ফটাঢোল

ছাৰপ্ৰাইজ গিফ্ট : ৰিমঝিম বৰঠাকুৰ

: মোক এইবাৰ এনিভাৰ্ছেৰীত ছাৰপ্ৰাইজ গিফ্ট কি দিবা?

: ছাৰপ্ৰাইজ গিফ্ট সদায় ছাৰপ্ৰাইজড হ’ব লাগে।

: কোৱানা কোৱানা।

: আৰে, ছাৰপ্ৰাইজ গিফ্টটোৰ কথা যদি আগতীয়াকৈ কৈয়ে দিওঁ, ছাৰপ্ৰাইজ বুলি কিডাল থাকিলনো?

: হ’ব যোৱা, বেছি কৰা তুমি অলপ।

সেয়া লাগিলেই নহয় ভেম। এইজনী আন কোনো নহয় মিচেছ বুলি মানে বুলুকণ কটকী। ছিঃ, কি যে নামটো ৰাখিছে তাইৰ মাক-দেউতাকে! তাইতো একেবাৰে তাহানিৰ মানুহ নহয় যে এইটো নামৰে নামাংকিত হ’বলৈ। বুলুকণ নামটো আউটডেটেড কাৰণে স্কুলৰ ৰেজিষ্ট্ৰেশ্বনত সলাবলৈ বিচাৰিছিল, কিন্তু নোৱাৰিলে। সেইকাৰণে এতিয়া ফেচবুকতে সলাই লৈছে। এতিয়া তেওঁক বহুত নতুন চিনাকিৰ লোকে বুলি বুলিয়েই জানে। আজিকালি অৱশ্যে তেওঁ ইনষ্টাতো সমানে এক্টিভ। তাত আকৌ নাম থৈছে বাৰ্ডী_বুলি। আজিকালি তাই যি লিখে, য’তে লিখে হেশ্বটেগ ব্যৱহাৰ কৰে। যেনে সেইদিনা তেওঁৰে পতি পৰমেশ্বৰলৈ হুৱাটছএপত বজাৰৰ লিষ্টখন দিলে আৰু একেবাৰে শেষত #don’t_forget_to_get_all_these_things বুলি লিখিবলৈ নাপাহৰিলে। হয়ো হয়, গিৰিয়েক মনোজেও এটা বস্তু নাপাহৰাকৈ সকলোবোৰ লৈ আহিছে। তেতিয়াই বুলিৰ মনত খেলালে যে হেশ্বটেগে কামত দিছে মানে!

আৰু দুই এদিন চাই লওক। তাৰপিছত এনিভাৰছেৰীৰ ছাৰপ্ৰাইজ গিফ্টৰ কাৰণে বুলিয়ে হেশ্বটেগ ব্যৱহাৰ কৰিব বুলিয়েই ভাবি থৈছে। আৰে, এজনীয়ে মাত্ৰ ঘৈণীয়েক, এটাই মাত্ৰ ৱেডিং এনিভাৰছেৰী, বছৰত মাত্ৰ এবাৰেই আহে। তাতেই যদি ছাৰপ্ৰাইজ গিফ্ট এটা গিৰিয়েকে দিব নোৱাৰে, তেন্তে বিয়া পাতি আনিছিল কিয়! অকল ভাত ৰান্ধি খুৱাবলৈ? বাকী কামৰ হিচাপ বাৰু বুলিয়ে নিদিয়ে। কাৰণ কাপোৰ ধোৱে মেশ্বিনে, বাকী ঘৰৰ কাম কৰে মেইডে। সপ্তাহৰ সাতটা দিনৰ পাঁচটা দিনৰ তিনিসাঁজকৈ তাই ৰান্ধিব লাগে। বাকী দুটা দিনৰ দায়িত্ব মনোজৰ। গতিকে এক তৌ ছাৰপ্ৰাইজ গিফ্ট বনতা হ্যেই, মেৰে দৌষ্ট।

এনিভাৰছেৰীলৈ মাজত মাত্ৰ সাতটা দিন। বুলিয়ে আলেঙে আলেঙে গিৰিয়েক মনোজক লক্ষ্য কৰি আছে। তাই গম নোপোৱাকৈ মনোজে ছাৰপ্ৰাইজ গিফ্টৰ কিবা প্লান কৰিছে নেকি! ওঁহো দেখাততো একো কৰা নাই। কোনোবা সময়ত আকৌ নিজকে সান্ত্বনা দিয়ে, মনোজে কোৱাৰ নিচিনাকৈ। ছাৰপ্ৰাইজ গিফ্ট মানে ছাৰপ্ৰাইজ। কৈয়েই যদি দিয়ে তেতিয়া সেইটো ক’ত ছাৰপ্ৰাইজ হৈ থাকিল। তথাপিও তাইৰ মনটোৱে নামানে। এইবাৰ সিহঁতৰ দ্বিতীয় বৰ্ষৰ বিবাহ বাৰ্ষিকী। ভাল গিফ্ট এটা যদি নিদিয়ে তাই ফেচবুক, ইনষ্টাত কি বুলি আপডেট দিব! যোৱাবাৰ যেনিবা, প্ৰথম বৰ্ষ বুলিয়েই মনোজে ধুনীয়া দামী ঘড়ী এটা দিলে। এইবাৰ কি দিব!

মাজে মাজে বুলিয়ে মনোজ নথকা সময়কণত তাৰ ম’বাইলটো লৈ যিমানকেইটা শ্বপিং এপ আছে গোটেইকেইটালৈ গৈ অৰ্ডাৰত চেক কৰে। কেনেবাকৈ কিবা তাইৰ কাৰণে দি থৈছে নেকি! কাৰণ এইটো পৰিস্থিতিত ওলাই যাবলৈ অলপ দিগদাৰ। গতিকে অনলাইন কিবা অৰ্ডাৰ কৰিবও পাৰে। নাই একো দিয়া নাই। এই যে মনোজটো অলপো ৰোমাণ্টিক নহয়। বুলিৰ খঙতে চকু পানী ওলাই যায়। শেষত আকৌ এবাৰ মনত পেলাই দিয়াৰ দৰে, আইপিএলত মজি থকা মনোজৰ ওচৰলৈ গৈ লেনিয়াই “তোমাক এনিভাৰ্ছেৰীত কি লাগিব?” টিভিত চকু থৈয়েই মনোজে কৈ পেলালে, “অলপ শান্তি।” কিছু সময়ৰ নিৰৱতাৰ পিছতহে মনোজৰ মনলৈ আহিল, সি কি কৈ পেলালে। ইফালে মুম্বাই ইন্দিয়ানছ ভাৰ্চাছ হায়দৰাবাদ, সিফালে ঘৈণীয়েক বুলিৰ ওন্দোলা মুখ। এতিয়া সি চম্ভালে কি! অলপ সময় স্থবিৰ হৈ থাকি বাৰটো মনত পেলাই, টিভিটো অফ কৰি সি নিজেই উঠি গ’ল বুলিক বুজাবলৈ। নহ’লে আজি যে ৰাতিৰ সাঁজৰ কাৰণে সি ষ্ট্ৰাগল কৰিব লাগিব। এই সময়ত বহুত ৰেষ্টোৰেণ্টেও অৰ্ডাৰ লোৱা বন্ধ কৰি দিয়ে।

‘চোৱা বুলি, মই তোমাক ধেমালিহে কৰিছিলোঁ। তোমাকেই যদি ধেমালি নকৰোঁ আৰুনো কাক কৰিম মোৰ সোণজনী’ – এইবুলি সি মুখ ওন্দোলাই ম’বাইল পিটিকি থকা বুলিৰ কাষতে বহিল। অলপমান তাইৰ মনটো ভাল লাগক বুলিয়েই সি ক’লে ‘মোক একো গিফ্ট নালাগে, সদায় তুমি মোৰ হৈ থাকা। সেইটোৱেই মোক লাগে।’ মনোজে কথাষাৰ কৈ আঁৰ চকুৰে বুলিলৈ চালে। অলপ সময় লাগিল। কিন্তু লাহে লাহে ক’লীয়া ডাৱৰে আৱৰি থকা নীলা আকাশখন অকণমানকৈ ওলোৱা যেন লাগিল। দহ মিনিটমানৰ পাছতে মিচিকিয়া হাঁহি এটাৰে, লাজ লাজকৈ বুলিয়ে মনোজৰ কান্ধতে মূৰটো পেলাই ক’লে “মোক কিন্তু ছাৰপ্ৰাইজ গিফ্ট লাগিব।”

পৰিস্থিতি ভাললৈ অহা যেন লগাত মনোজেও সৈমান হৈ ক’লে “ঠিক আছে, ডান। এতিয়া তুমি ডিনাৰ ৰেডী কৰা আৰু মই খেলখন শেষ কৰোঁ।”

কাইলৈ সিহঁতৰ এনিভাৰ্ছেৰী। আজি সন্ধিয়ালৈকে গিফ্টৰ একো খা-খবৰ নাই। ইফালে বুলিৰ উত্তেজনাত তৎ নাই। নিজকে কিমান তাই চম্ভালি ৰাখিছে তাইহে জানে। কোনোবা সময়ত ভাবে, গৈ সুধিয়েই দিয়ে নেকি। কিন্তু অলপ লাজো পায়। কিমান আৰু একেটা কথাকে চেপেটা কৰি থাকিব। লগৰ দুজনীমানেতো তাইক মেছেজ কৰিয়েই আছে এনিভাৰছেৰীৰ প্লান আৰু গিফ্টৰ কথা সুধি। সিহঁতক উত্তৰ দিয়ে কি বুলি। সেয়ে মেছেজকেইটা নোচোৱাকৈ থৈ দিছে। ইফালে তাইহে জানে তাইৰ কি অৱস্থা। মনোজ নৰ্মেল। কাইলৈ একোৱেই যেন নাই। সেই ভাৱত তাৰ কামত বিভোৰ।

অশেষ উৎকণ্ঠাৰ অন্ত পেলাই ৰাতি বাৰ বাজিল। মনোজে মনে মনে অৰ্ডাৰ কৰি লুকুৱাই থোৱা ৰেড ভেলভেট ফ্লেভাৰৰ কেকটো কাটিবলৈ যো-জা চলাই বুলিক মাতিলে। তাৰ মাতত তাই একেজাপে বিছনাৰ ওচৰৰ পৰা উঠি ডাইনিং ৰূম পালেহি। কেণ্ডেল কেইডাল জ্বলাই কেকটো সন্মুখত লৈ মনোজ বহি আছে। বুলিয়ে চাৰিওফালে এবাৰ চাই, আৰু আন কোনো যো-জা নেদেখি কৃত্ৰিম হাঁহি এটা উলিয়াই কেকটো কাটি অকণমান তাক খোৱাই সুধোঁ নুসুধোঁকৈ তাক সুধিলে ‘গিফ্টটো!’

বুলিৰ প্ৰশ্নত মনোজে হাঁহি এটা মাৰি ক’লে ‘এতিয়া শুই থাকা। গিফ্ট কাইলৈ পাবা, ছাৰপ্ৰাইজ।’

‘উহ আকৌ অপেক্ষা।’ বুলিয়ে বিৰক্তিৰ চাৱনি এটা দি শুবলৈ আহিল। তথাপিও মাজে মাজে চিন্তা এটা নহা নহয় ‘কি বা দিয়ে। তাইৰ লগৰখিনিৰ ওচৰত বা লেবেল দিব পাৰেনে নাই।’ কথাবোৰ চিন্তা কৰি কৰি বুলি টোপনি গ’ল।

