ফটাঢোল

ফ্ৰী_গিফ্ট – হেমন্ত কাকতি

আজিকালি এমাজ’নত আমি সকলোৱে অনলাইন শ্বপিং কৰোঁ৷ মোৰ আকৌ এমাজ’নৰ শ্বপিং কৰাৰ কোবটো অলপ বেছিয়েই৷ ব্যৱসায়ত নমাৰ পিচত কেতিয়াবা সঠিক দামত পালে কিছুমান স্পেচিয়েল বস্তু গ্ৰাহকৰ মোৰ প্ৰতি  বিশ্বাসযোগ্যতা আৰু ভৰষা ৰখাবলৈও আনি দিওঁ৷ যিহেতু একাউণ্টটো “প্ৰাইম” গতিকে ফ্ৰী ডেলিভাৰী পাওঁ৷ গতিকে প্ৰায় প্ৰতি দুই এদিনৰ মূৰে মূৰে মোৰ তাত কিবা নহয় কিবা পাৰ্চেল এটা আহেই৷ 

বাৰু, সেইটো ‘মেইন’ কথা নহয়৷ মেইন কথাটো হ’ল সিদিনা হঠাৎ ফোন এটা আহিল৷ নম্বৰটো আছিল, +918274061975 (চেইভ কৰি থ’ব পাৰে)

সিটো মূৰত ছোৱালী এজনীয়ে হিন্দীতে ক’লে,

: ছাৰ মই নিশা, এমাজ’ন ডট কমৰ পৰা কৈছোঁ৷ মই হেমন্ত কুমাৰ কাকতিৰ লগত কথা পাতিছোঁ নে?

মই “হয়” বুলি শলাগি ফোন কৰাৰ কাৰণ জানিব খুজিলোঁ৷ তেওঁ মোৰ এড্ৰেচ আৰু পিনক’ডটো শুদ্ধকৈ আওঁৰাই উত্তৰত ক’লে

: ব্যৱসায়িক কাৰণত এই ফোনৰ বাৰ্তালাপখিনি ৰেকৰ্দ কৰা হৈছে… (যিটো সাধাৰণতে ভেৰিফিকেচনৰ বাবে সকলো প্ৰফেচনেল প্ৰতিষ্ঠানে  কৰে৷)

: আপুনি আমাৰ  এমাজ’ন প্ৰাইমৰ ‘ভেলুৱেব’ল কাষ্টমাৰ,  আপুনি এমাজ’নৰ যোগেদি বহুত ক্ৰয় কৰিছে, গতিকে কোম্পেনীৰ ফালৰ পৰা অসম ৰিজ’নত আপোনাক এটা উপহাৰৰ বাবে  চিলেক্ট কৰা হৈছে৷ আপুনি এই উপহাৰটো ল’ব বিচাৰিব নে?

উপহাৰৰ নাম শুনি মই যথেষ্ট উৎফুল্লিত হ’লোঁ যদিও আজিকালি এই ধৰণৰ ‘ফ্ৰদ’ কল বহুত অহা দেখি শুনি মনটো কোচ খালে৷ তাই  নিৰ্ভুলকৈ কোৱা মোৰ এড্ৰেছ আৰু পিন নম্বৰটোৱে সন্দেহটো বহুখিনি কমাই আনিছিল, সেয়ে কৌতুহলবশতঃ অধিক জানিবৰ বাবে বাৰ্তালাপটো আগুৱালোঁ৷ সিমূৰৰ পৰা পুনৰ ছোৱালীজনীয়ে কলে,

: ছাৰ, আমাৰ এই অফাৰটো মাত্ৰ এদিনৰ বাবেহে ‘ভেলিদ’, আপুনি যদি নলয়, তেনেহলে অসমৰ পৰা অন্য এজনক ‘ৰেনডমলি’ চিলেক্ট কৰা হ’ব৷ পলম নকৰিব, সোনকালে কওক৷

মই অলপ দেৰি চিন্তা কৰি ক’লোঁ,

: কওকচোন, কি কৰিব লাগিব? 

