ফটাঢোল

লকডাউন – ২০৪৫-সত্যেন্দ্র শর্মা

চন ২০৪৫। গুৱাহাটীৰ উপকণ্ঠৰ তাহানিৰ পামহী অঞ্চল, য’ত আছিল কেৱল সেউজীয়া। তাৰেই এক বৃহৎ পাহাৰ খহাই গঢ়ি তােলা হৈছে এক আবাসিক এলেকা। বাসিন্দাসকলৰ বেছিভাগেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি থিতাপি লােৱা। মহানগৰীত বাস কৰাৰ তীব্ৰ হাবিয়াসৰ ফলশ্ৰুতি। জীৱন যাপন যি ভাবেই নহওক কিয়। কলিতা, শর্মা, বৰুৱা, হাজৰিকা, গগৈ, শইকীয়া…। তাৰ ভিতৰতেই কলিতানী আৰু বৰুৱানীৰ অকমান লেভেল বেছি। কাৰণ দুয়োগৰাকী লােকেল, গুৱাহাটীৰ। এগৰাকী মালবাৰীৰ আনগৰাকী ধাৰাপুৰৰ। সেই এলেকাৰেই ৰাজহুৱা সভাঘৰত এদিন আবেলি পৰত গােট খাইছিলেহি মহিলাসকল। সেইদিনটো আছিল কোনােবা সংগঠনৰ আহ্বান মর্মে ‘লকডাউন’। ২০২০ চনৰ শেষৰ পৰাই সংগঠনসমূহে বন্ধৰ আহ্বান জনালেই ব্যৱহাৰ কৰিবলৈ লােৱা শব্দটো হ’ল ‘লকডাউন’। মহিলাসকলৰ প্ৰত্যেকৰে কঁকালত একোটা তাবিজ আকৃতিৰ বস্তু। “ব্রেইন ফোন”৷ গৰাকীয়ে চুই দিলেই নির্দিষ্ট আকাৰত ডাঙৰ হৈ যায়। ডায়েল অথবা টাইপ কৰিব নালাগে, ফোনটোত চকু দি ভাবিলেই হ’ল। বাকী সকলাে অট’মেটিক। বিভিন্ন কথােপকথনৰ মাজতেই এগৰাকীয়ে উলিয়ালে – “মনত আছেনে আপােনালােকৰ ২০২০ৰ প্ৰথম লকডাউনৰ কথা।”

“হয় দেই, বাপৰে।” বৰপেটাৰ দাসৰ ঘৈণীয়েকৰ মত। “কি দিন আছিল, ফোনত টাইপ কৰি কৰি আঙুলি বিষাই গৈছিল।”

“তেতিয়া ফেচবুক হে আছিল।” গগৈনীৰ অংশ গ্রহণ।

ইতিমধ্যে ফেচবুকৰ ঠাইত ব্রেইন বুক, হােৱাটচ এপৰ ঠাইত ঠটছ নাও, টুইটাৰৰ ঠাইত বুকাৰ, ইনষ্টাগ্ৰামৰ ঠাইত হটফিলিং আদিৰ দৰে ছ’চিয়েল মিডিয়াবােৰহে মানুহৰ মাজত প্ৰচলিত হ’বলৈ লৈছে। ২০২০ ৰ লকডাউনৰ কথা ওলালেই ডিমৌৰ লাহননী আৰু পাঠশালাৰ মিশ্ৰনীয়ে অলপ সেমেনা-সেমেনি কৰে। লাহননীয়ে নিজেই আৰু মিশ্রনীৰ গিৰিয়েকে হেনাে কিবা কাঁহী বজোৱা এক সমদলত ভাগ লৈছিল, যিটো তেতিয়াৰ ফেচবুকৰ জৰিয়তে ভাইৰেল হােৱা হেতুকে দুয়ো বােলে হাঁহিয়াতৰ পাত্ৰ হৈছিল।

কথাৰ মহলা মাৰি মাৰি মহিলাসকল ৰ’লেহি স্থানীয় পার্কখনৰ সন্মুখত। গধূলি নহ’লেও হ’র্ডিংসমূহৰ লাইটবােৰ জ্বলিবলৈ ধৰিছে। পার্কখনৰ সােমােৱা ৰাস্তাটোৰ দাঁতিতেই এখন সুবৃহৎ হ’র্ডিং…চশমা পৰিহিত, তপা মূৰ, গাম্ভীর্যপূর্ণ

ঈষৎ বেঁকাকৈ সেয়া বৰ্তমানৰ শাসনত থকা সৰ্বভাৰতীয় দলটোৰ সভাপতি। SIR HBS ( হিমাদ্রী বশিষ্ঠ শৰ্মা) কাষত লিখা আছে “MY COUNTRY, YOUR COUNTRY, OUR COUNTRY : COME TOGETHER.”

