ফটাঢোল

কণ কবিতা-দিলীপ কুমাৰ শৰ্মা

      (১)

বৰুৱাৰ কাণত

সোমাল পৰুৱা,

পাতি থাকোঁতে

কথা ঘৰুৱা।

      (২)

মুখেশ্বৰ দাইটিয়ে

ঢাকি লৈ মুখ,

পুথিৰ পাঠ শুনি

লৈ আছে সুখ।

         (৩)

মাছৰ বিধক

বোলে পুঠি,

পঢ়িবৰ খনৰ

বানান পুথি।

       (৪)

বিচাৰি আনি

বেতৰ গাজ

কুটি-বাচি

ভালকৈ ভাজ।

        (৫)

আলিৰ মূৰত

পাবা যিটো ভাঁজ,

তাতে চৰু পাতি

বাদাম অলপ ভাজ।

         (৬)

হাতত লৈ

দুখন মোনা

হাটলৈ গ’ল

সৰু পোনা।

       (৭)

ভেনা মাখি উৰে

কৰি ভেন ভেন,

হেলিকপ্তাৰখনহে

আহিছে যেন।

       (৮)

বাটৰ মূৰত

ভাতৰ চৰু,

খুন্দাত বগৰালে

আহি গৰু।

        (৯)

বাটৰ কাষৰ

পুখুৰীটো তৰ,

তাতে নামি

মাছবোৰ ধৰ।

         (১০)

ভোকত আছিল

বগলী ভকত,

জোকো খালে

মৰ খকত।

       (১১)

শামুকে পাৰে

পথাৰত কণী,

পাৰিবানে তুমি

দিবলৈ গণি।

       (১২)

আচাৰ খাই

যি কৰে বিচাৰ,

তেনে বিচাৰক

এজন বিচাৰ।

        (১৩)

আইদেৱে ৰন্ধা

সোৱাদ খিচিৰি

দি লৈ খাবা

মিচৰৰ মিচিৰি।

         (১৪)

মিচৰত বাৰু

আছেনে চৰ,

তাতে বান্ধেনে

কোনোবাই ঘৰ?

       (১৫)

ঘড়ী নমাওঁতে

পিচলি পৰি

হৰিৰ ভাঙিল

সোঁখন ভৰি।

         (১৬)

ছলি দুটাই

বিচাৰি চলি

দৌৰ মাৰোতে

পৰিল পিচলি।

(ছলি – ল’ৰা, চলি – কাঠ বা বাঁহৰ পপাতল টুকুৰা)

      (১৭)

দুয়ে দুয়ে কেতিয়া

নহয় বাৰু চাৰি,

কোৱাচোন মোক

বিচাৰ-খোঁচাৰ কৰি।

         (১৮)

ইটোতকৈ যদি

হয় সিটো চৰা,

দেখাত কেনে হ’ব

দূৰণিৰ পৰা?

         (১৯)

চ’ৰাঘৰত বহি

হাঁহচৰাৰ মাহী,

আইৰে আছে

ঢেকঢেককৈ হাঁহি।

          (২০)

হাঁহচৰাৰ হাঁহজাক

পানীত হ’ল নচৰা,

এতিয়া সিঁহতকলৈ

তুমি কি কৰা কৰা।

☆ ★ ☆ ★ ☆

One comment

  • ৰঞ্জিত কুমাৰ শৰ্মা

    বঢ়িয়া৷

    Reply

Leave a Reply to ৰঞ্জিত কুমাৰ শৰ্মা Cancel reply

Your email address will not be published. Required fields are marked *