ফটাঢোল

চেডেণ্ট্ৰী লাইফ-ষ্টাইল- নবজিৎ বৈশ্য

আমি সৰু থাকোঁতে আমাৰ ওচৰৰ দুখন গাঁৱত দুজন ‘বহি-খ’ নামৰ মানুহ আছিল৷ অৱশ্যে দুয়োজনৰ ক্ষেত্ৰত নামটোৱে দুটা পৃথক অৰ্থ বহন কৰিছিল৷ এজনৰ ক্ষেত্ৰত নামটোৱে মূলতঃ ব্যক্তিগৰাকীৰ এলেহুৱা স্বভাৱটোক আৰু আনজনৰ ক্ষেত্ৰত পূৰ্বপুৰুষৰ পৰা উত্তৰাধিকাৰ সূত্ৰে লাভ কৰা ভূই-সম্পত্তিৰ বলত কাম নকৰাকৈ খাবলৈ পোৱাৰ অৱস্থাটোক নিৰ্দেশ কৰিছিল৷ প্ৰথমজন ‘বহি-খ’ক মানুহে অৱজ্ঞাৰ দৃষ্টিৰে চাইছিল যদিও দ্বিতীয়জন ‘বহি-খ’ক মানুহে সমীহ কৰিছিল৷ কোনেও তেওঁক ‘বহি-খ’ নামটোৰে সমুখত নামাতিছিল৷ অৱশ্যে তেওঁৰ পোহনীয়া গাইজনীক “বহি-খ থেৰ গাইটু” খেতিডৰাক “বহি-খ থেৰ খেতি” আদি বুলিহে উল্লেখ কৰিছিল৷ আকৌ কাৰোবাৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ কথা আলোচনা কৰোঁতে মানুহে প্ৰায়ে কৈছিল,

: সি ইতা ঠেঙোৰ উপ্ৰোত ঠেং তুলি বহি বহি খাবা পাৰা হোছি৷

মুঠতে আৰ্থিক সচ্ছলতাৰ ফলত কষ্টহীন জীৱনযাপন কৰিব পৰাটো গঞা ৰাইজে একধৰণৰ সফলতা বুলিয়ে বিবেচনা কৰিছিল৷ ইয়াৰ আঁৰত হাড়ভঙা পৰিশ্ৰমে অতীষ্ঠ কৰা গঞা মানুহে সেই অপৰিমিত শ্ৰমৰ পৰা ৰেহাই বিচৰাৰ স্বাভাৱিক প্ৰৱণতাই ক্ৰিয়া কৰিছিল৷ দৰিদ্ৰতা তথা অপৰিমিত পৰিশ্ৰমে পিষ্ট কৰা  মানুবোৰে হয়তো বহি খাব পৰা পৰিস্থিতি এটাকে জীৱনৰ সৰ্বোচ্চ প্ৰাপ্তি বুলি বিবেচনা কৰিছিল, তেনে এটা পৰিস্থিতিৰ সপোন দেখিছিল৷

কিন্তু পৰিৱৰ্তিত পৰিস্থিতিত ‘বহি-খোৱা-জীৱন-ধাৰা'( Sedentary Life-Style )এক অভিশাপতহে পৰিণত হ’ল৷ আজিৰ মানুহে খোজকঢ়া, দৌৰা, ব্যায়ামাগাৰ আদিলৈ গৈ যন্ত্ৰনিৰ্ভৰ শাৰিৰীক সক্ৰিয়তা আদিৰ জৰিয়তে সেই অভিশাপৰ পৰা মুক্ত হ’বলৈহে অহোপুৰুষাৰ্থ কৰিবলগীয়াত পৰিছে৷

এই নিৱন্ধত “বহি-খোৱা-জীৱন-ধাৰা”ই আমদানি কৰা শাৰিৰীক মানসিক বিসংগতিসমূহ আৰু তাৰ পৰা মুক্ত হৈ থকাৰ কিছু উপায় আলোচনা কৰিবলৈ লোৱা হৈছে৷

“চেডেণ্ট্ৰী লাইফ-ষ্টাইল” জনস্বাস্থ্য সম্পৰ্কিত এক নতুন পৰিভাষা, এক নতুন বিপদ৷ শুই বহি বা দেহক কষ্ট নিদিয়াকৈ আঁউজি দিনটোৰ অধিকাংশ সময় কটোৱাকে বিশেষজ্ঞ সকলে “চেডেণ্ট্ৰী লাইফ ষ্টাইল” বুলিছে৷ নূন্যতম শাৰিৰীক সক্ৰিয়তা এই প্ৰকাৰৰ জীৱনশৈলীৰ প্ৰধান বৈশিষ্ট্য৷ কোৱা হয় যে বিগত শতিকাত ধূমপানে জনস্বাস্থ্যৰ যিমান ক্ষতি কৰিছিল, চলিত শতিকাত “চেডেণ্ট্ৰী লাইফ-ষ্টাইল”য়ে তাতকৈ বেছি ক্ষতি কৰিব৷

কৰ্মক্ষেত্ৰত বহি বহি কাম কৰাটোও শাৰীৰিক সক্ৰিয়তাহীনতা বুলিয়ে হিচাপ কৰা হয়৷ “চেডেণ্ট্ৰী লাইফ ষ্টাইল”ৰ লগত সংপৃক্ত হৈ থকা আন এক নতুন পৰিভাষা হ’ল “স্ক্ৰীণ-টাইম”। টিভি, কম্পিউটাৰ, ম’বাইল আদিৰ স্ক্ৰীণত চকু ৰাখি আধুনিক মানুহে শাৰীৰিক সক্ৰিয়তাবিহীনভাৱে যিখিনি সময় কটাই তাকে বুজাবলৈ বিশেষজ্ঞসকলে “স্ক্ৰীণ-টাইম” অভিধাটো ব্যৱহাৰ কৰিছে৷ তথ্যপ্ৰযুক্তিৰ সৰ্বাত্মক প্ৰয়োগৰ এই দিনত প্ৰায় প্ৰতিজন শিক্ষিত মানুহৰে দৈনন্দিন জীৱনৰ এটা এৰাব নোৱৰা অংশ হ’ল “স্ক্ৰীণ-টাইম”। কৰ্মক্ষেত্ৰৰ প্ৰয়োজনতেই হওক বা সামাজিক মাধ্যমৰ জৰিয়তে জনসম্পৰ্ক ৰক্ষাৰ স্বাৰ্থতেই হওক আজিকালিৰ শিক্ষিত মানুহ ‘স্ক্ৰীণ’ৰ সমুখত সময় কটাবলৈ বাধ্য আৰু “স্ক্ৰীণ-টাইম” হ’ল চেডেণ্ট্ৰী লাইফ-ষ্টাইলৰ এক প্ৰধান কাৰক বা component৷

এতিয়া উদ্বেগৰ বিষয়টো হ’ল, একৈশ শতিকাত“চেডেণ্ট্ৰী লাইফ ষ্টাইল”য়ে মানুহৰ শাৰিৰীক আৰু মানসিক স্বাস্থ্যৰ প্ৰতি সৃষ্টি কৰা ভয়ংকৰ ভাবুকি৷ গৱেষকসকলে “শাৰীৰিক সক্ৰিয়তাবিহীন” বা “নূন্যতম শাৰীৰিক সক্ৰিয়তা”ৰ জীৱনশৈলীয়ে কেতবোৰ বিশেষ ৰোগ বা শাৰীৰিক মানসিক বিসংগতিৰ সম্ভাৱনা বৃদ্ধি কৰে বুলি কৈছে। সেইবোৰ হ’ল,

১)মেদবহুলতা

২)টাইপ 2 ডায়েবেটিছ

৩)কেইবিধমান কেঞ্চাৰ

৪)হৃদযন্ত্ৰ আৰু ৰক্তবাহী নলিকা সম্পৰ্কীয় বিসংগতি

৫)মানসিক উৎকণ্ঠা বৃদ্ধি

এই ৰোগবোৰে মানুহৰ মানসিক শান্তি বিঘ্নিত কৰাৰ লগতে অকাল মৃত্যুৰো কাৰক হ’ব পাৰে৷ ইয়াৰ উপৰিও প্ৰায় এক লাখ দহ হাজাৰ মানুহৰ মাজত চলোৱা এক সমীক্ষাত এই কথা পোহৰলৈ আহিছে যে “চেডেণ্ট্ৰী লাইফ-ষ্টাইল” কটোৱা মানুহে “ডিপ্ৰেছন”(হতাশাগ্ৰস্তাতা)ত ভোগাৰ সম্ভাৱনা বেছি৷

উল্লেখিত শাৰীৰিক মানসিক বিসংগতিবোৰ এৰাই চলিবলৈ বিশেষজ্ঞসকলে কিছুমান উপায় দিছে৷ মূলতঃ শাৰীৰিক সক্ৰিয়তা বৃদ্ধিয়ে হ’ল “চেডেণ্ট্ৰী লাইফ-ষ্টাইল”জনিত বিপদবোৰ প্ৰতিৰোধৰ উপায়৷ কৰ্মস্থলীলৈ খোজকাঢ়ি অহা যোৱা কৰা, কৰ্মস্থলীতে মাজে মাজে নিজৰ চকীৰ পৰা উঠি ইফালে সিফালে গৈ কৰিবলগীয়া কাম কৰাত গুৰুত্ব দিয়া, ফোনকল ৰিচিভ কৰাৰ সময়খিনিত টিভি বা কম্পিউটাৰৰ সমুখত বহি নাথাকি ইফাল সিফালকৈ খোজকাঢ়ি থকা আদি সৰু সৰু কথাবোৰে আমাক সহায় কৰিব পাৰে৷ সপ্তাহত কমেও দুদিন আধাঘণ্টামানকৈ দৌৰা, কমেও দুদিন আধাঘণ্টাকৈ পেশীৰ শক্তি বৃদ্ধি কৰিব পৰা ব্যায়াম আদিৰ জৰিয়তে আধুনিক জীৱনশৈলীয়ে সৃষ্টি কৰা বিপদবোৰৰ পৰা আমি নিজকে বচাব পাৰোঁ৷ আচলতে বিষয়টো সম্পৰ্কে আমাৰ সচেতনতাই হৈছে প্ৰথম আৰু প্ৰধান কথা৷

☆ ★ ☆ ★ ☆

2 Comments

  • ৰাজু কুমাৰ নাথ

    দাদা,বৰ সময়োপযোগী লেখা এটা পালো।

    Reply

Leave a Reply to Anonymous Cancel reply

Your email address will not be published. Required fields are marked *