সেইখনলৈ চাই নলবাৰীৰ ভট্টৰ ঘৈণীয়েকে মাত দিলে – “জানেনে, এওঁ আমাৰ মাৰ লগত পঢ়িছিল, কটন ইউনিভাৰ্চিটিত। মা ঢুকাবৰ ইমান বছৰ হ’ল, কিন্তু এই বুঢ়াক চাওক, আশীমান হ’বই নেকি? এতিয়াও কি টনটনীয়া।”

“জানেনে, কৰুণা লকডাউনৰ সময়ত এওঁ অসমৰ কাৰণে দেহেকেহে খাটিছিল কিন্তু কৰুণা যােৱাৰ লগে লগেই মিডিয়াই এওঁৰ বিৰুদ্ধে কিবা টম্বু হস্পিতালৰ কেলেংকাৰী উলিয়ালে। সেই খঙতে হেনাে অসম এৰিলে আৰু এতিয়াতো দেখিছেই। সৱ এৰি এতিয়াও দলৰ সভাপতি। এওঁক নােসােধাকৈ প্ৰধানমন্ত্রীয়েও বােলে একো সিদ্ধান্ত নলয়। অসমত তেতিয়া তেওঁক বােলে পাৰ্টিৰ চবেই দাদা বুলিহে মাতিছিল, এতিয়াহে চাৰ ৷” গিৰিয়েক বৰুৱা ৰাজনীতিত জড়িত হিচাবে বৰুৱানীৰ অভিমত। হর্ডিংখনৰ তলতেই সেয়া আহি গ’ল ইছমাইল ভাইৰ টেম্প। ‘পাচশ টকাৰ হৰেক মাল।’ ৰেকর্ডিং কৰা ভইচ। আজিকালি এইবােৰ হকাৰৰ অনুমতি গধূলি পাঁচ বজাৰ পিছতহে৷ এইবাৰ আকৌ ৰাভাৰ ঘৈণীয়েকে ক’বলৈ ল’লে –“আমাৰ দেউতাহঁত সৰু থাকোঁতে এনেকুৱাবিলাকৰ দাম বােলে দহ টকাহে আছিল৷ আৰু ঘৰে ঘৰে আহিছিল৷”

“বৰ কামৰ বস্তু দেই আটাইবােৰ। সুৰটোও কিন্তু আমি সৰুতে শুনাৰ দৰেই আছে।” কোনোবাজনীৰ মন্তব্য।

এনেতে গগৈনীয়ে দেখিলে ঘৰৰ ফালৰ পৰা আহি আছে জীয়েক এঞ্জি৷ এঞ্জীময়ুৰী এচ এচ,(বাপেক, মাকৰ নামৰ আদি আখৰ)। পিন্ধনত স্কুবা। এবিধ single piece dress। গােটেই শৰীৰ লিপিত খাই ধৰা।

: ক’ত যােৱা?

মাকে সুধিলে৷

: পার্লাৰত। নেইল পলিচটো চেক কৰি আহােঁ।

এঞ্জীৰ উত্তৰ। ওচৰতেই আছে ‘মেৰিলীবেইথ পার্লাৰ – এণ্ড বাৰ।’

আজিকালিৰ মহিলাৰ পাৰ্লাৰবােৰৰ লগত থাকে আয়নাৰে আৱৰা এক আছুতীয়া দীঘলীয়া ঠাই। গৈয়েই পাঞ্চ কৰি আপােনাৰ নম্বৰটো লওক। তাৰ পিছত আপােনাৰ পাল পৰালৈ কাণত হেডফোন (তাতেই উপলব্ধ) লৈ টিভি চাই চাই আপুনি পান কৰিব পাৰে কেৱল মাত্ৰ ৰেড ওৱাইন, সেই সংলগ্ন আইনা আবৃত ঠাইখিনিত। তাহানিৰ কৰুণা লকডাউনৰ পিছৰ পৰাই ক্রমান্বয়ে পুৰুষ, মহিলা উভয়েই চেলুনলৈ যায় আৰু আজিকালি হাত দীঘল

চোলা আৰু পেণ্ট নহ’লে স্কুবা পিন্ধি যােৱা হ’ল। আনহাতে ছােৱালীৰ পৰা ন-বোৱাৰীলৈকে বেছিভাগৰেই পচন্দৰ ড্ৰেছ কেৱল ‘হট্টিজ’ হে। ল’ৰাবােৰৰ মাজলৈ ঘূৰি আহিছে কুৰি শতিকাৰ MAD MAX চিৰিজৰ চৰিত্ৰসমূহৰ দৰে পােছাক।

প্রায়খিনিয়েই এৰা এৰি হ’ল সেইদিনালৈ।

আৰু পুৰুষসকল …..

