ফটাঢোল

ক্লাছিক উদাহৰণ -ড° আৰমান উল্লাহ মুজাদ্দাদী

কন্‌টিলা : পাপা, এই যে “গোৰ মাৰি গংগাত পেলোৱা” ফকৰা-যোঁজনাটো, তাৰ মানেতো শব্দ-ডট-অর্গত এনেদৰে আছে, “গোৰ মৰা হয় শাস্তি বিহিবলৈ, কিন্তু সেই গোৰেই যদি গংগাত পেলায়, তেন্তে গংগাস্নান কৰি উপকৃতহে হোৱা যায়। অর্থাৎ শাস্তি বিহাৰ অভিপ্রায়েৰে কৰা কার্যৰদ্বাৰা কাৰোবাৰ মংগল সাধন হোৱা” অলপ বুজাই দিয়া না উদাহৰণ এটাৰে সৈতে।

বৰুৱা চাহাবে অলপ ভাবি লৈ ক’লে,

: যোৱাবছৰৰ কৰ’ণা ভাইৰাছ অহাৰ সময়ত, তোমাৰ নিশ্চয় মনত আছে তবলিগী জমাতৰ ভক্তসকলক লৈ হোৱা বৃহৎ ইছ্যুটোৰ কথা। এই তবলিগী জমাতৰ ভক্ত মুছলমান মানুহখিনিক গোটেইবোৰে মিলি যে তচনচ কৰি পেলাইছিল, সেইটো এটা ক্লাছিক উদাহৰণ।

কন্‌টিলা : বুজি নেপালোঁ।

বৰুৱা : আৰে ভাই, চ’ চিম্পল। সেই মানুহখিনিক নাগুৰ-নাগতি কৰাৰ বাবে তেওঁলোক অতিকৈ সতর্ক হৈ গ’ল আৰু আগলৈ কৰ’ণা তেওঁলোকৰ ফৈদৰ মাজত বৰকৈ বিয়পিবলৈ নেপালে। বুজিলা নে এতিয়া, আচলতে মিডিয়া, প্রশাসন আৰু চৰকাৰে মিলি তেওঁলোকক গোৰ মাৰি গংগাতহে পেলাইছিল।

কনটিলা : বাৰু বুজিলোঁ। এইবাৰ কোৱাচোন “চেনেহৰ চুমাৰে নাকটি ছিঙা” মানে কি?

বৰুৱা : তোমাৰ শব্দ-ডট-অর্গে কি কয়?

কনটিলা : বোলে “কেতিয়াবা হিতে বিপৰীত হৈ কোনোবাই মৰমতে ভাললৈ বুলি কৰা কামৰো অশুভ ফল হ’ব পাৰে”। এইবাৰ দিয়াচোন এটা ক্লাছিক উদাহৰণ।

বৰুৱা : কিয় এইবাৰৰ হৰিদ্বাৰত চলি থকা মহাকুম্ভ? এইবাৰ মিডিয়া, প্রশাসন আৰু চৰকাৰে নিমাতি কইনা হৈ ভক্তসকলক মৰম দেখুৱালে, কিন্তু আচলতে এই মৰমে ভক্তসকলৰ পৰিয়াল আৰু সমাজলৈ কৰ’ণা বৰ বেয়াকৈ বিয়পাই সকলোৰে যে বিস্তৰ ক্ষতিহে সাধন কৰিব এই কথা ধুৰূপ। এইয়াই হৈছে প্রকৃত চেনেহৰ চুমাৰে নাকটি ছিঙাৰ ক্লাছিক উদাহৰণ।

☆ ★ ☆ ★ ☆

One comment

  • বন্দনা হাজৰিকা

    কৌতুকৰ জৰিয়তে বাস্তৱ চিত্রৰ সুন্দৰ ৰূপায়ন … ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *