ফটাঢোল

লাভ ৰিয়েক্ট- যোগেশ ভট্টাচাৰ্য

আবেলি উঠা ফুল চাইজ ফটোখন অলপ এডিট কৰি বেকগ্ৰাউণ্ডটো অলপ ব্লাৰ কৰি মৃন্ময়ে ফেচবুকত আপলোড কৰি দিলে। বেকগ্ৰাউণ্ডটো ব্লাৰ নকৰিলে অবাঞ্চিত কমেণ্ট আহি যায় কিছুমান অসৎ বন্ধুৰ পৰা। এবাৰ সৰিয়হ তলিৰ মাজত শ্বাহৰুখ খানৰ দৰে প’জ দিছিল। বিজয় বোলা স্কুলৰ দিনৰ বন্ধুজনে তাক ‘কাউৰী খেদা চো’ যেন লগা বুলি কমেণ্ট দিছিল। এবাৰ চানগ্লাছ পিন্ধি গিটাৰ এখন লৈ চানমাৰি ফ্লাইঅভাৰৰ ওপৰত ঠিয় হৈ প’জ দিয়া ফটো এখন আপলোড দিওঁতে ‘খুচুৰা কইন কেইটা উঠিছে?’ বুলি দেৱজিতে কমেণ্ট দিছিল। আনকি নিজৰ ঘৰৰ কুকুৰটোৰ লগত ফটো দিওঁতেও দুয়োকে যঁজা ভাই যেন লগা বুলি কমেণ্ট দিয়ে বন্ধুৰ নামত কলংককেইটাই। তাৰ ফটোত লাইক নিদিয়া কেইটায়ো সেই ঠাট্টাসুচক কমেণ্টকেইটাত হাঃহাঃ ৰিয়েক্ট দিবলৈ নাপাহৰে। ব্লক কৰিবও নোৱাৰি সিহঁতক। অসৎ হ’লেও সিহঁত তাৰ বন্ধু। বিপদে আপদে সদায় সিহঁতেই আগতে দেখা দিয়ে। কিন্তু ফেচবুকত জিনা হাৰাম কৰি দিয়ে সিহঁতে। গতিকে আজিকালি সাৱধানে ফটো দিয়ে সি। যিমান পাৰে বেকগ্ৰাউণ্ড ব্লাৰ কৰিয়েই দিয়ে সি।

এনেই ঠাট্টা মস্কৰা কৰিলে বেয়া পোৱা ল’ৰা মৃন্ময় মুঠেও নহয়। সিও লগৰকেইটাৰ ফটোত ভাল কমেণ্ট দি পোৱা নাই। কিন্তু যোৱা এমাহ মানৰ পৰা সি বেলেগৰ ফটোত ভাল কমেণ্ট দিয়া কৰিছে। কোনোবা বিখ্যাত ফেচবুকাৰুৱে কৈছিল, “আনক লাইক দিলেহে নিজেও লাইক পাবা”। গতিকে সিও আজিকালি সৱকে লাইক কমেণ্ট ভালদৰে দিয়া কৰিছে। পিচে তাৰ এই পৰিৱৰ্তন কোনো বাবাজীয়ে দিয়া তাবিজৰ ফলত হোৱা নাই। ফেচবুকত নিজৰ ষ্টেণ্ডাৰ্ড বচাই ৰাখিবলগীয়া হৈছে এঞ্জেল পৰী নামৰ ছোৱালীজনীৰ বাবেহে। এমাহ আগত ফেচবুকত গানৰ লগত ওঁঠ মিলাই কৰা তাইৰ  ভিদিঅ’ এটা দেখাৰ পিছত তাৰো হৃদয়ৰ ভায়োলিনৰ তাঁৰকেইডালে বিথোভেনৰ ৰাগ জুৰিছিল। সি ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াই দিয়াৰ চাৰিদিন মান পিছত তাই একচেপ্তো কৰিছিল। পিচে তাইৰ ফ্ৰেণ্ডলিষ্টত যেতিয়া চাৰিহাজাৰ নশ আশীটা একাউণ্ট দেখিলে তেতিয়া সি নিজকে কুম্ভমেলাত হেৰাই যোৱা যেন অনুভৱ কৰিলে। 

হয়, ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ত কৰা মানেই আজিকালি ফ্ৰেণ্ড হৈ যোৱাটো নুবুজাই। লিষ্টখন দীঘলীয়া কৰি চেলিব্ৰেটিৰ ইমেজ আনিবলৈও কিছুমানে যাৰে তাৰে ৰিকুৱেষ্ট একচেপ্ত কৰি থৈ দিয়ে। নহ’লেনো এঞ্জেল পৰীৰ দৰে ব্ৰিলিয়েনেট ‘লিপ-চিনক্ৰোনাইজাৰ’ গায়িকা এজনীৰ ফ্ৰেণ্ডলিষ্টত ঘিলাৰাম চাইকেল মেকানিকৰ কি কাম। পৰীক ভালদৰে বুজাব লাগিব যে এই ঘিলাৰাম টাইপৰ মানুহক ফ্ৰেণ্ডলিষ্টত ৰখা আৰু চিকেন ফ্ৰাই, চিলি ফিচেৰে পৰিবেশন কৰা পোলাওৰ প্লেটত ভাতকেৰেলা ভাজি অকণ পেলাই দিয়া একেই কথা। পিচে এইবোৰ বুজাবলৈ হ’লে পৰীক গাৰ্লফ্ৰেণ্ড বনাই ল’ব লাগিব। গাৰ্লফ্ৰেণ্ড বনোৱাৰ আগত ফ্ৰেণ্ড বনাব লাগিব। ফ্ৰেণ্ড বনোৱাৰ আগত কথা অলপলতো পাতিবই লাগিব। পিচে সিহে পৰীৰ ফটোত লাইক মাৰি যায়। তাই হ’লে এদিনো তাৰ ফটোত লাইক মৰা নাই। তাইৰ ফ্ৰেণ্ড লিষ্টত তাৰ অস্তিত্ব থকা বুলি তাই জানে নে নাই সেইটোতো তাৰ অলপ সন্দেহ আছে।

: আবে দোষ্ট, লাইক কৰিলে গম নাপায়। 

মৃন্ময়ৰ একমাত্ৰ বিশ্বাসী বন্ধু সুমিতে এদিন কথাখিনি বুজালে তাক।

: চা দৌষ্ট, ধৰি ল তই তাইৰ ফটোত লাইক এটা মাৰিছ। তাৰ দহ মিনিট পিছত আৰু দহটাই মাৰিছে। না না, দহ নহয়, পৰীৰ ফটোততো দহ মিনিটত এশটামানেই লাইক পৰিব। ময়ো লাইক মাৰো দেচোন মাজে মাজে। এতিয়া তাই যদি দহ মিনিটৰ পিছতো নটিফিকেচন চায়, তাত দেখিব যে ‘অমুক এণ্ড ৯৯ আদাৰচ লাইক ইয়ৰ পোষ্ট’। গতিকে তই সেই ৯৯ আদাৰচৰ মাজত হেৰাই থাকিবি। যদি আধাঘণ্টাৰ মূৰত তাই নটিফিকেচন চাই তেনেহ’লে ৩০০ টাৰ মাজত হেৰাবি। কোনোবাদিনা মৃন্ময় এণ্ড ৩০০ আদাৰচ বুলি নটিফিকেচন আহিলেও ‘কোন মৃন্ময়ে মোক লাইক মাৰিছে’ বুলি তাই তোৰ প্ৰফাইল খুচৰি চাবলৈ নাহে। 

: তেনেহ’লে কি কৰোঁ ভাই?

: কমেণ্ট কৰিবি। ভালকৈ প্ৰশংসা কৰি লিখিবি। আৰু চাবি সৱেই লিখা কমেণ্ট নিলিখিবি। পাৰিলে তাই ফটো দিয়াৰ লগে লগে কমেণ্ট মাৰিবি। তেতিয়াহে চকুত পৰিবি।

কথামতে কাম। সদায় সন্ধিয়া দিনটোৰ খতিয়ান ফটোৰ যোগেৰে ফেচবুকত ডাঙি ধৰা এঞ্জেল পৰীয়ে সিদিনাও ফটো এখন দিলে দ্ৰয়িংৰূমত বহি আইচক্ৰীম খাই থকা অৱস্থাত। খাপ পিটি বহি থকা মৃন্ময়ে লৰালৰিকৈ লাইক এটা মাৰি কমেণ্ট লিখিবলৈ লংলে, ‘Nice’।