বর্ণিত আবাসিক এলেকাটোৰ নাম হ’ল “ডিউড্রপ টাউনশ্বীপ”৷ আজিকালি ৰিয়েল ইষ্টেট কোম্পানী বােৰে প্ৰায় আঠ-দহ হেজাৰ বৰ্গমিটাৰৰ একোখন টাউনশ্বীপ বনাই বিক্ৰী কৰে। ফ্লেটৰ বাহিৰেও। সেয়েহে এইখনৰ উপৰিও আশে-পাশে থকাবােৰ হ’ল – ব্লেক ৰক টাউনশ্বীপ, ব্ৰহ্মপুত্ৰ টাউনশ্বীপ, হেপীহােম টাউনশ্বীপ ইত্যাদি। এই টাউনশ্বীপ বােৰৰ ঘৰবােৰ একেই পেটাৰ্ণৰ। সােঁমাজত কমিউনিটি হল (ক্লাব), হলটোৰ একাষে মহিলাৰ আছুতীয়া সভাঘৰ (ইতিমধ্যেই বর্ণিত), আনকাষে একেড (গেমিং জ’ন), স্ম্যাচ নতুবা অইন কোম্পানীৰ লাইভ প্লেয়িং জ’ন, ৰবাহিটচ ( তাহানিৰ প্লে’ ষ্টেচনৰ বিকল্প), নাতিদূৰৈত বাৰ, ছুইমিং পুল আদিবােৰ প্রত্যেক টাউনশ্বীপৰেই একাকী অঙ্গ। ইতিমধ্যেই আলােচিত সেই মহিলাসকল বেছিভাগেই বয়সত দুকুৰিৰ অনুর্ধত। আৰু সকলােৱেই প্ৰ’ নহ’লে ব্ৰ’। মানে হ’ল তাহানিৰ ভাষাত প্ৰ হ’ল জব কৰা আৰু ব্ৰ’ মানে হ’ল মধ্যভােগী। অর্থাৎ তেওঁলােক ৱাল মার্ট, হােম টুডেজ, বুটিক, বি এণ্ড দে আদি বিভিন্ন প্রতিষ্ঠানৰ সৈতে সংযােজিত। আপুনি ঘৰৰ পৰাই তেওঁলােকৰ জৰিয়তে ক্ৰয় কৰিব পাৰে আপােনাৰ লাগতিয়াল সকলাে সামগ্রী, সামান্য বর্ধিত মূল্যত। হােম ডেলিভাৰী বাধ্যতামুলক। উল্লিখিত লকডাউনৰ দিনটোটেই আগবেলা ক্লাব ঘৰত একগােট হৈছিলহি প্ৰথমতে কেইজনমান। বৰুৱা, মিশ্ৰ, কলিতা, শইকীয়া, ভট্ট, লাহন,শর্মা, গগৈ,চেতীয়া আদি কৰি। আহিয়েই গগৈৰ উক্তি,

: এই লকডাউন মালটো কিন্তু বঢ়িয়া দেই। কোনে বা আৰম্ভ কৰিছিল?

বৰপেটাৰ বায়নে মাত লগালে,

: দেউতাহঁতে কোৱা শুনিছোঁ, ১৯৮০ মানৰ পৰা বােলে ইয়াৰ তামাম প্রচলন আমাৰ মুলুকত। আজিকালি অৱশ্যে নির্ধাৰিত দুটামান সংগঠনে দিলেহে পুৰা লকডাউন হয়।

: হ’লেও ২০২০ ৰ চৰকাৰী ক’ৰোণা লকডাউন নাপাহৰােঁ দেই। অন্য লকডাউনভ প্ৰশাসনে কয়- ওলা আৰু সেইটোত কৈছিল – সােমা।

কোনােবাজনৰ মন্তব্য।

: হয় দেই। দিনটো ‘পাবজী’ খেলিছিলােঁ আৰু গধূলি সেই নেটফ্লিক্স। আৰু মনত আছে, আমাৰ বুঢ়াহঁত পাগল হৈ গৈছিল মালটো নাপাই।

তুলনামূলকভাৱে বয়োজেষ্ঠ চেতীয়াৰ কথা।

: এই ৰামী খেলটো কিন্তু তেতিয়াও আছিল।

আকৌ বৰপেটাৰ বায়ন।

এইবাৰ ডিব্ৰুগড়ৰ শইকীয়াই মাত লগালে,

: ভট্ট, এতিয়া যে আমাৰ নর্থ ইষ্টৰ লিটাৰেৰী এম্বেছেদৰ প্ৰবীৰ কে বর্মণ৷ অৰিজিন বােলে নলবাৰীৰ। চিনি পাইছিলনে?