সিফালৰ পৰা উত্তৰ আহিল

: কৰিবলৈ বিশেষ নাই, আপুনি প্ৰথমে উপহাৰকেইটাৰ বিষয়ে জানি লওক৷ আপোনাৰ ‘হোৱাটচ এপ’ নম্বৰত  পাঁচটা ‘অপচন’ৰ অফাৰ দি ফটো পঠোৱা হৈছে৷ এইকেইটাৰ  ভিতৰত যিকোনো এটা পচন্দ কৰি উঠি আমাক জনাওক,  আৰু লগত ৪৯৯৯ টকাৰ অন্য সামগ্ৰী পচন্দ কৰি আপোনাৰ এমাজ’ন একাউণ্টৰ শ্বপিং কাৰ্টত আনি লওক, তাৰ পিচত পেইমেন্টত ‘প্ৰচিদ’ নকৰাকৈ এইটো নম্বৰত পুনৰ কল কৰিব৷

মই নম্বৰটো ডিচকানেক্ট নকৰাকৈ হোৱাটচ এপ চেক কৰিলোঁ৷  চাওঁ যে তাত এমাজন ল’গ’ যুক্ত নম্বৰৰ পৰা এটা মেছেজ আহিছে৷ ফটোবোৰ দেখি মোৰ মূৰ ঘুৰি গ’ল৷ 

অপচন পাঁচটা আছিল, ক্ৰমান্বয়ে –

ভ’ল্টাজৰ ডাবোল ড’ৰ ফ্ৰীজ এটা, 

ডেলৰ  i7 যুক্ত লেপটপ, 

আইফোন 11 এটা, 

দুই টন কেপাচিটিৰ ফাইভ ষ্টাৰ ইনভাৰটাৰ এচি এটা আৰু 

চ’নীৰ 48 ইঞ্চিৰ এল ই দি  টিভি এটা৷ এই পাচটাৰ ভিতৰত যিকোনো এটা চিলেক্ট কৰাটোৱেই মোৰ কাম৷

সেইখিনি সময়ত অধিক মাছত বগলী কণা হোৱাৰ নিচিনা অৱস্থা মোৰ৷ বহুপৰ একো চিলেক্ট কৰিব নোৱাৰি বিমোৰত পৰিলো, কোনটো এৰো, কোনটো ধৰোঁ? মোৰ ঘৰত এচি, ফ্ৰিজ, টিভি, লেপটপ সকলো আছেই৷ মাক-জীয়েক দুয়োৰে দুটা আই ফ’নো আছে৷ আই ফ’ন নোহোৱা প্ৰাণীৰ ভিতৰত মই আৰু ল’ৰাটোহে আছিলোঁ৷ ভাবিলোঁ, পঢ়ি থকা ল’ৰাক আইফোন দিব নোৱাৰি৷ গতিকে আইফ’নটোৱেই মই ল’ম৷ 

আমাৰ জামানাৰ বিখ্যাত ক্ৰিকেট কমেণ্টেটৰ সুনীল যোশীৰ সেই বিখ্যাত বাক্যশাৰী মনত পৰিল “উৎসাহ জ্যাদা লেকিন বিশ্বাস কম”৷ বেছি  ‘উৎসাহ’ অথচ কম ‘বিশ্বাসে’ৰে অৱশেষত ফোনটো ডিচকানেক্ট কৰি মোৰ ছোৱালীজনীক ফোন লগালোঁ৷ ঘৰৰ মূল মানুহ যদিওবা মোৰ কিন্তু এইবোৰ কিনাৰ ক্ষেত্ৰত ‘মেইন ডিচিচন মেকাৰ’ হ’ল মোৰ ছোৱালীজনী৷ তাই ঘৰতে আছিল আৰু মই আছিলোঁ মোৰ ব্যৱসায় প্ৰতিষ্ঠানত৷ গতিকে তাইক ফ’নটো লগাই সুধিলোঁ,

: মামু,  আইফ’ন এটা পাইছোঁ, কি ৰঙৰ লওঁ?

মোৰ কথা শুনি তাইও আচৰিত৷ মোক ক’লে,

: ক’ত কি আইফ’ন পালা? কিয় কিনা? তোমাৰ দেখোন ফ’ন আছেই?

মই বোলো সেইবোৰ পিচত শুনিবা, আগতে কোৱা আইফ’ন ১১ ত কি কালাৰৰ ল’লে ভাল হ’ব? 

তাইৰো উৎসাহৰ তৎ নাছিল৷ অলপ ভাবি তাই ক’লে,

: চেৰী ৰেড কালাৰটো লোৱা!

মই ফ’নটো কাটি পুনৰ এমাজ’নৰ সেই বিশেষ নম্বৰটোত ফোন লগালোঁ৷ সিফালৰ পৰা মুহূৰ্ততে উত্তৰ আহিল,

: হা ছাৰ ব’লিয়ে!