“না, অকল Nice লিখিলে কিবা নিমখ নোহোৱা চয়াবিনৰ আঞ্জা যেন লাগিব” – এইবুলি মনতে ভাবি সি ‘nice’ টো মচি ‘looking beautiful’ লিখি কমেণ্ট এৰি দিলে। পিচে সি দেখিলে যে তাৰ কমেণ্টৰ ওপৰত প্ৰায় ত্ৰিশটামান কমেণ্ট আৰু তাৰে দহটামানেই ‘beautiful’। লগে লগে ‘beautiful’ ডিলিট কৰি এইবাৰ ‘গৰজিয়াচ’ (Gorgias) বুলি ইংৰাজীতে লিখিলে যদিও বানানটোৰ ওপৰত সন্দেহ হৈ সেইটো মচি অসমীয়াতে ‘ধুনীয়া’ বুলি লিখি দিলে। তেতিয়ালৈ প্ৰায় ষাঠিটামান কমেণ্ট হৈ গৈছিল। লাইক এশৰ ওপৰত। পৰীয়ে ফটোখন পোষ্ট কৰাৰ মাত্ৰ পাঁচ মিনিট হৈছিল সেই সময়ত।

সেইদিনা ৰাতি ভাত খোৱাৰ সময়লৈকে সি দহবাৰমান ফেচবুক নটিফিকেচন খুলি চালে। তাত পেজ লাইক কৰিবলৈ ৰিকুৱেষ্ট, কোনোবা গ্ৰুপত কোনোবাই দিয়া পোষ্টৰ নটিফিকেচন সোপাহে আছিল, পৰীৰ নামত এটাও নটিফিকেচন নাছিল। শুবলৈ লোৱাৰ সময়ত টুং কৈ নটিফিকেচন এটা অহাত সি চাই দেখিলে ‘এঞ্জেল পৰী হেজ কমেণ্টেড…’। গোটেই নপঢ়াকৈ পৰীৰ পোষ্টটোলৈ গৈ দেখিলে তাৰ কমেণ্টত লাইক এটা আৰু শেষত সমুহীয়কৈ ‘thnQ all’ (থেংক্যু অল) বুলি দিয়া কমেণ্ট এটা। 

: মোৰ দ্বাৰা নহ’ব দে ভাই। পৰীৰ ফটোত কমেণ্ট দিবলৈ গৈ চৰকাৰী চাকৰিৰ পোষ্টৰ বাবে ফৰ্ম ফিলাপ কৰিব যোৱা যেন হে লাগিছে। হাজাৰ হাজাৰ কেণ্ডিডেট, পোষ্ট মাত্ৰ এটা। ধিক জীৱন মোৰ।

: আৰে দোষ্ট, কোনোবাই টো চাকৰি পাব। সেইটো তই কিয় হব নোৱাৰ? তই যদি এটেনচন টানিব পাৰ, তেতিয়া তোক ঘৰৰ পৰা মাতি নি চাকৰি দিব।

: মানে?

: মানে, তই এনেকুৱা পোষ্ট দিব লাগিব, যিটোৱে তাইক  আকৰ্ষণ কৰিব পাৰে। তই যোৱা এমাহ তাইৰ ফটোত লাইক মাৰি মাৰি তাইৰ পচন্দ হোৱা বস্তু কি দেখিলি কচোন?

: তাই গান ভাল পায়। গান গোৱা মানুহৰ ভিডিঅত লাইক কৰা দেখিছো মই। 

: সেইটো টো তই নোৱাৰিবি। তই গান গাই পোষ্ট দিলে তাই তোক আনফ্ৰেইন্দ কৰিয়েই থ’ব। তাই ফটো কিহৰ দিয়ে কচোন। নদী, পাহাৰ, ফুল, চৰাই?

: অকল নিজৰে ফটো দিয়ে তাই। 

: তাৰমানে তাই তোৰ পোষ্টত লাইক কৰিবলৈ হ’লে তয়ো তাইৰ ফটো পোষ্ট কৰিব লাগিব।

: ধেই, মাৰিব ওলাইছ? চিধাই ব্লক মাৰিব মোক।

: সেইটোতো কৰিবই। বাদ দে, তই লাইক আৰু কমেণ্ট মাৰি যাবি। কপাল ভালে থাকিলে কোনোবা দিনাখন চকুত পৰিবি দে।

