ফটাঢোল

 দায়িত্বভাৰৰ আঠা-নাজিয়া হাচান

শুনকচোন শুনক        সবায়ে শুনক

          কওঁ এভাগ গল্প কথা,

 গল্প কথাৰ          শিৰোনাম হৈছে          

          দায়িত্বভাৰৰ আঠা।

 সংসাৰৰ দায়িত্ব          সমাজৰ দায়িত্ব

          দায়িত্বভাৰ বিভিন্ন থাকে,

কিমান নিষ্ঠাৰে            দায়িত্ব সামৰোঁ

           সিয়েহে জীৱনটো আঁকে।

 

আমাৰ প্ৰত্যেকৰে জীৱনটো এটা জীয়া গল্প। এই গল্প হাঁহি-কান্দোন, আশা-নিৰাশা,ঘাত প্ৰতিঘাত, প্ৰাপ্তি-অপ্ৰাপ্তি সকলো একাকাৰ হৈ সংপৃক্ত হয়। এই গল্পৰ গল্পকাৰ বা নাট্যকাৰ আমি নিজে। আমাৰ কৰ্মবোৰত গল্পৰ কাহিনীয়ে ৰূপ লয়। আমাৰ সঠিক দায়িত্বশীলতা আৰু কৰ্তব্যপৰায়নতাই  আমাৰ জীৱন-গল্পক কৰি তোলে অধিক বর্ণময়, অর্থশীল আৰু মনোগ্রাহী। 

পৃথিৱীত যি সংকট বা মহাপ্ৰলয়েই দেখা নিদিয়ক কিয়, আমাৰ কৰ্তব্য আৰু দায়িত্ববোৰ তাৰ মাজতে আৰু অধিক অনুপালনীয় হৈ পৰে। এই দায়িত্ববোৰ আমাৰ জীৱনবোৰত লাগি থকা এৰাই যাব নোৱৰা আঠা। আমি সকলোৱে কৰ্ম অনুসৰি বিভিন্ন দায়িত্ব সাধ্যানুসৰি পালন কৰি যাওঁ। কিন্তু সেই দায়িত্বভাৰ আমি কিমান নিষ্ঠাৰে পালন কৰিব পাৰিছোঁ সেইটোৱেই আমাৰ জীৱনটো গঢ়ি তোলাত মুখ্য ভূমিকা লয়। লঘুৱেই হওক বা গুৰুৱেই হওক, দায়িত্বভাৰ আমি কিমান সততাৰে, নিয়াৰিকৈ আৰু গুৰুত্বসহকাৰে পালন কৰিব পাৰিলোঁ সিয়ে আমাৰ ব্যক্তিত্ব বলিষ্ঠ কৰে। এজন কৰ্তব্যপৰায়ন ব্যক্তিয়ে জীৱনৰ বাটত অহা দায়িত্বসমূহক অৱহেলা কৰিব কেতিয়াও নোৱাৰে। তেনে ব্যক্তিৰ বাবে সফলতাও অৱশ্যম্ভাবি হয়। অর্থাৎ এজন ব্যক্তিৰ কৰ্মজীৱনৰ উন্নতি বা অৱনতিত দায়িত্বশীলতাৰ বিশেষ ভূমিকা থাকে। সেইদৰে এখন সমাজ বা দেশৰ উন্নতি-অৱনতিত প্ৰতিজন নাগৰিকৰ দায়িত্বশীলতাৰ গুৰুত্ব আছে। উচ্চপদৰ বিষয়া এগৰাকীয়ে যেতিয়া নিম্নপদৰ কৰ্মচাৰী এজনক বিশ্বাসেৰে কোনো দায়িত্বভাৰ অর্পণ কৰে আৰু যেতিয়া সেই কৰ্মচাৰীগৰাকীয়ে বৰ নিষ্ঠাৰে সেই দায়িত্ব পালন কৰে তেতিয়া তাত তেওঁৰ কার্যকুশলতা প্ৰকাশ পায়। আৰু সেই কার্যকুশলতাই তেওঁৰ পদোন্নতি বা অৱনতিত বিশেষ ভাবে প্ৰভাৱ পেলায়। দায়িত্বক সততা আৰু নিষ্ঠাৰে পালন কৰা ব্যক্তিসকল সমাজ তথা দেশৰ বাবে সন্মানীয় আৰু বহুমূলীয়া সম্পদ হৈ পৰে।

বৰ্তমান পৰিস্থিতি অগতানুগতিক। কৰ’না ভাইৰাছৰ সংকটে আমাৰ দৈনিক জীৱনত অস্বাভাৱিক আৰু বিশাল প্ৰভাৱ পেলাইছে আৰু ভৱিষ্যতেও আৰু কিমান যে প্রভাৱ পেলাব সেয়া অনুমান কৰাও কঠিন হৈ পৰিছে। অৰ্থনৈতিক দিশৰ পৰা আৰম্ভ কৰি বৰ্তমান আমাৰ শিক্ষাজগততো ইয়াৰ ভয়াবহ তথা সুদূৰপ্রসাৰী প্রভাৱ পৰিছে। এনে এক পৰিবেশত আমি সকলোৱে নিজ নিজ দায়িত্ব একাগ্ৰতাৰে পালন কৰাটোৱেই হৈছে এই সময়ৰ দাবী। এই মহাসংকটৰ সময়ে আচলতে আমাৰ দায়িত্বশীলতাৰ আৰু কার্যকুশলতাৰ প্রকৃত পৰীক্ষা লৈছে। ক’ভিড ভাইৰাছক পৰাজিত কৰি আমি সকলোৱে এই পৰীক্ষাত কৃতিত্বৰে নহ’লেও তৃতীয় বিভাগত হ’লেও উত্তীর্ণ হ’বই লাগিব। সেয়েহে ক’ভিড প্র’ট’কলৰ দায়িত্বক আমি কোনেও কোনো ক্ষেত্ৰতে অৱহেলা কৰিব নোৱাৰোঁ, কৰিলেই এই পৰীক্ষাত অনুত্তীর্ণ হোৱাৰ আশংকা। এখন ঘৰৰ বাতাবৰণ পৰিষ্কাৰ-পৰিছন্ন আৰু সুশৃংখলকৈ ৰখাত ঘৰখনৰ প্ৰতিজন সদস্যৰে দায়িত্বশীলতাত যিদৰে সমগুৰুত্ব থাকে, ঠিক একেদৰে সমাজ তথা দেশখনৰ সুস্থ পৰিবেশ বৰ্তাই ৰখাত আমাৰ প্ৰত্যেকৰে সমদায়িত্ব আছে। বিশেষকৈ বর্তমান মহাসংকটৰ পৰিস্থিতিয়ে আমাক অপ্ৰত্যাশিতভাৱে কিছুমান বিশেষ দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছে। এই সময়ত এই বিশেষ দায়িত্ববোৰ আৰু অধিক নিষ্ঠাৰে পালন কৰাৰ মানসিকতা জাগ্রত কৰাৰ একান্ত প্ৰয়োজন। আৰু সেই দায়িত্ববোধৰ সজাগতাইহে আমাক হাজাৰ সংকটৰ মাজতো স্বাভাৱিক বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম কৰিব। দেশৰ শাসনকৰ্তাৰ ওপৰত সমাজৰ ভাল-বেয়াৰ সমস্ত দায়িত্ব অৰ্পিত থকা বুলি ধৰি লৈ নিজে হাত সাৱটি বহি থাকিলে আমাৰ দেশ এই মহাসংকটৰ পৰা জানো ওলাই আহিব পাৰিব? বৰ্তমানৰ এই ধুমুহা উৎসৱৰ বৰদৈচিলা নহয়। এই ধুমুহা ছুনামি বা কট্ৰিনা নহয়, এই ধুমুহা তাতোকৈ ভয়াবহ মহাপ্ৰলয়! ইয়াৰপৰা হাত সাৰিবলৈ আমি সকলোৱে গুৰুত্ব সহকাৰে দায়িত্বসমূহ মানি চলিব পাৰিলেহে অনাগত ভৱিষ্যতত মানৱ জাতি বৰ্তি থাকিব, অন্যথা ওভতগোৰে নাচি আনৰ মুখত বোকা চটিয়ালে উলুৰ লগত বগৰীও পোৰাৰ দৰে কিছুমান দায়িত্বহীন মানুহৰ ভুলৰ কাৰণে সমগ্র মানৱজাতিৰ ভয়াবহ আৰু অপূৰণীয় ক্ষতি হোৱতো অনিবার্য।

সম্পাদিকা, ফটাঢোল

চতুৰ্থ বৰ্ষ, দশম সংখ্য

☆ ★ ☆ ★ ☆

31 Comments

  • অবিনাশ শৰ্মা

    সুন্দৰ সম্পাদকীয়৷

    Reply
  • ৰাজশ্ৰী শৰ্মা

    সুন্দৰ সম্পাদকীয় বা।

    Reply
    • নাজিয়া হাচান

      ধন্যবাদ?

      Reply
    • নাজিয়া হাচান

      ধন্যবাদ

      Reply
  • পৰীস্মিতা

    ভাল লাগিল, সুন্দৰ সম্পাদকীয়।

    Reply
    • নাজিয়া হাচান

      ধন্যবাদ

      Reply
  • bandana hazarika

    বহুত ধুনীয়া সময়োপযোগী সম্পাদকীয় নাজিয়া

    Reply
    • নাজিয়া হাচান

      ধন্যবাদ বৌ

      Reply
  • rintumoni dutta

    সুন্দৰ আৰু সময়োপযোগী, ভাল লাগিল

    Reply
  • সম্পাদকীয় সুন্দৰ হৈছে বা।আৰম্ভণি আৰু সুন্দৰ।

    Reply
    • নাজিয়া হাচান

      বহুত ধন্যবাদ

      Reply
  • কাবেৰী মহন্ত

    একেবাৰে সময়োপযোগী আৰু দৰকাৰী বিষয়৷ দায়িত্ববোধ আৰু কৰ্তব্য কৰিবই লাগিব সময়ৰ আহ্বানত!
    ? সম্পাদকীয় সুন্দৰ!

    Reply
    • নাজিয়া হাচান

      ধন্যবাদ

      Reply
  • Bhaskar Jyoti Sarma

    দৰকাৰী বিষয় এটা খুব সুন্দৰকৈ ফুটাই তুলিছে।

    Reply
    • নাজিয়া হাচান

      ধন্যবাদ জনালোঁ

      Reply
  • Anonymous

    দৰকাৰী,সময়োপযোগী বিষয় এটা অতি সুন্দৰকৈ সম্পাদকীয়ত তুলি ধৰিলা।ভাল লাগিল।

    Reply
    • Pallabi Sarma

      দৰকাৰী,সময়োপযোগী বিষয় এটা অতি সুন্দৰকৈ লিখিলা।সম্পাদকীয় পঢ়ি বহুত ভাল লাগিল।

      Reply
      • নাজিয়া হাচান

        ধন্যবাদ

        Reply
  • ডলী

    সুন্দৰ সম্পাদকীয়

    Reply
  • হেমন্ত কাকতি

    সুন্দৰ সম্পাদকীয়৷ বহুত ভাল লাগিল নাজিয়া৷

    Reply
    • নাজিয়া হাচান

      ধন্যবাদ জনালোঁ দাদা

      Reply
  • পাহি গগৈ

    বৰ সুন্দৰ সম্পাদকীয় বা ৷ পঢ়ি ভাল লাগিল ৷

    Reply
    • নাজিয়া হাচান

      ধন্যবাদ পাহি

      Reply
  • সুন্দৰ সম্পাদকীয় বা৷

    Reply
  • কলচুম

    সুন্দৰ সম্পাদকীয়

    Reply
  • মানসী

    সময়োপযোগী সুন্দৰ সম্পাদকীয় বা।পঢ়ি ভাল পালো। সম্পাদকীয়ৰে আৰম্ভ কৰিলোঁ।অভিনন্দন আপোনালৈ

    Reply
    • নাজিয়া হাচান

      ধন্যবাদ জনালোঁ

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    পঢ়িলোঁ৷ সময়োপযোগী সম্পাদকীয়৷

    Reply
  • বন্দিতা জৈন

    সুন্দৰ সম্পাদকীয়

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    সময়োপযোগী সম্পাদকীয় ।

    Reply

Leave a Reply to অবিনাশ শৰ্মা Cancel reply

Your email address will not be published. Required fields are marked *