ফটাঢোল

অমিতাভ মহন্তৰ গল্প- হেমন্ত কাকতি

 (www.amitabh.beberibang-1/aspx/21321140)

পোন প্ৰথমে এই লিংকটো খুলি সাংঘাটিক গল্পটো পঢ়ি লওঁক৷ জীৱনত এনে গল্প হয়তো বহুত কম লিখকৰ হাততে সৃষ্টি হয়৷ নাটকীয় ভাবে আৰম্ভ কৰা প্ৰথম পেৰেগ্ৰাফটোৱেই আপোনাক বাধ্য কৰিব দ্বিতীয় তৃতীয় পেৰেগ্ৰাফলৈ আগুৱাই যাবলৈ৷ চৰিত্ৰ সমূহৰ ৰোমাঞ্চকৰ কৰ্মকাণ্ডৰ বৰ্ণনাই আপোনাৰ মনপ্ৰাণ শিহৰিত কৰি তুলিব৷ হাস্য ব্যংগ ৰসৰ অপূৰ্ব ব্লেণ্ডিং আৰু মাজে মাজে প্ৰেম আৰু ৰোমাঞ্চৰ এক অভূতপূৰ্ব সংমিশ্ৰনে আপোনাক লৈ যাব এখন বেলেগ পৃথিবীলৈ৷ ঠিক ‘ক্লাইমেক্স’ পোৱাৰ সময়লৈকে আপুনি আপোনাৰ চাৰিওফালে পৃথিবীত ক’ত কি হৈ আছে পাহৰি পেলাব৷ মূল চৰিত্ৰটোৰ ৰূপত আপুনি নিজকে কল্পনা কৰি  আগুৱাই গৈ থাকিব আৰু তাৰ ঠিক কিছু সময় পিচতেই আপুনি পাব এটা অনাকাক্ষিত টুইষ্ট! 

আকৌ দিছোঁ লিংকটো৷ এতিয়া নপঢ়িলেও  ডাউনলোদ কৰি ৰাখক৷ 

(www.amitabh.beberibang-1/aspx/21321140)

ৰব, লিংকটো যদি খুলি Error-404 জাতীয় কিবা মেচেজ পাইছে নেকি? বিচলিত নহব৷ দ্বিতীয় লিংকটো,  (www.amitabh.beberibang-2/aspx/21321141) খুলি মবাইলত ডাউনলোদ কৰি ৰাখি লওঁক৷) 

****

আপুনি এতিয়া নপঢ়িলেও হব৷ তলৰ বিশ্লেষণখিনি পঢ়ি আৰামত লাহে ধীৰে বিচনাত পেট পেলাই পঢ়ি থাকিব৷ 

এতিয়া অন্য এটা গল্পৰ কথালৈ আহিছোঁ৷

এই ‘গল্প’টোৰ আৰম্ভণি তেনেই সাধাৰণ৷ পিচে আগলৈ গৈ থাকোতেহে গম পাইছোঁ যে আচলতে এইটো গল্প নহয় জাবৰ এসোপাহে! 

ৰব, অমিতাভ মহন্তৰ ফেনবোৰে তেওঁৰ গল্পক “জাবৰ” কোৱা বুলি জাঙুৰ খাই নুঠিব৷ এয়া কোনো মহন্তৰ গল্পৰ কথা কোৱা নাই, নামটোহে অমিতাভ মহন্তৰ লৈছোঁ, কাহিনী, চিত্ৰনাট্য, সংলাপ সকলো মোৰেই৷ আপোনালোকে “মোৰ” বুলি ক’লে ক’ত পঢ়িব? চিধাই স্কিপ কৰি যাব বুলি জানোৱেই৷ সেয়ে এইবোৰ পাতনি৷

