ফটাঢোল

কৌতুক-ৰিণ্টুমনি দত্ত

আজিৰ পৰা প্ৰায় ২০/২৫ বছৰ আগৰ কথা। এখন বিদ্যালয়ত এজন শিক্ষকে “ব্ৰহ্মপুত্ৰ নদীৰ গতিপথ” পাঠটি পঢ়াই আছিল। ঠিক সেই সময়ত পৰিদৰ্শক এজন আহি পাঠদান শুনি আছিল।

শিক্ষকজনে বুজাই আছে….” ব্ৰহ্মপুত্ৰ নদী  বংগোপ সাগৰৰ পৰা ওলাই বাংলাদেশ হৈ অসমৰ মাজেৰে বৈ…….হিমালয় পৰ্বতৰ মানস সৰোবৰত উঠিছে….।”

শিক্ষকজনৰ পাঠদান শুনি পৰিদৰ্শকজনে তেখেতক অফিচলৈ মাতি নি ক’লে..”আপুনিতো সৰ্বনাশ কৰিলে। ছাত্ৰ-ছাত্ৰীক কি শিক্ষা দিছে এইবোৰ? ব্ৰহ্মপুত্ৰ নদীখন ওলোটাকৈ বোৱাই দিলে যে……।

শিক্ষকজনে একেবাৰে জাঙুৰ খাই উঠি ক’লে “আপুনি কি কথা কয় হে? আজি ৫ মাহে দৰমহা হোৱা নাই। আৰু যদি এমাহৰ ভিতৰত দৰমহা নহয়, তেন্তে চাব ক’ৰ নদী ক’ত বোৱাই দিম গম পাই যাব…..

☆ ★ ☆ ★ ☆

3 Comments

  • কমল নেওগ৷

    হাঃ হাঃ হাঃ

    Reply
  • ৰাজু কুমাৰ নাথ

    অ’তো।থিকেই কৈছে শিক্ষকে।

    Reply
  • বন্দিতা জৈন

    ???

    Reply

Leave a Reply to কমল নেওগ৷ Cancel reply

Your email address will not be published. Required fields are marked *