ফটাঢোল

পৰম বীৰ চক্ৰ-কাবেৰী মহন্ত

টিউশ্যনলৈ যোৱাৰ ৰাস্তাটোতে পৰীহঁতৰ ঘৰ৷ সেইখিনি একেলগে যোৱাটো নিয়মৰ দৰেই হৈছেগৈ আমাৰ৷ মই গৈ পোৱাৰ পাছতহে কাপোৰ কানি পিন্ধি ৰেডি হোৱাটো তাইৰ অভ্যাস হৈছেগৈ আৰু সেই দহ পোন্ধৰ মিনিট তাইৰ বাবে খাপ পিটি অনিচ্ছা স্বত্বেও ৰৈ থকাটো মোৰ বাবে বাধ্যতামূলক হৈছেগৈ৷ যিমানেই নকওঁ তাইক সাজু হৈ থাকিবলৈ, নাই- মোৰ যোৱা নহ’লে তাই টিউশ্যনেই নাযায় সেইদিনা৷

পৰীহঁতৰ ঘৰটো পুৰণা অসম আৰ্হিৰে এখন বাৰাণ্ডাৰে সৈতে ভাল লাগে৷ আমাৰ টিউশ্যন আৰম্ভ হোৱাৰ সময়তে টিভিত দেশৰ ফৌজী সকলৰ ওপৰত উচৰ্গিত “পৰম বীৰ চক্ৰ” অনুষ্ঠানটোও আৰম্ভ হয়৷ পৰীৰ দেউতাকৰ প্ৰিয় অনুষ্ঠানটো ড্ৰয়িংৰূমতে ময়ো কিছুসময় উপভোগ কৰোঁ৷ কেতিয়াবা বাৰাণ্ডাত বহি নিউজ পেপাৰখন পঢ়িও আইদেউ ওলাই নহালৈকে সময় কটাবলগীয়া হয়৷ ওচৰৰ মানুহঘৰৰ বেলকনিটো বাৰাণ্ডাৰ পৰা সুন্দৰকৈ দেখি থাকে৷ মাজেমাজে বেলকনিৰ পৰা ভাঁহি অহা হিন্দী আৰু ইংৰাজী গানৰ সুৰবোৰৰ মাজত পৰমবীৰ চক্ৰৰ মাৰ্ছ-পাছৰ শব্দও মিহলি হৈ যায়৷ হিন্দী গানবোৰ মোৰ ভালেই লাগে, তেতিয়া সেই দহ মিনিট কেনেকৈনো পাৰ হৈ যায় গমেই নাপাওঁ৷

সেইদিনাও মোৰ পচন্দৰ গান এটা বাজি আছিল- “ঘৰ চে নিকল টে হী.. কুছ দূৰ চলটে হী..” হঠাতে বাৰাণ্ডাৰ ফুলৰ টাবৰ কাষেদি এন্দুৰ এটা পাৰ হৈ গ’ল! মোৰ ভীষণ ভয় লাগে এই প্ৰাণীটো, লগতে ঘিণ লাগে৷ যিমান পাৰি জোৰকৈ চিঞৰ মাৰি পৰীক মাতি ভিতৰ পালোঁগৈ! ভিতৰত দেউতাকে গম পাই হঁহাৰ বাহিৰে কোনো ৰিয়েকশ্যন নেদেখুৱালে যদিও বাহিৰৰ বেলকনিৰ পৰা ভাঁহি অহা গানটো হঠাতে বন্ধ হৈ গ’ল৷ টিউশ্যনৰ গোটেই ৰাস্তাটো পৰীয়ে মোৰ গালি খাই গ’ল, কাৰণ মোৰ বুজিবলৈ বাকী নাছিল, ওচৰৰ মানুহ ঘৰত যিয়েই নাথাকক, মোৰ হনুমান জাঁপটো নিশ্চয় দেখিলে আৰু চাগে কিমান হাঁহিছে! তাইৰ নিৰুদ্বিগ্ন উত্তৰ, 

: ড’ণ্ট ৱৰি, দৰ্শক পুৰা হট্টা-কট্টা, স্মাৰ্ট৷ তোক যদি দেখিলে ভালেই দে৷ আমি ওচৰত থাকিও দৰ্শন নাপাওঁ প্ৰায়েই৷ চিনাকি কৰি দিম বাৰু! 

: কোনো দৰকাৰ নাই, আকৌ বেইজ্জতী কৰাবৰ মোক! 

