ফটাঢোল

মূল: চাকৰ আৰু কুকুৰ,লেখক :শশীকান্ত সিং, অনুবাদ- পূৰবী এম কটকী

চাকৰটোৱে কুকুৰটোক ক’লে, 

: অভিনন্দন, তোৰ ভাগ্য মুকলি হ’ল।  কাইলৈৰ পৰা তোৰ নাম শ্বেৰু হৈ যাব।

: তেতিয়া মই গুজৰিবলৈ ল’ম, মোৰ মাজলৈ চিকাৰ কৰিব পৰা ক্ষমতা আহি যাব, মোৰ নখবোৰ ক্ষুৰধাৰ আৰু মজবুত হৈ যাব।

কুকুৰটো সুখী হৈ উঠিছিল, চাকৰটোও প্ৰফুল্লিত হৈছিল।

: সকলো লাহে লাহে হৈ যাব, অতিকমেও নামটো সলনি হ’লতো। পৰিবৰ্তন ৰাতিৰ ভিতৰতে নহয়। তই সৰুৰে পৰা কুকুৰ আছিলি, লাহে লাহে সিংহ হৈ যাবি।

: মই কি কৰিব লাগিব?

: একো নাই, মালিকক দেখাৰ লগে লগে নেগুৰ লৰাব লাগিব, দুটা ভৰি দাঙি তেওঁক চালাম কৰিব লাগিব, কাৰোবাক কামুৰিৱলৈ লাহে লাহে গৈ জাঁপ মাৰি দিব লাগিব।

: চোৰক?

: নহয় অ’ পাগল, মালিকে যিজনক চোৰ ভাৱে ভাবিব  বা যিজনক সাধু বুলি ভাৱে ভাবিব। তোৰ কামটো কামোৰা আৰু ভুকি থকাহে। তাৰ বিনিময়ত তোক বঢ়িয়া ভোজন, শুবলৈ মখমলৰ গাদী, ডিঙিত সোণৰ শিকলি, ফুৰাবলৈ চাকৰ! তোকতো গা ধুৱাবলৈও চাকৰ থাকিব। কি ভাগ্য পাইছ অ’ তই!

কুকুৰটোৱে লাহেকৈ ক’লে,

: মই নেগুৰ লৰাব নোখোজোঁ। যদি আপুনি কয়, মাত্ৰ এই কামটোৱে এৰি দিওঁ।

: আৰে এই কামটোৰ বিনিময়তেইতো সকলোবোৰ সুবিধা পাইছ! তই যদি বিচাৰিছ, আহিবলগা সময়বোৰত সিংহ হ’ব খুজিছ, গুজৰিব খুজিছ, চিকাৰ কৰিব খুজিছ তেনেহ’লে এই ত্যাগ তই কৰিবই লাগিব।

কুকুৰটোৱে কুঁ-কুঁৱাই সুধিলে, 

: তইয়ো প্ৰথমে কুকুৰ আছিলি?

: নহয় মইতো প্ৰথমে মানুহ আছিলোঁ।

☆ ★ ☆ ★ ☆

8 Comments

  • জ্যোতিৰূপা

    বঢ়িয়া বাইদেউ, ভাল ব্যংগ এটা পঢ়াৰ সুবিধা দিলে৷ ধন্যবাদ৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    অতি সুন্দৰ!

    Reply
    • পূৰৱী

      বহুত বহুত ধন্যবাদ দাদা

      Reply
  • বন্দিতা জৈন

    বঢ়িয়া

    Reply
  • somkanta

    বঢ়িয়া গল্পৰ বাচনি কৰিলা পূৰৱী ! ভাল লাগিল বহুত ! দিল খুচ হৈ গ’ল !

    Reply

Leave a Reply to জ্যোতিৰূপা Cancel reply

Your email address will not be published. Required fields are marked *