ফটাঢোল

কমপ্লেইন ব্ৰাঞ্চ- অজিত ৰাজবংশী

মানুহজনে অফিচটোৰ ১নং কাউণ্টাৰত থিয় হৈ কাউণ্টাৰৰ বিষয়াজনক ক’লে, 

:  কমপ্লেইন এটা আছে ছাৰ৷

: হয়৷ ৬নং কাউণ্টাৰলৈ যাওক৷ 

: নহয় ছাৰ, শুনকচোন,

: No no, কমপ্লেইন ব্ৰাঞ্চ ৬নং কাউণ্টাৰত৷ প্লিজ ড’ণ্ট ডিষ্টাৰ্ব, নেক্সড প্লিজ৷

মানুহজন এইবাৰ দ্বিতীয় কাউণ্টাৰত থিয় হ’ল৷ দ্বিতীয় কাউণ্টাৰৰ বিষয়াই তেওঁক দেখিয়েই ক’লে, 

: ডাঙৰীয়া, শুনিছোঁ আপোনাৰ কথা৷ ওপৰ মহলাৰ ৬নং কাউণ্টাৰলৈ যাওক৷ কমপ্লেইন ব্ৰাঞ্চ৷ 

কেইখোজমান পিছুৱাই আহি এখন্তেক তভক মাৰি থিয় হৈ ৰ’ল মানুহজন৷ হয়তো ৩নং কাউণ্টাৰৰ মানুহজনেও শুনিছে তেওঁৰ কথা৷ সেয়ে ৩নং বাদ দি ৪নং কাউণ্টাৰত থিয় হ’ল তেওঁ৷ এগৰাকী শকত-আৱত ভদ্ৰ মহিলা৷ অফিচিয়েল ইউনিফৰ্মত মোহনীয় হৈ উঠিছে ভদ্ৰ মহিলা গৰাকী।  

: হয় মহাশয়,  কওকচোন?

: মেডাম, মোৰ কমপ্লেইন এটা আছে৷ 

ভদ্ৰ মহিলা যেন ফটকৈ অভদ্ৰ হৈ গ’ল, 

: হেৰি, আপোনাৰ চকু আাছেনে নাই হে? আছে যদি কাউণ্টাৰৰ ওপৰৰ সেই চাইনবোৰ্ডখন চাওক৷ এইটো কমপ্লেইন ব্ৰাঞ্চ নহয়, বুজিছে? মিছা-মিছি জামেলা কৰিবলৈ আহে৷ 

ঠোঁট-মুখ চেলেকি গালিসোপা হজম কৰি মানুহজন পিছুৱাই আহিল৷ কি কৰা যায় বাৰু? এখন্তেক চিন্তা কৰিলে৷ চাৰি মহলীয়া শতাধিক কৰ্মচাৰীৰে গিজ-গিজাই থকা অফিচটো৷ কাকো একো নুসুধি চাৰিওটা মহলা বিচৰণ কৰি তেওঁ অফিচৰ মূৰব্বী বিষয়াৰ কোঠাটো বিচাৰি উলিয়ালে৷ দাৰোৱানজন টোপনিত লালকাল হৈ আছিল বাবে বুকুত মৰসাহ লৈ মানুহজন নিজে নিজে সোমাই গ’ল মূৰব্বী বিষয়াৰ কোঠালৈ৷

: নমস্কাৰ ছাৰ৷ মোৰ এটা কমপ্লেইন আছিল৷ আপোনাৰ.. 

: what? complain? Please go to 6th no counter. Please.

: নহয় ছাৰ, মানে ছাৰ..

: ওহোঁ .. আমি কৈছে নহয় 6th number কাউণ্টাৰ বুলি..

মূৰব্বীয়ে জোৰকৈ কলিং বে’ল বজালে আৰু একে জাঁপেই হাজিৰ হ’ল দাৰোৱানজন৷ মানুহজনক একপ্ৰকাৰ চোঁচৰাই নিয়াৰ দৰে বাহিৰলৈ উলিয়াই আনিলে৷ 

: হেৰি, মোৰ অনুমতি নোলোৱাকৈ এনেদৰে কি সাহসত বচৰ ৰূমলৈ গৈছিলহে? মোৰ চাকৰি খাবহে আপুনি। 

: মোৰ এটা কমপ্লেইন আছিল হে৷

: কমপ্লেইন? তেন্তে ৬নং কাউণ্টাৰলৈ যাওক৷ ইয়ালৈ কিয় মৰিব আহিছেহে? 

: মানে ডাঙৰীয়া, ৬নং কাউণ্টাৰত কমপ্লেইন ব্ৰাঞ্চত কাম কৰা অফিচাৰজনৰ বিৰুদ্ধেহে মোৰ কমপ্লেইনটো৷ কওকচোন, এইটো কমপ্লেইন মই ক’ত দিম- কোনটো কমপ্লেইন ব্ৰাঞ্চত? 

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply to ডলী Cancel reply

Your email address will not be published. Required fields are marked *