: মুঝে চেৰী ৰেডৱালা আইফ’ন চাহিয়ে৷

: হা ছাৰ হ’ জায়েগা৷ লেকিন আপকো এমাজ’ন এপ চে ৪৯৯৯ ৰুপয়ে কা সামান অৰ্ডাৰ কৰনা পড়েগা৷

: হো জায়েগা, অভী কৰতা হুঁ৷

মই ফ’নটো হ’ল্ডত ৰাখি এমাজ’ন এপটো খুলিলোঁ৷ গৰমৰ সময়ত মোৰ দোকানত সৰ্বাধিক বিক্ৰী হোৱা বস্তুটো হ’ল ফেন৷ মই জানিছিলোঁ যে তিনি চাৰিখন ফেন এমাজ’নত অৰ্ডাৰ কৰিলেই মোৰ টাৰ্গেট ৪৯৯৯ টকাটো ফুলফিল হ’ব৷ লগতে ফেন কেইখন মূল দামতে হ’লেও বিক্ৰী কৰি দিবলৈ বেছি কষ্ট নহ’ব৷ গতিকে লোকচান হ’বলগীয়া বিশেষ একো নাছিল৷ সেয়ে বাছি বাছি চাৰিখন ফেন চইচ কৰি শ্বপিং কাৰ্টত নি থ’লোঁ৷ ছোৱালীজনীৰ অনুৰোধ ৰ্মে মোক “প্ৰচিদ” বুটামটো টিপিব মনা কৰা হৈছিল৷ তাই কৈছিল যে শ্বপিং কাৰ্টত অৰ্ডাৰৰ বস্তুখিনি নিয়াৰ পিচত তেওঁলোকে কোম্পেনীৰ ফালৰ পৰা মোৰ ‘গিফ্ট’টো তাত “এটেচ্ছ” কৰি দিব৷ তাৰ পিচত তেওঁলোকৰ নিৰ্দেশ অনুযায়ী পেইমেণ্ট কৰিলে হ’ল৷ গতিকে মই ধৈৰ্য্যৰে ৰখি থাকিলোঁ৷ 

এনেতে ঘৰৰ পৰা এওঁৰ ফোন আহিল৷ একদম বিতৃষ্ণাৰে ফ’নটো কাটি দিলোঁ৷ কাৰণ সেইখিনি সময়ত মই উদগ্ৰীৱভাবে যিটো ফ’নকলৰ অপেক্ষা কৰিছিলোঁ সেইটো আছিল “নিশা” নামৰ ছোৱালীজনীৰ৷ ফ’নটো অহাত কিছু দেৰি হৈছে৷ এনেতে মোৰ দোকানলৈ দুজন গ্ৰাহকৰ আবিৰ্ভাৱ হ’ল৷ এফালে লেপটপত এমাজ’নৰ চাইটটো খুলি থৈছোঁ অন্যফালে ম’বাইল ফ’নটোত চকু স্থিৰ কৰা আছিল৷ যিকোনো মূহূৰ্তত সেই বিশেষ ফ’নটো আহিব৷ গতিকে গ্ৰাহক দুজনক অলপ অৱজ্ঞা কৰাৰ দৰে হ’ল৷ মোৰ পৰা ‘ৰেচপঞ্চ’টো ধনাত্মক নেদেখি গ্ৰাহক দুজন অহা বাটে ঘূৰি গ’ল৷ মই ভালেই পালোঁ৷ কাৰণ সেইখিনি সময়ত গ্ৰাহক একেবাৰেই কাম্য নাছিল৷ 

অৱশেষত ফ’নটো বাজি উঠিল৷ সিফালৰ পৰা অন্য এটা অচিনাকী নম্বৰৰ পৰা পুনৰ বেলেগ মহিলা এগৰাকীৰ মাত শুনিলোঁ,

: ছাৰ মে দেখ পা ৰহী হু কি আপনে এমাজ’ন ডট কম মে চাৰ হেভেলচ্ কা এমবৰ্চ ফেন কা অৰ্ডাৰ কিয়া হেই, আপকা অৰ্ডাৰ ভেল্যু হেই আঠ হাজাৰ চাৰশ তিচ ৰূপয়ে!

: হা মেডাম, চহী হেই!

: এক মিনিট হ’ল্ড কৰিয়ে, মে আপকা গিফ্ট চেৰী ৰেড কালাৰ কা আইফ’ন ১১ ইচকে সাথ সংলগ্ন কৰ দেতা হুঁ৷ আপকৌ তো ৱহী চাহিয়ে না?