: দেখিছিলােঁ। দেউতাহঁতৰ লগত চিনাকি আছিল। বুঢ়াৰ তেতিয়া এডাল পনীটেইল আছিল, মনত আছে। কিয় সুধিলে?

: বুঢ়াৰ কাৰণে তেতিয়া ছােৱালীবিলাক দিৱানা আছিল। আমাৰ লগৰবােৰ আৰু হােষ্টেলত থকা বাইদেউহঁতৰ মুখেৰেই গম পাইছিলোঁ উজনি – নামনি সৱৰে ছােৱালীবােৰ হেনাে। কবিতা লিখিয়েই বােলে বুঢ়াই ফালি আছিল।

পুনৰায় শইকীয়াৰ মন্তব্য।

ইতিমধ্যেই খেলুৱৈ বেছি হােৱাৰ কাৰণে বায়নে চাফল কৰি সাজু কৰিছিল তিনিযােৰ কার্ড।

তাচৰ আড্ডাটো চলি থাকোঁতেই ক্লাবঘৰৰ ক’লা আইনাৰে এজনৰ চকুত পৰিল smoothy ( ২০৩৫ মানৰ পৰা scooty ৰ নাম সলনি হৈছিল ) লৈ অহা দেৱানৰ মিছেছক। মনিকা দেৱান। পিন্ধণত skin tight work out ড্ৰেছ। জিমলৈ আহিছে। ২০২০ ৰ মালাইকা অৰােৰা খানে ঠিক এনেকুৱা ড্ৰেচ পিন্ধিয়েই জিমলৈ গৈছিল। মিছেছ দেৱানৰ ওপৰত পূৰা দৃষ্টি নিক্ষেপ কৰি এজনৰ মন্তব্য।

: এই ট্রেডমিল আংকলে গােলমালটো নলগাওঁতেই বঢ়িয়া আছিল দেই। মতা-মাইকী এক সাথ জিম।

smoothy থৈ জিমলৈ গৈ থকা মিছেছ দেৱাললৈ চাই চাই লাহনৰ উক্তি। ২০৪২ চন মানলৈ এই টাউনশ্বীপখনৰ জিমটো আছিল unisex।  সেই বছৰৰেই কোনােবা এটা দিনত ট্রেডমিলত খােজ কাঢ়ি আছিল বৰুৱানী। কাষৰটোতেই চক্ৰৱৰ্তী। হঠাতে লােডছেডিং, কোনােবা পৰাৰ শব্দ আৰু বৰুৱানীৰ এক মৃদু সুৰত ধমকি জাতীয় বচন। প্রায় লগে লগেই লাইট আহিল। জিমত থকা সকলােৰে চকুত পৰিল বৰুৱানীয়ে চুলি ঠিক কৰি আছে আৰু কাষতে চক্ৰৱৰ্ত্তীৰ সেমেনাসেমেনি। তাৰ পিছৰ পৰাই মহিলাসকলে জিমত তেওঁলােকৰ কাৰণে আছুতীয়া টাইমিং কৰি ল’লে আৰু চক্ৰৱৰ্তী হৈ পৰিল ল’ৰা ছােৱালীবােৰৰ ‘ট্রেডমিল’ আংকল।

: তেতিয়া এনেকুৱা ড্ৰেছ আছিল নে?

কাৰােবাৰ প্ৰশ্ন।

: কি কয়হে বায়ন, চানি লিয়নক মনত নাই। আমাৰ অসমীয়া চিনেমাত এতিয়া  কৰিশ্মা বৰাই যিবােৰ bold shot দিয়ে চানি লিয়নে চোন তেতিয়াই দিছিল। মাক প্ৰকৃতি বৰায়ো অৱশ্যে তেতিয়া action কুইন আছিল।

: পাপৰিৰ দেউতাকৰ কথাটোতাে আপােনালােকে নেজানে?

