ফটাঢোল

সংখ্যাৰ আঁৰৰ কথা

এটোপ এটোপ কৰি ডাৱৰৰ পানী পৰি

ভৰি গ’ল বহল সাগৰ

সমিতিৰ সৱে মিলি ভাগে ভাগে কাম কৰি

প্ৰকাশিলে আলোচনী ঢোলৰ

এক কথাত ক’বলৈ গ’লে সংখ্যাৰ আঁৰৰ কথাখিনি উশাহটোত কৈ শেষ কৰিবপৰা কাহিনী নহয়! আজি ছয় বছৰৰ আগতে ফটাঢোল গোটত শ্ৰী উৎপলা কৌৰ বায়ে মোক যোগ কৰি দিছিল যদিও, গোটৰ খুব কমসংখ্যক মানুহেহে মোৰ চিনাকিৰ তালিকাত আছিল। শ্ৰী ৰিণ্টুমণি দত্ত ডাঙৰীয়া আৰু শ্ৰী দেৱজিত শৰ্মাই সম্পাদকৰ আসনত মোক বহিবলৈ কৰা দাবীত, আসনত মই নবহা হ’লে, গোটৰ সদস্যসকলৰ সাংঘাতিক টেলেণ্টক মই কেতিয়াও অনুমানেই কৰিব নোৱাৰিলোঁহেঁতেন। বিশেষকৈ, এনেধৰণৰ অনলাইন আলোচনীক মোৰ দৰে অল্পমতীয়ে কোনোকালেই, তাতে আকৌ ত্ৰিশটা মাত্ৰ দিনত, অকলশৰে প্ৰকাশ কৰি উলিয়াব পৰাতো অসম্ভৱ বুলিয়ে ক’ম। এই এটা মাহে লগ পোৱা আলোচনীখনৰ সম্পাদনা সমিতিত থকা সন্মানীয় মুঠ একৈশজন ব্যক্তি ক্ৰমে সৰ্বশ্ৰী ৰিণ্টুমনি দত্ত, হেমন্ত কাকতি দাদা, অভিজিত কলিতা দাদা, দেবজিত শৰ্মা, ৰিমঝিম বৰঠাকুৰ, আৰাধনা বৰুৱা, দিগন্ত কুমাৰ ভট্টাচাৰ্য, চবিনা য়াছমিন, হিমাংশু ৰাজখোৱা, সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য, ডলী তালুকদাৰ, ৰাজশ্ৰী শৰ্মা, চন্দন বৰি, পৰীস্মিতা গগৈ, ৰিতুৰ্পণা মহন্ত, যোগেশ ভট্টাচাৰ্য্য, প্ৰণীতা গোস্বামী বৰঠাকুৰ বা, দেবজিত শইকীয়া, বিজয় মহন্ত, নীলাক্ষী কাকতি, দিম্পল কলিতা। সন্মানীয় এই প্রতিজন ব্যক্তিয়েই বিভিন্ন সময়ত হাঁহি-ধেমালিৰ মাজেৰে কিদৰে সম্পাদকক সহায় কৰাৰ লগতে আলোচনীখন দায়িত্ব সহকাৰে আগুৱাই নিলে অভিজ্ঞতাৰে লিখি থ’লোঁ। সমিতিৰ প্ৰতিগৰাকী সদস্যয়ে “একছে বঢ়কৰ এক” টেলেণ্ট থকা ব্যক্তি বুলি যদি মই কওঁ তাত এটা শব্দও বেছি কোৱা নহ’ব আৰু সেই প্ৰমাণ তেওঁলোকে আলোচনীখনৰ বাবে নিষ্ঠাৰে কৰি যোৱা প্ৰতিটো দায়িত্বত সুন্দৰকৈ প্ৰকাশ পাইছে। ব্যক্তিগত ইমানবোৰ ব্যস্ততাৰ মাজতো তেওঁলোকে আলোচনীখনৰ কামবোৰ নিয়াৰিকৈ আৰু ইমান সুন্দৰকৈ সময় অনুসৰি সামৰি গ’ল যে মই এককথাত অভিভূত হ’লোঁ।

