ফটাঢোল

কৌতুক-ভাস্কৰজ্যোতি আৰান্ধৰা

এবাৰ ডেকা ল’ৰা এজনে বুঢ়া মানুহ এজনক তিনিটা প্ৰশ্ন সুধিলে,

১ম :- পৃথিৱীখন ধ্বংস হ’ব বুলি জানিও সকলো মানুহ পৃথিৱীখনৰ পাছত কিয় দৌৰে?

2য় :- শেষত অকল পইচাবোৰেই পৃথিৱীখনত থাকি যাব বুলিও জানিও পইচাৰ বাবে জীৱনটো কিয় ধ্বংস কৰে?

৩য় :- যিকোনো বস্তু নিজৰ কৰি ল’বলৈ কিয় বন্ধুবিলাকক শত্ৰু বনাই মানুহে?

বুঢ়া মানুহজনে ডেকাজনৰ প্ৰশ্নকেইটা মন দি শুনি আছিল আৰু বুঢ়া মানুহজনে চাৰ্টৰ জেপৰপৰা জুইশলা বাকচ এটা উলিয়াই তাৰপৰা তিনিটা কাঠি উলিয়াই ল’লে, দুটা কাঠি জুইশলা বাকছত পুনৰ ভৰাই ৰাখিলে। এটা কাঠি দুভাগকৈ ভাঙি কাঠিটো ওপৰৰ ভাগ পেলাই দি কাঠিটোৰ তলৰ অংশ নখেৰে অলপ জোঙা কৰি বুঢ়া মানুহজনে মুখৰ আগলৈ নি দাঁতৰ ফাঁকত লাগি থকা মাংসৰ টুকুৰা উলিয়াই খাবলৈ ধৰি কৈছে,

: মই কি জানো আকৌ!

☆ ★ ☆ ★ ☆

One comment

  • বন্দনা হাজৰিকা

    ধেৎ তেৰি ?

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *