ফটাঢোল

ফটাপ্ৰশ্ন

১) মৃদুল শৰ্মা : ক’ভিডৰ ভয়াবহতাৰ পৰা বাচিবৰ একমাত্ৰ উপায় মাস্ক আৰু পথত আপোনাক মোক সুৰক্ষিত ৰাখিবৰ বাবে ট্ৰেফিক পুলিচ আৰু তেওঁৰ হুইচেলটো। কিন্তু আপোনাৰ মোক সুৰক্ষিত ৰাখিবৰ বাবে, নিজৰ প্ৰতিৰক্ষাৰ বাবে মাস্ক পৰিহিত ট্ৰেফিক পুলিছজনে কেনেকৈ হুইচেল বজাব?

উত্তৰ : অভাৱেই আৱিষ্কাৰৰ মূল, কিবা উপায় নিশ্চয় ওলাব। কিন্তু আমাৰ দেশত ইমান সমস্যা হোৱা নাই এতিয়ালৈকে, কাৰণ আমাৰ দেশত আইন ৰক্ষকসকল আইনৰ উৰ্ধত বুলি অলিখিত নিয়ম এটা আছে যে। সেই নিয়মতে মাস্ক খুলি হুইচেল বজালেই হ’ল।

২) হিতেশ বি বৰুৱা : ফেচবুকত যে ভুৱা একাউণ্ট খোলে ইয়াৰ কাৰণ কি বা লাভ কি আছে?

উত্তৰ : কিয় লাগে হে? যদি মই লাভবিলাক দেখুৱাই দিওঁ, এটা খোলাৰ মন আছে নেকি? ফে’ক একাউণ্ট আচলতে এটা মজা বস্তু বুজিছেনে। আপোনাৰ যে “অলটাৰ ইগ’” বুলি বস্তু এটা আছে, আপুনি সেইটো ফে’ক একাউণ্টৰ মাজেৰে জী ল’ব পাৰে।

৩) যদুমণি হাজৰিকা : কলাকৰ্ম এটিত ধুনীয়া ফাঁকি বোলা পৰিভাষা এটা আছে। কথাষাৰ জনাৰ লগে লগে এই বিষয়ে চিন্তা-চৰ্চাও আৰম্ভ হৈ যায়। গতিকে বৃত্তিতে কথাষাৰ সুধিছোঁ। গালি-শপনি নিদিব দেই। ৰিয়েলিটী সকলোৱে জানে। তথাপি মেকআপেৰে ধুনীয়া ফাঁকিটো কিয় দিয়ে?

উত্তৰ : সুন্দৰৰ আৰাধনা জীৱনৰ খেল বুজিছে, আৰু সুন্দৰতা যিমানে বাঢ়ে সিমানে ভাল। সুন্দৰ মানুহ দেখিলে আমাৰো ভাল লাগে দিয়কচোন, লাগিলে সি মিছাই নহওক কিয়? ডিমাণ্ড আছে বাবেই এই ফাঁকিটো আদিৰে পৰা চলি আহিছে।

৪) শ্ৰুতিমালা মিশ্ৰ : যিমানবোৰ অসমীয়া আৰু বলিউডৰ চিনেমা আৰু গানৰ ভিডিঅʼ দেখোঁ সকলোতেই নায়ক আৰু নায়িকাই ৰোমাণ্টিক গানটোৰ শেষলৈ হাতত হাত ধৰি দৌৰি যোৱা দেখুৱায়। দৌৰি যোৱাটোতেই গানটোও শেষ হয়।  প্ৰশ্ন হ’ল শেষলৈ সদায় দৌৰি যাওঁতেই গানটোও শেষ বুজায় কিয়?

উত্তৰ : গানত অভিনয় কৰা কম কঠিন  কাম নে, নাচিব লাগে, মিনিটে মিনিটে কাপোৰ সলাব লাগে, এই সাগৰৰ পাৰ, এই পাহাৰৰ ওপৰ, এই বেডৰূমত, এই ফুলনিত ভাগৰ লাগি যায়। সেয়ে গীতটো শেষ হোৱাৰ লগে লগে “ৰক্ষা পৰিলো আৰু” বুলি পলাই যায়।

৫) জয়ন্ত কুমাৰ ডেকা : বস্তুৰ দাম বঢ়াক লৈ বা ৰাজনৈতিক অস্থিৰতা আদিক লৈ নাৰী-পুৰুষ সকলোৱে অসন্তুষ্টি দেখাকৈয়ে প্ৰদৰ্শন কৰে। কিন্তু নাৰীয়ে (পেপাৰৰ লেখা বা ফেচবুকত) আলোচনা এটা আগবঢ়াওঁতে  GST বা anti defection law আদিৰ বিষয়ে আলোচনা অতি কমকৈ কিয় কৰে ?

উত্তৰ : কি যে কয় আৰু, সেইবোৰ কথাও মহিলাসকলে আলোচনা কৰিলে, আমি কি কথা পাতিম, বা সিদ্ধান্ত দিম। পুৰুষৰ বাবে ফেচবুক হিলাবলৈ সেই দুটামান বিষয়েই বাকী আছেগৈ, তাতো চকু নিদিব হে আপুনি।

৬) গায়ত্ৰী খাৰঘৰীয়া : এমাহ মানেই আমাৰ বাবে ত্ৰিশ দিন কিয়? মাহত দেখোন একত্ৰিশ দিনো থাকে। চাবলৈ গ’লে একত্ৰিশদিনীয়া মাহ বেছিহে। তেনে এমাহ মানে একত্ৰিশ দিন বুলিনো কিয় কোনেও নাভাবিলে!

বি দ্ৰ: round figur ৰ কথা নক’ব দেই।

উত্তৰ : ৩৬৪ দিনক ১২ হে হৰণ কৰিলে ৩০.৩৩ হয়, মানে সংখ্যটো ৩০ৰ বেছি ওচৰ চপা, ৩১ৰ নহয়। গতিকে মাহত ৩০ দিন বুলি ধৰা হয়।

৭) যদুমণি হাজৰিকা : বিচাৰিলেই মাতষাৰ, মুখখন, মানুহগৰাকীক দেখা আৰু পোৱাৰ যুগত এতিয়া প্ৰেমিক-প্ৰেমিকাৰ উভয়ে উভয়ক সপোনতো দেখাৰ ৰোমাণ্টিক হেঁপাহ জাগিব পাৰে নে?

উত্তৰ : এইটো হেঁপাহ নপলোৱা বেমাৰ হে, ওৰে দিনটো দেখি থাকিলেও আকৌ সপোনত দেখাৰ হেঁপাহ জাগিব পাৰে। কিন্তু এইটো সম্ভৱ কেৱল প্ৰেমিক-প্ৰেমিকা হৈ থকালৈকে হে। তেওঁলোকৰ এই প্ৰেম বিবাহত পৰিণত হ’লে কথাষাৰে ওলোটা খৰ মাৰে বাৰু। সেয়ে কবিয়ে কৈছে “প্ৰেমৰ সফলতা বিবাহত নহয়, প্ৰেমৰ মৃত্যুহে বিবাহত।”

৮) বন্দিতা জৈন : মানুহে ভালবোৰ পাহৰি বেয়াবোৰ কিয় নাপাহৰে?

উত্তৰ : আচলতে মানুহৰ জীৱনত ভালেই ভাল হৈ থাকে যে, উভৈনদী বস্তুৰ মূল্য নাই। ইফালে আকৌ বেয়াৰ দৰ্শন কাৎচিত্ হে হয়, বেয়াৰ বস্তু বাবে মনত থাকি যায়। Pun intended

৯) নীলাক্ষি ভট্টাচাৰ্য্য : ক) এই যে আমি কেতিয়াবা কঁকালত মোচৰ খালে কওঁ টিঙিতকৈ মাৰিলে। এই টিঙিতকৈ মৰা শব্দটো কোনোবাই শুনিছেনে বাৰু?

উত্তৰ : টিঙিতকৈ মাৰে হে, তাত শব্দ হয় বুলি কোনে ক’লে? 

 

খ) নিজকে বৰ্তমান সময়ৰ ব্যক্তি বুলি কৈ খাচ গাঁৱলীয়া লোকজনে লিখিত ক’বলৈ ধৰে।  পিচে বিপদৰ সময়ত ‘ঔ মাই মল্লু’ বুলি কিয় কৈ বাৰু?

উত্তৰ : মানুহে যিমানেই কৃত্ৰিমতা নেদেখুৱাওক লাগিলে, বিপদৰ সময়ত সেই কৃত্ৰিমতা উৰি যায়।

১০) জয়ন্ত প্ৰীতম : ভূতে কিয় সৰিয়হলৈ ভয় কৰে? কোনে কেতিয়া আৰু ক’ত এইটো আৱিষ্কাৰ কৰিছিল?

