিক্সিতা বহি থকা বেঞ্চখন আগুৰি ধৰিব৷ এটাই হাতত থকা ৰিভলভাৰেৰে শূন্যলৈ এজাঁই গুলী ফুটাই লগৰটোক এটা ইংগিত দিব৷ লগৰটোৱে দিম্পলক দুই হাতত ধৰি আৱদ্ধ কৰিবলৈ চাব৷ আনটোৱে দিক্সিতাক হাতত ধৰি গাড়ীৰ ফালে টানি নিব৷ ধিছুম..দিম্পলক ধৰি ৰখাটো দিম্পলৰ অকস্মাতে মৰা এটা ঘোঁ‌চাত বাগৰি পৰিব৷ দিম্পলে দিক্সিতাক টানি লোৱাটোৰ ফালে চোঁঁচা লওঁতেই..ঠাআআক৷ আন এটা গুণ্ডাই হাতত থকা হকী ষ্টিকেৰে দিম্পলৰ মূৰত প্ৰহাৰ কৰিব৷

“দিক্সি…” সম্পূৰ্ণ নামটো লোৱাৰ আগতেই দিম্পল মাটিত বাগৰি পৰিব৷

চিন ৯

মৰিগাঁও জিলা হস্পিতালৰ আই চি ইউ৷ ডাক্তৰসকলৰ প্ৰচেষ্টাত দিম্পলৰ হুঁঁ‌চ ঘূৰি আহিছে৷ চকু মেলিয়েই কাষতে বহি থকা পাৰ্থৰ হাত দুখন সাৱটি সি ফেঁ‌কুৰি উঠিল৷

দিম্পল : মই পুৰা চেষ্টা কৰিছিলোঁ‌ দস্তি৷ কিন্তু দিক্সিতাক গুণ্ডাকিটাৰ হাতৰপৰা বছাব নোৱাৰিলোঁ‌৷

পাৰ্থ : হ’ব, তই এতিয়া জিৰণি ল’চোন৷ বহুত তেজ গ’ল তোৰ৷ ডাক্টৰে তোক কথা কব’লৈ মানা কৰিছে৷

হস্পিতালৰ এটেণ্ডেণ্ট বহা ঠাইত চিন্তাক্লিষ্ট হৈ বহি আছে দেবজিৎ শৰ্মা৷ কাষতে ঠিয় হৈ বিজয় মহন্ত৷ খৰখোজেৰে তেওঁৰ কাষত ৰ’লহি, DIG চিদানন্দ বৰা৷

চিদানন্দ বৰা : আপুনি চিন্তা নকৰিব শৰ্মাদেউ৷ সমগ্ৰ মৰিগাঁও জিলাত এলাৰ্ট ঘোষণা কৰা হৈছে৷ অপৰাধী মৰিগাঁও জিলাৰপৰা বাহিৰ ওলাব পৰা নাই৷ আমাৰ নৌ পুলিচেও লুইতৰ ওপৰত তন্নতন্নকৈ চকু ৰাখিছে৷ অতি সোনকালেই মাজনীক আমি বিচাৰি উলিয়াব পাৰিম৷ 

তেনেতে বাহিৰত চাইৰেণৰ শব্দ শুনা যাব৷ খন্তেক সময়ৰ ভিতৰতে মন্ত্ৰী ৰিণ্টুমণি দত্তও সেইখিনি পাবহি৷ চিধাই দেবজিত শৰ্মাৰ ওচৰলৈ গৈ তেওঁৰ হাত দুখন সাৱটি,

দত্ত : মোক বাৰঘণ্টাৰ সময় দিয়ক শৰ্মাদেউ। আপোনাৰ ভনীয়েকক বিচাৰি উলিয়াব নোৱাৰিলে মই ৰাজহুৱা জীৱনেই ত্যাগ কৰিম৷ 

শৰ্মাইয়ো দত্তৰ হাত দুখন সাৱটি ফেঁ‌কুৰি উঠিব৷ ঠিক তেনেতে DIG বৰাৰ ম’বাইলটো বাজি উঠিব৷

বৰা : কওঁ‌ক গোস্বামী৷

ফোনৰ সিপাৰত জাগীৰোড থানাৰ OC সুকুমাৰ গোস্বামী।

: চাৰ, ছোৱালীজনী ৰেছকিউ কৰা হৈছে৷ নেলীৰ ওচৰত নাকা তালাছীৰ অলপ আতৰত ছুম’খনৰ ভিতৰত ছোৱালীজনীক এৰি থৈ অপহৰণকাৰী পলাইছে৷ ছোৱালীজনীক ক্লৰফৰ্ম দিয়া হৈছিল৷ চিকিৎসাৰ বাবে কাগজ কলৰ হস্পিতালত এডমিট কৰাইছোঁ‌৷ ডাক্তৰে সুস্থ আছে বুলিয়ে কৈছে৷

বৰা : ভেৰি গুড। ছুম’খনৰ ডিটেইলছ উলিয়াওক৷ ওচৰৰ পাহাৰত ভালকৈ তালাছী বহাওক৷ মোক কালপ্ৰিটকেইটাও লাগিব৷

ফোনটো কাটি লৈ দত্ত আৰু শৰ্মাক উদেশ্যি বৰা,

: বৰ ভাল খবৰ ছাৰ৷ মাজনীক ৰেছকিউ কৰা হৈছে NH37-ত৷ কালপ্ৰিটকেইটাই তাইক গাড়ীতে এৰি পলাইছে৷ পুলিচ সিহঁতৰ পিছত লাগিছে৷

শৰ্মা : তাই ক’ত?

বৰা : পুলিচী নিয়মৰ বাবে কাগজ কলৰ চিকিৎসা কেন্দ্ৰলৈ নিছে৷ সুস্থ হৈয়ে আছে৷ খন্তেক পিছতে পুলিচে ঘৰলৈ লৈ আহিব৷

শৰ্মা : ঈশ্বৰক অশেষ ধন্যবাদ৷ দত্ত,আপুনি লোৱা এই প্ৰচেষ্টাক মই আজীৱন পাহৰিব নোৱাৰিম৷

(এইবুলি শৰ্মাই দত্তক সাৱটি ধৰিব, শৰ্মাক সাৱটি ধৰা দত্তৰ চকুত এটা কুটিল চাৱনি৷)

চিন ১০

মইনাধৰা পাহাৰৰ চৰকাৰী অতিথিশালা৷ মুখ্যমন্ত্ৰী হেমন্ত কাকতিৰ গোপন কোঠাত তেখেতৰ লগত ৰিণ্টুমণি দত্ত আৰু হিমাংশু ৰাজখোৱা৷

হেমন্ত কাকতি : চিয়েৰ্ছ দত্ত৷ ইউ হেভ দান ইট৷

দত্ত : চাৰ, ইয়াৰ আচল ক্ৰেডিট ৰাজখোৱাকহে দিব লাগিব৷ তেওঁৰ বুদ্ধি মতে গৈহে আমি দেবজিত শৰ্মাৰ সমৰ্থন আদায় কৰিব পাৰিলোঁ‌৷ নহ’লে এই বিজয় ইমান সহজ নহ’ল হয়৷

কাকতি : গুড জব ৰাজখোৱা৷ চিয়েৰ্ছ৷

ৰাজখোৱা : ধন্যবাদ চাৰ৷ আপোনাক এবাৰ চ’ৰি ক’বলৈও আছে৷ দিম্পল আপোনাৰ ভতিজা বুলি জনা হ’লে ইমান ৰিস্ক নল’লোহেঁতেন৷

কাকতি : শেষ ভালেই জগত ভাল ৰাজখোৱা৷ ভতিজাৰ লগতে হ’বলগীয়া ভতিজাবোৱাৰীকো পালোঁ‌৷ দেৱজিত শৰ্মা মানুহজন সঁ‌চাকৈয়ে ভাল৷ এনিৱে চিয়েৰ্ছ৷

চিন ১১

পামঘৰৰ সেই দীঘল চাঙখনত বহি দিম্পলে বৰশী বাই থাকিব৷ কাষতে বহি দিক্সিতাই দিম্পলে বৰশী বোৱা চাই থাকিব৷ দিম্পলৰ হাত বহুত পৈণত হ’ল৷ চিপে প্ৰতি নহ’লেও ঘনাই মাছ উঠাই থাকিব৷

দিক্সিতা : বাঃ৷ বহুত উস্তাদ হৈ গৈছা দেখোন৷

দিম্পল : নহ’লে হ’বনে৷ হ’বলগীয়া মানুহজনীৰ গুণবোৰোতো অলপ হ’লেও জানিব লাগিব৷

দিক্সিতা :  যাঃ এইডাল৷

ডুব যাবলৈ ধৰা বেলিটোৰ ৰঙা ৰঙে পুখুৰীত পৰি দিক্সিতাৰ গালখন লাজতে আৰু ৰঙা কৰি তুলিব৷ ড্ৰুণ কেমেৰাই সিহঁ‌ত দুয়োকে পিছফালৰপৰা হাইলাইট কৰি লাহে লাহে ওপৰলৈ মুভ কৰি আবেলিৰ হেঙুলীয়া বেলিটোক ফ’কাছ কৰিব৷ বেলিটোৰ কাষেদিয়েই এজাক ঘৰমুৱা চৰাই উভটিব৷ দূৰৈৰপৰা ভাঁহি অহাৰ দৰে বেকগ্ৰাউণ্ডত বিজয় মহন্তৰ মাত ভাঁহি আহিব,

“ককাইদেউক কৈ দিছোঁ‌, তহঁতৰ বিয়াত হাঁহৰ অতি কমেও তিনিটা আইটেম বনাবই লাগিব৷ বাছি বাছি হাঁহ অনাৰ দায়িত্ব মোৰ৷”

লগে লগে স্ক্ৰীণত ভাঁহি আহিব

THE END

☆ ★ ☆ ★ ☆

12 Comments

  • ডলী

    বঢ়িয়া লাগিল শংকৰ দা।

    Reply
  • সুন্দৰ ককাইদেউ৷

    Reply
  • দীক্ষিতা

    অ’ ৱাহ… কি সুন্দৰ চিনেমা। প্ৰেম, ৰাজনীতি, একচন সকলো ভৰি আছে। বিৰাট ভাল লাগিল। বিশেষকৈ হিৰোইন গৰাকীয়ে বৰ সুন্দৰ অভিনয় কৰিছে। ? এইখন চিনেমা তেখেতৰ কেৰিয়াৰৰ টাৰ্ণিং পইণ্ট হ’ব বুলি আশা ৰাখিছোঁ।?
    সমূহ অভিনেতাৰ অভিনয়ে মন্ত্ৰমুগ্ধ কৰিলে কিন্তু।

    Reply
  • পার্থ প্ৰতীম

    মোৰ কপালত দাদা হোৱাটোৱেই লিখা আছে যেন পাওঁ! ৰিল লাইফ ৰিয়েল লাইফ সকলোতে এনেকৈ হ’লে ভাল নালাগে দেই ??

    জুই চিনেমা।

    Reply
  • বহুত ভাল লাগিল ককাইদেউ৷

    Reply
  • দিম্পল

    শংকৰ দা কি জুই লিখিলে ৰে । একদম সোমাই গৈছো চৰিত্ৰৰ ভিতৰত।

    Reply
  • হেমন্ত কাকতি

    তামাম লাগিল শঙ্কৰ৷ মই কেৰেকটাৰৰ ভিতৰৰ পৰা ওলাবই পৰা নাই হে৷ এইখনৰ চিকুৱেল লাগে৷

    Reply
  • পূৰ্ণময়ী

    বৰ ভাল লাগিল

    Reply
  • ৰিণ্টু

    মই আধা আধি কিং মেকাৰ দেখোন।

    ঝাকাচ শংকৰ

    Reply
  • কাবেৰী মহন্ত

    ৱাহ কি ঝাক্কাছ চিনেমা! বঢ়িয়া লাগিল

    Reply
  • বৰ ভাল লাগিল ?

    Reply

Leave a Reply to দীক্ষিতা Cancel reply

Your email address will not be published. Required fields are marked *