ফটাঢোল

আপদীয়া পদ্য- অনসূয়া বৰঠাকুৰ

                (১)
ৰংমনে গাঁৱলৈ আহি মাছ ধৰিলে জালত।
আম-কঁঠালো পাৰিলে বগাই গছৰ ডালত।
প্ৰভুক জনাই সি ধন্যবাদ,
ক’লে “ক’ভিড জিন্দাবাদ”
বহুদিন গাঁৱত থকাৰ সুযোগ পালোঁ লকডাউনৰ ফলত।।

              (২)

পৰিপুষ্টি বিশেষজ্ঞা ৰূপহী মালাকাৰ।
মঙহৰ ভৰত ডিঙিয়ে-মুখে একাকাৰ।
তাহানিতে ছাইজ জিৰ’
মানুহজনো আছিল হিৰ’
এতিয়া ফটোকে চাই কৰি থাকে হাঁহাকাৰ।।

            (৩)
কোনে কি প্ৰতিশ্ৰুতি দিছিল এইবাৰ নিৰ্বাচনত।
এটা এটাকৈ সকলোবোৰ ৰাখি থৈছোঁ মনত।
সমষ্টিৰ নকৰি উন্নতি,
যদি কৰিবলৈ লয় দুৰ্নীতি
ৰাজহুৱা কৰিম ৰেকৰ্ডখন পৰাকৈ সকলোৰে কাণত।।

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply to Dhanjit Baruah Cancel reply

Your email address will not be published. Required fields are marked *