তেনেদৰে দুসপ্তাহ মান গ’ল। সি লাইক দি গ’ল যদিও প্ৰতিবাৰেই সি ছয়শ সাতশজন মানৰ ভিতৰত পৰে। কমেণ্ট কৰিবলৈ গৈও ইংৰাজীত ভাল আনকমন শব্দ বিচাৰি নাপাই অসমীয়াতে ‘সুন্দৰ’, ‘বঢ়িয়া’ ইত্যাদি লিখি থৈ আহে। তেনেদৰে তাইৰ ফটো চাই লাইক কমেণ্ট মাৰি থাকোঁতে এদিন হঠাৎ দেখিলে যে তাই আপলোড কৰা ফটো এখনত সিও আছে।

আচলতে, পৰীয়ে সিদিনা চাৰিজনী ছোৱালীৰ লগত যোৱাবছৰৰ বুকফেয়াৰত উঠা ফটো এখন ‘অল্ড মেমৰী’ বুলি আপলোড কৰিছিল। আৰু সেই ফটোখনৰ চুকত অলপমান ওলাই থকা এখন দোকানৰ ভিতৰত সি কিতাপ চাই আছিল। ফটোখন চালে সেইটো সি বুলি কোনেও ধৰিব নোৱাৰে কাৰণ তাৰ পিঠিৰ ফালৰ পৰাহে ফটোখন উঠিছিল। তাৰোপৰি সি বহুত দূৰৈত থকা বাবে ফটোখনত তাক ডেৰ ইঞ্চি গজাল এটাৰ সমান ডাঙৰকৈ হে দেখা গৈছিল। পিছফালৰ পৰা নিজৰ কাপোৰখিনি চিনিব পৰা বাবেহে সি কিবাকৈ নিজকে চিনি পাইছিল। তথাপি সি সুযোগ এৰি নিদি লাহেকৈ কমেণ্ট এটা দি থ’লে, “এইখন ফটোত ময়ো আছোঁ দেখোন।”

সেইদিনা ৰাতি তাৰ কমেণ্টৰ তলত পৰীৰ ৰিপ্লাই আহিল, “How Funny”। সি লগে লগে সুমিতক ফোন লগালে।

: ঐ সুমিত। এই ‘হাও ফানি’ বুলি মোক প্ৰশংসা কৰিছে নে ঠাত্তা কৰিছে বে?

: সেইটো ময়ো ধৰিব পৰা নাই ৰ। লেডিজৰ কথাৰ অৰ্থ আমাৰ জন্মৰ আগতে প্ৰেম পিৰিতি কৰি বিয়া পাতি বুঢ়া হোৱা মানুহকেইজনেও আজিলৈ সঠিককৈ ধৰিব পৰা নাই। ব্লক কৰা নাই যদি বেয়া পোৱা নাই বুলিয়েই ধৰি ল আৰু। তই সেইটোতে লাইক এটা মাৰি থ’বি।

‘হাও ফানি’ কমেণ্টটোত লাইক এটা মাৰি সি ‘থেংক ইউ’ বুলি লিখি স্মাইলি এটাও দি দিলে। কিন্তু সেই বেচেৰা ‘থেংক ইউ’টোৱে এঞ্জেল পৰীৰ লাহী মোবাইলটোৰ কিপেডখনৰ লাইক বুটামটোৰ পৰশ নাপালে।

পিছদিনা আমন জিমনকৈ কথাখিনি সুমিতক কওঁতে সি ফেচবুক বিশেষজ্ঞৰ দৰে উপদেশ দিলে,

: চা দোষ্ট, লাইকৰ ডিমাণ্ড নাই আজিকালি। লাইক মাৰা মানে একপ্ৰকাৰৰ ইগনোৰ কৰাটোৱেই বুজাই। লাভ ৰিয়েক্ট দিব পৰা জনহে আপোন মানুহ।

: মানে? 

: মানে চা, আমি কলেজত প্ৰিন্সিপালক দেখিলে গুডমৰ্নিং ছাৰ বুলি নকওঁ জানো? কিন্তু সেইটো‌ অন্তৰাত্মাৰ পৰা ওলাই জানো কেতিয়াবা? উপায় নাপাই হে কওঁ। আৰু প্ৰিন্সিপালেও জানে তই যে আবেগত উটি ভাঁহি গুডমৰ্ণিং কোৱা নাই। ঠিক একেদৰে পৰীয়েও তোৰ লাইককেইটা গুৰুত্ব সহকাৰে লোৱা নাই। গতিকে তই পৰীৰ ফটোত লাভ ৰিয়েক্ট দিবি। আৰু শুন, সুন্দৰ, ধুনীয়া, লুকিং বিউটিফুল এইবোৰ তেলীয়া কমেণ্ট নিদিবি। এইবোৰ আউটডেটেড হ’ল। আজিকালি  Looks Great, outstanding, Good Vibes এইবোৰ দিলেহে তোক ষ্টেণ্ডাৰ্ড থকা বুলি ভাবিব।