পৰীৰ ঘৰৰ বাৰাণ্ডাত বহা মোৰ আজিকালি নহয়, মানে ভয়তে৷ তাইৰ ভায়েক থাকিলে অৱশ্যে বহোঁ, ভাৱ হয় সেই বেলকনিৰ পৰা কোনোবাই যেন মনেমনে চাই আছে! চকু দিলেই পৰ্দাৰ সামান্য ঢৌৰ বাদে একো নেদেখোঁ৷ পৰীক কিবা সোধা মানেই তাই একেবাৰে কথা ক’ৰবালৈ লৈ যাব৷ সেইদিনাটো নোসোধাকৈয়েই কৈ আছিল, 

: তোৰ মিঃ ইণ্ডিয়াই মোক পঢ়া-শুনাৰ কথা সুধিছিল৷ লগতে আমাৰ টিউশ্যনৰ কথা৷ মতলব কি মই বুজা নাই দেই!

: তই পিচে জনালি নাই সকলো আঁতিগুৰি?

 খঙত তাইক কোৱা কথাবোৰ তাই এটা হাঁহিতে উৰুৱাই দিলে৷ 

: অঁ অঁ, তোৰ বান্দৰ জাঁম্পৰ চেম্পিয়নশ্বিপৰ কথাও ক’লোঁ, 

মোৰ টেলেকা চকুক তাই পাত্তাই নিদি কৈ উঠিল৷

বাছ ষ্টেণ্ডৰ পৰা পাঁচ মিনিট খৰকৈ খোজকাঢ়ি গ’লেহে পৰীৰ ঘৰ পায়৷ ইতিমধ্যেই সেইদিনা টিউশ্যনলৈ দেৰি হৈছিল, বাছৰ পৰা নামিয়েই লৰা-লৰিকৈ খোজ ল’লোঁ৷ পৰীৰ ভায়েকক লগ পাই ভালেই পালোঁ, লগত ল’ৰা এটা৷ 

: বা ওলাই আছেনে?

: আজি দেৰি হ’ল দেখোন! 

ভায়েকৰ লগত থকা ল’ৰাটোৱেহে উপযাচি মাত দিলে৷ আচৰিত হ’লোঁ যদিও লাজ এটাও লাগিল৷ 

: …অঁ.. দেৰি হৈছে,

সিহঁতৰ ঘৰৰ গেট খুলিবলৈ লৈ ক’ব নোৱাৰাকৈ ওচৰৰ মানুহঘৰৰ বেলকনিলৈ চকু গ’ল৷ আজি গান বাজি থকা নাছিল, পৰী ওলাই আহি অলপ আচৰিতো হ’ল৷ 

: আজি দেৰি কৰিলি কিয়? ৰাস্তাত সাপ, নিগনি ওলাইছিল নেকি!

: অচিনাকি ল’ৰাটোৰ আগতে তাই মুখখন নুখুলিলে নহয়নে! ইয়াতকৈ শত্ৰুৰ দৰকাৰেই নাই চাগে! 

অলপ দূৰ যোৱাৰ পাছতে আকৌ তাইৰ মুখ খোল খালেই, 

: কি হ’ল? আজি দেখোন মিঃ ইণ্ডিয়াৰ লগত আহিলি?

: মানে? তাইৰ ভায়েকৰ লগত থকা ল’ৰাটো? 

কিবা এটা অনুভৱে চুই গ’ল। সেয়ে আজি গান বজা নাছিল নেকি?

: কি যে কথাবোৰ কৈ থাক তই! ভাইটি দেখোন আছিলেই লগত!

: আজিকালি আমাৰ ভাইটিৰ লগত তোৰ মিঃ ইণ্ডিয়াৰ বৰ দোষ্টি হৈছে৷ ৰামচন্দ্ৰই হনুমান জাঁপ দেখি ব’ল্ড আউট হোৱা নাইতো! 