আট্চা, সৰু কাহিনী এটা শুনকচোন, অলপ “চ’ৰাহুৱা” টাইপ কিন্তু- এইযে নতুন দৰ্জী এজনে টেইলৰিং শ্বপ এখন খুলিবলৈ লৈ গলি এটাত ৰূম এটা ভাৰাত লৈছিল, শুনিছিল নে? মানে কি হ’ল- সি যিটো গলিত দৰ্জীৰ দোকান দিলে তাৰ চাৰিওফালে তেনেকুৱা আৰু এজন বিখ্যাত দৰ্জীৰ দোকান আছিল৷ ফলত কোনো কাষ্টমাৰ তাৰ দোকানত নাহে৷ দিনটো মাখি মাৰি বহি থাকে কিন্তু এজনো কাষ্টমাৰ নাই৷ অলপ ভাবি সি এটা আইডিয়া পালে৷ আইদিয়াটো হ’ল, চাইনবৰ্দ এখন লগাব “বেষ্ট দৰ্জীৰ দোকান” বুলি৷ পিচে খৰচ ভৰচ কৰি চাইন বৰ্দ লগাইও লাভৰ মুখ হলে নেদেখিলে৷ সবে হাঁহি ঠাট্টা কৰি তাৰ সন্মুখেদি যায় কিন্তু কোনেও দোকানত ভৰি নিদিয়ে৷ তাৰ সন্মুখেদি যেতিয়া বিখ্যাত “ৰহমত দৰ্জী”ৰ দোকানত চিলোৱা কাপোৰৰ টোপোলা লৈ মানুহবিলাক পাৰ হৈ যায় তেতিয়া নিজৰ দুখক ‘কভাৰআপ’ কৰিবলৈ হোৱাটচ্ এপত চাৰ্লি চেপলিনৰ “মটিভেচনেল কৌট” যেনে- “আই লাভ টু ৱাক ইন ডা ৰেইন বিকজ ন’ ৱান কেন চি মাই টিয়েৰচ্” আদি পঢ়ি বা দহ বাৰজনলৈ শ্বেয়াৰ কৰি টাইম পাচ কৰি থাকে৷ 

পিচে এদিন তাৰ মগজুত ‘ব্ৰেণ্ড নিউ আইদিয়া’ এটাই প্ৰচণ্ডজোৰে “হিট” কৰিলে৷ আইদিয়াটো হ’ল তাৰ চাইন বৰ্দখন সলাই তাত লিখিব- “ৰহমত দৰ্জীৰ দোকানলৈ যোৱাৰ এইটোৱে ৰাস্তা।” বচ্, তাৰ পিচত দুৰ দূৰণিৰ পৰা অহা মানুহ তাৰ তাতে সোমোৱা হ’ল৷ তাৰ পিচত কমেও ৰহমত দৰ্জীৰ আধা কাষ্টমাৰৰ হৃদয় সি জিকি ল’লে৷

হাঁহি নুঠিলেও ‘জোক’টো ইমানতে শেষ যদিও তাৰ “ম’ৰেল” এটা আছে৷ সেইটো হ’ল- যদি নিজৰ ‘ব্ৰেণ্ড-ভেলু’ বনোৱাত কষ্ট হৈছে ৰেপুটেদ ব্ৰেণ্ডৰ ডিলাৰশ্বিপ লৈ বিজনেচ কৰক নাইবা আইডিয়া চুৰি কৰক৷ 

ৰহমত দৰ্জীৰ “নাম” ব্যৱহাৰ কৰা বাবে তাৰ ওপৰত কিবা ‘লিগেল একচন’ হ’ল নে নাই সেই বিষয়ে জোক-নিৰ্মাতাৰ ইতিহাস নিমাত যদিও এতিয়াৰ দিনত সেইটো কেচ হ’লে ৰহমত দৰ্জীয়ে যে তাক কিমান হাজাৰ টকাৰ “চূনা” লগালে হেতেন সেয়া নোকোৱাই ভাল বাৰু৷ 

এখন ডাঙৰ হৰফেৰে “SEX” লিখি মানুহৰ দৃষ্টি আকৰ্ষণ কৰি তলত “টেক্স ৰিটাৰ্ণ” সময়মতে ভৰাবলৈ  জাননী দিয়া চাইনবৰ্ড এখন কৰবাত দেখা মনত পৰে৷ মিছা ক’লে কিডাল হব, মোৰ এই কাহিনীৰ ‘প্লট’টোও তাৰ পৰাই চুৰি কৰা৷ মৌলিক চিন্তা কৰাৰ সময় ক’ত? মাহৰ আৰম্ভণিতে বিভিন্ন পাবলিছিং হাউচৰ সম্পাদকৰ ‘কামোৰ’- কিবা এটা লিখি দিব লাগে৷ অলপ কনফিডেন্সৰ সুৰতে সম্পাদকক কৈ থৈছোঁ, হৈ যাব বুলি৷  পিচে একো এটা মূৰত নহা হ’ল৷ ৰাতিপুৱাই সাংঘাটিক বুলি ভবা প্লট এটা লিখিম বুলি ভাবি বহিছিলোঁ হে পিচে হোৱাটচ এপত অহা জোক এটা দেখি মনটো একেবাৰে মৰহি গ’ল৷ কাৰণ সেই প্লটটোৱে হোৱাটচ এপত ইতিমধ্যে ভাইৰেল হৈ আছে৷ ধিক্কাৰ জন্মিল, “হোৱাট আই থিংক টু দে, চাম ৱান হেজ অলৰেডী থট ইট ইয়েষ্টাৰ দে!” তেনেহলে কি কৰা যায়? 

এই পৰ্য্যন্ত মনপুতি পঢ়িছে যদি বুজি পাইছেই যে এইটো অমিতাভ মহন্তৰ গল্পৰ লগত একো লিংক নাই৷ ৰহমত দৰ্জী ওৰফে অমিতাভ মহন্তৰ ব্ৰেণ্ড ভেল্যুৰ ব্যৱহাৰ কৰি  মোৰ কাহিনীটোত আপোনাক সোমাই লৈছোঁ৷ সোমালেই যেতিয়া আৰু অকনমান কষ্ট কৰক আৰু৷ অমিতাভ মহন্তই যদি কপিৰাইট বা মানহানিৰ কেচ দিয়ে মোৰ অস্ত্ৰ কেইবাপাটো ৰেডী কৰি থৈছোঁ, সেয়া কেবল হেমন্ত কাকতিয়ে ভোগ কৰিব, আমুকাই নকৰে৷ বুজা নাই ন’? ৰব বুজিব৷  

বিনা পইচাত অলপ হলেও তেওঁৰ অলপ পাবলিচিটি কৰি দিলোঁ৷ 

কাহিনীটো চমুকৈ শুনক এতিয়া, আশা কৰোঁ আপোনালোকৰ সম্পাদকে এইটোক ঠাই দিব আৰু লগতে মোৰ খেলো খটম হব৷ অহ, ৰব, মনত থাকোতেই জ্ঞান অলপো দি থওঁ৷ আপোনাৰ দোকানত সেইবোৰ কৌশল, কূট বুদ্ধি কৰি কাষ্টমাৰ আনিব পাৰিব, পিচে দ্বিতীয় তৃতীয় দিনৰ বাবে ধৰি ৰাখিবলৈ প্ৰয়োজনীয় গুণগত মানদণ্ড বঢ়াব লাগিব৷ যদি ‘কোৱালিটি’ আৰু নিত্য নতুন কৌশলগত চিন্তাক ধাৰাবাহিক ভাবে অক্ষুন্ন ৰাখি আগুৱাব নোৱাৰে আজি অহাবোৰ কালিলৈ নাহে৷ অমিতাভ মহন্তৰ দোপতদোপে হোৱা উন্নতি আৰু হেমন্ত কাকতিৰ সাহিত্যৰ দোকানৰ অধোগতিৰ সেইটোৱে চিক্ৰেট৷ 