কথামতে কাম। পিছদিনা  সন্ধিয়া পৰীয়ে পাৰ চৰাই এটাক চাউল খুৱাই থকা ফটো এখন আপলোড দিয়াৰ লগে লগে মৃন্ময়ে লাভ ৰিয়েক্ট এটা বহুৱাই দি তলত কমেণ্ট দিলে ‘ Good Vibes’। কমেণ্ট দি উঠি দেখিলে যে লাভ ৰিয়েক্ট দিয়া মানুহ সিয়েই প্ৰথম। মনটো তাৰ কিবা ভাল লাগি গ’ল। তিনি চাৰি মিনিটমান পিছত আকৌ চাই দেখে যে আনদিনাৰ দৰে এশটা লাভ ৰিয়েক্ট নাই। কিন্তু ডেৰশমান চেড ৰিয়েক্ট আহি গৈছে। ঘটনা কি ভালদৰে বুজিবলৈ কমেণ্টবোৰ চাই দেখে যে আনদিনাৰ দৰে মানুহবোৰে ‘বিউটিফুল’, ‘চ’ চুইট’ দিয়াৰ সলনি ‘চ চেড’ ‘অ মাই গড’ ‘ ৰেষ্ট ইন পিচ’ এনেকুৱা ধৰণৰ কমেণ্ট হে দিছে। তেতিয়াহে সি পৰীৰ ফটোখনৰ ওপৰত লিখা কথাখিনি পঢ়ি চালে৷

” টুডে লষ্ট মাই বিলাভেড পুজু”

তাৰ বুজিবলৈ বাকী নাথাকিলে যে পুজু, অৰ্থাৎ পৰীৰ পোহনীয়া ‘পিজিয়ন’টো কিবা কাৰণত ঢুকোৱাৰ বাবেহে এইটো আপডেট দিছে তাই। লগে লগে এইটোও বুজিলে যে তাৰ ‘good vibes’ কমেণ্টটোৱে ইতিমধ্যেই তাৰ ইমান দিনৰ প্ৰচেষ্টা ধুলিস্যাৎ কৰাৰ প্ৰথম খোজটো দিছেই। মাইক্ৰচেকেণ্ড এটাৰ ভিতৰত লাভ ৰিয়েক্টটো গুচাই চেড ৰিয়েক্ট এটা দি কমেণ্টটোও ডিলিট কৰি দিলে সি। তাৰ পিছত দীঘলকৈ উশাহ এটা লৈ টাইপ কৰিলে, “May his soul reach heaven”। কিন্তু তাৰ কমেণ্টটো এইবাৰ পোষ্ট নহ’ল। তাৰ সলনি ‘content unavailable’ বুলি নটিফিকেচন এটা আহিল। 

সি বুজি পালে যে তাৰ মৰমৰ এঞ্জেল পৰীয়ে ইতিমধ্যে তাক ব্লক কৰিছে।

☆ ★ ☆ ★ ☆

10 Comments

  • ডলী

    হা হা। মজ্জা লাগিল

    Reply
  • বাগ্মিতা

    বঢ়িয়া!

    Reply
  • Rimjhim Borthakur

    বেচেৰা

    Reply
  • হেমন্ত কাকতি৷

    ইয়াতকৈ বেদনা লাগেনে ঐ এঞ্জেল পৰী! গুড ভাইবচ্! মজা লাগিল৷

    Reply
  • Prithivee Bordoloi

    ?

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    মজা!

    Reply
  • ৰাজশ্ৰী শৰ্মা

    পঢ়িয়েই গুড ভাইভচ পালোঁ অকণমান???

    Reply
  • জিতু

    মজ্জা

    Reply
  • নাজিয়া হাচান

    ও আই! এই লেখাটোত কি কমেণ্ট কৰিলে আনকমন কমেণ্ট এটা হব তাকেহে ভাবিছোঁ ৰ’বা।
    ভাল লাগিল দেই। কমন কমেণ্টটোকে দি থলোঁ বাৰু।

    Reply
  • Anonymous

    হা হা জমনি

    Reply

Leave a Reply to জিতু Cancel reply

Your email address will not be published. Required fields are marked *