“হা মেডাম হা৷”- মই উষ্মভাবে শলাগিলোঁ৷

: হা, থৌড়া ছা ৰুক জাইয়ে… গিফ্ট এটাচ্ছ হ’ গয়া হেই, আপকো মে পেইমেন্ট লিংক ভেজ ৰহা হু, আপ উচ লিংক মে যাকে পেইমেণ্ট কৰ দিজীয়ে৷ 

বেলেগ পেইমেণ্ট লিংক কিয় দিব লগা হ’ল? এমাজ’নৰ লিংকতে কিয় পেইমেন্ট কৰিব নোৱাৰোঁ? মোৰ গাটো তেতিয়াহে চেবালে? তেতিয়াহে উপলব্ধি কৰিলোঁ যে ছোৱালীজনীৰ মাতটোও কিবা “দেহাতী” টাইপৰ৷ এমাজ’নৰ দৰে ইমান ডাঙৰ কোম্পেনীৰ এক্সিকিউটিভৰ মাত-কথাতো এনেকুৱা হ’ব নেলাগে! মোৰ বুজিবলৈ বাকী নেথাকিল যে মই ইতিমধ্যে ফ্ৰডষ্টাৰৰ কবলত পৰিছোঁ৷ পিচে তেতিয়াও বেছি “ডেমেজ” একো হোৱা নাছিল, কাৰণ “পেইমেণ্ট” হোৱা বাকী আছিল৷ মুহূৰ্ততে সিদ্ধান্ত সলনি কৰিলোঁ৷ খুব জোৰকৈ লেতেৰা গালি এটা দি ফ’নটো কাটি দিলোঁ৷ 

অলপ দেৰি দীঘলকৈ উশাহটো টানি “হে প্ৰভু, আজি ভাল বচালা” বুলি ভগবানৰ নাম স্মৰণ কৰি ল’লো৷ 

দিনৰ এঘাৰ বাজিবলৈ দুই মিনিটমান বাকী আছিল, ৰাস্তাত ইতিমধ্যে পুলিচে দোকান বন্ধ কৰাৰ হুমকি দি চাইৰেণ বজোৱা আৰম্ভ কৰি দিছিল৷ লাইট ফেন বন্ধ কৰি ছাটাৰ ডাউন কৰি তলা লগাই দিলোঁ৷ 

গাড়ীত বহি থাকোঁতে মনত পৰিল – মোৰ দোকানলৈ অহা কাষ্টমাৰ দুজনে কি বা কিনিব আহিছিল? “লাখো কা নুকচান” হৈ গ’ল নেকি বাৰু?

ঘৰত প্ৰবেশ কৰাৰ দুই মিনিট পিচতে এওঁৰ প্ৰশ্নৰ সন্মুখীন হ’লোঁ,

: দুজন কাষ্টমাৰ পঠাইছিলোঁ তোমাৰ দোকানত, ঘৰৰ কমপ্লিট ৱায়াৰিঙৰ বস্তু লাগে হেনো! কিনিলেনে?

মই হা না একো নকৈ কেৱল দীঘল হুমনিয়াহ এটা টানি ভিতৰলৈ সোমাই গ’লোঁ৷ ছোৱালীৰ সন্মুখীন হ’বলৈ বাকী আছেই৷

☆ ★ ☆ ★ ☆

10 Comments

  • Rintumoni Dutta

    বঢ়িয়া লাগিল দাদা

    Reply
  • যাযাবৰ

    চেৰী ৰেড ৱালা আইফোন? মজা লাগিল দাদা

    Reply
  • Rimjhim Borthakur

    চেৰী ৰেডৰ আইফোনটো লৈ ভাল আই অ বোপাই অ চিঞৰিবলগীয়া নহ’ল আপোনাৰ। মজা লাগিল

    Reply
  • Abhijit Goswami

    বঢ়িয়া বঢ়িয়া দাদা ?

    Reply
  • Anonymous

    হা : হা : হা :

    Reply
  • ডলী

    হাঃ হাঃ। ভাল লাগিল। ভাল বাচিলে যে।

    Reply
  • গ্ৰাহক দুজনক ইগ’নৰ কৰি পালে মজাটো? মজি দেই দাদা৷

    Reply
  • Utpala bhuyan

    বঢ়িয়া দাদা।

    Reply
  • মানসী

    হাঃ হাঃ..মজ্জা লিখিলে দাদা…

    Reply
  • Anonymous

    বঢ়িয়া লাগিল দাদা

    Reply

Leave a Reply to Abhijit Goswami Cancel reply

Your email address will not be published. Required fields are marked *