: তই আৰু তোৰ ৰামায়ণ৷ নিজেই লিখি থাক৷ 

পৰীক কৈ লাভ নাই, তাই যিহে ছোৱালী, জবৰদস্তি মোক উৰ্মিলা বা সীতা নহ’লেও মিঃ ইণ্ডিয়াৰ শ্ৰীদেৱী বনাইহে এৰিব৷ 

কথাবোৰ ভালেই লাগিছিল, টিউশ্যনৰ সময়খিনিৰ বাবে পৰীৰ ঘৰত অপেক্ষা কৰাৰ সময়ৰ মাদকতাখিনি উপভোগ কৰিছিলোঁ৷ দেউতাকে মাজে মাজে কয়হি, এই এন্দুৰবোৰৰ উৎপাতত একো শাক-বন কৰিব নোৱাৰি৷ আগদিনা কিবা ৰুলেই পাছদিনা টানি লৈ যায়৷ ডাঙৰ ডাঙৰ গাঁতবোৰ দেখিয়েই মোৰ গা জিকাৰ খাই উঠে৷ মই চাগে কেতিয়াও এনেকুৱা জেগাত ঘৰ হ’লেও থাকিব নোৱাৰিম৷ 

সেইদিনাও বহি আছিলোঁ বাৰাণ্ডাতে দেউতাকৰ লগত নিউজ পেপাৰখন হাতত লৈ আৰু মাজে মাজে ওচৰৰ বেলকনিলৈ অজানিতে দৃষ্টি পেলায়৷ গান বাজি আছিল যদিও দেউতাকৰ এন্দুৰৰ আলোচনাই কিবা নিমখ তেল নিদিয়া তৰকাৰী খাই থকাৰ নিচিনাহে অনুভৱ হৈছিল৷ যোৱাকালি দৰৱ দি বহুত নিগনি মাৰিলে তাকেই কৈ আছিল৷ আমনি লগাত পৰীক মাতিবলৈ বুলি ভিতৰলৈ যাব খুজিলোঁ৷ 

….দুৱাৰখন পাৰ হওঁতেই ভায়েকে আহি ডিঙিত কিবা মালা এডাল ওলোমাই দিলেহে! “পৰম বীৰ চক্ৰ” বুলি। কোমল কোমল অলপ গৰম গৰম, কিবা ৰছী এদালত ওলমা ওলমিকৈ..! ওচৰতে মিঃ ইণ্ডিয়াৰ ঢেক ঢেক হাঁহি। অদ্ভুত বেয়া উকালি অহা গোন্ধ….

মা মা বুলি চাগে কিমান জোৰত চিঞৰিলোঁ নাজানো! পৰীকো চিঞৰি মালাডাল দলিয়াই দিলোঁ জোৰেৰে৷ চকুৰ পানীৰে নাকৰ পানীৰে মোৰ কুৰ্টিটো তিতি গ’ল ঠায়ে-ঠায়ে৷ এনেকুৱা এটা পৰিস্থিতিৰ বাবে চাগে কোনো সাজু নাছিল৷ দেউতাকৰ গালি, পৰীৰ ঢমকনিত ভায়েকে মালাডাল লৈ ওলাই গ’ল, আৰু…আৰু মিঃ ইণ্ডিয়াৰ চকুৱে-মুখে ফুটি উঠিল দোষী দোষী ভাৱৰ লগতে কাতৰ ক্ষমাৰ দৃষ্টি!

কিন্তু দেৰি হৈ গ’ল অথবা অংকই ভুল হৈ গ’ল সকলো৷ মোৰ দৃষ্টিত হিৰ’ এই ঘটনাৰ বাবেই আটাইতকৈ ঘৃণাৰ পাত্ৰ হৈ পৰিল৷ 

এন্দুৰৰ মালাৰে পৰমৱীৰ চক্ৰ! ছিঃ!

☆ ★ ☆ ★ ☆

6 Comments

  • Minati Mahanta

    কিবা এটা মনলৈ সাউতকৈ আহিল , সৰহভাগ পাহৰিলোৱে ।
    কৈছো নহয় , স্মৃতি সদায় মধুৰ । ভাল লাগিল ।

    Reply
  • বন্দিতা জৈন

    বৰ ভাল লাগিল পঢ়ি বাইদেউ

    Reply
  • ৰাজশ্ৰী শৰ্মা

    চি কটা

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    এন্দুৰৰ মালা? ধেই! মিঃ ইণ্ডিয়াই নিজৰ ভৰিত কুঠাৰ মাৰিলে৷

    Reply
  • জয়ন্ত দাস

    ইতিহাস চাগে সলনি হলহেতেন৷ মালাডালেেই পয়মাল লগালে৷

    Reply
  • হেমন্ত কাকতি

    ভাল লাগিল কাৱেৰী

    Reply

Leave a Reply to বন্দিতা জৈন Cancel reply

Your email address will not be published.

error: Content is protected !!