উত্তৰ : আপোনাৰ প্ৰশ্নটো পূৰা নহ’ল- ভূতে কেৱল সৰিয়হলৈকে নহয় নিমগছৰ পাত, সিজুগছৰ ডাল, বিহলঙনি, আদি বহুত বস্তুলৈ ভয় কৰে। এইবিলাক বস্তুত থকা পেৰাডিয়ামেনিয়াম ডাই-অক্সি ক্ল’ৰণ নামৰ ৰাসায়নিক পদাৰ্থবিধে ভূতৰ জেনেটিক চিগনেচাৰ সলনি কৰি, তাৰ কাৰ্যক্ষমতা কমাই পেলায়। কি হ’ল- আচৰিত হৈছে যে? মই বাৰু মোৰ সূত্ৰটো শুদ্ধ বুলি প্ৰমাণ কৰিব নোৱাৰোঁ, আপুনিয়ে সেইটো ভুল বুলি প্ৰমাণ কৰি দেখুৱাওকচোন। বাকী সেইটো কথা কোনে আৱিষ্কাৰ কৰিলে বুজি পালেই নহয়।

 

১১) হৃষীকেশ ডেকা : প্ৰশ্ন কৰা শব্দবোৰত ইংৰাজীৰ ‘W’ আখৰটো কিয় ব্যৱহাৰ কৰা হয়? যেনে হোৱাত ( WHAT), হোৱাই(WHY), ইত্যাদি!

উত্তৰ : Howটোত নহয় বাৰু। তথাপিও কওঁ, ইংৰাজবিলাক পেটাৰ্ণৰ ভক্ত, সিহঁতে সহজে মনত ৰাখিব পৰা নিয়ম কিছুমান উলিয়াই লয়। সেইকাৰণেই বোধহয়, ইংৰাজী প্ৰশ্নবোধক শব্দবোৰত W পেটাৰ্ণটো দেখা পোৱা যায়।

১২) লখিমী হাজৰিকা : চুই দিলেই লাজতে জয় পৰা বনডালক আকৌ নিলাজীবন বুলি কোনে কিয় নাম ৰাখিলে?

উত্তৰ : লাজ কৰিব লগা কথাত লাজ কৰিলেহে লাজুকী, য’তে ত’তে লাজ কৰি থাকিলে নিলাজীয়ে হ’ব নহয়। কোনোবাই যেনিবা গালে-মুখে মৰমেৰে হাত ফুৰালেই, তাতনো বনডালৰ লাজ কৰিবলগীয়া কি কথাটো আছে?

১৩) সৃষ্টি অংকুৰণ : ভূতবোৰ যে‌ অকল মানুহৰ পৰা সৃষ্টি হয় কিয়? আমি যে ইমান হাঁহ কুকুৰা মাৰি খাওঁ, সেইবোৰ ভূত হৈ নাযায় কিয়?

উত্তৰ : মানুহেহে পাপ কৰিব পাৰে, মানুহৰহে অপূৰ্ণ আশা থাকে। ভূত হোৱাৰ সেইটোৱেই মেইন ক্ৰাইটেৰিয়া। হাঁহ-কুকুৰাই কেতিয়াবা প্ৰিয়জনক নোপোৱাৰ বাবে আত্মহত্যা কৰাৰ কথা শুনিছে? সিহঁতে জীয়াই থকা দিনকেইটাতে জীৱনটো জী লয়, গতিকে মৰিলে ফটাফট আকৌ পুনৰ জনম, ভূত হৈ আশা পূৰণ কৰিবলৈ বাট চোৱাৰ প্ৰয়োজনেই নাই।

১৪) উৎপলা শইকীয়া : “কেঁচা টোপনিটো ভাঙি দিলি মোৰ” – এনেকৈ যে কয়, এতিয়া প্ৰশ্নটো হ’ল – টোপনিটো কেতিয়া ডাহোঁচিয়া হয় আৰু কেতিয়া পকে?

উত্তৰ : টোপনিয়ে হেঁচা মাৰি ধৰাৰ লগে লগে বিচনাত পৰি দিয়াৰ পাছত দুঘণ্টা মানলৈ টোপনি কেঁচা হৈ থাকে, তাৰ পাছত ৫ঘণ্টা ডহোঁচিয়া হয়, আৰু বাকী যিমান টানিব পাৰে, সেইখিনি পকা টোপনি। পিচে কথাখিনি সাধাৰণ মানুহৰ ক্ষেত্ৰতহে খাটে, কুম্ভকৰ্ণৰ মানৱ অৱতাৰসকলৰ আকৌ টোপনি নপকেই কেতিয়াও, ডহোঁচিয়াও নহয়।

☆ ★ ☆ ★ ☆

3 Comments

  • পৃথিৱী বৰদলৈ

    ???

    Reply
  • জয়ন্ত দাস

    বঢ়িয়া৷ প্ৰশ্ন আৰু উত্তৰ দুয়োটাই মজা হৈছে৷

    Reply
  • ফটিক বৰা।

    ভাল লাগিছে।

    Reply

Leave a Reply to ফটিক বৰা। Cancel reply

Your email address will not be published. Required fields are marked *