ফটাঢোল

লিমাৰিক- অনসূয়া বৰঠাকুৰ

                (১)

সৰুৰেপৰাই সি পঢ়া-শুনাত গাধা,

পিছৰ বেঞ্চত বহি মলি থাকে চাধা,

ফ’ৰলেনক দি মাটি,

ৰাতিটোতে কোটিপতি,

যৌতুক বুলি জীক দিলে সম্পত্তি আধা।

 

    

              (২)

কষ্টৰে পঢ়ি হ’ল মেডিকেলৰ ছাত্র,

ৰোগী চোৱাৰ নামত ফিজ নাম-ম‍াত্র,

কেনেকৈ বাঢ়িব আয়!

দুখীয়াক ফ্ৰীতে চায়!

ছোৱালীৰো নহ’ল সি পচন্দৰ পাত্ৰ!

☆ ★ ☆ ★ ☆

3 Comments

  • অবিনাশ পীড়াকটা

    সুন্দৰ এটি লিমাৰিক, ভাল লাগিল।

    Reply

Leave a Reply to Anonymous Cancel reply

Your email address will not be published. Required fields are marked *