বেছি দীঘলীয়া নকৰোঁ, জানো, আপুনি এই মুহুৰ্তত মোক তীব্ৰ গালি গালাজেৰে থকা সৰকা কৰিছে, পিচে লাভ নাই৷ মই কোনো এলাপেচা গল্প লেখক নহয়৷ আপোনালোকৰ প্ৰিয় গল্পকাৰ হেমন্ত কাকতিৰ ৰূপত আন্তৰ্জাতিক ফ্ৰদষ্টাৰ “চিমা ওকিও।” ইতিমধ্যে হ’ব লগীয়াখিনি হৈ গৈছে৷ 

মই জানো, আপোনালোকৰ সৰহ ভাগেই মই দিয়া লিংক দুটা ইতিমধ্যে ডাউনলোদ কৰি লৈছে৷ 

ওপৰত দিয়া লিংক দুটাৰ এটাও যদি ইতিমধ্যে ডাউনলোদ হৈছে, তেনেহ’লে মোৰ টীমে কাম আৰম্ভ কৰি দিছে৷ আৰম্ভনিৰ পৰা প্ৰায় ২ মিনিট ১১ চেকেণ্ডৰ ভিতৰত আপোনাৰ মবাইলৰ সম্পূৰ্ণ তথ্য আমাৰ চাইপ্ৰাচ দ্বীপ স্থিত চাৰ্ভাৰৰ চক্ৰব্যেহুত সোমাই পৰিছে৷ আপোনাৰ মবাইলৰ মেচেঞ্জাৰ, ফেচবুক, হোৱাটচ এপ অথবা এপ্লিকেচনবোৰৰ সম্পূৰ্ণ কণ্ট্ৰোল এই মুহুৰ্তত আমাৰ হাতত৷ ওলাবলৈ ৰাস্তা বিচাৰি হায়ৰাণ নহ’ব৷ আপুনি টিপা এক্সিট বূটামটোত আছে আপোনাৰ বিভিন্ন বেংকৰ পেইমেণ্ট লিংকৰ “সন্মতিসূচক” “submit” বূটামটো৷ ওলাবলৈ বৃথা চেষ্টা নকৰিব৷ 

আৰু তিনি চেকেণ্ডৰ পিচত আমি কণ্ট্ৰোল হেণ্ড অভাৰ কৰিম৷  নক’লেও ছাগে বুজি পাইছে, এইটো ফটাঢোলৰ হেমন্ত কাকতিৰ একাউণ্ট হৈ থকা নাই৷ বেছেৰা নিমাখিত প্ৰাণীটো ইতিমধ্যে সৰ্বস্ব হেৰাই হয়তো কোনো ৰহিলা বাইৰ ঘাটিত বহি ট্ৰেজেদি ‘ফালি’ আছে৷ যোৱাৰ আগে আগে এটা উপদেশ দি যাওঁ৷  সৰুসুৰা মৰেল, মনত ৰাখিব৷

ভাৰ্চুৱেল বন্ধুক কেতিয়াওঁ বিশ্বাসত নল’ব৷ অচিনাকী লিংকবোৰ সদায় এৰি চলিব৷ মবাইলত টিম ভিউৱাৰ বা ৰিমোট ডেক্সটপ ভিউৱিং এপ ব্যৱহাৰ নকৰিব৷

গুড বাই৷

☆ ★ ☆ ★ ☆

7 Comments

  • ভাল লাগিল দাদা৷

    Reply
  • বাগ্মিতা

    একেবাৰে সুকীয়া ষ্টাইলৰ,মজ্জা!

    Reply
  • ৰিণ্টু

    মই সঁ‌চাকৈ লিংকটো ডাউনলোড কৰিব চেষ্টা কৰিছিলো।

    বঢ়িয়া দাদা

    Reply
  • ডলী

    বৰ ভাল লাগিল

    Reply
  • জ্যোতিৰূপা

    মিহি মিহিকৈ লাহে লাহে ৰেপিছে? বঢ়িয়া৷

    Reply
  • জিতু

    লিংকটো ডাউনলোড নহল।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বেলেগধৰণৰ সোৱাদ দিলে৷

    Reply

Leave a Reply to নীলাক্ষি কাকতি Cancel reply

Your email address will not be published. Required fields are marked *