তেজপুৰীয়া কলিতাৰ মাত৷ শুনক – ‘2020 চনৰ সেই লকডাউনৰ সময়ত এটা প্ৰগ্ৰেম আছিল পি এমচ ব্লেক আউট । ৰাতি নটাৰ পৰা ন মিনিট। পাপৰিৰ দেউতাক নকুল গােহাঁই আছিল কবি। বুঢ়াই সেইদিনাই নিজৰ ঘৰতে সেই টাইমিং মিলাই কিবা কবি সন্মিলনৰ আলােচনা পাতিছিল। বুঢ়া কিন্তু ভট্ট হঁতৰ সেই নলবাৰীৰ টিকনৱালা কবিৰ দৰে নহয়। টিকনৱালাক ছােৱালী বােৰে খেদিছিল আনহাতে বুঢ়াই ছােৱালীবােৰক খেদিছিল। সেইদিনা গধূলি গােট খােৱাখিনি বেছি ভাগেই মহিলা কবি। অঞ্জনা মাহী,ৰঞ্জনা খুড়ী, মিঠু, বন্দিতা, মুনা, জুৰি, কস্তুৰী,বন্দনা আৰু কেইবাগৰাকী। মতা কবি আছিল মনি( দিগন্ত) খুড়া , ধন মামা,মাইনা দাদা আৰু এজন নে দুজন। আলােচনা চলি আছিল। নকুল বুঢ়াই চকু মুদি মাতি আছিল সেই টিকনিৱালাই লিখা কবিতা, কিবা সাগৰিকা নে প্রেয়সী। হঠাতে আৰম্ভ হৈ গল ব্রেকআউট। বুঢ়াই কিন্তু কবিতা মাতিয়েই আছিল একদম চকু তকু মুদি লৈ আৰু হঠাতে বােলে মনিখুড়াৰ হাতখন ধৰি লৈ লাহে লাহে পিহিব আৰম্ভ কৰি দিছিল।

মনিখুড়াও চিয়ানা মাল, হাত খন গুচাই অনা নাই। লাইট জ্বলি উঠিল, খপজপকৈ বুঢ়াই হাত খন গুচাই আনিলেআৰু মুখেৰে হেনাে ওলাই গ’ল – “মনিৰহে হাত নেকি? মই মন্দাকিনী বুলিহে ভাবি আছিলোঁ।” তেতিয়াৰ পৰাই বুঢ়াক

দেখিলে মাইকী বােৰ পলােৱা হল আৰু তেওঁৰাে কবিতা চর্চা কমি আহিল যদিও নাম এটা পাই গ’ল স্পর্শ কবি বুলি ।

” পাপৰি পেট্লীও কিন্তু বেয়া appealing দেই। “কোনােবাজনৰ মাত ।” যােৱাবাৰ batchelor পিকনিকত তাইৰ দ্রেছটো মনত আছেনে? ৰঙা হাফপেণ্টটোৰে বেলেগ ধামাকা দিছিলে দেই। আৰু যে হাফপেন্টটোৰে বেকচাইদে তপিনাৰ বৰাবৰ লিখা আছিল – SAVE GAS, FART IN A JAR। তামাম দিছিল দেই কিন্তু।”

“সেই দিগন্ত খুড়াই জানেনে, মহাৰাষ্ট্ৰৰ পুনেত চেটেল কৰি এতিয়া তাৰেই কিবা সাহিত্য পৰিষদৰ বােলে মেম্বাৰো হৈছে।” কলিতাৰ মাত আকৌ।

হঠাতে কোনােবা জনৰ ব্ৰেইন ফোনত ধ্বনিত হ’ল এক বিশেষ সংকেত। লান্স ৰেডী হােৱাৰ সংকেত সেয়া , ঘৰৰ পৰা।

ব্রেইন ফোনৰ সংকেত ধ্বনি টো এজনৰ পৰা আনজনলৈ সংস্ক্রমিত হােৱাৰ লগে লগেই আটাইকেইজন তাচৰ আড্ডাৰ বাকীকেইজন পৰা উঠি ঘৰমুৱা হবলৈ ধৰিলে। আহি থাকোঁতে হর্ডিং এৰেণাৰ SIR HBS ৰ হর্ডিং খনৰ তলতেই আটায়ে এবাৰ ৰৈ দিলে। আজিকালি হর্ডিং সমূহ অৰাৰ কাৰণে চৰকাৰে ঠাই বিশেষে কিছু এলেকা আৰু সংখ্যা নির্ধাৰণ কৰি দিয়ে। সেই মর্মে ডিউড্রপ টাউনশ্বীপত মুঠ হর্ডিঙৰ সংখ্যা পাচ। তিনিখন চৰকাৰী দুখন বেচৰকাৰী। প্রত্যেকৰে display ৰ সময় ধৰাবন্ধা। অৱশ্যে SIR HBS ৰ হর্ডিংৰ ক্ষেত্ৰত গােটেই ভাৰতবৰ্ষই নমনীয়। সেই ক’ৰোণা বিপর্যযৰ সময়ৰ পৰা তেওঁৰ দ্বাৰা উদ্ভাৱিত আৰু প্ৰচলিত HBS economic and health policy ৰ কাৰণেই। সেইখনৰ কাষতে থকাখন হ’ল প্ৰসৱৰ পিছত মহিলাই লবলগীয়া ছালৰ যতন সম্পর্কীয়। সৌন্দর্যমন্ত্রী বিয়েট্রীচ বেগমৰ ফটোৰে সৈতে । ২য় খন হ’ল ঘৰুৱা কুকুৰৰ যতন , লগৰ ফটোখন পশুপালন মন্ত্রীৰ। ৩য খন ভাৰত বিখ্যাত অসমত তৈয়াৰী স্কচ হুইস্কী ‘GALUSCOTCH’ ( তাহানিৰ গেলা অর্থাৎ চুলাইৰ অতি উন্নত সংস্কৰণ ) ৰ চৰকাৰী বিজ্ঞাপন , আবকাৰী মন্ত্রীৰ ফটোৰ সৈতে। বেচৰকাৰীৰ প্ৰথমখন আগন্তুক spring festival ৰ। এই উৎসৱটোত কিন্তু যােগদানৰ বয়স ধৰাবন্ধা।