পিছদিনা পুৱা সাত বজাত সাৰ পাই দেখে মনোজ তেতিয়াও কুম্ভকৰ্ণৰ নিদ্ৰাত। অভ্যাসবশতঃ ম’বাইলটো হাতত লৈ দেখে দুটা মনোজৰ মেছেজ ‘হেপ্পী এনিভাৰ্ছেৰী মাই ️। প্লীজ অপেন ইয়’ৰ ফেচবুক একাউণ্ট। ইয়’ৰ ছাৰপ্ৰাইজ গিফ্ট ইজ অলৰেডী ডেয়াৰ।’ তলত আৰু এটা মেছেজ হেশ্বটেগৰ সৈতে #অপেন_ইয়ৰ_ছাৰপ্ৰাইজ_গিফ্ট️

মেছেজকেইটা দেখিয়েই উৎকণ্ঠাত ৰ’ব নোৱাৰি লগে লগে ফেচবুক খোলোঁতেই তাই দেখিলে এশৰ ওপৰত নটিফিকেচন। সকলোবোৰ মনোজৰ। এটা এটাকৈ খুলি দেখে বুলিৰ একাউণ্টত যিমানবোৰ পুৰণি ফটো, ষ্টেটাছ আছিল সকলোবোৰতে লাইক আৰু কমেণ্ট মনোজৰ। আঠ নবছৰৰ আগৰ ফটোবোৰ পুনৰ নিউজফীডত দেখি তাইৰ লগৰ কিছুমানেও হোৱাই নোহোৱাই তাত কমেণ্ট বৰ্ষিছে। কিছুমান কমেণ্ট দেখিয়েই তাইৰ মূৰ গৰম হৈ গৈছে যেনে ‘এতিয়া কি ম’বাইল ইউজ কৰা ভিভ’ নে অপ্প’, ‘আগতে বিউটীপ্লাছ নাছিল ন।’। আনকি ‘গুডমৰ্ণিং, গুডনাইট’ বুলি দিয়া ষ্টেটাছকেইটাও বাদ দিয়া নাই। কেতিয়াও তাইৰ ফটোত লাইক, কমেণ্ট নকৰে বুলি তাইৰপৰা গালি শুনা মনোজে এইবাৰ ভালকৈয়ে তাইৰ একাউণ্টটোত খনন চলালে। ইফালে ছাৰপ্ৰাইজ গিফ্টৰ বিষ, সিফালে কমেণ্টৰ। শান্ত সমাহিত মুখখন লৈ শুই থকা মনোজলৈ চাই বুলিয়ে কি কৰিব কি নকৰিবকৈ লাহেকৈ ফেচবুক একাউণ্টটো কেইদিনমানৰ কাৰণে ডিএক্টিভেট কৰি দিলে। বাকী এনিভাৰছেৰীৰ ছাৰপ্ৰাইজ গিফ্টৰ ৰিটাৰ্ণ গিফ্ট দিবলৈ মনোজ উঠালৈ তাই বাট চাই ৰ’ল।

☆ ★ ☆ ★ ☆

14 Comments

  • Pranita Goswami

    বঢ়িয়া লাগিল। আমিও চাৰপ্ৰাইজ হ’লোঁ, এনে গীফ্টৰ কথা মনলৈ অহাই নাছিল।

    Reply
  • ? ভাল লাগিল

    Reply
  • হেমন্ত কাকতি

    হাঃ হাঃ কেনে কামোৰ ৰে মনোজটো৷
    ভাল লাগিল ৰিমঝিম৷

    Reply
    • Rimjhim Borthakur

      ধন্যবাদ কাকতি দা

      Reply
  • Anonymous

    ভাল লাগিল

    Reply
  • ডলী

    হাঃ হাঃ! ভালকৈ চাৰপ্ৰাইজ দিলে গিৰীয়েকে

    Reply
  • Diganta Kumar Bhattacharya

    বাহ: বঢ়িয়া

    Reply
  • Anonymous

    ভজা লাগিল দেই

    Reply
  • জিতু

    মই কিবা গোন্ধ পাইছো, বুলুকন‌ বোলা গৰাকী মিচেচ বৰঠাকুৰেই নহয়য় তো!

    Reply
  • ৰাজশ্ৰী শৰ্মা

    হা হা, চাৰপ্ৰাইজ ভালকৈয়ে দিলে ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *