ফটাঢোল

আইডি ছাৰ্চ-বৰ্ণালী এচ মূদৈ

ফেচবুক ফ্ৰেইণ্ড অনুৰাধাই হঠাৎ মেচেজ কৰিলে। ছোৱালীজনীৰ সৈতে আগতে কেতিয়াও মেচেজত কথা পতাই নাই। অৱশ্যে কমেণ্টত কথা হয় মাজে মাজে।

আৰম্ভণিতে অনুৰাধাই মেচেজ কৰিলে,

: বা এটা হেল্প কৰিবা, ইমাৰজেঞ্চি

(মই অলপ অবাক হৈ চাই থাকিলোঁ মেচেজটোৰ ফালে, মনে মনে ভাবিলোঁ, এইগৰাকীক আকৌ মোৰ পৰা এনে কি সাহায্য লাগে।)

যিয়ে নহওক,

মই : অঁ কোৱা তোমাক কেনে ধৰণে সহায় কৰিব পাৰোঁ?

অনুৰাধা : এটা ফেচবুক একাউণ্ট ছার্চ কৰি দিব, মই নামটো দিওঁ ৰ’ব ২মিনিট অপেক্ষা কৰক।

(মই অলপ আইডিয়া কৰিলোঁ আৰু প্রিয়জনৰ ফেচবুক একাউণ্টৰ পৰা চাগে ব্লক খালে, নিজৰ ফেক একাউণ্ট নাই সেয়ে মোক কৈছে। কিবা কোৱাৰ আগতে অনুৰাধাৰ মেচেজ আহিল।)

অনুৰাধা : ‘জোনাক’ নামৰ আইডিটো ছার্চ কৰি দিব বা, লাষ্ট কি পোষ্ট দিছে, সেইটো পোষ্টৰ কমেণ্ট কি সেইটোৰো স্ক্ৰীণশ্বট লৈ মোলৈ চেণ্ড কৰক না বা, প্লীজ।

(মই ছার্চ কৰি তেনে বিশেষ একোৱেই নাপালোঁ আইডিটোত। তথাপি যি আছিল তাকেই স্ক্ৰীণশ্বট লৈ দি দিলোঁ অনুৰাধাক।)

অনুৰাধাক স্ক্ৰীণশ্বটবোৰ পঠোৱাৰ পাছত তাই খুব হতাশ হ’ল, মনত খেলাইছিল তাই দিয়া ইম’জি কেইটাত কান্দোনৰ সুৰ এটি ভাঁহি আহিছে, কিন্তু কোনো ধৰণৰ আৰু মেচেজ নাপালোঁ!

অনুৰাধা : (১৫মিনিট পিছত অনুৰাধাৰ পৰা মেচেজ আহিল ) ঠেংকিউ বা।

মই : আৎচ্ছা ঠিক আছে, খুব প্রিয় মানুহৰ আইডি হয়নে?

অনুৰাধা : (অলপমান যেন ভাবিয়েই ৰিপ্লাই কৰিলে) হুম

কিছুসময়ৰ ভিতৰতে ছোৱালীজনীয়ে ক’লে,

: বা তোমাৰ সৈতে ফোনত ১০মিনিট কথা পাতিব পাৰিম নেকি?

মই : মোৰ যে নেটৱর্কৰ সমস্যা অ’।

অনুৰাধা : ও (অলপ যেন হতাশ হৈয়ে ক’লে)

মই সেইটো বুজিব পাৰি ক’লোঁ,

: অনুৰাধা তোমাৰ নম্বৰটো দিয়া।

অনুৰাধাই একো নভৱাকৈয়ে নম্বাৰটো দি দিলে,

: ৬০০….১১।
মই কল কৰাৰ মাত্রই ৰিচিভ কৰিলে। মই কথা কোৱাৰ আগতেই তাই বুজিব পাৰিছে যে ময়েই কৰিছোঁ।
মোক “হেল্ল'” বুলি কোৱাৰ বিন্দুমাত্র সুযোগ নিদিয়াকৈয়ে তাই কান্দি কান্দি নিজৰ প্রেমকাহিনী শুনাবলৈ লাগি গ’ল, ১০মিনিটৰ ঠাইত ২০মিনিট পাৰ হৈ গ’ল। সেইফালৰ পৰা ফেঁকুৰি কান্দি থকাৰ শব্দ আৰু কথাবোৰৰ মিশ্রণত তাইৰ কণ্ঠটো বেলেগ হৈ গৈছে। তথাপি খুবেই মনোযোগেৰে শুনিলোঁ।

অনুৰাধা : (শেষত কান্দিয়েই ক’লে) বা মই যদি প্রত্যেকদিনেই তোমাক আইডিটো ছাৰ্চ দিব কওঁ, তুমি খং কৰিবা বা বিৰক্ত হ’বা নেকি?

মই : (দীর্ঘশ্বাস এটি এৰি ) না অনুৰাধা, মই বিৰক্ত নহওঁ।

এনেকৈয়ে মই বেতন অবিহনে প্রতিদিনে আইডিটো ছার্চ কৰাৰ চাকৰিটো পালোঁ।

☆ ★ ☆ ★ ☆

4 Comments

  • ৰাজশ্ৰী শৰ্মা

    বাপৰে দায়িত্ব??

    Reply
  • হেমন্ত কাকতি

    মাহৰ মূৰত বিল এখন পঠিয়াই দিবা৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    দায়িত্বশীল৷

    Reply
  • জয়ন্ত দাস

    গধুৰ দ্বায়িত্ব পালন কৰি আছা৷ ভগৱানে মংগল কৰক৷

    Reply

Leave a Reply to ৰঞ্জিত কুমাৰ শৰ্মা Cancel reply

Your email address will not be published. Required fields are marked *