কিন্তু এইবাৰ শিখিল কৰি কৰা হৈছে ২০ৰ পৰা ৩৩ বছৰলৈকে। স্থান হৈছে নলবাৰী জিলাৰ নয়নকুছি। ৩১ নং হাইৱেৰ পৰা তিনি কিলােমিটাৰ ভিতৰৰ বিশাল পথাৰৰ মাজত। এইবাৰৰ আকৰ্ষণ বিখ্যাত ৰক বেন্ড THE TROUBLESHOOTER। গ্রেমী এৱাৰ্ডৰ কাৰণে মনােনীত প্রথম অসমীয়া বেন্ড । শ্রেষ্ঠ ৰক চং শিতানত। উল্লেখযােগ্য যে প্রায় ২৭ বছৰৰ আগৰ ৰিমা দাসৰ ভিলেজ ৰকষ্টাৰৰ পিছত অসমলৈ এইটো দ্বিতীয় আন্তর্জাতিক স্বীকৃতি। এই বেন্ডটোৰ মুখ্য দুটা চৰিত্ৰ হ’ল জিব্রন এম হান্ত ( আগৰ গায়ক অভিৰাগ মহন্তৰ লৰা) আৰু আনল এৰিয়ান আর্জিৎ (সেউজকবি প্ৰবীৰ কে বর্মনৰ ল’ৰা)। এইবাৰ খলকনি তােলা ইহঁতৰ গানটো হৈছে – ” Do you hear me, Sagarika?” Lyrics pkb।

বেচৰকাৰী ২য় খন বিজ্ঞাপন বল বােম মহােৎসৱৰ। ৰেজিস্ট্রেচনৰ কাৰণে সময় ধৰি বিভিন্ন ক্লাবৰ আহ্বান, লগতে শিৱলিঙ্গত পানী ধলা সময়ৰ আগতীয়া অনলাইন বুকিঙৰ ব্যৱস্থা। বাবাধাম, বশিষ্ঠ, শুক্লেশ্বৰ যতেই বিচাৰে। সেই হর্ডিং খনৰ তলতেই weed zone। আজিকালি পৃথিৱীৰ বহু দেশৰ নিচিনাকৈ ভাৰততাে ভাং সেৱন অনুমােদিত। সেয়েহে নগৰ

চহৰবােৰৰ ঠায়ে ঠায়ে weed zone। এইখিনি পােৱাৰ লগে লগেই দুজন সােমালেই নহয় তাৰ ভিতৰত । উদ্দেশ্য — লগত লৈ অহা joint (ভাঙৰ ছিগাৰেট) দুটা খতম কৰা। লান্স কৰাৰ আগে আগে। যিহেতু সেইদিনটো লকডাউনৰ দিন আছিল সেয়েহে কথাই কথাই আকৌ ওলাল 2020 ৰ লকডাউনৰ কথা।

বৰুৱাই প্ৰস্তাব দিলে – “অহা Sunday ত পৰিয়াল লৈ যাওঁ বলক আমবাৰীলৈ। হেৰিটেজ হােমত সােমাওঁ । ল’ৰা ছােৱালীহঁতক “ক’ৰোণা হাউচটো”ও দেখাও , আহােতে ‘ ‘সব্যসাচী’ত বিহুৰ কাপােৰা কিনো।

” ক’ৰোণা হাউচটো কিন্তু সঁচাই চাবলগীয়া। চাৰিওফালে বেৰবােৰত কেৱল মানুহে মানুহক সহায় কৰা ফটো বােৰ display কৰা আছে, লগতে ppe kit , বিভিন্ন মাস্ক, isolation chamber, বিশেষ বিছনা, অস্থায়ী মডেল হস্পিতাল আৰু কিমান যে চাবলগীয়া।” কোনােবা জনে কলে।