সম্পাদকৰ দায়িত্বভাৰ মোৰ ভাগলৈ অহাত, মোৰ কৰিবলগীয়া কাম অলেখ হ’ব বুলি ভাবিয়েই মই মানুহজনীৰ যিটোহে ভয়ত টোপনি নহা হৈছিল, সেই ধাৰণা আসনত বহাৰ লগে লগে ভুল বুলি মাহটোৰ প্ৰতিদিনে প্ৰমাণিত হ’ল। কাৰণ, লেখাসমূহ গোটোৱা আৰু শিতান অনুসৰি লেখাসমূহ সজাই সমিতিলৈ পঠিওৱাৰ বাহিৰে, মোক তেনেকুৱা একো গধূৰ কামেই সমিতিয়ে দিয়া নাছিল। আলোচনীৰ মুখ্য আৰু গধূৰ গধূৰ দায়িত্বসমূহ সমিতিৰ প্ৰতিজন সদস্যই ভাগে ভাগে মিলাই সুশৃংখলকৈ কিদৰে কৰি গৈছিল তাকে লক্ষ্য কৰি প্ৰয়োজনীয় বহু কথায়ে তেওঁলোকৰপৰা মই শিকিবহে পাৰিলোঁ। এই সংখ্যাটোৰ আঁৰত আলোচনীৰ বাবে সমিতিৰ সদস্যসকলে কিদৰে প্ৰতিটো দিশ ভগাই লৈছে মই তাৰেই তালিকাখন শ্ৰদ্ধাৰ পাঠকবৃন্দলৈ ক্ৰমে আগুৱাই দিব বিচাৰিলোঁ।

এইমাহৰ সাক্ষাৎকাৰৰ বাবে মাননীয় শ্ৰীযুত লোকনাথ গোস্বামী ছাৰৰ সৈতে আমাক যোগাযোগ কৰাত সহায় কৰে শ্ৰী প্ৰতিমা গোস্বামী ফুকন বাইদেউৱে। ধন্যবাদ জনালোঁ আমি তেখেতক। হিমাংশু ৰাজখোৱাৰ সামগ্ৰিক পৰিকল্পনা আৰু ব্যৱস্থাপনাত ফটাঢোলৰ হৈ এই সাক্ষাৎকাৰটো গ্ৰহণ কৰে দেৱজিত শৰ্মা, চিদানন্দ বৰা আৰু ধূৰ্জ্জটি কাকতিয়ে।

সাম্প্ৰতিক পৰিস্থিতিক মুখ্যত ৰাখি এটি বাৰ্তাৰে আলোচনীৰ বেনাৰখন সুন্দৰকৈ আৰু আকৰ্ষণীয় ৰূপত সজাই দিয়ে শ্ৰী দিগন্ত কুমাৰ ভট্টাচাৰ্য আৰু শ্ৰীআৰাধনা বৰুৱাই।

আলোচনীলৈ অহা প্ৰতিটো লেখাৰ বৰ্ণাশুদ্ধি মুহূৰ্ততে কৰি দিয়ে সৰ্বশ্ৰী প্ৰাণীতা গোস্বামী বৰঠাকুৰ বা, ৰিমঝিম বৰঠাকুৰ, চবিনা য়াছমিন, ঋতুপৰ্ণা মহন্ত আৰু পৰীস্মিতা গগৈয়ে।

আলোচনীলৈ ফাইলত অহা লেখাসমূহ মিনিটতে কনভাৰ্ট কৰি দি থাকিল গোটৰ অকণমানি সদস্য শ্ৰী দিম্পল কলিতাই।

আলোচনীৰ আপলোডিঙৰ কামত সহায় কৰিলে সৰ্বশ্ৰী ৰিণ্টুমণি দত্ত, দেৱজিত শৰ্মা, হেমন্ত কাকতি দাদা, ৰিমঝিম বৰঠাকুৰে।

