ফটাঢোল

আজি হেনো ৰাভা দিৱস?-লুইতজ্যোতি

অনস্বীকাৰ্য : এই কাহিনীৰ সমূহ চৰিত্ৰ কাল্পনিক নহয়৷ অলপ ভালকৈ পঢ়িলে দুজন জীৱিত ব্যক্তিয়ে নিজৰ জীৱনৰ ঘটনাৰ লগত সামঞ্জস্য দেখিব আৰু এয়া জানি বুজি কৰা হৈছে৷ তাৰ বাবে কাহিনীকাৰ ক্ষমাপ্ৰাৰ্থী নহয়৷

২০ জুন, ২০২১৷ দেওবাৰ৷ 

বাঙ্গালোৰৰ দেওবাৰ বৰ বিশেষ৷ তাতে আকৌ চিপচিপিয়া বৰষুণজাকে সোণত সুৱগা চৰাইছিল৷ গাৰুৰ গিলিপত থুতৰিটো থৈ ফেচবুক টাইমলাইনত বিচৰণ কৰি ফুৰিছোঁ৷ সকলো ফালে ৰাভাৰ আভা৷ নহ’বই বা কিয়! আজি ৰাভা দিৱস৷  আজিৰ দিনটোত শৰৎ, হেমন্ত, বসন্ত, দিগন্ত সকলোৰেই আদৰ্শ, জীৱন-দৰ্শন, সকলো ৰাভা৷ আজিৰ ফেচবুক, ছে গুৱেভাৰাৰ ফটো আঁকি থোৱা টী-চাৰ্ট পিন্ধা ডেকাজাকৰ সমানেই বিপ্লৱী হৈ আছিল৷ 

এইবোৰ ভাবি থাকোঁতেই সময় গধূলি ৫:০০ হ’ল৷ এনেতে ফোনটো বাজিল৷ 

ফোনৰ সিপাৰে সচৰাচৰ আমালৈ ফোন নকৰা বাইদেউ এজনী৷ অসমীয়া৷ সেই যে দুজন অসমীয়াই কথা পাতোঁতেও আলু পিতিকাক মেছড্ প’টেট’, কলডিলক বানানা ফ্লাৱাৰ, পিঠাক পেন কেক বুলি কয়, তেনেকুৱা অসমীয়া৷ মানে ভোট জলকীয়া নুবুজে, কিন্তু Bhoot Jolokia বুজা প্ৰজাতিৰ৷ যি নহওক, বেপাৰী মানুহ যেতিয়া ফোন উঠালোঁ৷ 

মই : হেল্ল’ বা, ভালে আছে? বহু মাহৰ মূৰত মনত পেলালে৷ 

বাইদেউ : আছোঁ ভালে লুইত৷ তোমালোকৰ ভালনে? 

মই : আছোঁ বা, ভালেই৷ 

বাইদেউ : আচ্ছা, আজি ৰাভা দিৱস বুলি শুনিলোঁ৷ বহুতেই গীত গাই, নাচি ফেচবুকত দিছে৷ মই পিচে গুগুল কেলেণ্ডাৰৰ পৰা ন’টিফিকেছন নাপালোঁ৷ তুমি গম পোৱা নেকি কিবা?

মই : শুনিলে মানে বা আজি হয়েই, বিষ্ণু ৰাভা দিৱস। 

বাইদেউ : ভালেই হ’ল তুমি কনফাৰ্ম কৰিলা৷ যোৱাবছৰ তোমাক এটা নাচৰ ভিডিঅ’ পঠিয়াইছিলোঁ, অসমীয়া গীত এটাত নাচিছিলোঁ যে, “নমামি ব্ৰহ্মপুত্ৰ…”, সেইটো ৰাভাৰ গীত হয়নে? 

মই : নহয় বা সেইটো মই জনাত কলাগুৰুৱে লিখা নহয়৷ 

বাইদেউ : নহয় লুইত৷ মোক ৰাভাই লিখা গীতহে লাগে৷ 

মই : একেজনেই মানুহ বা৷ 

বাইদেউ : অ’ হয় নেকি! ইমানকেইটা নাম আছে মানুহজনৰ৷ কনফিউজ হৈ গ’লোঁ৷ তুমি চাবাচোন মই এডিটিং কৰিবলৈ দিয়া নাচৰ কোনোবাটো ভিডিঅ’ত ৰাভাৰ মানে তুমি কোৱা কলাগুৰুৰ গীত আছে নেকি৷ 

মই : (ইতিমধ্যে ‘ভেজা ফ্ৰাই’ অৱস্থা) থাকিব লাগে৷ মই বিচাৰি পঠিয়াই দিম আপোনালৈ৷ 

বাইদেউ : সৱেই ৰাভাৰ গীত আৰু নাচ দি আছে ফেচবুকত৷ মোৰ কিবা এটা ভাল লগা নাই৷ ৰাভা দিৱস বুলি আগতে গম পোৱাহ’লে, এটা নতুনকৈ নাচি দিলোঁহেঁতেন৷ 

মই : ঠিক আছে৷ মই জনাম বাৰু৷ 

বাইদেউ : থেংক ইউ আৰু শুনানা তোমাৰ পৰা আচাৰ আৰু চাহপাত ল’ম বুলি লোৱাই হোৱা নাই৷ কি কি আছে এতিয়া? অৰ্ডাৰ দিয়া লিংকটো পঠাবাচোন মই আজিয়েই অৰ্ডাৰ দিম৷ (“আৰু শুনানা….” এই লাইনটো কেইমাহ মান আগতে একেজনী মানুহেই আন এটা কাম কৰাবলৈ কৈছিল৷)

নৃত্যৰ ভিডিঅ’ আৰু অৰ্ডাৰ দিয়া লিংক দুয়োটা পঠিয়ালোঁ৷ বাইদেউ আজি ফেচবুকত নৃত্যৰত- ‘বিশ্বৰ ছন্দে ছন্দে’৷ লগত কাৰোবাৰ পৰা ধাৰ কৰি অনা ৰাভা দিৱস সম্বন্ধীয় কেপছন্৷ ৰাভাদেৱে শ্ৰদ্ধাঞ্জলী পালে৷ মইহে অৰ্ডাৰটো নাপালোঁ৷ যোৱা বছৰো আচাৰ অৰ্ডাৰ দিয়া লিংকটো খুজি তিনি-চাৰিটা ভিডিঅ’ এডিটিং কৰাইছিল৷ বাইদেউৰ ফেচবুক ষ্টেটাচ পিচে এমাজানৰ আচাৰ, চাহপাতেহে শুৱনি কৰিছিল৷ অৱশ্যে অসমীয়া ডেকাই বজাৰ দখলৰ প্ৰচেষ্টা চলাব লাগে ধৰণৰ প’ষ্টবোৰত আকৌ বাইদেৱে ৰঙা পাণ দিয়ে সঘনাই৷ 

ৰাজহুৱা গোহাৰি : 

এই অকিঞ্চনে আপোনাসৱৰ কিবা কামত আহিব বুলি মোৰ মনে নধৰে৷ তথাপিও কিবা কাম থাকিলে আচাৰ কিনিম বুলি আশা দি কৰাব নালাগে৷ এনেয়ে ভাল মানুহ মই৷

☆ ★ ☆ ★ ☆

10 Comments

  • Good job… hopefully she reads it too !
    Spread it till you make it ?

    Reply
  • Rima

    Very nice Luit!! I understood it :)…But doubtful that it will be read 🙂 …axomiya kot porhibo

    Reply
  • Monideepa

    Hahahahahahahaha…..
    Olop millennial lingo use koribolay mon goisay… Xei kaaronay ROFL ? ? likhilu, orthaa’t pet’ot dhori haahi haahi baagori porilu…
    Tekhetay jay porhibo paaribo xondeh…
    Aami porhi mojja paalu kintu…

    Reply
  • ভূদেব গোস্বামী

    কাহিনী ভালেই লাগিল

    Reply
  • Anonymous

    Porhi khub bhal lagil Luit!!! Reality UNCUT!!!

    Reply
  • Saurabhi Sarmah

    Porhi khub bhal lagil Luit!!! Reality UNCUT!!!

    Reply
  • অজান অনুভৱ

    কি যে মানুহ

    Reply
  • ৰাজশ্ৰী শৰ্মা

    এনেকুৱা মানুহ সুলভ বিৰাট?

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বহু ওলাব এনে লোক৷

    Reply
  • লুইতজ্যোতি

    পঢ়ি মতামত জনোৱা সকলোলৈ ধন্যবাদ ৷

    Reply

Leave a Reply to ৰঞ্জিত কুমাৰ শৰ্মা৷ Cancel reply

Your email address will not be published. Required fields are marked *