ফটাঢোল

দুঃসময়ৰ মাজতে কামিনী, বিনোদ, তনয়া, অকণ ইত্যাদি -দেৱাংগ পল্লৱ শইকীয়া

সময় এতিয়া দুঃসময়। প্ৰতিটো দিনেই এটা নতুন বেয়া খবৰ। প্ৰতিটো দিনেই অনিশ্চয়তাৰ বুকুত। শংকা আৰু হতাশা এতিয়া খোজত।

তথাপি হাঁহিবলৈ পাহৰিলে হ’বনে? সকলো দুঃসময় পাহৰি আমাক আহৰি লাগে অকণমান হাঁহিবলৈ। বিশেষজ্ঞসকলৰ মতেও ৰোগ উপশম কৰাত বিশেষকৈ মানসিক অস্থিৰতা আৰু হতাশাৰ মহৌষধ হাঁহি!

দুঃসময়ৰ মাজতে ফটাঢোল ওলাব। কিঞ্চিত হ’লেও বহুতৰে মানসিক অন্ধকাৰৰ বাটত পোহৰ দিব।

পুৰণা লেখা এটাকেই পঢ়ক। অকণমানো যদি মনটো ভাল লাগে এনেহেন সময়ত!

: কামিনীক চিনি পাইছিল নে?

: কামিনীক আপোনাক দিব নোৱাৰিম দাদা…

ব্যৱসায়ীসকলৰ মূল অস্ত্ৰ জিভা। যিটো আপোনাৰ পচন্দ হ’ব সেইটোতকৈ ভাল কোনো নাই। সেইটোৰ দাম কমাব নোৱাৰে। এইটো আটাইতকৈ বেছি প্ৰচলিত মালিগাঁৱৰ দোকানবোৰত। মোৰ জালুকবাৰীত থকা দিনৰ নিজা অভিজ্ঞতা। দুটামান পঢ়ক।

কমদামী টাৱেল এখন লাগে। গাৰুত পাৰিবলৈ। যিখন পচন্দ হ’ল সেইখনৰ ব্ৰেণ্ড “কামিনী ক্ল’থছ”। দাম কমালোঁ। দোকানিয়ে ক’লে, “না দাদা! এইটো দামত মই কামিনীক আপোনাক দিব নোৱাৰিম। বেলেগৰ মাল লওক। বাবা আছে, লক্সমী আছে। কামিনীৰ মাল কমত এৰিব নোৱাৰোঁ।”

নতুনকৈ ৰূম লৈছোঁ। হ’কিঞ্চৰ বস্তু কিনিবলৈ শকতি নাই। কমদামী প্ৰেছাৰ কুকাৰ আৰু কেৰাহী লাগে। কেৰাহীৰ ব্ৰেণ্ড “বিনোদ”। তেতিয়া নতুন।

: ওহোঁ! বিনোদৰ মাল নোৱাৰিম দাদা। আপুনি কমদামী বেলেগ কেৰাহী লওক। 

: বিনোদৰ নামো শুনা নাই দেখোন!

: ভাল বস্তুৰ এড নাহে দাদা। বিনোদৰ মাৰ্কেট আছে এড নাই!

: প্ৰেছাৰ কুকাৰ?

: ছুৰিয়াৰ মাল লওক। হ’কিঞ্চতকৈ ভাল।

: Surya? অলপ কমাই লওক!

: ছুৰিয়া আমি মূলে মূলে বেচোঁ দাদা। নতুন কোম্পানী কিন্তু হ’কিঞ্চতকৈ ভাল।

: ৱাৰেণ্টি?

: ফালি পেলাওক ৱাৰেণ্টি কাৰ্ড। জিন্দেগীত বেয়া নহয়।

চাউল আৰু পানী ছুৰিয়াত দি ৰৈ আছোঁ। হুইছেল নামাৰেহে নামাৰে, নামাৰেহে নামাৰে, নামাৰেহে নামাৰে, নামাৰেহে নামাৰে, নামাৰেহে নামাৰে, নামাৰেহে নামাৰে…! ফুউউচ!

আধা সিজা মাৰভাতৰ লগত নিমখ তেল।

একে সময়ৰ কথা। জ’কীৰ বাবে শকতি নোহোৱা দিনৰ কথা।

: দাদা! অলপ ভাল গেঞ্জী দেখুৱাওক।

: তনয়াৰ মাল লওক দাদা। ছফট্ পাব পিন্ধি।

: অলপ কমাওক!

: তনয়াৰ লগত দৰ-দাম নহয় দাদা! এম্বেচাদৰ লওক। কম পৰিব!

তনয়াক পিন্ধি গাত খহু উঠাৰ দৰে হৈছিল।

লাখটকীয়ালৈ গ’লোঁ। চিডি প্লেয়াৰ কিনিম। তিনিহেজাৰৰ ভিতৰত লাগে। যিটো দেখুৱালে নামটো দেখি অদ্ভুত লাগিল। নতুন চিডি প্লেয়াৰ ল’ম, তাতে যদি “অকণ” (OKON) বুলি লিখা থাকে, কেতিয়াও নুশুনা ব্ৰেণ্ড! মানুহে কমদামী কিনা বুলি নাভাবিবনে?

: দাদা! অকণৰ লাষ্টিং বহুত ভাল। ডিছ ৰৈ যোৱা প্ৰব্লেম নাপাব।

: তথাপি নামটোহে…!

: আপোনাক কি নামৰ লাগে?

: ছ’নী, তনী হ’লে ভাল!

: তাকে কওক ভাইজান…! বুলি কৈ তেৰাই সৰু হাঁকুটি এডালেৰে অকণৰ নামটো চিডিৰ পৰা উঘালি পেলাই টেবুলৰ তলৰ পৰা ডাঠ কাগজৰ বাকচ আনি মোৰ সন্মুখত ৰাখি ক’লে

: লওক, যি ইচ্ছা বাচি লওক, ছ’নী, ছেমছাং, এল জি যি লাগে লওক!

ছ’নীৰ ধাতুৰ ষ্টিকাৰ এটা ডাঠ কাগজৰ বাকচটোৰ পৰা উলিয়াই আকৌ একেডাল মাল্টিপাৰপাজ হাঁকুটিৰে চিডি প্লেয়াৰটোত ফিটিং কৰি দি মৃদুকৈ প্লেয়াৰটোৰ ওপৰত ঢকা এটা দি ক’লে

” লওক! ছ’নীৰ মাল!”

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply to যাযাবৰ Cancel reply

Your email address will not be published. Required fields are marked *