গোটত অহা ফটাপ্ৰশ্নসমূহ একগোট কৰি যুগুতালে সকলোৰে প্রিয় শ্ৰীৰাজশ্ৰী শৰ্মাই।

ব্যস্ততাৰ মাজতো খুব কম সময়ত দায়িত্ব সহকাৰে পৰিচালনা, কাহিনী, সংলাপ, চিত্ৰনাট্যৰে ‘ইন্সপেক্টৰ কমল’ নামৰ ছবিখন আলোচনীৰ চিনেমা শিতানলৈ আমালৈ আগুৱাই দিলে শ্ৰীজয়ন্ত দাস ডাঙৰীয়াই। অভিনেতা অভিনেত্ৰীৰ লগতে কাহিনীত থকা চৰিত্ৰসমূহৰ নিখুঁত ছবি আঁকি চিনেমাৰ পোষ্টাৰখন সজালে গোটৰ আন এজন সক্ৰিয় সদস্য শ্ৰীযোগেশ ভট্টাচাৰ্যই।

আৰ্ট গেলাৰী আৰু কাৰ্টুন শিতান আটক ধুনীয়াকৈ সজাই আলোচনীৰ শিতান আকৰ্ষণীয় কৰি তুলিলে সুচিত্ৰকাৰ শ্ৰীযুগল তালুকদাৰ আৰু শ্ৰীনিভা কাকতিয়ে।

ইয়াৰোপৰি সমিতিৰ বহুকেইজন সন্মানীয় সদস্যই আলোচনীলৈ স্বৰচিত লেখাসমূহ আগুৱাই দিয়া দায়িত্বভাগো বিভিন্ন ব্যস্ততাৰ মাজত সম্পূৰ্ণ কৰে। লগতে প্ৰতি সময়ত আলোচনীৰ কামত দিহা পৰামৰ্শসমূহ আগবঢ়াই মোক সহায় কৰে সৰ্বশ্ৰী দেৱজিত শৰ্মা, হিমাংশু ৰাজখোৱা, হেমন্ত কাকতিদা, অভিজিত কলিতাদা, ৰামানুজ জী, নিলাক্ষী কাকতি, প্ৰণীতা বৰঠাকুৰ বা, চবিনা য়াছমিন আৰু যোগেশ ভট্টাচাৰ্য্যই।

সংখ্যাটোৰ আঁৰত সম্পাদনা সমিতিৰ এইধৰণৰ সুশৃংখল কৰ্মৰাজিক মই আন্তৰিকতাৰে সন্মান জনাই সমিতিৰ প্ৰতিজনকে ধন্যবাদ জ্ঞাপন কৰিছো‍ঁ; লগতে সন্মানীয় লেখক লেখিকাই নিজা সৃষ্টিৰে মানবিশিষ্ট লেখাসমূহ আমালৈ আগুৱাই আলোচনীখন সম্পূৰ্ণ কৰি তোলাৰ বাবে তেওঁলোকলৈয়ো মই মোৰ আন্তৰিক ধন্যবাদ যাচিলোঁ। শেষত, শ্ৰদ্ধাৰ পাঠকবৃন্দই অজানিতে ৰৈ যোৱা আমাৰ ভুল-ত্ৰুটিসমূহ আঙুলিয়াই দি আলোচনীখনক সাদৰেৰে গ্ৰহণ কৰি আমাৰ এই ক্ষুদ্ৰ চেষ্টাক সফল কৰিব বুলি আশা ৰাখিলোঁ।

সকলোৱেই সুস্থ থাকক, আনন্দত থাকক লগতে সামাজিক দূৰত্ব বজাই ৰাখি হাঁহি থাকক আৰু হঁহুৱাই থাকক।

ধন্যবাদেৰে..

নাজিয়া হাচান

সম্পাদক, ফটাঢোল

চতুৰ্থ বৰ্ষ, দশম সংখ্যা

☆ ★ ☆ ★ ☆

25 Comments

  • Chidananda borah

    জয়তু ফটাঢোল ৷ সম্পাদিকালৈ অভিনন্দন ৷

    Reply
    • নাজিয়া হাচান

      ধন্যবাদ জনালোঁ

      Reply
  • ৰিণ্টু

    সুন্দৰ সংখ্যা এটাৰ বাবে আন্তৰিক অভিনন্দন

    Reply
    • নাজিয়া হাচান

      অশেষ ধন্যবাদ। মই এই গুৰুভাৰ ডাঙিব পাৰিম বুলি দিয়া বিশ্বাসৰ বাবে।

      Reply
  • দিম্পল

    ভাল লাগিল বা আপোনাৰ লগত কাম কৰি

    Reply
  • Barnali

    অভিনন্দন সখী ! এইখন ধুনীয়া যে হবই মই জানো৷

    Reply
  • উৎপলা কৌৰ

    অভিনন্দন জনালোঁ নাজিয়া।

    Reply
  • কলচুম

    অভিনন্দন বা

    Reply
  • কমলা দাস

    সংখ্যাটোৰ আৰৰ কথাখিনি জানি ভাল লাগিল।

    Reply
    • নাজিয়া হাচান

      ধন্যবাদ বা

      Reply
  • জয়ন্ত দাস

    অভিনন্দন৷ আৰৰ কাহিনীবোৰ জানিব পাৰি ভাল লাগিল৷

    Reply
    • নাজিয়া হাচান

      অশেষ ধন্যবাদ আপোনাক।

      Reply
  • Mridul Nath

    এটা মাহ, অথচ সময় খিনি একেবাৰে তাকৰ যেন অনুভৱ হয়। আঁৰৰ ব্যক্তিসকলোৰ লগত কটোৱা সময়বোৰ মনত পৰিলে আজিও নষ্টালজিক হৈ পৰোঁ। আপোনাৰ অনুভৱ খিনি মই উপলব্ধি কৰিব পাৰিছোঁ। শেষত ধুনীয়া আলোচনীখন উপহাৰ দিয়া বাবে অভিনন্দন জনালো।

    Reply
    • নাজিয়া হাচান

      ধন্যবাদ।

      Reply
  • জ্যোতিৰূপা

    আলোচনী পঢ়িবলৈ এই লেখাটোৰেই আৰম্ভ কৰিছোঁ দেই?

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    অভিনন্দন৷

    Reply
  • Anonymous

    ভাল লাগিল তোমাৰ অনুভৱ ???

    Reply
  • কাবেৰী মহন্ত

    ধুনীয়া আলোচনীখনৰ বাবে আকৌ অভিনন্দন নাজিয়া৷ তোমাৰ অনুভৱখিনি বুজি পাইছোঁ?

    Reply
  • অভিনন্দন বা৷

    Reply
  • ৰাজশ্ৰী শৰ্মা

    অভিনন্দন আকৌ এবাৰ বা❤️

    Reply
  • পল্লৱী শৰ্মা

    আলোচনীখনৰ এই সংখ‍্যাটোৰ আৰৰ কথাখিনি জানি ভাল লাগিল।ধুনীয়াকৈ সজাই আলোচনীখন পাঠকৰ হাতত তুলি দিয়াৰ বাবে আন্তৰিক অভিনন্দন জনালোঁ নাজি??

    Reply
  • মানসী

    সম্পাদনা সমিতিখনৰ সৈতে এমাহধৰি সহযোগ কৰি থাকোতেই আলোচনীৰ উন্মোচন হৈ যায়। সম্পাদকৰ বাবে সহজ কৰি তোলে জটিল বুলি ভবা কথাবোৰ ।সংখ্যাটিৰ আঁৰৰ বিষয়ে সামৰি লিখা কথাখিনি পঢ়ি ভাল লাগিল বা।

    Reply
  • হেমন্ত কাকতি

    ভাল লাগিল নাজিয়া

    Reply
  • ৰামানুজ জি

    আঁৰৰ কথা পঢ়ি ভাল লাগিল…প্ৰাঞ্জল ভাষাৰে হোৱা বাবে বেছি ভাল লাগিল।

    ২য়তে সম্পাদনা সমিতিৰ নামবোৰ জনোৱাত বেছি ভাল লাগিল…..নীৰৱে সেৱা আগবঢ়োৱা সকলক ৰাইজে জনা উচিত।

    Reply
  • ৰামানুজ জি

    মই সম্পাদিকাৰ ক্ষমা প্ৰাৰ্থী ।

    লেখা এটা পৰিকল্পনা কৰিও এজন বন্ধু বিয়োগৰ বাবে লিখা নহল

    Reply

Leave a Reply to নাজিয়া হাচান Cancel reply

Your email address will not be published. Required fields are marked *