ফটাঢোল

কৌতুক – ৰিণ্টুমনি দত্ত

কলিতাই সন্ধিয়া অফিচৰ পৰা উভটি আহোঁতে প্ৰায়ে এটুপি ধৰি আহে। সেই দিনাখনো একেই কাহিনী। টিভিৰ সন্মুখত বহি মন্ত্ৰী-বিধায়কবোৰক উধাই-মুধাই গালি দিবলৈ আৰম্ভ কৰিলে।

একো কাম নাই এই অপদাৰ্থবোৰৰ। মই হোৱা হ’লে একেদিনাই দেশখনৰ  চেহেৰাই সলাই  পেলালোহেঁতেন।

পাকঘৰৰ পৰা ওলাই আহি কলিতানীয়ে লাহেকৈ মাত দিলে,

: দেশখন বাৰু পাছে পৰে সলাব, লুঙী বুলি যে সন্ধিয়াৰ পৰাই মোৰ সেই মেখেলাখনকে পিন্ধি আছে সেয়া আগতে সলাই লওক

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply to বন্দিতা জৈন Cancel reply

Your email address will not be published. Required fields are marked *