ফটাঢোল

ইলেকচনৰ বিহু-বন্দনা হাজৰিকা

ইলেকচন আহিলে নেতাও ওলালে

মুখত মিঠা হাঁহি লৈ

আমাৰে পালিনেতাৰ হেতা ওপৰা লাগিলে

সকলোৰে মন ভুলাবলৈ॥

ন-নেতা ওলালে

কথাৰ সুৰ সলালে

আমাৰে ৰাইজেও কথা বিষম দেখিলে

সকলোৱে সকলোকে চুপ চাপ চালে॥

ইলেকচন আহিলে অ’ ৰাইজ

চেনেলবোৰে বিনালে অ’ ৰাইজ

দিন-ৰাতি সকলো পাহৰি

আমাৰে চেনেলবোৰ অ’ ৰাইজ

ভাগৰি নপৰিলে অ’ ৰাইজ

একেবোৰ কথাকে প্ৰচাৰ কৰি॥

সময়ে সময়ে কৰ’ণাই প্ৰাণ কাঢ়িলে

আমাৰ ইলেকচনত আমনি নাই

দিনে দিনে মাক্স চেনিটাইজাৰৰ

প্ৰচলন কমিহে যায়॥

ইলেকচনত কমা কৰ’ণা মহামাৰী

ঢোল-পেঁপাৰ মাতত বাঢ়ি যায়

দিনত সকলো ঠিকে চলে

ৰাতিহে কৰ’ণাই বিনায়॥

দায় নধৰিবা ৰাইজখন ক্ষেমিবা

ইলেকচনৰ বিহুগীত সকলোৱে শুনিবা॥

☆ ★ ☆ ★ ☆

2 Comments

  • Niranjan saikia

    কৰোনাত বিধস্ত পৰিবেশত ক্ষমতালোভী ৰাজনৈতিক নেতা পালিনেতাৰ কৰ্মকাণ্ডই লেখকৰ চেতনাত অনুৰণন ঘটা সামাজিক সত্যৰ উপলব্ধিক লেখকে অতিসুন্দৰভাৱে তীৰ্যক ভাৱে ব্যংগাত্মক ৰূপত তুলি ধৰি লেখকে সামাজিক দায়বদ্ধতাৰ পৰিচয় তুলিধাৰাত সক্ষম হৈছে৷ ভাল লাগিল..

    Reply
    • Anonymous

      সুন্দৰ মন্তব্যৰ বাবে ধন্যবাদ

      Reply

Leave a Reply to Niranjan saikia Cancel reply

Your email address will not be published. Required fields are marked *