ফটাঢোল

যমপুৰী-হিতেশ বি বৰুৱা

নগেনে কালি ৰাতি সপোনত যমপুৰী পালে। নগেনে গৈ যমৰজাক দেখা পাই সুধিলে,

:  আপুনি কোন? আপোনাৰ মানুহে মোক ধৰি-বান্ধি কিয় লৈ আহিছে ইয়ালৈ?

যম ৰজাই ক’লে,

: মই ধৰ্মৰ ৰজা,পাপ বেছি হ’লে আৰু আয়ুস নাথাকিলে মই মোৰ মানুহ পঠাই যমপুৰীলৈ আনো।

: বাৰু বুজিলোঁ, কিন্তু মোৰ হেৰিটো মানে (মাইনা পেণ্টটো) আপোনাৰ সৈন্য বায়ুদেৱে কিয় লৈ আহিলে দুদিন আগতেই। সেইটোৱে মোৰ একমাত্ৰ বিয়াত কিনা হেৰিটো আছিল। আজিলৈকে সেইটোৰে কাম চলাই আছিলোঁ। সেয়ে মই থানাত কে’ছ দিম বুলি গৈছিলোঁ কিন্তু আপোনাৰ মানুহে মোক জোৰ কৰি ইয়ালৈ আনিলে। এতিয়া সেইবোৰ কথা বাদ দিলোঁ। আগতে আপোনাৰ ম’বাইলটো দিয়ক, মই ফোন কৰি ঘৰত জনাই দিওঁ যে ভালদৰে আহি পালোঁ যমপুৰী।  লগতে এক’পি চেল্ফি মাৰোঁ আপোনাৰ সৈতে।

: কি কাৰণে ঘৰত জনাব লাগে? আমি ইয়াৰ পৰা সকলো দেখোঁ আৰু শুনা পাওঁ। গতিকে আমি ম’বাইল চ’বাইল ব্যৱহাৰ নকৰোঁ।

: ঘটিটো আপোনাৰ। আজিলৈ কোনোবা দিনা আপোনালোকে ফিলিং হেপ্পি উইথ মহাদেৱ,কৃষ্ণ, ব্ৰহ্মা, বিষ্ণু দা এইবোৰ দি পাইছে জানো? গতিকে মোক ম’বাইল দিয়ক।

মই ফিলিং হেপ্পি উইথ যম দা বুলি ফেচবুকত দিম।

: হ’ব হ’ব। তই বৰ লেকচাৰ মাৰিছ, মনে মনে থাক।

এতিয়া ক, তই পৃথিৱীত গৈ কি কৰিলি?

: ওৱা… আপুনি দেখোন কৈছে… ইয়াত থাকি হেনো সকলো দেখা পাই, সকলো শুনা পাই, তেনেহ’লে মোক কিয় সুধিছে মই কি কৰিলোঁ পৃথিৱীত গৈ। বাৰু…সুধিলে যেতিয়া কৈ দিওঁ।

মই পৃথিৱীত গৈ ফেচবুক খুলিছোঁ। তাতেই কিমানৰ লগত কাজিয়া কৰোঁ, লাল পান দিওঁ, ৱাও ৰিয়েক্ত দিওঁ আৰু ধুনীয়া ধুনীয়া ছোৱালীৰ লগত মেছেজ মেছেজ খেলি চেনি খাওঁ।

আপোনালোকে ইয়াত কি ঘটিটো কৰি আছে? স্বৰ্গত থাকি ধৰ্মৰাজ হোৱাৰ বাহিৰে।

: হ’ব হ’ব তই বহুত লেকচাৰ মাৰি আছ, মনে মনে থাক।

: ৰ’ব হে অলপ, ইমান বছৰৰ পাছত ভালকৈ মুখ খুলি কথা ক’বলৈ পাৰিছোঁ, ঘৰত থাকিলে পত্নীয়ে হা আৰু না বাদে একো ক’বলৈ নিদিয়ে। আজি সেয়ে অলপ কথা বেছিকৈ কৈছোঁ।

যমৰজাই অতিষ্ঠ হৈ সৈন্যগণক ক’লে,

: ইয়াক গৰম তেলত বহাই দে ঐ। বৰকৈ মাথা খাইছে মোৰ।

সৈন্যগণে নগেনক ডাঙি লৈ গ’ল। নগেনে দেখিলে গৰম তেল উতলি আছে দেখোন, কথা বিষমে হ’ব।

নগেনে ভয়ত জোৰ জোৰকৈ চিঞৰিলে ‘ও মা মৰিলোঁ’। এই বুলি চিঞৰি উঠাত নগেনৰ সৰুপানী ওলাই বিছনাৰ কাপোৰ তিতি গ’ল। তেতিয়া হে নগেনৰ সপোন ভাঙিল।

নগেনে মনতে ভাবিলে “মই বৰ সাহসী মানুহ বাবে মোৰ সৰুপানী ওলাই গ’ল। বেলেগ হোৱা হ’লে কাপোৰ-কানি লেতেৰা কৰি ডাঙৰপানী চুব লগা হ’লহেঁতেন। যিটো ভয়ানক সপোন দেখিলোঁ ১ নম্বৰ কিয় দুই নম্বৰ ওলোৱাটো খাটাং বেলেগৰ।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply to ডলী Cancel reply

Your email address will not be published. Required fields are marked *