“হব দিয়ক , মােৰ এখন ধুতিও কিনিবলগা আছে। গনেশগুৰিৰ almighty store ত আছে হেনাে। যােৱাবাৰ ল’ৰাৰ চূড়াকৰণৰ সময়ত বিচাৰি বিচাৰি গগৈৰ ওচৰত এখন পালোঁ বুলিহে।” শৰ্মাৰ হয়ভৰ।

উইড জ’নৰ পৰা দুযােজন ওলাই অহাৰ লগে লগেই আটায়ে ঘৰমুৱা হল। খােজ কাঢ়িয়েই ।

নাভাবিব এই টাউনশ্বীপ বােৰৰ সকলাে বাসিন্দাই উদাৰমনা। ইয়াতাে আছে হাই-কাজিয়া, groupism, টাউনশ্বীপৰ বিষয়বাব কেন্দ্রিক লবী ইত্যাদি।

2044 ৰ এই ডিউড্রপ টাউনশ্বীপৰেই annual find out (বছৰেকীয়া বিচিত্রানুষ্ঠান) তেই বিউটি কনটেষ্টটোৰ পিছত কমখন হাংগামা হৈছিলনে। ঘটনাটো আছিল এনেকুৱা – কনটেষ্টটোৰ বিকিনী ৰাউনণ্ড আৰম্ভৰ আগলৈকে আগবাঢ়ি আছিল হেনাে মিছেছ ছাংগীতা। বিকিনী ৰাউণ্ডৰ পিছতেই ঘােষিত ফলাফলত দেখা গ’ল winner is – মিছেছ দেৱান। লগাই দিলে নহয় হুলস্থূল, ছাংগীতাৰ হাজবেণ্ডে। আপত্তি আছিল – মিছেছ দেৱানে বিকিনী ৰাউণ্ডৰ নিয়ম মনা নাই। ইয়াত two-piece বিকিনীহে allowed আৰু আপুনি body ৰ 75% হে show কৰিব পাৰে। কিন্তু মিছেছ দেৱানে হেনো ৪০% show কৰিলে । কি হাহাকাৰ। বিচাৰকৰ অন্যতম উদ্যোগপতি মিঃ খাটৰিয়ালৰ হেনাে দেৱানৰ ফেমিলীৰ লগত ৰিলেচন ভাল । উঃ ! তাৰ পিছত তিনি মাহ ক্লাব বন্ধ । উল্লেখযােগ্য যে এনেকুৱা কনটেষ্টটোৰ বিচাৰকৰ ভূমিকা পালন কৰাবােৰ হ’ল উদ্যোগপতি, ক্রিকেটাৰ, সাহিত্যিক, শিক্ষাবিদ,অভিনেত্রী আৰু সমাজকর্মী। শিক্ষাবিদ হিচাপে আমাৰ বন্ধু অনন্তইও মাজে মাজে এই বিউটি কনটেষ্টৰ বিচাৰকৰ দায়িত্ব পালন কৰে। কাৰণ তাহানিৰ পৰাই তেওঁৰ মনটো সৌন্দৰ্য্য পিপাসু। একেই মনৰ অধিকাৰী হিচাপে সাহিত্যিকৰ স্থান পূৰায় pkb বুঢ়াই , মাজে মাজে। বাসিন্দা সকলৰ বেছি ভাগৰেই লৰা-ছােৱালী বােৰৰ বয়স maximum 18 years | ক্লাছ iv standard লৈকে ল’ৰা-ছােৱালী বােৰ স্কুললৈ অনা নিয়া কৰা বিশেষ বাছ আছে। এটা নির্দিষ্ট জেগাত ৰৈ থাকে। ঘৰৰ পৰা programming কৰি থােৱা ৰিম’ট কন্ট্রোল solo কাৰ সমূহেৰে special kid’s lane ৰে আহি টিকলাবােৰ সেইখিনি পায়| ঘূৰি যাওঁতেও একেই ব্যৱস্থা। সেই lane তেই যােৱা বছৰ প্ৰগ্রেমিং ভুল হােৱা হেতুকে ৰাভা আৰু হাজৰিকাৰ জীয়েকৰ গাড়ীৰ লাগিল নহয় খুন্দা। তাৰ পিছত , কম এটা হুলস্থুল গ’লনে। উঃ বাপ্ৰে বাপ।

2045 ত বুঢ়াবােৰৰ কাৰণে ভাল লগা অনুস্থান হ’ল ‘ৰাদেভূ ‘(rendezvous)। তাহানিৰ গেট-টুগেদাৰৰ সংস্কৰিত নাম। ব্লেকৰক টাউনশ্বীপৰ মালিক জুমি আৰু আলােকে পতা এই নলবাৰীকেন্দ্রীক বছৰেকীয়া ৰা’দেভূ লৈ আমাৰ বুঢ়ীহত ৰৈ থাকে। আমাৰ গৃহচহৰ নলবাৰীৰ পৰা এওঁ আৰু চন্দনাই সেইটো অনুস্থান যেনেকৈয়ে নহওঁক এটেণ্ড কৰিবই। আহে

গৌতম-মাতু,অঞ্জনা-চিন্ময় আৰু বহুবােৰ। বুঢ়ীবােৰৰ দ্ৰেছ কিন্তু তামাম। চুৰিদাৰ পিন্ধা কেৱল আমাৰ বুঢ়ী হে। UK ত থকা সুমিহঁতৰ পুতেকে পঠিওৱা scotch বুঢ়া-বুঢ়ী হঁতে পূৰাদমেই টানে। মৰাসকলৰ ফটো একোখন সকলােৱে দেখাকৈ স্থাপন কৰা থাকে।

AECIAN 85 ৰা’দেভূ লৈ মুম্বাইৰ পৰা বন্ধু ত্রিদীৱ প্ৰত্যেক বাৰেই আহে। বুঢ়াৰ পছন্দৰ AEROEARTH এয়াৰলাইৰ ফ্লাইটত। কাৰণ এইটো এয়াৰলাইন্সত ভ্ৰমণৰ ক্ষেত্ৰত swimsuit বাধ্যতামুলক। অগ্রাধিকাৰ ভিত্তিত কেৱল পোন্ধৰ জন পুৰুষকহে টিকট দিয়ে। মহিলাৰ কাষত বহাটোও বাধ্যতামূলক। ওৱাইন শ্ব’পৰ মালিক হাজৰিকাহঁতে এইটো দিল্লীত পাতে। ‘হায়াত ৰিজেন্সী’ ত। কাৰবাৰেই বেলেগ। সেই হাজৰিকা বুঢ়ায়েই 2020 লকডাউনৰ সময়ত ১৯ টা বস্তু ঘৰতেই ৰাখি ঘনিষ্ঠ কেইজনমানক বৰ সকাহ দিছিল। এই ৰা’দেভূবােৰত বহুতৰেই আকৰ্ষণৰ কেন্দ্রবিন্দু হ’ল ইয়াত পৰিবেশিত বটলসমূহ। বেছিভাগৰেই লৰা-ছােৱালীয়ে বুঢ়াই আনি দিয়া বটলবােৰ ইয়াতেই ছিঙে। ফটাঢোল ২০১৯_২১ ৰ ৰা’ডেভূত কিন্তু কেবলমাত্র galluscotch হে চলে। কিছুমান NGO ই পাতে এনেকুৱা পুনৰমিলনৰ অনুস্থান। নাম দিয়ে “WAYBAC”। স্থানীয় ৭৫ উর্ধৰ বুঢ়া বুঢ়ী বােৰক লৈ। এনেকুৱা অনুস্থানলৈ শুভ্র দা প্ৰায়েই আহে। সুন্দৰ পােছাকেৰে সভাশুৱনী বুঢ়া। হাতত জীযেকে বিদেশৰ পৰা আনি দিয়া shock absorber থকা লাঠি।

আপােনালােক বন্ধুসকলক ক’লাে দেই, মােৰ কিন্তু এই টাউনশ্বীপত ঘৰ নাই। বন্ধু অধ্যাপক বিৰিঞ্চি আৰু অধ্যাপিকা পত্নী মনিদীপাৰ ঘৰ আছে ইয়াতে। বন্ধ পালেই ইয়াত চাৰি বুঢ়া-বুঢ়ী আমি লগ হওঁ। সেই সূত্রেই এইখন টাউনশ্বীপৰ কিছু আভাস পাওঁ। 

নাজানাে, next ৰা’ডেভূলৈ বাছি থাকোঁ নে নেথাকোঁ। থাকিলে আপােনালােকক সেই অনুষ্ঠানৰ ভিতৰুৱা কিছু কথা বেকত কৰিবলৈ ইচ্ছা থাকিল।

☆ ★ ☆ ★ ☆

5 Comments

  • Ananta Rajbongshi

    মজ্জা লিখিছে দেই দাদা। পৰৱৰ্তী লৈ আগ্ৰহেৰে অপেক্ষা কৰিলোঁ।

    Reply
  • ডলী

    ভাল লাগিল

    Reply
  • বন্দিতা জৈন

    বঢ়িয়া

    Reply
  • Anonymous

    ধন্যবাদ।

    Reply
  • Apurba Changkakoti

    ইমান সুন্দৰ লিখনি মন ভৰি গল ।নামবোৰ ক’ত বিচাৰি পাই ?পিচৰ লিখনি ৈল বাট চালো

    Reply

Leave a Reply to বন্দিতা জৈন Cancel reply

Your email address will not be published. Required fields are marked *